ৰাতি ৯ বজাৰ আগেয়ে ঘৰলৈ নাহিবা ! (- ৰাজীৱ বৰা )

(১)
পত্নীসকলে আজিকালি বিচাৰে যাতে তেওঁলোকৰ পতিসকলে ৰাতি ৯ বজাৰ আগেয়ে ঘৰলৈ নাহে । কথাটো শুনিবলৈ অসঁজা, কিন্তু বৰ্তমানৰ পৰিস্থিতিত ইয়েই সত্য । পতিসকলে কামৰ পৰা ঘৰলৈ আহিনো কৰে কি ? টিভিত বাতৰি বা খেল চায় আৰু ম’বাইলটো ভালকৈ চলাব নোৱাৰি পঢ়াত ব্যস্ত হৈ থকা ল’ৰা-ছোৱালীক বাৰে বাৰে মাতি সিহঁতক আমনি কৰে । পতিসকলে ল’ৰা-ছোৱালীক পঢ়াত একো সহায় কৰি দিব নোৱাৰে, কাৰণ পাঠ্যক্ৰম আগতকৈ বহুত সলনি আৰু বহল-ডাঙৰ হ’ল । পাঠ্যক্ৰম বহল-ডাঙৰ হ’ল কাৰণেই ল’ৰা-ছোৱালীয়ে অনবৰতে মূৰ গুজি পঢ়ি থাকিব লাগে । সিহঁতে আগৰ প্ৰজন্মতকৈ বহুত বেছি পঢ়েও তথা বহুত বেছি জানেও, কিন্তু লেখত ল’বলগীয়া ব্যক্তিৰ সিহঁতৰ মাজত সৃষ্টি নহয়, কাৰণ বৰ্তমানৰ পাঠ্যক্ৰমে জ্ঞান নিদিয়ে, দিয়ে কেৱল তথ্য । সিহঁতে আনকি এইটোও নাজানে যে পঢ়ি থকা বিষয়বোৰৰ তাত্পৰ্য ই বা কি !
মূৰ গুজি পঢ়ি থকা ল’ৰা-ছোৱালীক পত্নীয়ে মাজে মাজে গাখীৰ-বিস্কুট তথা জলপানৰ যোগান ধৰে আৰু টিভিত ধাৰাবাহিক চায় । ধাৰাবাহিক চোৱা সময়্খিনি পত্নীসকলৰ বাবে একান্ত সময় । ধাৰাবাহিকবোৰত তিৰোতাবোৰে ক’ৰবাত ফুৰিবলৈ যাবলৈ ওলোৱাৰ দৰে ধুনীয়া ধুনীয়া আৰু দামী দামী শাৰী তথা অলংকাৰ পিন্ধি আৰু প্ৰসাধন কৰি অনবৰতে সাজি-কাছি থাকে, আনকি ওঁঠত লিপস্টিক লৈয়েই পাটীত পৰে । তেওঁলোকে একো কাম-বন নকৰে যদিও এটা কাম অৱশ্যে মাজে-সময়ে কৰে — চচপেনত গাখীৰ উতলায় ! ধাৰাবাহিকবোৰত অভিনেত্ৰীসকলৰ এনে সুখ-আৰামৰ জীৱন দেখি পত্নীসকলক শোকে খুন্দা মাৰি ধৰে আৰু নিজৰ “গেবাৰি খাটি থকা জীৱনটোৰ” পৰা পৰিত্ৰাণৰ একো উপায় নেদেখি তেওঁলোকে বিলাপ কৰে : “অ’ দেউতা, তুমি কি দেখি মোক এওঁলৈ বিয়া দিছিলা ? এওঁলৈ বিয়া দি তুমি মোৰ জীৱনটো কিয় ধ্বংস কৰি দিলা ?!”
