থ্ৰিলাৰ চিনেমা চাই ভালপোৱাসকলৰ বাবে… (-দীপ জ্যোতি গগৈ)

ডা ব’ন কালেক্টৰ (The Bone Collector)

১৯৯৯ চনত মুক্তিপ্ৰাপ্ত এই চিনেমাখনৰ পৰিচালক আছিল ফিলিপ নইছি৷ এই চাইক’লজিকেল থ্ৰিলাৰ চিনেমাখনৰ মুখ্য চৰিত্ৰ দুটাত অভিনয় কৰিছিল ডেঞ্জেল ৱাছিংগটন আৰু এঞ্জেলিনা জ’লিয়ে৷ আমেৰিকাৰ নিউয়ৰ্ক চহৰত সংঘটিত এলানি হত্যাৰ অনুসন্ধানৰ বিষয়েৰে চিনেমাখনৰ কাহিনী ৰচনা কৰা হৈছে৷ শিহৰণকাৰী চিনেমাখন চাই শেষ নোহোৱালৈকে শান্তি পোৱা নেযায়৷ চিনেমাখন হিন্দীতো ডাব্ কৰা হৈছে৷
চিনেমাখনৰ কাহিনীটো এনেধৰণৰ-

নিউয়ৰ্ক চহৰৰ এয়াৰপৰ্টৰপৰা এহাল দম্পতীক এখন টেক্সিত অপহৰণ কৰি লৈ যোৱা হয়৷ কিছুদিন পিছত পুৰুষজনৰ মৃতদেহ ৰে’ল পথৰ কাষত উদ্ধাৰ কৰা হয়। মৃতদেহৰ কাষত হত্যাকাৰীয়ে থৈ যোৱা প্ৰমাণসমূহ সাৱধানে সংগ্ৰহ কৰে কনিষ্ঠ আৰক্ষী বিষয়া এমেলিয়া ড’নাগিয়ে(এঞ্জেলিনা জ’লি)৷ এই ঘটনাটোৰ অনুসন্ধানৰ বাবে লিংকন ৰাইম(ডোঞ্জেল ৱাছিংগটন)ৰ কাষ চাপে আৰক্ষী, যি আছিল নিউয়ৰ্ক আৰক্ষী বিভাগৰ এজন দক্ষ ফ’ৰেনছিক বিষয়া, যি ইতিমধ্যে এক ডজন কিতাপ লিখিছিল৷ চাৰি বছৰৰ আগতে হোৱা এটা দুৰ্ঘটনাৰ পিছৰেপৰা লিংকন শাৰীৰিকভাৱে অক্ষম হৈ পৰিছিল, আনকি লৰচৰ কৰিবপৰা শক্তিকণো তেওঁ হেৰুৱাই পেলাইছিল৷ ঘটনাটোৰ অনুসন্ধানৰ বাবে তেওঁ নিজৰ ঘৰলৈ এমেলিয়া ড’নাগি(এঞ্জেলিনা জ’লি)ক মাতি পঠিয়ায় আৰু শয্যাশায়ী শৰীৰেৰে তেওঁ হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰা কামত লাগি পৰে আৰু দুয়ো মিলি মহিলাগৰাকীৰ সন্ধান উলিওৱাতো সফল হয়৷ কিন্তু মহিলাগৰাকীক মৃত অৱস্থাতহে উদ্ধাৰ কৰে৷ ইয়াৰ পিছতে হত্যাকাৰীয়ে পুনৰ এজন যুৱকক অপহৰণ কৰে আৰু ভয়ানকভাৱে এন্দুৰৰ হতুৱাই হত্যা কৰে৷ এই ধাৰাবাহিক হত্যাকাৰীজনৰ হত্যাৰ উদ্দেশ্য চিনেমাখনৰ শেষতহে লিংকনে জানিব পাৰে৷

