ৰিয়ান পৰাগ – এক সপোনৰ আৰম্ভণি — মৃণাল কুমাৰ মিশ্ৰ

২০ এপ্ৰিল, ২০১৯:

“নিজ ঘৰৰ ল’ৰা আমাৰ সকলোৰে হৃদয়ৰ মণি তথা উঠি অহা প্ৰজন্মৰ ভৱিষ্যতৰ তাৰকা ৰিয়ান পৰাগৰ বিস্ফোৰক খেল প্ৰদৰ্শনে সমগ্ৰ অসমৰ খাৰখোৱা খিলঞ্জীয়া সকলৈ বিশেষ আনন্দ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা দেখি আমাৰো মনটো থৌকিবাথৌ হৈ পৰিছে৷ ভবিষ্যতে আৰু সফলতাৰে সমগ্ৰ দেশৰ লগতে আমালৈও সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ কামনাৰে আমিও হিয়া উজাৰি অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিছোঁ৷“

২৫ এপ্ৰিল, ২০১৯:

“ভাৰতীয় ক্ৰিকেটৰ নতুন তাৰকা ১৭ বছৰীয়া অসমৰ ৰিয়ান পৰাগ৷ আন্দ্ৰে ৰাছেলৰ বলত ছিক্সাৰ, সুনীল নাৰায়নৰ দৰে বিশ্বমানৰ বলাৰৰ বলত বাউণ্ডেৰী৷ ইডেন গাৰ্ডেনত অসমীয়াগীৰি৷ চেল‍্যুট৷“

৪ মে, ২০১৯:

“দিল্লী কেপিটেলচৰ বিৰুদ্ধে অংশ লোৱা খেলখনত কৰা দুৰ্দান্ত প্ৰদৰ্শনেৰে আমাৰ খাৰখোৱা খিলঞ্জীয়া অসমীয়া ১৭ বছৰীয়া ৰিয়ান পৰাগ পৰিণত হল আই পি এলত অৰ্ধশতক অৰ্জন কৰা কনিষ্ঠ ক্ৰিকেটাৰ হিচাপে৷“
“আই পি এলত নিজৰ এক সুন্দৰ গতি ধাৰা অব্যাহত ৰাখি অসমীয়ালৈ এক আনন্দ কঢ়িয়াই অনা বাবে আমিও আনন্দিত৷ অনাগত দিনবোৰত অধিক সাফল্য লাভ কৰক তাৰেই কামনাৰে …..“

“IPL ৰ ইতিহাসত আটাইতকৈ কম বয়সত হাফ চেঞ্চুৰী কোবোৱা বেটছমেনৰ তালিকাত নাম অন্তৰ্ভুক্ত হ’ল ৰিয়ান পৰাগ৷ নিউজিলেণ্ডৰ ট্ৰেণ্ট ব’ল্টৰ বলত দুটা অভাৰ বাউণ্ডেৰী, ইশান্ত শৰ্মাৰ বলত দুটা বাউণ্ডেৰী৷ কলকাতাৰ পিছত এইবাৰ দিল্লীত অসমীয়াগিৰি৷ চেল‍্যুট৷“

