ৰাগ…ইমন (মূল:জুৰি বৰা বৰগোহাঞি, গ্রন্থ আলোচক:দেৱাশ্ৰী বৰগোহাঁই)

দুবছৰৰ আগেয়ে পঢ়া এখন কিতাপৰ কথাৰে……..
২০১১ বৰ্ষটোত কেইবাখনো কিতাপ পঢ়াৰ সৌভাগ্য ঘটিছিল। তাৰ ভিতৰত অন্যতম হ’ল ৰাগ…ইমন। ২০০৯ বৰ্ষৰ হৰেন্দ্র চন্দ্র বৰকাকতী উপন্যাস বঁটাৰে সন্মানিত জুৰি বৰা বৰগোহাঞিৰ দ্বাৰা ৰচিত উপন্যাসখন প্রকাশ কৰি উলিয়াইছে চন্দ্র প্রকাশে। ভয়াবহ AIDS ৰোগক আধাৰ হিচাপে লৈ ৰচনা কৰা উপন্যাস খন আগবাঢ়িছে ইমন নামৰ ছোৱালীজনীৰ জীৱনক লৈ। সময়ে বৰ নিষ্ঠুৰভাৱে বাৰে বাৰে আঘাট কৰিছে ইমনৰ ওপৰত। প্রতাৰিত হৈছে স্বামীৰ দ্বাৰাও। স্বামীৰ দ্বাৰা প্রতাৰিত ইমনে অজানিতে বহন কৰিছে AIDS ৰ দৰে ভয়াবহ ৰোগ। AIDS ৰ কঠোৰ হাতোৰাই কাঢ়ি নিয়া স্বামী আৰু ফুলকুমলীয়া ছোৱালীজনী হেৰুওৱা ইমন বাৰে বাৰে লাঞ্ছিতা, বঞ্চিতা আৰু অবহেলিতা হৈছে সমাজত। সময়ক প্রত্যাহ্বান জনাইছে ইমনে। বাধ্য হৈছে সময় ইমনৰ সপক্ষে ব’বলৈ।সমাজত মূৰ দাঙি থিয় হৈছে ইমন। নতুন প্রতাশ্যাৰে কাম কৰি গৈছে নিজৰ দৰে আক্ৰান্ত আনসকলৰ বাবে।
AIDS ৰ দৰে ৰোগ এটাক উপন্যাস হিচাপে উপস্থাপন কৰাত লেখিকা বৰগোহাঁই সফল হৈছে। সুখ দুখৰ সুন্দৰ সমাহাৰ ঘটাইছে লেখিকাই উপন্যাস খনত। ভদ্রতাৰ মুখা পিন্ধা সমাজৰ স্বৰূপ উদঙাবলৈ সক্ষম হৈছে উপন্যাসখন। AIDS ৰোগটোৰ প্রতি থকা মানুহৰ অহৈতুক ভয়, অজ্ঞানতা, ভ্ৰান্ত ধাৰণাৰ সুন্দৰ প্রতিফলন ঘটিছে উপন্যাসখনত। ইমনৰ স্বামীৰ ঘৰখন, তাইক নিজৰ ঘৰত ৰাখিবলৈ অমান্তি হোৱা ভাৰাঘৰৰ মালিকসকল, চুবুৰীয়াসকল, ইমনৰ খুড়ীয়েকৰ মাজেৰে সমাজৰ এই শ্রেণীটোৰ আভাস পোৱা যায়। ইয়াৰ বিপৰীতে আছে আন এখন সমাজ য’ত আছে মৰম ভালপোৱা আৰু বিশ্বাসৰ পৃথিৱী । যি সাহস যোগাই জীৱনত আগুৱাই যোৱাত। লেখিকাই ডা: দেউৰী, ডা: শৰ্ম্মা, ইমনৰ পৰিয়াল, তামোলপুৰবাসী, অসীমৰ পৰিয়াল, কৃষ্ণ নগৰবাসী, সহৃদয় ভাৰাঘৰৰ মালিকজনৰ সহায়েৰে সেইখন পৃথিৱী চিত্ৰায়িত কৰিবলৈ সক্ষম হৈছে। উপন্যাস খনৰ ডা: দেউৰী চৰিত্রটোৱে মন চুই যায়। যি মৰম, বিশ্বাস আৰু আস্থাৰে আবৰি ৰাখিছে ইমনৰ দৰে AIDS আক্ৰান্তসকলক। প্রেছ মীট আয়োজন কৰি সমাজে অৱহেলা কৰিব বুলি জানিও নিজৰ ভয়াবহ ৰোগটোৰ কথা ৰাজহুৱা কৰি ইমনে যি সাহসৰ পৰিচয় দিলে সেইয়া শলাগিবলগীয়া। এই সাহসী উপস্থাপনৰ বাবে লেখিকাক ধন্যবাদ জনাবই লাগিব।সমাজৰ কিছুমান কুসংস্কাৰ, অজ্ঞানতা আঁতৰাই পৰিবৰ্তন আনিবলৈ হ’লে কোনোৱে মাৰ বান্ধি থিয় হ’বই লাগিব| সেই পৰিবৰ্তনৰেই এক নাম ইমন, ৰাগ…ইমন। জীৱন যুঁজত বাৰে বাৰে পৰাজিতা হৈছে ইমন। তথাপি নিয়তিৰ আগত সেও মনা নাই তাই। অৱশেষত হাৰ মানিছে নিয়তিয়ে। সংগ্রামৰ অন্য নাম ইমন, ৰাগ…ইমন। সাহসৰ অন্য নাম ইমন, ৰাগ…ইমন। কিতাপখন পঢ়ি থাকোঁতে ভাৱ হয় এৰা বিশ্বাস, মৰম, ভালপোৱা আৰু সাহসেৰে জীৱনৰ যিকোনো বিপদ হেলাৰঙে অতিক্ৰম কৰিব পাৰি।
উপন্যাসখনৰ চৰিত্রবোৰৰ যথাযথ উপস্থাপনত লেখিকা সফল হৈছে যদিও বহু সময়ত উপন্যাসখন আগুৱাই নিয়াত উজুটি খোৱাও পৰিলক্ষিত হয়। এগৰাকী মানুহৰে ভুলক্ৰমে দুটা নামৰ অৱতাৰণা আৰু হৈ যোৱা ঘটনাৰ কেইবাবাৰো কৰা পুনঃ লিখনে পঢ়াৰ সাৱলীলতা কিছু ম্লান কৰিছে। এই ভুলসমূহ আওকাণ কৰিলে ৰাগ…ইমন যথাৰ্থতে এখন সুন্দৰ উপন্যাস আৰু মোৰ বোধেৰে এই উপন্যাসখনে AIDS প্রতিৰোধী আন্দোলনত সক্রিয় ভূমিকা গ্ৰহণ কৰিব। ১৪০ টকা মূল্যৰ ২০৪ পৃষ্ঠা কলেৱৰৰ ৰাগ…ইমন যেন প্ৰতিজন AIDS ৰোগীৰে হৃদয়ৰ ভাষা, প্রতিজন AIDS ৰোগীৰে হৃদয়ত বাজি থকা এটা ৰাগ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!