ৰাৱণ-ছীতাৰ ফেচবুকীয়া প্ৰেম : ঈশান জ্যোতি বৰা

ৰাৱণ-ছীতাৰ ফেচবুকীয়া প্ৰেম

ঈশান জ্যোতি বৰা

 

(সম্পূৰ্ণ হাস্যৰস যোগান ধৰাৰ উদ্দেশ্যৰে লিখা এখন নাট৷ বাস্তৱিক জীৱনৰ লগত এইয়াৰ কোনো সম্পৰ্ক নাই৷ অনিচ্ছাকৃত ভুল-ভ্ৰান্তিৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী৷)

সূত্ৰধাৰ: আহে সামাজিক লোক৷ ৰাতিপুৱাৰ সময়৷ ৰজা দশৰথৰ কনফাৰেন্স ৰুমত মিনিষ্টাৰসকলৰ গ্ৰুপ ডিচকাচন৷ দশৰথৰ কাষতে থকা মাৰ্বলৰ চকীকেইখনত তিনি পত্নী বহি আছে৷ তেওঁলোক মেক-আপত ব্যস্ত ৷
অ’ এহি বুলি দশৰথৰ কনফাৰেন্স হলৰ ছিনটো দেখহ,শুনহ তথা নিৰন্তৰে হৰি বোল হৰি ৷

ৰজা দশৰথ: মোৰ খাৰখোৱা মিনিষ্টাৰসকল৷ আপোনালোকে এতিয়া মোক কওঁক যে ৰামক মই কোনখন ফৰেষ্টত পঠিয়াওঁ এডভেন্সাৰৰ বাবে৷ তাৰ আকৌ ডিচেন্ট্ৰী হৈ আছে যোৱা দুদিন ধৰি৷ আমাৰ ফেমিলী ডাক্টৰে তেওঁক এটা চেলাইন দিম বুলি কৈছে যদিও মোৰ বৰ ভয় লাগে৷ সৰু ল’ৰাতো৷ বেছি ষ্ট্ৰেছ দিলে ডিপ্ৰেচনতো ভুগিব পাৰে৷
ফৰেষ্ট-মিনিষ্টাৰ: মোৰ মতেৰে ৰামক আমি কাজিৰঙা অভয়াৰণ্যলৈকে পঠিয়াব পাৰোঁ৷ ভাল পাব তাত৷ ঠাইখিনিও বৰ মনোৰম ..তাতে…
দশৰথ (ফৰেষ্ট-মিনিষ্টাৰৰ কথা শেষ হ’বলৈ নিদি): অভয়াৰণ্য মানে কি বুজালা তুমি? টাৰ্মটো ইংৰাজীত কোৱাহেঁতেন ভাল হ’লহেঁতেন৷ মই মানে অসমীয়াত বৰ কেঁচা৷ ক্লাছ টেনত ১০০ৰ ভিতৰত ২০হে পাইছিলোঁ৷
ফৰেষ্ট মিনিষ্টাৰ: মানে চাৰ মই ফৰেষ্টৰ কথাকে কৈছিলোঁ৷ কাজিৰঙা নেশ্যনেল ফৰেষ্ট যে৷ বৰ বিউটিফুল জানেনে? মোৰ ৱাইফ যোৱা দেওবাৰে আহিছে তাৰপৰা উভতি৷ তেওঁ লগত লেপটপ আৰু ৩জিটো লৈ গৈছিল নহয়৷ আমি দেইলী ফে’চবুকত ভিডিঅ’ চাট কৰোঁ৷ তেওঁ ভিডিঅ’ত মোক কাজিৰঙাৰ ডাঙৰ ডাঙৰ ৰাইন’কেইটা দেখুৱাইছে৷ প্লিজ আপুনি মিছ নকৰিব৷ পাৰিলে মেডামহঁতৰ সৈতে আপুনিও এবাৰ ফুৰি আহকগৈ৷
দশৰথ: আই এম ছ’ ছৰি ডিয়েৰ৷ মোৰ গাটো একেবাৰে বেয়া চলি আছে এইকেইদিন৷ তুমি জানো মোৰ ফে’চবুকত কমেণ্টটো দেখা নাই?
ফৰেষ্ট মিনিষ্টাৰ: য়েছ চাৰ৷ আই হেভ ছিন৷ ৰাৱণ চাৰে দিয়া ‘গেট ৱেল ছুন ’কমেন্টটোও পঢ়িছোঁ৷

