ৰাষ্ট্ৰীয় একতা দিৱস ৩১ অক্টোবৰ -বিশ্বজ্যোতি দেৱী।

চৰ্দাৰ বল্লভভাই পেটেলৰ আজি এশ চল্লিশতম জন্ম বাৰ্ষিকী। আজিৰপৰা দুবছৰ আগতে এই দিনটোত ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত ৰাষ্ট্ৰীয় একতা দিৱসৰ শুভাৰম্ভনি হৈছিল। তেখেতৰ জন্মদিনটোত এই দিৱস পালন কৰি তেখেতক সমগ্ৰ ভাৰতবাসীয়ে স্মৰণ কৰাৰ ওপৰিও তেখেতৰ কৰ্মৰাজীৰ আদৰ্শেৰে অনুপ্ৰাণিত হবৰ বাবে সকলোকে অনুপ্ৰেৰণা যোগোৱা হয়।স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰি ভাৰত বৰ্ষক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰাৰ বাবে অহোপুৰোষাৰ্থ কৰিছিল বল্লভভাই পেটেলে।মহাত্মা গান্ধী আছিল তেওঁৰ জীৱনৰ আদৰ্শ।

চৰ্দাৰ শব্দৰ অৰ্থ হ’ল নেতা। বল্লভভাই পেটেল আছিল এজন সামাজিক নেতা, ৰাজনৈতিক নেতা, কৃষক নেতা আৰু স্বাধীনতা সংগ্ৰামৰ নেতা। তেওঁৰ সৱল নেতৃত্বই সকলো লোককে একত্ৰিত কৰাত সহায় কৰিছিল। মানুহৰ মাজত তেও ইমানেই জনপ্ৰিয় হৈছিল যে তেওঁ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হোৱাটো বহুলোকে বিচাৰিছিল।কিন্ত্ত মহাত্মা গান্ধীৰ অনুৰোধত তেও জৱাহৰলাল নেহৰুক সেই পদ অৰ্পণ কৰিছিল।
স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী আৰু প্ৰথম উপ প্ৰধানমন্ত্ৰী হিচাপে তেখেতে ভাৰতবৰ্ষৰ উন্নতিৰ হকে বিভিন্ন প্ৰকাৰে চেষ্টা চলাইছিল। তেওঁৰ লক্ষ্য আছিল যিকোনো প্ৰকাৰে ভাৰতত এক্য সম্প্ৰীতি বজাই ৰখা। সেইসময়তে তেও অনুভৱ কৰিছিল যে বহিৰাগত অপশক্তিৰ পৰা ভাৰতক ৰক্ষা কৰিবলৈ ভাৰতবৰ্ষক ইমূৰৰ পৰা সিমূৰলৈ একত্ৰিত কৰাটো অতীব প্ৰয়োজনীয়। সেইসময়ত তেও চীনৰ আগ্ৰাসনৰ পুৰ্ৱানুমান কৰিছিল।তাৰ বিষয়ে তেওঁ জৱাহৰলাল নেহৰুক এখন চিঠি প্ৰদান কৰিছিল। কিন্ত্ত জৱাহৰলাল নেহৰুৱে সেই কথা গুৰুত্ব সহকাৰে নোলোৱাৰ ফলত ৬২চনৰ চীনৰ আক্ৰমনৰ বলি হবলগীয়া হৈছিল ভাৰত। চৰ্দাৰ বল্লভভাই পেটেলে ব্ৰিটিছ শাসনৰ পৰা মুক্তি লাভ কৰা পাঁচশতকৈও অধিক স্বায়ত্ত শাসিত ৰাজতান্ত্ৰিক ৰাজ্যসমূহক একত্ৰিত কৰিবলৈ সক্ষম হৈছিল। পঞ্জাৱ আৰু দিল্লীৰ শৰণাৰ্থীসকলক অনুদান আগবঢ়াই তেও শান্তি স্হাপনত সফল হৈছিল।
বৰ্তমান ভাৰতৰ সীমান্ত অঞ্চলত যি জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হৈছে , এনে অৱস্থাত জাতি, ধৰ্ম, বৰ্ণ নিৰ্ৱিশেষে সকলো লোক একত্ৰিত হৈ সীমান্তৰ প্ৰহৰীসকলক যিকোনো প্ৰকাৰৰ সহায় সাৰথি কৰিবলৈ সাজু থাকিব লাগিব। বৰ্তমান ভাৰতক শত্ৰুপক্ষৰ পৰা ৰক্ষা কৰিবলৈ যেনেকে পাৰি তেনেধৰণেৰে সহায় কৰিবলৈ সাজু থকাটো দৰকাৰ। লগতে যিকোনো প্ৰতিকূল পৰিস্হিতিত চৰকাৰক যিকোনো হিতকাৰী সিদ্ধান্তক সহযোগ কৰাটো প্ৰয়োজনীয়। বৰ্তমান পৃথক জিলা দাবী, জনজাতিকৰণৰ দাবী ইত্যাদিৰ ফলত সৃষ্টি হোৱা অশান্ত পৰিষ্ঠিতিত একতা দিৱসৰ প্ৰয়োজনীয়তা আহি পৰিছে যেন অনুভৱ হয় যাতে নিজৰ দাবীসমূহৰ বাবে কোনো হানিকাৰক উপায় অৱলম্বন নকৰি আলোচনাৰ মাধ্যমেৰে সকলো সমাধা হয়। ৰাষ্ট্ৰীয় একতা দিৱস সকলোৰে মাজত এনেদৰে প্ৰচাৰ হওক যাতে সকলো লোক একোটা জাতি , ধৰ্ম হিচাপে নহয় ভাৰতীয় হিচাপে থিয় হৈ ভাৰতক বাহিৰা অপশক্তিৰ পৰা ৰক্ষা কৰাত সহায় কৰে।লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ আদৰ্শ আৰু কৰ্মৰাজী সমাজত প্ৰচাৰ কৰি বৈচিত্ৰতা আৰু বিভিন্নতাৰ প্ৰতীক ভাৰতবৰ্ষক সকলো ফালৰ পৰা উন্নতিৰ শিখৰত উপনীত কৰাৰ প্ৰয়োজন। ইয়াৰ বাবে ঐক্যই শক্তি এই ধাৰণাৰে অনুপ্ৰাণিত হব লাগিব।ধীৰ স্হিৰ সৱল নেতৃত্বৰ অধিকাৰী লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ দৰে এজন জননেতাৰ বৰ্তমান বৰ প্ৰয়োজন অনুভৱ হৈছে ভাৰতবৰ্ষত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!