ওপৰত উল্লেখ কৰা কথাবোৰ আছিল আচলতে সামাজিক মাধ্যমৰ মাজেৰে প্ৰচাৰিত কিছুমান অভিনন্দন বাণী, যিবোৰ এজন উঠি অহা তৰুণ অসমীয়া ক্ৰিকেটাৰৰ এই বছৰৰ আই পি এল শৃংখলাত দেখুওৱা তেওঁৰ অনবদ্য প্ৰতিভাৰ বাবে উৎসৰ্গিত৷ ২০১৯ বৰ্ষৰ আই পি এল শৃংখলাৰ সৰ্বকনিষ্ঠ কিন্তু সৰ্বাধিক আলোচিত এই তৰুণ ক্ৰিকেটাৰজন হ’ল এজন অসমীয়া যুবক, ৰিয়ান পৰাগ৷ সম্পূৰ্ণ নাম ৰিয়ান পৰাগ দাস৷ সকলো ঠিকেই থাকিলে অসমীয়াৰ আন এটা অপূৰ্ণ সপোন পূৰণ কৰিবলৈ আগবাঢ়িছে এই ৰিয়ান পৰাগে৷ ভাৰতৰ ক্ৰিকেটৰ জাতীয় মূল দলত আজিলৈকে এজনো অসমীয়া খেলুৱৈ অন্তৰ্ভুক্ত নোহোৱাকৈ থকা ৰেকৰ্ড ভাঙিবলৈ অগ্ৰসৰ হৈছে এই ১৮ বছৰীয়া দুৰন্ত তৰুণ ক্ৰিকেটাৰ ৰিয়ান পৰাগ৷ চলিত বৰ্ষৰ আই পি এল শৃংখলাত বেটিং, বলিং তথা ফিল্ডিং সকলো দিশতে উজ্জ্বলি উঠা ৰিয়ান পৰাগ ভাৰতীয় জাতীয় ক্ৰিকেট দলত অন্তৰ্ভুক্ত হবলৈ হয়তো আৰু বেছি দিন অপেক্ষা কৰিবলগীয়া নহ’ব৷

কোন এইজন ৰিয়ান পৰাগ? আহকচোন, অকণমান ভিতৰলৈ সোমাই যাওঁ, বিচাৰি চাওঁ, ৰিয়ানৰ ব্যক্তিগত জীৱনৰ তথ্য৷ ২০০১ চনৰ ১০ নৱেম্বৰত অসমৰ ক্ৰীড়া জগতৰ সকলোৰে বাবে পৰিচিত এটা ক্ৰীড়াপ্ৰেমী পৰিয়ালত জন্ম গ্ৰহণ কৰে ৰিয়ান পৰাগে৷ দেউতাক অসমৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলুৱৈ তথা প্ৰাক্তন ৰঞ্জী ট্ৰফী খেলুৱৈ পৰাগ দাস৷ মাক প্ৰখ্যাত সাঁতোৰবিদ তথা বিশিষ্ট এথেলেটিক মিঠু বৰুৱা, যিয়ে ভাৰতবৰ্ষক এছিয়ান গেমছ আৰু চাফ গেমছত প্ৰতিনিধিত্ব কৰিছিল৷ তেনেকুৱা এটা পৰিয়ালত জন্ম গ্ৰহণ কৰা ৰিয়ানৰ বাবে খেল-ধেমালিয়ে আকৰ্ষণ কৰা নিচেই স্বাভাৱিক৷ অৱশ্যে ৰিয়ানৰ ক্ৰীড়া প্ৰেম আছিল একমাত্ৰ ক্ৰিকেটৰ প্ৰতিহে৷ আইনাৰ সম্মুখত দেউতাকৰ ক্ৰিকেট অনুশীলন প্ৰত্যক্ষ কৰি ১৬ মহীয়া ৰিয়ানেও প্ৰদৰ্শন কৰিবলৈ ল’লে আইনাৰ সম্মুখত ক্ৰিকেটৰ বিভিন্ন ভঙ্গিমাৰ৷ সেয়াই আৰম্ভণি৷ দেউতাকৰ হাতত ধৰি শিশু ৰিয়ানে লাহে লাহে এখোজ দুখোজকৈ আগবাঢ়ি আহিল ক্ৰিকেটৰ পথাৰলৈ৷ মাথোঁ আঠ বছৰ বয়সত সুযোগ পালে স্কুল ক্ৰিকেট দলৰ সদস্য হ’বলৈ৷
ছয় বছৰ নৌহওঁতেই ভাৰতীয় ক্ৰিকেটৰ জনপ্ৰিয় তাৰকা মহেন্দ্ৰ সিং ধোনীৰ লগত ফটো উঠাৰ বিৰল সুযোগ লভিছিল শিশু ৰিয়ানে৷ সেই বিশেষ ফটোখন সামাজিক মাধ্যমত সিদিনা হঠাতে জনপ্ৰিয় হৈ পৰিল যিদিনা ৰিয়ান পৰাগে আই পি এলৰ অভিষেক খেলখনত মুখামুখি হ’ল মহেন্দ্ৰ সিং ধোনীৰ লগত, এজন প্ৰতিদ্বন্দ্বীৰ ৰূপত৷ ১১ এপ্ৰিলত জয়পুৰৰ শ্বোয়াই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত চেন্নাই ছুপাৰকিংচৰ মুখামুখি হৈছিল ৰাজস্থান ৰয়েলচ্ দলটো৷ মুখামুখি হৈছিল ছয়বছৰ বয়সতে ধোনীৰ লগত ফটো উঠাৰ সৌভাগ্য হোৱা, বৰ্তমানৰ তৰুণ ৰিয়ান আৰু মহেন্দ্ৰ সিং ধোনী, একেবাৰেই সম্মুখ সমৰত, বেট আৰু বলৰ প্ৰতিদ্বন্দ্বীৰ ৰূপত৷ সঁচাকৈয়ে যেন এক বিশেষ সংযোগ৷