ধাৰাবাহিক চোৱা সময়খিনিত পত্নীসকল শোকে-তাপে জৰ্জৰিত হৈ থাকে কাৰণেই এই সময়ত তেওঁলোকে ওচৰত কোনো থকাটো নিবিচাৰে, বিশেষকৈ পতিসকলক, কিয়নো পতি নামৰ এই প্ৰাণীবিলাকেই তেওঁলোকৰ জীৱনটো ধ্বংস কৰি দিলে — পতিসকলে তেওঁলোকক সুখ-আৰামত ৰখা নাই, দামী দামী ৰেস্টুৰেন্টত খুউওৱা নাই, দামী দামী কাপোৰ আৰু অলংকাৰ পিন্ধিবলৈ দিয়া নাই, ভাল ভাল ঠাইত ফুৰুওৱা নাই, ইত্যাদি ইত্যাদি । এইসকলৰ লগত নহৈ যদি তেওঁলোকৰ আনৰ লগত বিয়া হ’লহেতেঁন, তেন্তে তেওঁলোকৰ জীৱনটো অনেক সুখ-আৰামৰ হ’লহেতেঁন । আনহাতেদি ধাৰাবাহিকৰ পুৰুষ চৰিত্ৰবোৰো কিমান স্মাৰ্ট, ইন্টেলিজেন্ট আৰু হেন্ডছাম ! তেওঁলোকে কিমান সুন্দৰ সুন্দৰ কাপোৰ পিন্ধে ! তেওঁলোকৰ ব্যৱ্হাৰ-পাতি আৰু কথা-বতৰা কিমান ভদ্ৰ ! অথচ নিজৰ নিজৰ পতিসকল একেবাৰে স্মাৰ্ট, ইন্টেলিজেন্ট আৰু হেন্ডছাম নহয় ! ব্যৱ্হাৰ-পাতি আৰু কথা-বতৰাৰ কথা নক’লোৱেই বা ! সেয়ে তেওঁলোকে বিচাৰে যাতে এই পতিসকল ৰাতি ৯ বজাৰ আগেয়ে ঘৰলৈ নাহে, কাৰণ “ভাল ভাল” ধাৰাবাহিকবোৰ ৯ বজালৈকে চলে, তদুপৰি ৯ বজাৰ পৰা ৰাতিৰ আহাৰৰ ব্যৱস্থা কৰিবলগীয়া হয় । ৰাতি ৯ বজালৈকে এই পতিসকল ক’ত থাকে থাকক, তাৰ পাচত ঘৰলৈ আহক আৰু খাই-বৈ শুই থাকক !
(২)
ধাৰাবাহিকবোৰৰ নাৰী চৰিত্ৰবোৰৰ সুখ-আৰামৰ জীৱন-শৈলী নিৰীক্ষণ কৰি পত্নীসকল ঈৰ্ষান্বিত হয় । চৰিত্ৰবোৰৰ সকলোৱেই ভাল লাগে — তেওঁলোকে চাকৰ-বাকৰ তথা মালী-দাৰোৱানৰে সৈতে ডাঙৰ আৰু সুদৃশ্য বাংলাত থাকে, ডাঙৰ আৰু দামী গাড়ীত ফুৰা-চকা কৰে । কিন্তু এটা কথাহে পত্নীসকলে হজম কৰিব নোৱাৰে । চৰিত্ৰবোৰে বাৰে বাৰে এটা কথা উল্লেখ কৰে : ‘বিৱাহ নাৰী-পুৰুষৰ মাজৰ কেৱল এটা জনমৰে নহয়, সাত জনমৰ বান্ধোন’ । পত্নীসকলৰ কথাটো অসজাঁ লাগে, কাৰণ বৰ্তমানৰ পতিসকলৰ লগত এটা জনম পাৰ কৰাই কঠিন হৈ পৰিছে, গতিকে সাতটাকৈ জনম কেনেকৈ পাৰ কৰিব ?!
