ৰহস্য: ১১ পেট’মস্কি ক্ৰেটাৰ, দ্য বাৰ্ণিং ঈগল নেষ্ট (কৰুণা ফুকন)

Karuna Phukan১৯৪৯ চনত ভূতত্ববিদ ভাদিম কলপাক’ভ এক বিশেষ অভিযানত চাইবেৰিয়ালৈ যায়৷ স্থানীয় য়াকুটসকলৰ সাৱধানবাণীক আওকাণ কৰি অভিযানকাৰীৰ দলটো গভীৰ অৰণ্যত সোমাই পৰে৷ য়াকুটসকলে তেওঁলোকক সাৱধান কৰি দিছিল যে অৰণ্যৰ মাজত এক দৈত্যৰ বাসস্থান আছে যাক জীৱ জন্তুবোৰেও এৰি চলে৷ স্থানীয়ভাৱে সেই বিশেষ ঠাইডোখৰক “জলন্ত ঈগল চৰাইৰ বাঁহ” বুলি কোৱা হৈছিল আৰু স্থানীয় লোকসকলৰ বিশ্বাস আছিল যে সেই বিশেষ ঠাইখিনিলৈ যোৱা মানেই মৃত্যুক মাতি লোৱা৷

বিজ্ঞানৰ অণুগামী হিচাপে কলপাক’ভ স্থানীয় লোকসকলৰ কথাত পতিয়ন নগ’ল যাৰ ফলস্বৰূপে গভীৰ অৰণ্যৰ মাজত আৱিস্কৃত হ’ল প্ৰায় ২৫ মহলীয় ঘৰৰ সমান এক দৈত্যাকায় সাঁচ বা চাপ (crater)৷ প্ৰায় ৩০০ৰ পৰা ৩৫০ বছৰৰ আগয়ে সৃষ্টি হোৱা বুলি কলপাক’ভে গণনা কৰি উলিওৱা সাঁচটোৰ ব্যাস ১৬০ মিটাৰ আৰু উচ্চতা ৪০ মিটাৰ আছিল৷ প্ৰথম দৃষ্টিত জ্বালামুখীৰ মুখ যেন লগা বিশেষ সাঁচটোৱে অভিযানকাৰীৰ দলটোক বিস্ময়াবিভূত কৰি ৰাখিলে কাৰণ ভূতত্ববিদ কলপাক’ভে ভালদৰে জানিছিল যে যোৱা কেইবা হাজাৰ বছৰ ধৰি সেই অঞ্চলটোত জ্বালামুখীৰ কোনো দৃষ্টান্ত নাছিল৷ তদুপৰি, crater টোৰ আশে পাশে লাভাৰ সোঁতৰো কোনো চিন নাছিল৷

পেট’মস্কি ক্ৰেটাৰটো কিদৰে গঠিত হ’ল সেই সম্বন্ধে একাধিক মতবাদ আছে৷ আগ্নেয়গিৰি, উল্কাৰ পৰা আৰম্ভ কৰি এলিয়েনৰ যানলৈকে অনেকজনে অনেক মত আগবঢ়াইছে যদিও প্ৰকৃত কথা এতিয়াও ৰহস্য হৈয়ে আছে৷

২০০৫ চনত চাইবেৰিয়ালৈ এক নতুন অভিযানকাৰীৰ দল ৰাওণা হয়; কিন্তু দুখৰ কথা, নিৰ্দিষ্ট ঠাইখনলৈ মাত্ৰ কেই কিলোমিটাৰমান বাকী থকা অৱস্থাতে অভিযানকৰীসকলৰ দলপতি Eugeny Vorobiev ৰ আকস্মিকভাৱে মৃত্যু হয়৷ স্থানীয় য়াকুটসকলে দাবী কৰে যে দৈত্যৰূপী সাঁচটোৱেই দলপতিজনৰ মৃত্যুৰ কাৰণ আছিল৷

