কৰ্কট ৰোগ আৰু ইয়াৰ বিকল্প চিকিৎসা (২)

-ডাঃ বৰ্ণালী দেউৰী
সকলো ধৰণৰ টেমুণাৰ , কৰ্কট (মেলি্গনন্ট) বা সাধাৰণ(benign) ই হওক , ইয়াৰ উত্‍স হ’ল জিন (gene) ৰ বিশংগতি | সাধাৰণ (benign) টেমুণা বিলাক সেই ঠাইতে আবদ্ধ থাকে আৰু ই গঠিত হয়, নিৰোগী কোষৰ দ্বাৰা, কেবল অসানুপাতিক ভাৱে আৰু অস্বাভাবিক ভাৱে ইয়াৰ বংশ বৄদ্ধি হয় |
ইয়াৰ তিনিটা প্ৰধান বৈশিষ্ট হ’ল
১) নিয়ন্ত্ৰিত বৄদ্ধি (limited growth)
২) বাহিৰৰ টান আৱৰণৰ খোলা ( capsule)
৩) চাৰিওকাষৰ পেষী লৈ বিস্তৄত নোহোৱা বা দূৰৰ ঠাইলৈ নোযোৱা | (Non-invading /non metastasizing)

কিছুমান বেনাইন টিউমাৰ নিজে নিজেই ঠিক হৈ যায়| প্ৰায় ভাগ ক্ষেত্ৰতে এটা আকাৰলৈ বৄদ্ধি হৈ তাৰ পাছত আৰু বৄদ্ধি নহয় বা খুউব ক’মকৈ বৄদ্ধি হয়|

মেলিগনেন্ট টিউমাৰৰ বৈশিষ্ট হ’ল:
১) অনিয়ন্ত্ৰিত ভাৱে বাঢ়ি অহা ৰুগীয়া কোষৰ বংশ বৄদ্ধি
২) চাৰিওকাষৰ ক’লাক আক্ৰমণ
৩) দূৰৰ অঙ্গ-প্ৰতঙ্গলৈ লিম্ফেটিক বা তেজৰ দ্বাৰা বিয়পি যোৱা

কৰ্কট ৰোগৰ কাৰণ সমূহ :
প্ৰায় সকলো বিলাক কৰ্কট ৰোগতেই , ইয়াৰ কাৰণ বিচাৰি উলিওৱাটো এটা দূৰহ কাম| বহু সময়ত দেখা গৈছে যে বংশগত কাৰকে (genetic abnormality) ইয়াত প্ৰভাৱ পেলায়|

পাৰিপাশ্বিক কাৰক যেনে এচবেচটচ মেজ’থেলিওমাৰ কাৰকেণে, চিগাৰেট সেৱন হাঁও-ফাঁওৰ কৰ্কট ৰোগ, আলত্ৰা ভায়লেট ৰশ্মিয়ে ছালৰ, ৰেডিওএক্তিভ অনু হাওঁ-ফাওঁৰ কৰ্কট ৰোগ আদিৰ কাৰক হিচাবে চিনাক্ত কৰা হৈছে|

বহুতো ভাইৰাচ আৰু বেক্টেৰিয়াও কৰ্কট ৰোগৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে| তাৰ ভিতৰত
আৰ এন এ (RNA) ভাইৰাচ, ডি.এন,এ ভাইৰাচ ইত্যাদি | হিউমেন পেপিলোমা ভাইৰাচ জৰায়ুৰ গ্ৰীবাৰ, ইচোফেগাচৰ কৰ্কট ৰোগত, এবস্টিন বাৰ ভাইৰাচ ( EB virus) লিম্ফোমা আৰু মূখ আৰু দিঙিৰ সংযোগ স্থলৰ (nasopharyngeal carcinoma) কৰ্কট ৰোগৰ লগত সংযুক্ত থকাৰ উপযুক্ত প্ৰমাণ পোৱা গৈছে| হেপাটিটিচ বি লিভাৰ কাৰচিনোমাৰ অন্যতম কাৰণ| হাৰপিচ ভাইৰাচ, ভাচকুলাৰ টিউমাৰ যেনে কাপচিচ চাৰকোমা, আৰু আন এইডচ ৰোগত হোৱা লিম্ফোমাতো দেখা পোৱা গৈছে|

