দি আৰ্ট অৱ্ ট্ৰেভেল – নিশিজোৎস্না মহন

সময় পালেই ফুৰিবলৈ যোৱাটো আজিৰ এই দ্ৰুতগামী জীৱনশৈলীৰ বাবে নিতান্তই প্ৰয়োজনীয়৷ সমস্যাবহুল জীৱনত মনটো সজীৱ কৰি ৰাখিবৰ বাবে ভ্ৰমণ অপৰিহাৰ্য হৈ পৰিছে৷ যান্ত্ৰিকতাৰ ঢৌত উটি ভাঁহি যেতিয়া ভাগৰুৱা হওঁ, এক নতুন ঠাই এক নতুন পৰিবেশ বিচাৰি আমি হাবাথুৰি খাওঁ৷ সামাজিক মাধ্যমৰ ট্ৰেণ্ডৰ পিছত দৌৰি থমকি, আজিৰ জেনেৰেচনৰ ইনষ্টাগ্ৰামৰ হেশ্বটেগ্ “দি ৰ’ড নট টেকেন”ৰ মোহত অতি সহজেই লালায়িত হয়৷

বিভিন্ন ঠাই ফুৰিলে সেই ঠাইটুকুৰাৰ ইতিহাস, ভৌগোলিক পৰিৱেশ আৰু সংস্কৃতিৰ লগত পৰিচয় হোৱাৰ সুযোগ পোৱা যায়৷ তদুপৰি স্থানীয় মানুহ, নতুন ভাষা আৰু তেওঁলোকৰ ভিন্নস্বাদৰ খাদ্যৰ আভাস পোৱা যায়৷ বিলাসী টুৰিষ্ট বা অন্য পৰ্যটকৰ দৰে নহৈ যদি স্থানীয় লোকৰদৰে থকা–খোৱা, ঘূৰা–পকা কৰা যায়, তেন্তে সেইখিনিৰ মাজেৰেও মুঠতে এক নতুন অভিজ্ঞতা লাভ কৰিব পৰা যায়৷ বহু লোকে ভ্ৰমণ কেৱল আমেজ ল’বলৈ বা বিলাসী হোটেলত আৰামত থাকি সময় কটাবলৈ কৰে৷ ঘৰৰ পৰিসীমাৰ বাহিৰলৈ ওলাই নতুন ঠাই এটুকুৰাত লাহ-বিলাহত থাকি, ব্যক্তিগত কেব-টেক্সি লৈ, নিৰ্দিষ্ট কৰি থোৱা পৰ্যটনৰ স্থান (tourist spot)বোৰলৈ গৈ তেওঁলোকে নিজৰ বন্ধ দিনৰ সফল সামৰণি মাৰে৷ ঘূৰি আহোঁতে চুটকেচ্ ভৰাই লৈ আহে ডিউতি-ফ্ৰীৰ অনান্য স্মাৰকসমূহ৷

কিন্তু সেয়াই জানো ভ্ৰমণৰ সংজ্ঞা নিৰ্ধাৰিত কৰে? দুখনমান ইনষ্টাগ্ৰামৰ-যোগ্য ফটোৱেই জানো আপোনাৰ ভ্ৰমণক অৰ্থ দিব পাৰে? নে ভ্ৰমণ কেৱল ব্যৱসায়িক এজেঞ্চীবোৰে নিৰ্ধাৰণ কৰা নিয়মাৱলীৰ মাজতেই সীমাৱদ্ধ?

“To travel is an art” ফুৰিবলৈ যোৱাটো এক কলা বুলি ক’লেও ভুল নহ’ব বোধহয়৷ নিজৰ ঘৰৰ ভিতৰত থাকিয়েই যদি আমি ইটো-সিটো কথা শিকিব পাৰোঁ, তেতিয়াহ’লে এক নতুন ঠাই ফুৰি, নতুন মানুহ লগ পাই, তেওঁলোকৰ জীৱনৰ আভাস পাই আমি বহু নতুন কথা শিকিব পাৰোঁ৷ এনেবোৰ অভিজ্ঞতাৰ যোগেদি লাভ কৰা তথ্যই আমাক এক বহল দৃষ্টিভংগীৰ অধিকাৰী কৰি তোলে৷ হয়তো কেতিয়াবা অচিনাকি মুখবোৰৰ মাজত হঠাৎ নিজকেও বিচাৰি পাব পাৰে! সেয়েই ভ্ৰমণ এক কলা আৰু নিসন্দেহে এনে এক সঞ্জীৱনী সুধা যিয়ে আপোনাক নতুন অভিজ্ঞতাৰে পৰিপুষ্ট কৰি জীৱন জীয়াবলৈ শিকায়৷

এটা সফল ভ্ৰমণ প্লেনৰ বাবে প্ৰথমেই প্ৰয়োজন এটা সফল পৰিকল্পনাৰ, তাৰ পিছতেই আহে মনে মিলা সহযাত্ৰীৰ সঠিক বাছনি; দুয়ো দুয়োৰে ওপৰত পাৰস্পৰিকভাৱে নিৰ্ভৰশীল৷

আজিকালিৰ ভ্ৰমণপ্ৰিয় লোকেৰে গঠিত কমিউনিটীত, “চ’ল’ ট্ৰেভেলাৰ” মানে অকলেই ফুৰিবলৈ যোৱা লোকