ৰাচিয়ান চালাড (বৰ্ণালী বৰুৱা)

 

 

 

 

 

 

 

 

১) জাৰকালিৰ পাচলি যেনে গাজৰ,ফুলকবি,মটৰ,বিন আদি আৰু লগতে আলু সমান সমান টুকুৰা কৰি কাটি লওক ‌।(সকলোবোৰৰে একাপ একাপ )

২) এটা পাত্ৰত পাচলিখিনি ডুব যোৱাকৈ পানী লৈ তাত নিমখ আৰু অলপমান চেনি দি কটা পাচলিখিনি সিজাওক ‌। সিজিলে এটা ফুটা থকা খৰাহীত পাচলিখিনি কাঢ়ি পেলাওক ‌।

৩) আন এটা পাত্ৰত একাপ গাখীৰ উতলাওক ‌। ঠাণ্ডাপানীত দুচামোচ কৰ্ণফ্ল’ৰ বা ময়দা গুলি লৈ গাখীৰৰ সতে ভালদৰে লৰাই লৰাই উতলাওক ‌। চাব যাতে গোটা নাবান্ধে ‌। ডাঠ হ’লে নমাই ঠাণ্ডা হ’বলৈ দিয়ক ‌।

৪) ডাঙৰ চামোচেৰে দুচামোচ ক্ৰীম ওপৰৰ মিশ্ৰণটোৰ সতে ভালদৰে মিলাওক ‌।

৫) এতিয়া সিজোৱা পাচলিখিনিৰ সতে এচামোচ ৰিফাইন তেল, এচামোচ নেমুৰ ৰস, এচামোচ জালুকৰ গুৰি, মিহিকৈ কটা ধনীয়া, দুফালকৈ কটা অলপমান চেৰি, আণ্ডাজমতে নিমখ আৰু চেনি আৰু আগতে তৈয়াৰ কৰি থোৱা ক্ৰীম-গাখীৰৰ মিশ্ৰণটো দি ভালদৰে মিহলাওক ‌।

৬) আপোনাৰ নিজৰ ধৰণেৰে সুন্দৰকৈ সজাই পৰিবেশন কৰক ‌।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!