ৰাষ্ট্ৰীয় শিক্ষা দিৱস – মৃণালিনী গায়ন।

আজি ১১ নৱেম্বৰ, ৰাষ্ট্ৰীয় শিক্ষা দিৱস। আজিৰ এই দিনটোতে, অৰ্থাৎ ১৮৮৮ চনৰ ১১ নৱেম্বৰত স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্রী মৌলানা আবুল কালাম আজাদৰ জন্ম হৈছিল। তেথেতৰ জন্ম দিনটোক সমগ্ৰ ভাৰতবৰ্ষতে ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয়। তেখেত আছিল আমাৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা। তেখেতৰ প্ৰকৃত নাম আছিল আবুল কালাম গোলাম মহিয়ুদ্দিন। তেখেত এজন সুদক্ষ লিখকো আছিল। ১৮৯৯চনত তেখেতে ‘নইৰং-ই-আলম’ বুলি এখন মাহেকীয়া আলোচনী প্ৰকাশ কৰিছিল। তেখেতে আৰবী, পাৰ্চী, উৰ্দু, ইংৰাজী, হিন্দী আদি কেইবাটাও ভাষা জানিছিল। তেখেতে ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫৮ চনৰ ২২ ফেব্ৰুৱাৰীলৈকে ভাৰতৰ শিক্ষামন্ত্রীৰ কাৰ্য্যকাল দক্ষতাৰে পৰিচালনা কৰিছিল। তেখেতৰ দিনতে বহুতো সাংস্কৃতিক আৰু শৈক্ষিক একাডেমি গঠন হৈছিল। উদাহৰণস্বৰূপে, সঙ্গীত নাটক একাডেমী, ললিত কলা একাডেমী, সাহিত্য একাডেমী আদিৰ নাম উল্লেখ কৰিব পাৰি। সেয়েহে ভাৰত চৰকাৰে তেখেতৰ জন্ম দিনটোক ২০০৮ চনৰ ১১ নৱেম্বৰৰ পৰা “ৰাষ্ট্ৰীয় শিক্ষা দিৱস” হিচাপে ঘোষণা কৰিছিল। তেখেতৰ কাৰ্যকালৰ ভিতৰতে আৰম্ভ হৈছিল IIT, IISc, UGC, School of Planning আদি অনুষ্ঠান। দেশৰ স্বাধীনতা যুঁজৰ অগ্ৰণী নেতা, মহান পুৰুষগৰাকীক মৰণোত্তৰ ভাৱে ১৯৯২ চনত ভাৰতৰ সৰ্বোচ্চ উপাধি ‘ভাৰতৰত্ন’ প্ৰদান কৰা কৰিছিল। তেখেত আজি আমাৰ মাজত নাই সঁচা, কিন্তু তেখেতে দি থৈ যোৱা অৱদানবোৰ আমি পাহৰিব নোৱাৰো। ১৯৫৮ চনৰ ২২ ফেব্ৰুৱাৰীৰ দিনাখন আমাক এৰি কোনো অজান মুলুকলৈ গুচি গৈছিল। আজি, ৰাষ্ট্ৰীয় শিক্ষা দিৱসত তেখেতলৈ জনালো অজস্ৰ শ্ৰদ্ধাঞ্জলি।

***

One thought on “ৰাষ্ট্ৰীয় শিক্ষা দিৱস – মৃণালিনী গায়ন।

  • November 10, 2020 at 11:05 am
    Permalink

    মোৰ এটা প্ৰতিযোগিতাত বহুত সহায় কৰিলে

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!