বহুতো ভাবি-গুণি পত্নীসকলে এই সমস্যাৰ সমাধানৰ পথো নিৰ্ণয় কৰি লৈছে । তেওঁলোকে দিনৌ দুবাৰকৈ পূজা-প্ৰাৰ্থনা কৰিবলৈ তথা সপ্তাহত দুই-তিনি দিন ব্ৰত-উপবাস ৰাখিবলৈ লৈছে । পূজা-প্ৰাৰ্থনা কৰোঁতে তথা ব্ৰত-উপবাস ৰাখোঁতে তেওঁলোকে দেৱতাৰ ওচৰত এটাই প্ৰাৰ্থনা কৰে : যাতে অহা জনমত বৰ্তমানৰ পতিসকল সলনি হয় আৰু ধাৰাবাহিকবোৰত দেখাৰ দৰে স্মাৰ্ট, ইন্টেলিজেন্ট আৰু হেন্ডছাম পতি তেওঁলোকে পায় ! ফলাফল নিশ্চিত কৰিবৰ বাবে তেওঁলোকে জুখি-মাখিহে পূজা-প্ৰাৰ্থনা কৰে : যাতে নৰকত বা স্বৰ্গত থাকিবলগীযা নহৈ পুনৰ মানৱীৰ জন্ম লয় । এনেয়েও স্বৰ্গৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ নাই (নৰকত থকাৰতো প্ৰশ্নই নুঠে !) , কাৰণ তাত অপ্সৰাসকলৰ কাবাৰে-নৃত্য আৰু সোমৰসহে আছে । এইবোৰৰে পত্নীসকলে কি কৰিব ? তদুপৰি অপ্সৰাসকলো এতিয়া বুঢ়ী হ’ল: হেলেনে যদি এই বয়সত কাবাৰে নাচে, চাই কাৰনো ভাল লাগিব ! অন্যহাতেদি সোমৰসৰ স্বাদ আমাৰ গেলাতকৈও বেয়া । পূজা-প্ৰাৰ্থনা কৰিলেও পত্নীসকলেও মাজে মাজে মদ্যপান কৰে, গতিকে গেলাতকৈও বেয়া সোমৰস তেওঁলোকেও খাব নোৱাৰিব । বিশ্বায়ন আৰু ইন্টাৰনেটৰ যুগত স্বৰ্গলোকৰ বহুত কথাই বৰ্তমান জানিব পৰা গৈছে ।
ভাৰতৰ পত্নীসকলে পূজা-প্ৰাৰ্থনাৰ আশ্ৰয় লৈ অহা জনমত পতি সলনি কৰাৰ উপায় লোৱাৰো কাৰণ আছে । এনেয়েও পৃথিৱীৰ প্ৰতি গৰাকী পত্নীয়ে বিয়াৰ এবছৰৰ ভিতৰতে উপলব্ধি কৰে যে পতি হিচাবে তেওঁ বিচৰা পুৰুষজন এইজন নহয় । এই উপলব্ধিৰ পাচত পশ্চিমৰ পত্নীসকলে বিৱাহ-বিচ্ছেদ ঘটাই অন্য পতি বাচি লয়, কিন্তু ভাৰতীয় পত্নীসকলে তাকো কৰিব নোৱাৰে : শাস্ত্ৰ, সমাজ আদিৰ ভয় আছে — বিৱাহ-বিচ্ছেদ কৰা পত্নীক সমাজ আৰু শাস্ত্ৰই কুলতা আখ্যা দিয়ে । গতিকে, প্ৰায় এক প্ৰকাৰ বাধ্যত পৰিয়েই, পত্নীসকলে এইজনমত নহ’লেও অহা জনমত সুখ-আৰাম আৰু শান্তিত থকাৰ ব্যৱস্থা কৰি লৈছে ।
(৩)
