ৰাজনীতি আৰু ৰাজনৈতিক দৰ্শন -সোমকান্ত শইকীয়া

মানুহ বন্য জন্তুৰ পৰা বহু নিযুত বছৰৰ বিৱৰ্তনৰ ফলত বৰ্তমানৰ এই অৱস্থাটো পাইছেহি৷

এই অৱস্থালৈ আহি পোৱাৰ মূলতে হ’ল মানুহৰ বন্যাৱস্থাৰ পৰা সভ্যতাৰ দিশত পদক্ষেপ আগ বঢ়োৱা৷

এই সভ্যতাৰ পথত খোজ পেলোৱাৰ বাবে মূল চালিকা শক্তি হ’ল “মানুহৰ অভিজ্ঞতালব্ধ জ্ঞানেৰে আৱিষ্কাৰ কৰা কিছুমান অভিনৱ সমল৷”

আজিৰ বিচাৰেৰে চাবলৈ গ’লে হয়তো বস্তুবোৰ অতি নগণ্য, কিন্তু আদিম যুগত সেইবোৰ কিছুমান যুগান্তকাৰী আৱিষ্কাৰ আছিল -যিবোৰে বন্যমানৱৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনিলে৷

সেই আৱিষ্কাৰবোৰৰ প্ৰথমটো হ’ল —জুই;

জুইৰ আৱিষ্কাৰে বন্যমানুহৰ খাদ্যাভ্যাসত আমূল পৰিৱৰ্তন আনিলে- শ্ৰমৰ ৰাহি কৰিলে; সময়ৰ ৰাহি কৰিলে; পশুৰ চিকাৰ বহু পৰিমাণে সহজসাধ্য কৰিলে ইত্যাদি৷

তাৰ পিছতে উল্লেখযোগ্য আৱিষ্কাৰটো হ’ল চকাৰ আৱিষ্কাৰ- চকাৰ আৱিষ্কাৰে আদিম, বৰ্বৰ মানুহৰ জীৱনৰ প্ৰগতিৰ ৰথখনত কিছু গতি দিলে- শ্ৰমৰ ৰাহি হ’ল, সময়ৰ ৰাহি হ’ল- এই ৰাহি হোৱা সময় আৰু শ্ৰমেৰে নিযুত নিযুত বছৰৰ বিৱৰ্তনে মানুহৰ মগজুৰো বিকাশ সম্ভৱ কৰি তুলিলে৷ বৰ্বৰতাৰ পৰা সভ্যতালৈ আদিম মানৱৰ যি পথ পৰিক্ৰমা —ই মসৃণ নাছিল –বৰঞ্চ অনেক ৰোমাঞ্চকৰ ঘটনা প্ৰৱাহৰ কৰুণ ইতিহাস আছিল৷ সেই সুদীৰ্ঘ ইতিহাসৰ কথা ইয়াত বৰ্ণনা কৰিব খোজা নাই -তাৰ পৰিবৰ্তে সমাজ সভ্যতাৰ বিকাশৰ স্তৰ, ইয়াৰ চালিকা শক্তি, অৰ্থনৈতিক বুনিয়াদ আৰু আনুষঙ্গিক ৰাজনৈতিক দৰ্শন সম্পৰ্কেহে চমু আলোচনা আগবঢ়াব খুজিছোঁ৷

১) আদিম মানৱ সভ্যতাৰ বিকাশৰ প্ৰথম স্তৰটোত মানুহে যৌথভাৱে শ্ৰম কৰিবলৈ বাধ্য হৈছিল৷ নহ’লে প্ৰতিকূল প্ৰাকৃতিক অৱস্থাত এককভাৱে খাদ্য সংগ্ৰহ কৰা, খাই বৈ জীয়াই থকা আৰু বন্য প্ৰাণীৰ আক্ৰমণৰ পৰা মানুহ নামৰ তুলনামূলক ভাৱে দুৰ্বল প্ৰাণীটোৱে নিজকে বচোৱা সম্ভৱ নাছিল৷

সেয়ে শ্ৰম আৰু শ্ৰমৰ ফল- এই দুয়োটাৰে ওপৰত সকলোৰে সমান অধিকাৰ আছিল- ইয়েই আছিল “আদিম সাম্যবাদী সমাজ৷“

ইয়াৰ অৰ্থনৈতিক ভিত্তি আছিল -“সমূহীয়া শ্ৰম৷“

ৰাজনৈতিক দৰ্শন-“ৰাষ্ট্ৰ-বিহীন সাম্যবাদ“

২) কালক্ৰমত সাম্যবাদী সমাজতে উদ্বৃত্ত শ্ৰমৰ চান কাঢ়ি কোনো কোনো ব্যক্তি শক্তিশালী হৈ উঠিল – এনেকৈ সমাজত “গোষ্ঠী“ৰ সৃষ্টি হ’ল৷ এই গোষ্ঠীবিলাকৰ মাজত সততে যুদ্ধ লাগিবলৈ ধৰিলে। কোনো কোনো গোষ্ঠী পৰাজিত হৈ আন গোষ্ঠীৰ বহতীয়া হ’ল। এই পৰাজিত সকলেই এসময়ত “দাস“ বুলি পৰিচিত হ’ল আৰু এটা সময়ত দাস সকলেই উৎপাদনৰ একমাত্ৰ সম্বল হৈ পৰিল। সমাজত দুটা শ্ৰেণীৰ জন্ম হ’ল-দাস মালিক আৰু দাস৷

