‎”ডাঙৰ হ’লে মই….” (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

‘এইখন হ’ল শাৰদাশ্ৰম বিদ্যামন্দিৰৰ খেলপথাৰ..! তোমাৰ বয়সত এদিন তেণ্ডুলকাৰে এইখন পথাৰতে ক্ৰিকেট আৰম্ভ কৰিছিল..তাৰ পিছত শিৱাজী পাৰ্ক…তাৰ পিছত ৱানখেড়ে ষ্টেডিয়াম…আৰু লাহে লাহে গোটেই বিশ্বৰে ফিল্ড কঁপাইছিল তেওঁ….”। – বৰুৱাই সাতবছৰীয়া পুতেক বুবুৰ মুখলৈ চালে। খেলপথাৰখন আগুৰি থকা ৱালখনৰ কিছু অংশ ভাগি সৰু ফুটা এটা হৈছে। কুকুৰ এটাই সেইফালেৰে ওলাবলৈ চেষ্টা কৰিছে। হয়তো গেট খোলা থাকোতে সি ভুলবশত: সোমাইছিল, এতিয়া সন্ধিয়া গেট বন্ধ হোৱাৰ পিছত ওলাবলৈ আন বাট বিচাৰি পোৱা নাই। কুকুৰটো এটা সময়ত বাহিৰ ওলাল। ওলায়েই দৌৰিলে সি। বুবুৱে হাঁহিলে।
‘সৰুৰেপৰা ভালদৰে চেষ্টা কৰিলেহে এদিন তেণ্ডুলকাৰৰ দৰে হ’ব পাৰিবা।..কাইলৈৰপৰা প্ৰেকটিছ ক্লাছত খুব ভালদৰে খেলিবা দেই। কোচ্চ ছাৰে যি শিকাই, মোনোযোগেৰে শুনিবা…’।
বৰুৱাহঁত মুম্বাইত থাকে। বৰুৱাৰ মন বুবু ডাঙৰ হ’লে ক্ৰিকেটাৰ হওঁক। ক্ৰিকেট কোচ্চিং চেন্টাৰ এটাত নাম লগাই দিছে। ৰাতিপুৱা ছয় বজাত যাব লাগে। তাৰপৰা বাহিৰে বাহিৰে স্কুল। পিঠিত বুবুতকৈও দীঘল ক্ৰিকেট কিটটো।
‘বাদ দিয়া হে, বেচেৰাৰ ইমান কষ্ট হয়! সকলো জানো কোচ্চিং ল’লে বুলিয়েই তেণ্ডুলকাৰ হ’ব পাৰিব?’ – বৰুৱাপত্নীৰ খং উঠে কেতিয়াবা।
‘শিকি থাকিলে, হাৰ্ড ৱৰ্ক কৰি থাকিলে তেণ্ডুলকাৰ নহ’লেও ‘ৰোহিত শৰ্মা’তো হ’ব পাৰিব।’- বৰুৱাৰ যুক্তি!

বৰুৱাহঁত থকা ছ’ছায়টিটোৰ মহেশ পাটিলৰ সৰু পুতেকে জিটিভিৰ ‘সাৰেগামা লিটিল চেম্পছ্’ত প্ৰথম দহটাৰ ভিতৰত আহিল। ছ’ছায়টিত হাঁহাকাৰ লাগি গ’ল। এদিন ৰাতি বৰুৱাপত্নীয়ে বৰুৱাক ক’লে, ‘হেৰা, কথা এটা ভাবিছো। ইয়াক গানৰ স্কুল এখনতে নাম লগাই দিম। মই আজি ঠিক-ঠাক কৰি আহিছো। দেখা নাই পাটিলৰ পুতেকে টপ টেনত আহিছে।’
‘কি ফাল্টু কথা কোৱা হে? গান তেনেকৈ শিকিব পৰা বস্তু নেকি? এইবোৰ জন্মগত..তেজত থাকিব লাগিব…। গানৰ স্কুলত নাম লগাই দিলেই কিশোৰ কুমাৰ হৈ যাব নোৱাৰে নহয়।’
‘কিয়, মানুহে শিকি, কষ্ট কৰি ক্ৰিকেট খেলিব পাৰিলে, গায়ক কিয় হ’ব নোৱাৰিব? আৰু শিকি থাকিলে কিশোৰ কুমাৰ নহ’লেও ‘বাবুল সুপ্ৰিয়’তো হ’ব পাৰিব।…আমাৰ ছ’ছায়টিত পাটিলহঁতক এতিয়া সকলোৱে সমীহ কৰে। চবজি বেচিবলৈ অহা ৰামলালেও ভালৰো ভাল ভেণ্ডি-পিয়াঁজকেইটা বাচি বেলেগকৈ পাটিলৰ ঘৈণীয়েকৰ কাৰণে একাষৰীয়াকৈ ৰাখি থৈ দিয়ে।..আমাৰ ঘৰত পোন্ধৰ মিনিটতে দৌৰা-দৌৰিকৈ কাম শেষ কৰি যাব বিচৰা বাইজনীয়েও সিহঁতৰ ঘৰৰপৰা দুঘন্টাৰ আগত নোলায়..মইহে জানো..।’বৰুৱানীৰো যুক্তি অকাট্য।