মানৱ প্ৰজাতিৰ বিৱৰ্তনৰ প্ৰক্ৰিয়াত নাৰী আৰু পুৰুষৰ মাজত প্ৰায় বিপৰীতধৰ্মী বৈশিষ্ট্য প্ৰোথিত হ’ল : নাৰী যদি আবেগিক-ৰোমান্টিক, তেন্তে পুৰুষ যুক্তিবাদী-বাস্তৱবাদী; নাৰীয়ে যদি কথা বেছি কয়, তেন্তে পুৰুষে কথা কয় কম; নাৰীৰ মুখমণ্ডলত যদি ভাবাবেগ সুস্পষ্ট ৰূপত প্ৰকাশ পায়, তেন্তে পুৰুষৰ মুখমণ্ডলত ই থাকে সুপ্ত ৰূপত; ইত্যাদি ইত্যাদি । কিন্তু ভাৰতীয় কথাছবি-ধাৰাবাহিক আদিত পুৰুষক আবেগিক-ৰোমান্টিক কৰি পৰিৱেশন কৰা হয়, আৰু তেওঁলোকক ইমানেই আবেগিক-ৰোমান্টিক দেখুওৱা হয় যে সহজাত বৈশিষ্ট্যৰে পুৰুষ তেনে হৈ উঠাতো সম্ভৱপৰেই নহয় । এই কাম কৰা হয় একমাত্ৰ নাৰীৰ কথা মনত ৰাখি, কাৰণ পুৰুষ তেনে হোৱাতো নাৰীয়ে বিচাৰে । প্ৰকাৰান্তৰে নাৰী দৰ্শক নহ’লে ভাৰতীয় ধাৰাবাহিকবোৰ ‘সফল’ হোৱাৰো সম্ভাৱনা নাই ।
অন্যহাতেদি, ভণ্ডামি, বাস্তৱতাৰ পৰা পলায়ন — এইবোৰ হ’ল ভাৰতীয়সকলৰ সহজাত বৈশিষ্ট্য । সেইবাবে ভাৰতীয় কথাছবি, ধাৰাবাহিক আদিত বাস্তৱৰ প্ৰতিফলন নঘটে । যি সময়ত ধাৰাবাহিকবোৰত নাৰীক বাস্তৱত ঘৰত থকাৰ দৰে দেখুৱাব লাগিছিল, সেই সময়ত তেওঁলোকক নতুন নতুন শাৰী আৰু অলংকাৰ পিন্ধাই তথা ক’ৰবাত ফুৰিবলৈ যাবলৈ ওলোৱাৰ দৰে প্ৰসাধন কৰোৱাই পৰিৱেশিত কৰা হয় । তদুপৰি ধনী আৰু অভিজাত মানুহৰ কাহিনী নহ’লে ধাৰাবাহিকবোৰৰ ‘গ্লেমাৰ’ নাথাকে ! আৰু ধাৰাবাহিকবোৰত কাহিনী, অভিনয় আদিৰ ওপৰত গুৰুত্ব দিয়াতকৈ পত্নীসকলে নজৰ দিয়ে অভিনেত্ৰীসকলৰ শাৰী-অলংকাৰৰ ওপৰতহে ।
পত্নীসকলে জনা উচিত যে কথাছবি, ধাৰাবাহিক আদিত অভিনেত্ৰীসকলে অভিনয় কৰে ভাড়াৰ কাপোৰ-অলংকাৰ পিন্ধিহে । অভিনয়ৰ অন্তত তেওঁলোকে ভাড়াৰ কাপোৰ-অলংকাৰ স্টুডিঅ’ত এৰি ভাৰতীয় নাৰীয়ে সাধাৰণতে পিন্ধা কাপোৰ-অলংকাৰ পিন্ধিয়েই ঘৰলৈ যায় আৰু ঘৰত ভাৰতীয় নাৰীয়ে সাধাৰণতে থকা অৱস্থাতে তেওঁলোক থাকে ।—
লিখকৰ ই-মেইল : [email protected]
লেখকৰ ঠিকনা= চেগুণবাৰী ডাক- মাৰঘেৰিটা- ৭৮৬১৮১ জিলা- তিনিচুকীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!