মুঠতে শিহৰণকাৰী কাহিনীৰে ভৰপূৰ চিনেমাখন চাইযে নিৰাশ নহ’ব, সেয়া নিশ্চিত।০
***

bone-collector_monorama-six-feet-under_deep-jyoti-gogoi
“মনোৰমা চিক্স ফিট আণ্ডাৰ”

নৱদ্বীপ সিঙৰ পৰিচালনাত ২০০৭চনত মুক্তিপ্ৰাপ্ত এই চিনেমাখন চোৱা নাছিলোঁ৷ সিদিনা ইউটিউবত চিনেমাখন চাই শিহৰিত হৈ পৰিলোঁ৷ এনেকুৱা চাছপেন্স থকা থ্ৰিলাৰ চিনেমা বৰ কমকৈহে চাইছোঁ৷ এবাৰ চিনেমাখন আৰম্ভ হোৱাৰ লগে লগে শেষ নোহোৱা পৰ্যন্ত দৰ্শক উঠি যাব নোৱাৰে৷ এইখন চিনেমাত জুবিনদাৰ এটি গান হিট হৈছিল, ’ৱহ ভিগে প’ল…’

চিনেমাখনত অভয় দেউলৰ অভিনয় দুৰ্দান্ত৷ সদায়েই ব্যতিক্ৰমী অভিনয় কৰে বাবে অভয় দেউল মোৰ এজন প্ৰিয় অভিনেতা৷ লগতে গুল পানাগ, ৰাইমা সেন, চাৰিকা, বিনয় পাঠক, কুলভূষন খাৰবান্দাৰ অভিনয়ো চিনেমাখনৰ যোগাত্মক দিশ৷
চিনেমাখনৰ কাহিনীটো এনে ধৰণৰ…

ৰাজস্থানৰ ল’খোত নামৰ এখন চহৰৰ পি ডব্লিউ ডিৰ কনিষ্ঠ অভিযন্তা সত্যবীৰ সিং ৰানধাৱা(অভয় দেউল)ক কেন্দ্ৰ কৰি চিনেমাখনৰ কাহিনী আগবাঢ়ে৷ ঘোচ লৈ ধৰা পৰাত নিলম্বনৰ সন্মুখীন হোৱা সত্যবীৰ সিং এজন লেখকো, যাৰ প্ৰথম গ্ৰন্থ মনোৰামাই পাঠকৰ সহাৰি একেবাৰেই নেপালে৷ এদিন ৰাতি হঠাৎ এগৰাকী মহিলা(চাৰিকা) সত্যবীৰক লগ ধৰিবলৈ আহে, যি পি পি ৰাথোৰৰ(খাৰবান্দা) পত্নী বুলি চিনাকি দিয়ে৷ লোকেল এম.এল.এ., পি পি ৰাথোৰৰ অন্য নাৰীৰ লগত থকা সম্পৰ্কৰ প্ৰমাণ সংগ্ৰহ কৰিবলৈ তেওঁ সত্যবীৰক কামত নিয়োগ কৰে৷ সত্যবীৰ পি পি ৰাথোৰৰ পিছত অনুসন্ধানত লাগি থাকোঁতেই চাৰিকাৰ পথ দুৰ্ঘটনাত ৰহস্যজনকভাৱে মৃত্যু হয়৷ তাৰ পিছতে চিনেমাখনৰ মূল কাহিনীতো আৰম্ভ হয়৷ চাৰিকাৰ মৃত্যুক সহজভাৱে ল’ব নোৱাৰি সত্যবীৰ অনুসন্ধানত নামি পৰে, ঘটনাই পিছলৈ অন্য ৰূপ লয় আৰু সত্যবীৰো ভয়ানক সমস্যাত পৰে।৷

মুঠতে ৰহস্যঘন চিনেমাখন শেষলৈকে নোচোৱালৈকে শান্তি পোৱা নেযায়৷ থ্ৰিলাৰ চিনেমা চাই ভালপোৱা সকলে মনোৰমা চাই ভাল পাব, সেয়া খাটাং৷

***

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!