ৰাধা -স্মৃতিমালা শৰ্মা

তোমাৰ পাটৰাণী হোৱাৰ বাসনা

মোৰ নাছিল,
দ্বাৰকাৰ সিংহাসনত তোমাৰ কাষত বহাৰ ইচ্ছাও
মোৰ নাছিল৷
তুমি যদি সূৰ্য্য, এমুঠি কিৰণ মই
তুমি যদি চন্দ্ৰ, এছাটি জোনাক মই৷
তোমাৰ নামৰ সেন্দূৰ পিন্ধাৰ অলীককল্পনা
মোৰ নাছিল,
ৰাজপ্ৰসাদৰ বাঘজৰী লোৱাৰ হাবিয়াসো
মোৰ নাছিল৷
তুমি যদি ডাৱৰ, এজাক বৰষুণ মই
তুমি যদি বাঁহী, এটি কৰুণ সুৰ মই৷
ৰুক্মিণী অথবা সত্যভমা হোৱাৰ সপোন
মোৰ নাছিল,
তোমাৰ আলিংগনত বিগলিত হোৱাৰ আকাংক্ষাও
মোৰ নাছিল৷
তুমি যদি প্ৰেমিক, একাঁজলি প্ৰেম মই
তুমি যদি অৰণ্য, বনৰীয়া ফুল মই৷
স্বৰ্গৰ পাৰিজাত পোৱাৰ কামনা
মোৰ নাছিল,
তোমাৰ ষোল্লশ গোপীনীক লৈ ঈৰ্ষাও
মোৰ নাছিল৷
তুমি যদি যমুনা, এচলু জলধাৰা মই
তুমি যদি বতাহ, এটি সুগন্ধি মই৷
মই স্বৰ্গীয় প্ৰেমৰ পূজাৰিণী,
মই হৃদয়ৰ তপস্বিনী,
যুগে যুগে তোমাৰ উপাসৃতা মই
তোমাৰ আত্মাৰ সাৰথি মই
মই ৰাধা, মই ৰাধা৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!