২০১৭ চনৰ কথা৷ গুৱাহাটীত অনুষ্ঠিত হোৱা ভাৰত আৰু পাকিস্তানৰ এক দ্বিদেশীয় শৃংখলাৰ খেল এখনত অংশ গ্ৰহণ কৰিছিল ধোনীয়ে৷ ভাৰতে জয়লাভ কৰা খেলখনত সম্মুখৰ পৰা নেতৃত্ব দি ধোনীয়ে আগবঢ়াইছিল ৬৩ ৰাণৰ এক অনবদ্য ইনিংছ৷ তেতিয়াই দেউতাক পৰাগ দাসৰ লগত থকা সুসম্পৰ্কৰ সুবাদত ৰিয়ানৰ সৌভাগ্য হৈছিল ধোনীৰ লগত ফটো উঠাৰ৷ আৰু আজি ১২ বছৰৰ মূৰত এই তৰুণ ক্ৰিকেটাৰজনে নিজৰ আই পি এল কেৰিয়াৰৰ শুভাৰম্ভ ঘটালে জয়পুৰৰ শ্বোয়াই মানসিং ষ্টেডিয়ামৰ বিশাল দৰ্শকৰ সম্মুখত, চেন্নাই ছুপাৰকিংচৰ নেতৃত্বত থকা ধোনীৰ মুখামুখি হৈ৷ সঁচাকৈয়ে আচৰিত সংযোগ নহয়নো কি? ৰিয়ানক সম্মুখত প্ৰতিদ্বন্দ্বী ৰূপত পাই ধোনীও একপ্ৰকাৰ মোহাচ্ছন্ন হৈ পৰিছিল৷ ১২ বছৰ আগৰ স্মৃতি ৰোমন্থনেৰে শুভেচ্ছা জনাইছিল ৰিয়ানক৷ ঘটনাক্ৰমে এই খেলখনত ১৬ ৰানত আউট হোৱা ৰিয়ানৰ কেট্‌চটোও ধৰিছিল ধোনীয়ে৷ শেষৰ বলটোৰ জৰিয়তে তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত ধোনীৰ চেন্নাই ছুপাৰকিংচ জয়ী হ’লেও ৰিয়ান আৰু ধোনীৰ যুগ্ম ফটোৱে ( ১২ বছৰ আগৰ আৰু সিদিনাৰ খেলৰ) প্ৰচাৰ মাধ্যমত বিশেষ গুৰুত্ব লাভ কৰিছিল৷

এয়াই ৰিয়ান পৰাগ৷ ৰাইটহেণ্ড বেটচমেন, লেগ ব্ৰেক বলিং কৰি ভাল পোৱা অসমৰ উঠি অহা প্ৰজন্মক প্ৰতিনিধিত্ব কৰা, এক প্ৰচুৰ সম্ভাৱনাপূৰ্ণ উদীয়মান ক্ৰিকেটাৰ৷ চলিত শৃংখলাৰ আই পি এলৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰিলেও ৰিয়ানৰ পাৰ হৈ অহা দিনবোৰৰ ক্ৰিকেট পৰিসংখ্যাও যথেষ্ট আকৰ্ষণীয়৷

সোঁহতীয়া বেটচমেন তথা লেগ স্পিনাৰ ৰিয়ানে ঊনৈশ অনু্ৰ্ধৰ ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সদস্য আছিল আৰু এই দলে ২০১৮ চনৰ ঊনৈশ অনুৰ্ধ বিশ্বকাপ জয় কৰিছিল৷

টি-২০ খেলৰ আন্তঃৰাজ্যিক প্ৰতিযোগিতাত ২০১৬-১৭ বৰ্ষত অসম দলৰ হৈ ৰিয়ানে সফলতাৰে খেলিছিল৷

ঊনৈশ অনুৰ্ধ এচিয়া কাপ ক্ৰিকেট দলৰো অন্যতম সদস্য আছিল ৰিয়ান পৰাগ৷

ইংলেণ্ডত অনুষ্ঠিত হোৱা ঊনৈশ অনুৰ্ধৰ দুখন টেষ্ট খেলতো ৰিয়ানে অংশ গ্ৰহণ কৰিছিল আৰু ইয়াৰে এখনত কৰা অনবদ্য বেটিং বিক্ৰমৰ বাবে ভাৰতে এই টেষ্ট শৃংখলা জয় কৰিব পাৰিছিল৷

পৰিসংখ্যা অনুসৰি, ঊনৈশ অনুৰ্ধ ক্ৰিকেটত বিৰাট কোহলিৰ পাছতেই ৰিয়ান হৈছে দ্বিতীয় বেগী অৰ্ধশতক অৰ্জন কৰোঁতা৷

ভাৰতীয় যুৱ ক্ৰিকেটৰ দ্বিতীয় সৰ্বাধিক ৰাণ কৰোঁতাও হৈছে ৰিয়ান পৰাগ৷

এই বছৰৰ আই পি এল শৃংখলাত প্ৰৱেশ কৰিয়েই প্ৰভুত জনপ্ৰিয়তা অৰ্জন কৰা ৰিয়ান পৰাগেই হৈছে সৰ্বাধিক চৰ্চিত ক্ৰিকেট খেলুৱৈ৷ ৰিয়ানৰ এই জনপ্ৰিয়তা কামৰাণ খান, যশপ্ৰীত বুমৰাহ, শ্ৰেয়াস আয়াৰ, পৃথৱী শ্ব’ আদিৰ লগত তুলনা কৰিব পাৰি৷ যদিও আই পি এলৰ এই শৃংখলাত ৰাজস্থান ৰয়েলচ্ দলে টুৰ্ণামেণ্টৰ শেষলৈ তিষ্ঠিব নোৱাৰিলে, ৰিয়ানৰ সফলতা কিন্তু যথেষ্ট আশাপ্ৰদ৷ আই পি এলত ভাৰতৰ কনিষ্ঠতম অৰ্ধশতক অৰ্জন কৰোঁতা হোৱাৰ উপৰিও ৰিয়ানে সাতখন খেলত অংশগ্ৰহণ কৰি ১৬০ ৰাণ সংগ্ৰহ কৰে৷ অৰ্থাৎ গড়ে ৩২.৭৫ ৰাণ৷ ৰাজস্থান ৰয়েলচ্ দলৰ লগত থকা সময়খিনিত কেবাজনো আন্তঃৰাষ্ট্ৰীয় তাৰকা খেলুৱৈ যেনে ষ্টিভেন স্মিথ, আজিঙ্ক ৰেহানে, জ’ছ বাটলাৰ, বেন ষ্ট’কচ্, ঈচ শোধী আদিৰ লগত ঘটা সম্পৰ্কৰ সুবাদত ৰিয়ানে সংগ্ৰহ কৰে ভৱিষ্যত জীৱনৰ বাবে প্ৰচুৰ প্ৰায়োগিক অভিজ্ঞতা৷ এই অভিজ্ঞতা মূল্যৰে নিশ্চয় জুখিব নোৱাৰি৷

চলিত শৃংখলাৰ আই পি এলৰ খেলৰ সামৰণি মাৰি ৰিয়ান পৰাগ সদ্যহতে গৃহচহৰ গুৱাহাটীলৈ ঘূৰি আহিছে৷ সমাগত ৰঞ্জী ট্ৰফী, ৰিয়ানৰ বৰ্তমানৰ লক্ষ্য৷ ইয়াৰ লগতে ভাৰতীয় ছিনিয়ৰ ক্ৰিকেট দলৰ নীলা ৰঙৰ জাৰ্ছীটো পিন্ধিবলৈ ৰিয়ানৰ চকুত এতিয়া অযুত সপোন৷ সুযোগ পালেই অসমীয়াগিৰি দেখুৱাবলৈও সদা প্ৰস্তুত ৰিয়ান পৰাগ৷ ড্ৰেছিং ৰুম অথবা খেলপথাৰত সুযোগ পালেই টাৱেলৰ সলনি অসমীয়া গামোচাখন ব্যৱহাৰ কৰাৰ প্ৰচেষ্টা আগলৈও অব্যহত ৰাখিব ৰিয়ান পৰাগে৷ ইয়াৰ উপৰিও সকলোবোৰ সফলতাৰ মুহূৰ্তত আনন্দ প্ৰকাশ কৰাৰ বাবে এপাক নিজস্ব ষ্টাইলত বিহু মাৰিবলৈ ৰিয়ান সদা প্ৰস্তুত হৈ থাকিব৷

আহকচোন, এই মুহূৰ্তত আমিও দেখোঁ, ৰিয়ানৰ চকুত থকা সেই সপোনটো – ভাৰতীয় জাতীয় দলত অসমৰ দুৰন্ত তৰুণ ৰিয়ান পৰাগে নীলা ৰঙৰ জাৰ্ছীটো পৰিধান কৰি ধুমুহাৰ গতিৰে এফালৰ পৰা গঢ়ি গৈছে ৰাণৰ পাহাৰ, বিধ্বংসী বলেৰে ধৰাশায়ী কৰিছে বিপক্ষৰ শক্তিশালী বেটচমেন সকলক, মিডফিল্ডৰ পৰা দৌৰি গৈ বাউণ্ডেৰী লাইনত কেটচ্ ধৰি পেভেলিয়নলৈ ঘূৰাই পঠাইছে অজেয় বেটচমেনক৷ আনন্দ উল্লাসত ফাটি পৰিছে গেলেৰীত বহি থকা ক্ৰিকেট বলীয়া দৰ্শকসকল৷

এজন ক্ৰিকেট প্ৰেমী অসমীয়াৰ এই আশা ৰিয়ানে নিশ্চয় পূৰণ কৰিবলৈ সক্ষম হ’ব৷ আমাৰ আশা কেতিয়াও দুৰাশাত পৰিণত নহ’ব৷

অভিনন্দন ৰিয়ান পৰাগ৷ উভতি নোচোৱাকৈ মাথোঁ আগুৱাই যোৱা৷ আমাৰ শুভেচ্ছা থাকিব সদায় তোমাৰ লগত৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!