দশৰথ: ঠিক আছে৷ এনিৱে৷ ন’ ম’ৰ ডিছকাছনছ৷ মই ডিছাইদ কৰি ল’লোঁ যে আমি ৰাম, লেক্সমেন আৰু ছীতাক কাজিৰঙা ফৰেষ্টলৈকে পঠিয়াম৷ ফ্লাইটৰ টিকট বুক কৰি দিয়া ফাইনেন্স মিনিষ্টাৰ৷
ফাইনেন্স মিনিষ্টাৰ: নিশ্চয় চাৰ৷ এইয়া চাৰ চাওক, মই যাত্ৰা.কমৰ ৱেবছাইটটো খুলিছোঁৱেই আৰু৷
দশৰথ : এক্সিলেন্ট৷
xxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxx

সূত্ৰধাৰ: আহে সামাজিক লোক৷ এহি বুলি ৰজা দশৰথৰ পুত্ৰ মি.ৰাম, মি.লেক্সমেন আৰু মিছেছ ছীতা কাজিৰঙা ফৰেষ্ট অভিমুখে গেলহ৷ তদনন্তৰে দেখহ, শুনহ তথা নিৰন্তৰে হৰি বোল হৰি৷

………………………………………………………………………………

সূত্ৰধাৰ: ৰাম,লেক্সমেন আৰু ছীতা গৈ গৈ কাজিৰঙা ফৰেষ্ট পালেগৈ ৷
তাতে ছীতাৰ বেষ্টফ্ৰেণ্ডৰ ঘৰ৷ মানে ৰাৱণৰ৷ এদিন হঠাতে ৰাৱণ আহি ওলালহি৷ আহে সামাজিক লোক, তদনন্তৰে সেহি দৃশ্য দেখহ, শুনহ তথা নিৰন্তৰে হৰি বোল হৰি।
ৰাৱণ: হাই ছীতা!
ছীতা: হাই! হাও আৰ ইউ?
ৰাৱণ: আই এম ফাইন৷ মই আহিছিলোঁ তোমাক অলপ ফুৰাবলৈ লৈ যাম বুলি৷ ব’লা আমি গৈ গঁড়ৰ পিঠিত উঠি কাজিৰঙা ফুৰোঁগৈ ৷
ছীতা: তুমি ঠিকেই কৈছা৷ কিন্তু মোৰ ৰাম বিৰাট প’জেছিভ৷ তেওঁ যদি বেয়া পায়?
ৰাৱণ: মই জানিছিলোঁ যে তুমি সেইটো প্ৰব্লেম ক্ৰিয়েট কৰিবা বুলি৷ সেয়েহে মই মোৰ লগত মোৰ ভন্টি শূপৰ্নখাক লৈ আহিছোঁ৷ চি ইচ চ’ গ্লেমাৰাছ এণ্ড টেৰিফিক৷ তাই জানো ক’ত গ’ল!! মোৰ লগতে আছিল দেখোন৷ হঠাতে যে ক’ত নাইকিয়া হ’ল!!