দুদিন পিছৰেপৰা বুবুৰ গানৰ স্কুল আৰম্ভ হ’ল। এতিয়া সি ঘৰ পাওঁতে আঠটা বাজে। তাৰ পিছত কিছুসময় টিভি চাই সি। বৰুৱানীয়েও তাক গানৰ চেনেলকেইটা চাবলৈ কয়, অলপ শুনি শিকক বুলি। বৰুৱাৰ আকৌ এই নতুন গানৰ ভিডিঅ’বোৰৰ প্ৰতি অলপ ভয়। তাতে আকৌ ইমৰান হাছমীৰ চিনেমাৰ গান দিব বুলি সতৰ্ক হৈ থাকে। শাহু-খুলশালীক লৈ সপৰিয়ালে ‘মাৰ্ডাৰ’ চাবলৈ যোৱাৰ অভিজ্ঞতা পাহৰিব নোৱাৰে তেওঁ। টিভিত ‘আশিক বনায়া আপনে’ৰ গান বাজি উঠিছে। বৰুৱাই লগে লগে চেনেলটো বদলাই দিলে। বুবুৰ আকৌ প্ৰিয় গান সেইটো। তাৰ মুখখন ফুলে। নাই, বৰুৱাই ৰিস্ক ল’ব নোখোজে। আহিন মাহৰ বানপানীৰ নিচিনাকৈ এই ইমৰান হাছমীয়ে কৰা প্ৰেম নিবেদনবোৰো কোনো আগজাননী নিদিয়াকৈ আৰম্ভ হৈ ত্ৰাসৰ সৃষ্টি কৰিব পাৰে। ‘ইহ..ইমৰান হাছমীৰ গান চাবলৈ মুখ ফুলাইছে..ডাঙৰ হ’লে চাবি..’- বৰুৱাই ভোৰভোৰালে।

সিদিনা দেওবাৰে বৰুৱাহঁত চিনেমা চাবলৈ গ’ল মাল্টিপ্লেক্স এটাত। দিবাকৰ বেনাৰ্জীৰ ছবি ‘চাংঘাই’। চিনেমাৰ পোষ্টাৰ দেখি বৰুৱাৰ টেনশ্যন হ’ল। ছবিখনত ইমৰান হাছমী আছে বুলি বৰুৱাই জনা নাছিল।
‘হেৰা, এইডাল আছে দেখো…নাচাওঁ ব’লা।’ বৰুৱাই পত্নীক ক’লে।
‘কিনো হ’ল..ইমান দিনৰ মূৰত চিনেমা এখন চাবলৈ আহিছোঁ..একো নহয় দিয়া’।
‘নোৱাৰা চাব, কৈছো নহয়। মনত নাই, ‘মাৰ্ডাৰ’ চাই কি হৈছিল?…তাতকৈ মেৰিন ড্ৰাইভলৈ গৈ তাত অলপদেৰি বহাই ভাল হ’ব।’ বুবুৰ চকুদুটা চলচলীয়া হ’ল..মুখখনো ফুলিছে অলপ বেছিকৈয়ে।

বৰুৱাহঁত মেৰিন ড্ৰাইভত গৈ বহিল। বৰুৱাই আইচক্ৰীম কিনি আনি বুবুক দিলে। বুবুৱে হাতেৰে নুচুলেই। মুখেৰেও একো মতা নাই। হঠাতে বৰুৱাই দেখিলে তেওঁৰ কলেজীয়া বন্ধু জয়ন্ত দত্ত আহি আছে তেওঁলোকৰ ফালে হাত দাঙি। লগত দত্তৰ পত্নী। জয়ন্তহঁত মুম্বাইলৈ এবছৰ আগতে অহা বুলি শুনিছিল কিন্তু লগ কৰিব পৰা নাছিল। হঠাতে এনকৈ বন্ধুক পাই বৰুৱা আপোনপাহৰা হ’ল কিছুদেৰি। দত্তই বুবুলৈ চাই ‘ৱাহ..ই ইম্মান ডাঙৰ হ’ল..’ বুলি কোলাত লৈ চুমা এটি খালে।
কিছুসময় পাৰ হ’ল। হঠাতে দত্তই বুবুক সুধিলে মিচিকিয়াই, ‘বাবা, তুমি ডাঙৰ হ’লে কি হ’বা নো?..কি কৰিবা?..চাওঁ দেউতাৰাই কি ক’বলৈ শিকাইছে..!’
বুবুৱে ক্ৰিকেটাৰ হ’ম বুলি ক’লে বৰুৱাই শ্ৰীমতীৰ ফালে চাই বেঁকা হাঁহি এটা মাৰিবলৈ সাজু হৈছে। ডাঙৰ গায়ক হ’ম বুলি সকলোৱে বৰুৱাপত্নীৰ মুখলৈ চাব বাবে তেওঁ আগতীয়াকৈ আগফালৰ চুলিকেইডাল ঠিকঠাক কৰি লৈছে।
অলপ পৰ ৰৈ বুবুৱে আমনজিমনকৈ ক’লে, “ডাঙৰ হ’লে মই…ডাঙৰ হ’লে মই ইমৰান হাছমীৰ গান আৰু চিনেমা চাম….।”
সন্ধিয়াৰ মুকলি আকাশেৰে এজাক চৰাই পাৰ হৈ গৈছে এক সুষম গতিত…বুবুৰ দৃষ্টি তেতিয়া সিহঁতজাকৰ ওপৰত!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!