ৰহস্য : ৬ আমেৰিকাৰ এপল্ল’ – ১১ চন্দ্ৰ অভিযান সঁচা আছিল জানো? (- কৰুণা ফুকন)

( আগৰ “ৰহস্য”ৰ খণ্ডবোৰত কিছুমান প্ৰাকৃতিক পৰিঘটনাৰ বিষয়ে আলোচনা কৰা হৈছিল যিবোৰৰ প্ৰকৃত কাৰণ বোৰ আজিও নিশ্চিতভাৱে ক’ব পৰা হোৱা নাই৷ কিন্তু এই পৃথিৱীৰ মানুহ নামৰ দুঠেঙীয়া প্ৰাণীটোও কম ৰহস্যৰ নহয়৷ আজি এক মানৱসৃষ্ট ৰহস্যৰ বিষয়ে আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে৷)

আমি আটায়ে জানো বা পঢ়িবলৈ পাওঁ যে ১৯৬৯ চনৰ ২০ জুলাই তাৰিখে এপল্ল’- ১১ অভিযানেৰে আমেৰিকা যুক্তৰাষ্ট্ৰই আমাৰ সাধুকথাৰ নায়ক জোনবাইলৈ মানুহ পঠাই ইতিহাস ৰচনা কৰে৷ NASA ই জনোৱা মতে ১6 জুলাই তাৰিখে ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেন্টাৰৰ পৰা Saturn –V ৰকেটেৰে এপল্ল’ মহাকাশযান খন চন্দ্ৰলৈ পঠোৱা হয়৷ যাত্ৰীকেইগৰাকী আছিল নীল আৰ্মষ্ট্ৰং, এডৱিন এলড্ৰিন আৰু মাইকেল কলিন্স৷ ২০ জুলাইত প্ৰথম দুজনে চন্দ্ৰত অৱতৰণ কৰে আৰু চন্দ্ৰৰ বুকুত প্ৰায় ২১.৫০ ঘন্টা সময় কটোৱাৰ পাছত তেওঁলোক আমাৰ গ্ৰহটোলৈ ওভতনি যাত্ৰা আৰম্ভ কৰে আৰু ২৪ তাৰিখে প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰে৷ সমগ্ৰ বিশ্বৰ শ শ নিযুত লোকে টেলিভিশ্বনৰ পৰ্দাত সেই ঐতিসাহিক মুহূৰ্তৰ সাক্ষী হৈ নিজৰ নয়ন সাৰ্থক কৰে৷
এতিয়া কথা হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰে আন কোনো দেশেই কিয় আজিলৈকে চন্দ্ৰলৈ মানুহ পঠাব পৰা নাই?? ১৯৫৯ চনতে চোভিয়েট ৰুচিয়াই লুনা ২ অভিযানেৰে চন্দ্ৰলৈ মহাকাশ যান পঠাইছিল, কিন্তু মানুহ কিয় পঠাব পৰা নাই?? আমাৰ ভাৰতৰ কথা বাৰু বাদ দিলোঁ৷ আমেৰিকা ইমান Advanced নে?? কিবা ৰহস্য আছে নেকি তাত? কি প্ৰমাণ আছে আমেৰিকাৰ চন্দ্ৰ অভিযানৰ ??
১৯৫০- ১৯৭০ এই সময়চোৱা শীতল যুদ্ধ (cold war) ৰ সময়৷ এইচোৱা সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চোভিয়েট ৰুচিয়াৰ মাজত কোন শ্ৰেষ্ঠ, তাক লৈ তীব্ৰ প্ৰতিযোগিতা হৈছিল৷ নিজৰ উন্নত প্ৰযুক্তিৰ কথা জাহিৰ কৰি আনৰ সমীহ আদায় কৰিবলৈ দেশ দুখনে ইটো সিটো বৈজ্ঞানিক পৰীক্ষা কৰি আছিল৷ তাৰে এক অংশ আছিল মহাকাশ অভিযানবোৰ৷ ইয়াক “Space-war” বোলা হয়৷ কথা হ’ল, সেই space-war ৰ অংশ Apollo-11 সঁচা আছিল নে ? নে সেয়া হলিউডৰ চিনেমা আছিল যাক সমগ্ৰ বিশ্বতে চন্দ্ৰ অভিযান বুলি প্ৰচাৰ চলোৱা হৈছিল?? মানুহক বুৰ্বক সাজি অহাটো আমেৰিকাৰ ধৰ্ম৷ ভাৰতৰ দৰে আমেৰিকাৰ ভক্ত দেশবোৰৰ কথা বাৰু নকলেও হ’ব৷ তাৰ প্ৰতিবাদ কৰা অৰ্থ আৰু পৰিণাম এয়াই যে আপোনাৰ life expectancy অথবা longevity কমি যাব !!