পাকস্থলীৰ কৰ্কট ৰোগ আৰু পাকস্থলীৰ স্ট্ৰ্মেল টিউমাৰত (GISTs) হেলিকো বেক্টৰ পাইলোৰি নামৰ বেক্টেৰিয়া বিধে বহুল প্ৰভাৱ পেলায়|

কৰ্কট ৰোগক প্ৰধানত তিনি ভাগত ভগাব পাৰি:
১) গ্ৰেড I ( well differentiated)
২) গ্ৰেড II ( Moderately Differentiated)
৩) গ্ৰেড III ( Poorly Differentiated)

আচৰণ :
উপযুক্ত চিকিত্‍সা নোপোৱা যি কোনো কৰ্কট ৰোগীৰ মৄত্যু অৱধাৰিত| তথাপিও কিছুমান কৰ্কট ৰোগৰ বিস্তাৰ খুউব লাহে লাহে হ্য়,
কিছুমান খুউব খৰকৈ বৄদ্ধি হ্য়| তথাপি প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰত ইয়াৰ কিছু পৰিমাণে হীন দেড়ি ঘটে|

ভৌগলিক পৰিসীমা আৰু বিপদজনক কাৰক সমূহ :

শিশু আৰু কিশোৰৰ ক্ষেত্ৰত কৰ্কট ৰোগৰ প্ৰাধান্য অকল ৫% মানহে | কিন্ত ৫০ বছৰৰ ওপৰৰ সকলো মানুহৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৄদ্ধি পায়| ইয়াকো ক’ব পাৰি যে বাঢ়ি অহা বয়স এই ৰোগৰ আন এটা কাৰক| ইয়াৰ কাৰণ খুউব সম্ভৱ বয়সৰ লগে লগে কোষ বিলাকৰ
বংশগত নিয়ন্ত্ৰন অস্বাভাবিক হৈ পৰে| আন এটা কাৰণ হ’ল বয়সৰ লগে লগে মানুহৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা লোপ পাই আহে|

কিছুমান কৰ্কট ৰোগ কিছুমান ঠাই বিশেষে দেখা যায় | যেনে পাকস্থলীৰ কৰ্কট ৰোগ জাপানীজ লোকৰ ক্ষেত্ৰত খুউব সঘনাই দেখা যায়|
ডিঙি আৰু ইচোফেগাচৰ কৰ্কট ৰোগে চীনা লোকৰ মাজত প্ৰাধান্য পায়| প্ৰস্টেট গ্ৰন্ঠিৰ কাৰচিনোমা আমেৰিকা যুক্তৰাস্ট্ৰ্ত বেছি|

কৰ্কট কোষৰ অমৰত্ব :

১৯৬৫ চনত হেফ্লিকে আঙুলিয়াই দিয়ে যে এটা স্বাভাৱিক কোষৰ জীৱ্ন কাল থাকে আৰু ই ৫০ পুৰুষৰ পাছত মৄত্যু বৰণ কৰে| কিন্ত কৰ্কট  কোষৰ ক্ষেত্ৰত এইটো নাখাতে আৰু কৰ্কট কোষক একপ্ৰকাৰ অমৰ কোষ বুলি কোৱা হয়| উপযুক্ত পৰিবেশত ই চিৰজীৱন জীয়াই থাকে| ইয়াৰ এটা কাৰণ হয়তো এই যে , এই কোষ বিলাকৰ জিনত(gene) থকা নিয়ন্ত্ৰ্ন ব্যৱস্থা ব্যাহত হ্য়| আৰু এই ডি.এন এ নিয়ন্ত্ৰন কাৰ্য্যত বংশগত ত্ৰুটি থাকে|

সম্ভৱত কৰ্কট কোষ বিলাকৰ নিজা উন্নত ব্যৱস্থা আছে যাৰ দ্বাৰা সিহঁতে নিজে মূৰ পোলোকা মাৰি বৄদ্ধত্বৰ পৰা সাত সাৰে|

আগলৈ…..

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!