Saint Petersburg Mining Institute য়ে পাঁচবছৰ আগেয়ে “Patom crater-2010” শীৰ্ষক এক আলোচনাচক্ৰৰ আয়োজন কৰিছিল৷ Russian Academy of Sciences ৰ মুৰব্বী বিজ্ঞানী ভিক্টৰ এন্টিপিনে মত আগবঢ়াইছিল যে নিতান্তই ভূতাতাত্বিক কাৰণত পেট’মস্কি ক্ৰেটাৰটোৰ গঠন হৈছে৷ কিন্তু এচাম বিজ্ঞানীয়ে এন্টিপিনৰ মতামতক বিৰোধিতা কৰি কৈছে যে পেট’মস্কি ক্ৰেটাৰটো ভূতাত্বিক কাৰণত গঠিত হোৱা হ’লে আমি পৃথিৱীৰ আন ঠাইতো অনুৰূপ প্ৰাকৃতিক গঠন দেখা পাব লাগিছিল৷

Irkutsk State Technical University ৰ জ্যোতিৰ্বিজ্ঞানী আৰু ভূপদাৰ্থবিদসকলে বিস্বাস কৰে যে পেট’মস্কি ক্ৰেটাৰটো এটা ডাঙৰ উল্কাপিণ্ডৰ ফল৷ বহুতে আকৌ টুংগুষ্কাৰ বিস্ফোৰণটোৰ কাৰণ হিচাপেও ক্ৰেটাৰটোক বৰ্ণনা কৰে৷ তেওঁলোকৰ মতে টুংগুষ্কাৰ বিস্ফোৰণটোৰ কাৰণ আছিল এক বৃহৎ উল্কাপিণ্ড যিটোৱে পেট’মস্কি ক্ৰেটাৰটো গঠন কৰে৷ ওপৰে ওপৰে চালে কথাটো সঁচা যেন লাগে৷ কিন্তু কথাটো হ’ল টুংগুষ্কাৰ ঘটনাটো (১৯০৮চন) মাত্ৰ ১০৬ বছৰ পুৰণি যিটো পেট’মস্কি ক্ৰেটাৰটোৰ গঠনৰ সময়তকৈ ২০০ বছৰমান পিছৰ৷

সাঁচটিৰ স্থানীয় নাম “জলন্ত ঈগল বাঁহ” ক বিশ্লেষণ কৰিবলৈ গ’লে ক্ৰেটাৰটোৰ সৃষ্টিৰ কাৰণ উল্কাপিণ্ড যেন লাগে ৷ সম্ভৱত, স্থানীয় লোকসকলে আকাশৰ পৰা জ্বলি থকা কিবা এটা পৰি অহা দেখিছিল আৰু সেইটোক ঈগল চৰাই বুলি ধৰি লৈ উল্কাটো ভূপতিত হোৱা ঠাইখিনিক জ্বলন্ত ঈগলৰ বাঁহ বুলি নামকৰণ কৰিছিল৷

বিজ্ঞানীসকলক খোকোজা লগোৱা আন এটি কথা হ’ল, crater টো যদিও চাইবেৰিয়াৰ এক চিৰসেঁউজ বনাঞ্চলত অৱস্থিত, তথাপি crater টোৰ কেইবা মিটাৰ আঁতৰলৈকে বহু বছৰ ধৰি কোনো গছ-গছনি গজা নাই৷ কাষৰীয়া গছবোৰৰ ওপৰত কৰা অধ্যয়নে এইটো প্ৰমাণিত কৰিছে যে এটা সময়ত ঠাইখনত উচ্চ তেজষ্ক্ৰীয়তা আছিল৷ সেয়ে বহুতে crater টোক জন্মৰ কাৰণ এক natural nuclear fission reactor বুলি ভাৱে৷ সেইয়াও নিশ্চয় সম্ভৱ৷

বহুতে আকৌ মত আগবঢ়ায় যে ক্ৰেটাৰটোৰ কাৰণ এখন crash-landed UFO৷ আমি সচৰাচৰ কল্পনা কৰা কাঁহীসদৃশ alien—ship ৰ ধাৰণাটো crater টোৰ গঠনৰ লগত সুন্দৰকৈ খাপ খায়৷

আগ্নেয়গিৰি নে উল্কা? ভূতাত্বিক গঠন নে আণৱিক ৰিয়েক্টৰ ? নে, পৰগ্ৰহীৰ যান?? পেট’মস্কি ক্ৰেটাৰ আজিও ৰহস্য৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!