ভাৰতৰ দৰে দেশৰ মানুহক বুৰ্বক সজাব পাৰিলেও আমেৰিকান চৰকাৰে আমেৰিকান সকলক ঠগিব নোৱাৰে৷ ২৫% আমেৰিকানে Apollo-11 মিছা অভিযান আছিল বুলি বিশ্বাস কৰে৷ আপুনি কি ভাবে? Bill Kaysing (1922–2005) নামৰ আমেৰিকান প্ৰযুক্তিবিদ জনেই Apollo-11 ঠগবাজীৰ ওপৰত প্ৰথম কিতাপ লিখি উলিয়ালে ১৯৭৪ চনত৷ নাম আছিল, ‘We Never Went to the Moon: America’s Thirty Billion Dollar Swindle”৷ পৰৱৰ্তী সময়ত এনে বহুত কিতাপ লিখি উলিওৱা হ’ল৷
আমেৰিকাৰ চন্দ্ৰ অভিযানৰ একমাত্ৰ প্ৰমাণ হ’ল চন্দ্ৰপৃষ্ঠত তোলা (?) ফটোবোৰ৷ কিন্তু সেইবোৰ হলিউডৰ studio ত তোলা ফটোওতো হ’ব পাৰে৷ আহক এতিয়া Apollo-11 ৰ ফটোবোৰ বিশ্লেষণ কৰোঁ৷
১/ ফটোত দেখুওৱা হৈছে মহাকাশচাৰী কেইজনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাতীয় পতাকাখন চন্দ্ৰপৃষ্ঠত উত্তোলন কৰিছে৷ পতাকাখন (১নং ফটো চাওক) আপুনি ভালদৰে মন কৰিলে দেখিব যে সেইখনত স্পষ্ট ভাঁজ কিছুমান আছে যেনিবা সেইখন বতাহত উৰিহে আছে৷ আমি ভালদৰে জানো যে চন্দ্ৰত বতাহ নাই৷
২/ ২নং ফটোত চন্দ্ৰত অৱতৰণ কৰা যানখন ফটোত স্পষ্টকে দেখা গৈছে৷ ভালদৰে মন কৰিলে আপুনি দেখিব যে যানখনে চন্দ্ৰপৃষ্ঠত কোনো চাপ বা সাঁচ বা “crater” বহুওৱা নাই৷ আমি জানো যে চন্দ্ৰপৃষ্ঠ মিহি ধুলিৰে আবৃত আৰু চন্দ্ৰৰ মাধ্যাকৰ্ষণো আছে৷ আনকি আপুনি ছবিবোৰত মহাকাশচাৰীকেইজনৰ জোতাৰ স্পষ্ট চাপো দেখিব যিবোৰ পৃথিৱীৰ জোতাৰ চাপৰ সতে একে৷ চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তি পৃথিৱীতকৈ কম (১/৬) হোৱা হেতুকে তাত জোতাৰ চাপ ইমান স্পষ্ট হ’ব নেলাগিছিল৷ বাৰু ধৰি ললোঁ তাৰ ধূলিবোৰ বেছি কোমল৷ যদি সেয়াই হয়, তেতিয়াহ’লে তাত অৱতৰণ কৰা যানখনে (যাৰ পৃথিৱীৰ জোখত ওজন আছিল ১৫,৩০০ কেজি) কিয় অলপো চন্দ্ৰপৃষ্ঠত চাপ বহুওৱা নাই? তাৰ কোনো সন্তোষজনক উত্তৰ নাই NASA ৰ লগত৷
৩/ চন্দ্ৰপৃষ্ঠত তোলা আকাশৰ ফটোত এটাও তৰা দেখা নাপাব আপুনি৷ তাত বায়ুমণ্ডল আৰু ডাৱৰ নাই বাবে তৰাবোৰ আমি ইয়াত দেখাতকৈ বহু বেছি উজ্বল দেখিব লাগিছিল৷ ঠিক আছে বাৰু আমি ধৰি ললোঁ, দিনৰ আকাশত তৰা নেদেখি৷ তেতিয়াহ’লেতো আকাশত একোৱেই দেখিব নেলাগিছিল৷ কিন্তু আপুনি ফটোবোৰত পৃথিৱীখন স্পষ্টকৈ দেখা পাব৷ সেয়া কিদৰে সম্ভৱ? তৰা নাই যদি পৃথিৱীখনো থাকিব নেলাগিছিল আকাশত যিদৰে আমি দিনৰ আকাশত চন্দ্ৰটো দেখা নেপাওঁ৷
