ৰিজাল্টৰ নেপথ্যৰ চিন্তা (বিতুপন গগৈ)

ৰিজাল্টৰ নেপথ্যৰ চিন্তা

বিতুপন গগৈ


এতিয়া ৰিজাল্টৰ বতৰ। উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ তথা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট দিলে। তেনেকুৱা সময়ত সকলোৱে চকু দিয়ে স্থান প্ৰাপ্ত সকললৈ, প্ৰথম বিভাগ পোৱা সকললৈ। সকলোৱে তেওঁলোকক উপহাৰ দিয়ে, সম্বৰ্ধনা জনায়, আৰ্থিক সাহাৰ্য্য ইত্যাদি দিয়ে। হয়, এয়া তেওঁলোকৰ প্ৰাপ্য, আমি তেওঁলোক দিব লাগিব। কিন্তু ইয়াৰ লগতে আমি পাহৰি গ’লে নহ’ব যে তেওঁলোকক বাদ দিও আৰু কিছু ছাত্ৰ-ছাত্ৰী আছে, যাৰ প্ৰতিও আমাৰ দায়িত্ব আছে। সেই সকল হ’ল দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকল। বৰ্ত্তমান পৰিস্থিতিত এই ছাত্ৰ-ছাত্ৰী সকলৰ না জল না থল অৱস্থা হয়; মহাবিদ্যালয় এখনত নামভৰ্তিৰ বাবে তেওঁলোকে বহুত যুঁজ দিব লগা হয়। আৰ্থিকভাৱে পাছপৰা সকলৰ অৱস্থা আৰু তথৈবচ। কাৰণ বৰ্তমান সময়ত একোখন মহাবিদ্যালয়ত নামভৰ্তিৰ মাচুল প্ৰায় ২০০০ টকাৰ পৰা ৩০০০ টকাৰ ভিতৰত, কিতাপ-পত্ৰৰ বাবে প্ৰয়োজন হয় নিম্নতম ১৫০০ টকা, অন্যান্য খৰছ আছেই। স্থান প্ৰাপ্ত সকলক সাধাৰণতে সকলোৱে সহায় কৰেই; উপেক্ষিত হৈ সয় মাথোঁ এইসকলহে। এনে প্ৰেক্ষাপটত দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতিহে আমাৰ দায়িত্ব অধিক। এই ছাত্ৰ-ছাত্ৰী সকলক কিবা প্ৰকাৰে সহায় কৰিবলৈ আপুনিও চেষ্টা কৰি চাবচোন। আৰ্থিকভাৱে দুৰ্বল এনে ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে গঠিত এটা প্ৰকল্পৰ সৈতে মই জড়িত হৈ আছোঁ। এই প্ৰকল্পৰ জৰিয়তে একোটা নিৰ্দিষ্ট শিক্ষা বৰ্ষৰ বাবে ছাত্ৰ-ছাত্ৰী সকলক বিনামূলীয়াকৈ কিতাপ দিয়া হয় আৰু শিক্ষা বৰ্ষটো শেষ হ’লে কিতাপখিনি ঘূৰাই লোৱা হয়। এনে দৰে আমি একেখিনি কিতাপেৰে প্ৰতি বছৰে বেলেগ বেলেগ ছাত্ৰ-ছাত্ৰীক সহায় কৰিব পাৰোঁ। এই প্ৰকল্পৰ বাবে ছাত্ৰ-ছাত্ৰী সকলৰ পৰাই তেওঁলোকৰ পুৰণা কিতাপসমূহ সংগ্ৰহ কৰোঁ আৰু বিভিন্নজনে কিতাপ কিনি দি বা আৰ্থিকভাৱেও সহায় কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!