ৰ’দৰ জিলিমিলি সাৱটি ল — শান্তনু ডেকা

হেৰৌ সোণমইনা থচোন থ,
ৰ’দত বহ,
আগচুলিটাৰি মেলি লৈ বহ,
ৰ’দৰ জিলিমিলি সাৱটি ল ৷
বাহিৰখন চাবি নে তই,
ভিতৰখন চাবি,
পঁইতা ভাতকেইটামান,
বাঢ়ি দিম খাবি৷

তল ভৰি সৰি আছে বকুলবোৰ,
পদূলিলৈ যা,
তাৰে দুডালমান মালা গাঁঠি চা,
বকুলৰ সুগন্ধিয়ে আমোলমোলাই,
গোঁসাই বনমালীৰ গা৷
টাংগুটি খেলিবিনে মইনা,
নে দৰা কইনা !
ঘিলাগুটি খেলিবি নে ক,
শাওণীয়া বৰষুণত এবাৰ ভিজি ল ৷

জোনাকত নগা ঢাৰি পাৰ,
শুনচোন কথা এষাৰ,
বুঢ়ীআইৰ সাধু নুশুনিলে,
জীৱনটোৱেই অসাৰ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!