৪/ চন্দ্ৰপৃষ্ঠত তোলা ফটোবোৰত ছাঁবোৰ বেলেগ বেলেগ দিশত দেখা গৈছে৷ যেতিয়া পোহৰৰ উৎস মাত্ৰ এটা হয়, তেতিয়া মুকলি ঠাইত ছাঁবোৰ এটা আনটোৰ সমান্তৰাল হয়৷ চন্দ্ৰত মাথোঁ এটাই পোহৰৰ উৎস আছে আৰু সেয়া হৈছে সূৰ্য৷
৫/ চন্দ্ৰলৈ যাওঁতে ভেন এল্যান ৰেডিয়েচন বেল্ট (Van Allen Radiation Belt) পাৰ হৈ যাব লগা হয়৷ ইয়াত থকা অতি শক্তিশালী প্ৰট’নে নীল আৰ্মষ্ট্ৰং আৰু তেওঁৰ লগৰীয়াকেইজনক সিজাই পেলাব লাগিছিল৷
৬/ আটাইতকৈ আমোদজনক কথা হ’ল চন্দ্ৰপৃষ্ঠ (?) ৰ শিল এটাত আপুনি ইংৰাজী “C” আখৰটো স্প্ষ্টকৈ দেখা পাব (৬ নম্বৰৰ ছবিখনত চাওক)! সেয়া কিদৰে সম্ভৱ হ’ল? কোনে চন্দ্ৰৰ শিলত “C” লিখি থৈ আহিলগৈ? এলিয়েন নেকি? কেৱল সেয়াই নহয়৷ আপুনি বহু ছবিত যোগ চিন (+) দেখা পাব৷ NASA দিয়া তাৰ ব্যাখ্যা আৰু হাঁহি উঠা৷ সেইবোৰ হেনো coiled hair আছিল! বহুতে কয় যে Studio ত moon landing ৰ চিনেমাখন চলি আছিল৷ “C” ৰে নিৰ্দেশ কৰা শিলটো আন বিশেষ কামত আছিল৷ ভুলবশতঃ সেইটো কোনোবাই চিত্ৰগ্ৰহণৰ ঠাইলৈ আনিলে আৰু কেমেৰাই capture কৰিলে!
৭/ Una Ronald নামৰ অষ্ট্ৰেলিয়াৰ মহিলা গৰাকীয়ে Apoll-11 ৰ লাইভ চাই থাকোঁতে চন্দ্ৰপৃষ্ঠত (?) দুই তিনি চেকেণ্ডৰ বাবে এটা কোকাকোলা বটল দেখা পাইছিল!
৮/ নীল আৰ্মষ্ট্ৰঙে চন্দ্ৰত প্ৰথম ভৰি দিওঁতে ফটো কোনে তুলিছিল? কোনোবা সাংবাদিক ৰৈ আছিল নেকি তাত?
৯/ চন্দ্ৰ আমাৰ পৰা ৪০০,০০০ কিলোমিটাৰ আঁতৰত৷ সেয়েহে মহাকাশচাৰীসকলে আমাৰ গ্ৰহটোৰ লাগত কথা বতৰা পাতি থাকোঁতে আমি সেইবোৰ গ্ৰহণ কৰাৰ মাজত প্ৰায় ২ চেকেণ্ড মান সময়ৰ পাৰ্থক্য থাকিব লাগিছিল৷
১০/ চন্দ্ৰৰ মাধ্যাকৰ্ষণ আমাৰ ইয়াকৈ কম বাবে পৃথিৱীত থাকি চন্দ্ৰত খোজকঢ়াৰ মন্থৰ অভিনয় কৰাটো সম্ভৱ নহয়৷ আপুনি যদি আৰ্মষ্ট্ৰঙে খোজকঢ়াৰ ভিডিঅ’ৰ স্পীড আপোনাৰ কম্পিউটাৰৰ মিডিয়া প্লেয়াৰত x2 কৰি দিয়ে, তেন্তে আপুনি পৃথিৱীৰ সাধাৰণ খোজ কঢ়াৰ গতি দেখা পাব তাত!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!