আলুৰ ক্ষীৰ( কৰৱী চৌধুৰী প্ৰধান, ৰায়পুৰ)

★ প্ৰথমে কেইটামান আলু ভালকৈ ধুই ৰুকি লওক ।(এক লিটাৰ গাখীৰত তিনিটা ডাঙৰ আলু দিব পাৰি।)

★ গাখীৰখিনি উতলাব ।aalur-khir_karabi-chaudhury-pradhan_mail_sanitized

★ভালকৈ উতল আহিলে তাত আলু ৰোকাখিনি দি জুইকুৰা কমাই দি উতলাওক ।

★ঘনকৈ লৰাই থাকিব, বাচনৰ তলিত যাতে লাগি নাযায়।

★আলুখিনি যেতিয়া সিজিব, তাত চেনি দিয়ক (আগতে নিদিব)।

★যেতিয়া ঘন হৈ যাব, তাত সৰহকৈ ঘিউ দিব তেতিয়া সুস্বাদু হৈ উঠিব।

★ইলাচি, ‘ড্ৰাই ফ্ৰুটছ’ দি দিব।

★ ঠাণ্ডা হলে খাব, বেছি ভাল হয়।

★ইচ্ছা অনুসৰি ‘ফুড কালাৰ’ দিব পাৰি।

 

【প্ৰস্তুত কৰোঁতে অলপ সময় লাগে আৰু লৰাব লাগে যদিও খাবলৈ ভাল হয়।】

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!