ইয়াত, অৰ্থনীতিৰ চালিকা শক্তি- দাসসকলৰ শ্ৰম৷

ৰাজনৈতিক ক্ষমতা- পৰজীৱী দাস প্ৰভুসকল৷

৩) দাসসকলৰে কিছু অংশই নতুনকৈ গঢ়লৈ উঠা মাটিৰ মালিক বা সামন্ত সকলৰ অধীনত শ্ৰম কৰি কৃষি কৰ্মত যোগদান কৰিবলৈ দাস মালিকৰ বিৰূদ্ধে বিদ্ৰোহ কৰিবলৈ ধৰিলে৷ কালক্ৰমত সামন্তসকলৰ ওচৰত দাস মালিকসকল পৰাভূত হ’ল- আৰু এটা নতুন সমাজ ব্যৱস্থাৰ সূচনা ঘটিল- যাৰ নাম হ’ল- “সামন্তবাদ৷“

সামন্তবাদী ব্যৱস্থাত

অৰ্থনৈতিক ভিত্তি- কৃষি শ্ৰমিক বা চাৰ্ফ বা ভিলেনসকলৰ শ্ৰম৷

ৰাজনৈতিক ক্ষমতা- সামন্তপ্ৰভুসকল৷

৪) লক্ষণীয় যে সমাজত এই দুই শ্ৰেণীৰ উপৰিও কিছুসংখ্যক স্বাধীন “কাৰিকৰ“ সৃষ্টি হ’ল যি সকলে কৃষিকৰ্মৰ উপৰিও কুটিৰ শিল্পসদৃশ কাৰিকৰী কৰ্মত নিজকে পটু কৰি গঢ়ি তুলিলে আৰু স্বাধীন ভাৱে ব্যৱসায় কৰি সামন্ত সকলৰ সমানেই প্ৰতিপত্তিশালী হৈ উঠিলে৷ ইয়াৰ মাজতে মধ্যযুগৰ বিজ্ঞান আৰু প্ৰযুক্তিৰো অভূতপূৰ্ব বিকাশে সামন্তবাদক অলাগতিয়াল কৰি পেলাবলৈ ধৰিলে৷

প্ৰধানকৈ ইউৰোপত সাহিত্য, বিজ্ঞান, প্ৰযুক্তি, দৰ্শন আদিৰ বিকাশে “সামন্তবাদী“ অৰ্থব্যৱস্থাক পঙ্গু কৰি পেলালে৷ দলে দলে কৃষি কৰ্মীসকলে কাৰখানাৰ শ্ৰমিক হিচাপে কাম কৰিবলৈ প্ৰব্ৰজন ঘটিবলৈ ধৰিলে- ফলত সামন্তবাদৰ ধ্বংসস্তূপত গঢ়লৈ উঠিল এক নতুন অৰ্থ ব্যৱস্থা – পুঁজিবাদ৷

এই ব্যৱস্থাত –

অৰ্থনৈতিক বুনিয়াদ- শ্ৰমিকৰ শ্ৰম৷

ৰাজনৈতিক ক্ষমতা- পুঁজিৰ মালিকসকল, অৰ্থাত্ পুঁজি পতি সকল৷

এতিয়া আমি লক্ষ্য কৰিলে এটা কথা পৰিষ্কাৰকৈ দেখোঁ যে বৰ্তমানলৈকে পাৰ হৈ যোৱা সকলো সমাজ ব্যৱস্থাতে অৰ্থনীতিৰ চালিকাশক্তি হৈছে – সমাজৰ যি অংশই শ্ৰম কৰে, অৰ্থাৎ শ্ৰমিকসকল৷

আৰু এই শ্ৰমৰ ফল যি সকলে ভোগ কৰে সেই সকলৰ হাততে থাকে “ৰাজনৈতিক ক্ষমতা! “

ইয়াক ভিত্তি কৰিয়েই বৰ্তমানৰ “গণতান্ত্ৰিক“ যুগত গঢ় লৈ উঠিছে কিছুমান ৰাজনৈতিক মতাদৰ্শ – ৰাজনৈতিক দল৷

এই ৰাজনৈতিক দলবোৰৰ ঘোষিত নীতি যিয়েই নহওক আমি লক্ষ্য কৰিবলগীয়া কথাটো হ’ল -সেই নীতিয়ে আচলতে কাৰ স্বাৰ্থ পূৰণ কৰিব?

‍ ১) অৰ্থনীতিৰ চালিকা শক্তি স্বৰূপ “সাধাৰণ লোকসকল”ৰ নে

২) পুঁজিৰ মালিক অৰ্থাৎ ক্ষমতাশালী শ্ৰেণীৰ?

আমাৰ প্ৰতিপাদ্য কথা এটাই-

“বিভিন্ন নাম, বিভিন্ন ৰূপত থকা “ৰাজনৈতিক দল“বিলাক কিন্তু দুটা ৰাজনৈতিক দৰ্শনৰে অন্তৰ্ভুক্ত-

“দৰিদ্ৰ সকলৰ সপক্ষে“ বা “দৰিদ্ৰ সকলৰ বিপক্ষে“ – ইয়াৰ বাহিৰে কোনো মধ্যম পন্থা নাই -কাৰণ, থকাটো ঐতিহাসিক ভাৱে সম্ভৱ নহয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!