ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ এটি কবিতা..(-সংগ্ৰহ:নিবেদিতা হাজৰিকা)

মোৰ অহংকাৰৰ সংজ্ঞা

মোৰ অহংকাৰক সুধিলোঁ মই –
সাহিত্যৰ সংজ্ঞা কি ?

সি ক’লে মোক মূৰ ঠিয় কৈঃ
“মই যি লিখো সাহিত্য সিয়েই “
“মোৰ অহংকাৰক সুধিলোঁ মই “
গান বোলে কাক ?
সি ক’লে মোক,
“ছন্দ-সুৰ-তাল-মানেৰে মই ৰছিছোঁ যাক
গান বোলে তাক”
মোৰ অহংকাৰক সুধিলোঁ মই –
কাক বোলেনো সুকুমাৰ কলা ?
সি ক’লে মোক হাঁহি মাৰি –
“মই যি আঁকো,মই যি লিখোঁ,
মই যি গঢ়ো,মই যি সাজো
মই যি গাওঁ ,বজাওঁ
জগত ৰজণজনাওঁ সিয়েই হৈছে
কলা সুকুমাৰ নেজান কিয় ?
মই যে বুজি নাপাও !
মোৰ অহংকাৰক সুধিলোঁ আকৌ
“বাৰু পিছে তোমাৰ তেনে
নিজৰে সংজ্ঞা কি
দিয়াছো মোক কৈ”
সি ক’লে মোৰ চকুলে চাই
“কোন নেজান মই ?
সংজ্ঞা মোৰ তই !”

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!