‎“টেলিফোন” (অংশুমান বৰা)

কোম্পানীৰ মালিকে দৰমহা বঢ়াৰ কথাটো কোৱাৰ পিছতো কলিতাই নিজৰ অশান্ত মনতোক বুজনি দিব পৰা নাই । নাই …. আৰু সহ্য কৰি থাকিব নোৱাৰি” – এইবুলি তেওঁ নিজৰ কেবিনৰ লেণ্ডলাইনটোৰ পৰা এটা নম্বৰ লগালে । তেওঁৰ ঘৰৰ ৱায়াৰলেচফোনটোৰ নম্বৰ ।
হেল্ল’… কোনে কৈছে? ”
হেল্ল’…. হৰেন কাই !!! ”, – তেওঁৰ ঘৰত কাম কৰা মানুহজনৰ মাতটো কলিতাই ধৰিব পাৰিলে ।
’… দাদা.. কওঁক, কি হ?”
মই যি কওঁ তুমি মনে মনে শুনিবা । একো শব্দ নকৰিবা । বুজিছা নহয়?”
বুজিছো দাদা । আপুনি কৈ যাওক ।”, হৰেন কায়ে ফুচফুচনিৰ সুৰত কলে ।
তুমি মনে মনে আমাৰ বেডৰুমৰ ওচৰলৈ যোৱা আৰু তাত কোন আছে চাই মোক কোৱা ।
বাইদেউ আৰু এজন বেলেগ মানুহ আছে । আগতে আমাৰ ঘৰলৈ অহা দেখা নাই । বাইদেউৰ বন্ধু কিজানি!
হৰেন কাইৰ কথা শুনি কলিতাৰ গাত যেন জুইহে জ্বলিল ।
এতিয়াই তুমি আমাৰ ষ্টোৰ ৰুমলৈ যোৱা আৰু তাত থকা পুৰণি আলমাৰিটো খোলা ।
খুলিলো দাদা …. এতিয়া কি কৰিম ?”
তাত এটা কলা ৰঙৰ বাকচ আছে, দেখিছানে ?”
দেখিছো দাদা ।
বাকচটোৰ ভিতৰত এটা নাইন এম এম পিষ্টলআছে । সেইটো উলিয়াই আনা ।
আনিলো দাদা । এতিয়া ?”
আমাৰ বেডৰুমৰ বাহিৰৰ পৰা দুয়োজনকে গুলিয়াই দিয়া…… এতিয়াআআইই ”- কলিতাই এইবাৰ খঙত চিঞৰি উঠিল ।
ধিচাও…. ধিচাও ….. গুলিৰ শব্দই যেন পৃথিৱী কপাঁই তুলিলে ।
দাদা … আপুনি কোৱা মতেই কামটো হল । মই দুয়োজনকে গুলিয়াই দিলো ।
থেঙ্ক ইউ, হৰেন কাই । আজিৰ পৰা মই টেন্চন মুক্ত । আজি তুমি সঁচাকৈ প্ৰমাণ কৰিলা যে তুমি স্বাধীনতা যুঁজাৰু দিগেন হালৈৰ পুত্ৰ ।
ধন্যবাদ দাদা । কিন্তু মোৰ দেউতাৰ নাম দিগেন হালৈ নহয়, প্ৰবীণ দলৈহে ।
কি কথা কোৱাহে ? তোমাৰ দেউতাই মোক কোলাত তুলি ডাঙৰ কৰিছেমই ভালকৈ জানো তেওঁৰ নাম আছিল দিগেন হালৈ আৰু তোমাৰ নাম হল হৰেন হালৈ ।
নহয় দাদা…. আপোনাৰ কিবা এটা ভুল হৈছে । মোৰ দেউতাৰ নাম প্ৰবীণ দলৈয়েই হয় আৰু মোৰ নাম হৰেন হালৈ নহয়, হৰেন দলৈহে ।
কলিতাৰ এইবাৰ অলপ সন্দেহ হল । তেওঁ লেণ্ডলাইন ফোনটোৰ ডিজিটেল স্ক্ৰীণখনলৈ মন কৰিলে । লগে লগে তেওঁৰ চকু দুটা ডাঙৰ হৈ পৰিল, কাণৰ কাষেৰে এটোপাল ঘাম বৈ আহিল আৰু গম নোপোৱাকৈয়ে জিভাখন মুখৰ বাহিৰলৈ ওলাই আহিল ।
তেওঁ কপাঁ কপাঁ মাতেৰে কলে , “বেয়া নাপাব । ৰং নাম্বাৰ ।

One thought on “‎“টেলিফোন” (অংশুমান বৰা)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!