সূত্ৰধাৰ: তদনন্তৰে ৰাম, লেক্সমেন, হনুমান সহিতে শূপৰ্নখাৰ ‘য়েই জলৱা য়েই জলৱা,ফেশ্যন কা হে য়েন জলৱা’ গানটি গাই গাই প্ৰৱেশ দেখহ, শুনহ তথা নিৰন্তৰে হৰি বোল হৰি৷
ৰাম: হে ছীতে, চোৱা মই শূপৰ্নখা আৰু লেক্সমেনৰ লগত কাজিৰঙা ফুৰি আহিলোঁ৷ বিৰাট মজা লাগিল জানানে? আহোঁতে গ্ৰাচলেণ্ডত ডিনাৰ কৰি আহিলোঁ৷ তাতে আমি চিকেন তন্দুৰী খালোঁ৷ হনুমানটো যে ইমান খকুৱা!! জানানে সি ১০কেজি ওজনৰ এটা তন্দুৰী খালে!
হনুমান: ইছ ৰাম ব্ৰ’, তুমি ইমান যে মোক লাজ দিছা!! ভাবীৰ আগত মোক তেনেকৈ ইনচাল্ট কৰিব পাৰিছা!! আই হেট ইউ, আই হেট ইউ এণ্ড আই হেট ইউ৷ মই যাওঁগৈ যোৱা৷ কাট্টি কাট্টি কাট্টি…
সূত্ৰধাৰ: আহে সামাজিক লোক৷ এহি বুলি হনুমানে নিজৰ বাংলোৱে গমন কৰিল৷
ৰাৱণ: দেখিলা ছীতা!! তোমাক কেনেকৈ ৰামে ঠগি শূপৰ্নখাৰ লগত ডেটিং মাৰি আহলগৈ। তোমাক ভাল বেল বনালে দেই৷
ছীতাই কান্দি কান্দি: আই দিদ নট এক্সপেক্ট দিচ ফ্ৰম ইউ ৰাম৷ তুমি কেনেকৈ মোৰ লগত এনেকুৱা কৰিব পাৰিলা? কেৱল তোমাৰ কথা ভাবিয়েই মই মোৰ বে’ষ্ট ফ্ৰেন্দৰ লগত ফুৰিবলৈ যোৱা নাই৷ আৰু তুমি!!?? আই এম হাৰ্ট৷
ৰাম: ন’ ন’ ছীতা৷ তুমি মোক মিছ-আন্দাৰষ্টুড কৰিছা৷ চি ইজ জাষ্ট মাই ফ্ৰেন্দ৷ দেট্‌ছ ইট৷ এনিৱে, আই এম ছৰি, ৰিয়েলী৷ আজিৰপৰা তোমাক নোকোৱাকৈ মই নাযাওঁ দিয়া ক’লৈকো৷
ছীতা: মইয়ো ইয়াৰ প্ৰতিশোধ ল’ম৷ মই এতিয়াই ৰাৱণৰ লগত ফু-ফু যাম আৰু ৰাতিহে আহিম৷ লেটছ গ’ ৰাৱণ৷
ৰাৱণ: য়েছ, ইউ আৰ ৰাইট, লেট্‌ছ গ’৷
সূত্ৰধাৰ: আহে সামাজিক লোক৷ এহি বুলি ৰাৱণৰ সংগে ছীতা গ্ৰাছলেণ্ড অভিমুখে যাত্ৰা কৰিলেহ৷ অনেক দিন পাৰ হ’ল৷ ছীতা আৰু ৰাৱণৰ কোনো খা-খবৰ নাই৷ ৰাম, লেক্সমেন বিমোৰত পৰিল৷ সম্পূৰ্ণ ১০টা দিন অপেক্ষা কৰি কৰি শেষত তেওঁলোক নিজৰ বাসস্থানলৈ গমন কৰিলহ৷ আহে সামজিক লোক, তদনন্তৰে ৰামৰ ৰুমৰ দৃশ্য দেখহ, শুনহ তথা নিৰন্তৰে হৰি বোল হৰি৷

লেক্সমেন: ব্ৰ’ তুমি ইমান ডিপ্ৰেচড হৈ গৈছা৷ জাষ্ট চ্চিল্‌ য়াৰ৷ আহি যাব ছীতা ভাবী৷ ইমান টেনছন নল’বা প্লিজ৷ চাওঁ, দিয়াচোন, ফে’চবুকত ভাবীৰ প্ৰফাইল চাঁও৷
ৰাম: ন’ ন’ নালাগে৷ তুমি ফে’চবুক নুখুলিবা প্লিজ৷ সেইটো চায়েই মই ইমান ডিপ্ৰেছদ হৈ গৈছোঁ৷
লেক্সমেন: কিয়? কি হ’ল? ফে’চবুকত কি আছে?
ৰাম: নুসুধিবা কি আছে লেক্সমেন৷ কিন্তু যিটো আছে, সেইটো বৰ বেয়াকৈ আছে৷ বৰ দুখ লাগিল মোৰ৷ ছীতাই মোৰ লগত এনেকুৱা কৰিব বুলি মই ভবা নাছিলোঁ৷
লেক্সমেন: মই চামেই ফে’চবুক৷ দিয়া মোক লেপটপ৷
সূত্ৰধাৰ: এহি বুলি লেক্সমেনে ৰামৰ পৰা লেপটপটো আঁজুৰি আনি ফে’চবুকত লগ্‌ ইন কৰিলে৷ নিজৰ একাউন্টটো খুলোঁতেও হ’ম পেজত লেক্সমেনে যিটো দেখা পালে তেতিক্ষণে লেক্সমেন আৰু ৰাম দুয়ো ভাতৃ মিলি কান্দিব আৰম্ভ কৰিলেহ৷ আহে সামজিক লোক, তদনন্তৰে ফে’চবুকৰ সেই লাইনটা শুনহ নট দেখহ তথা নিৰন্তৰ হৰি বোল হৰি৷

ফে’চবুক: ছীতা হেজ ছেঞ্জদ হাৰ ৰিলেচনচিপ ষ্টেটাছ ফ্ৰম ইট্‌ছ কম্প্লিকেটেদ টু মেৰিদ টু ৰাৱণ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!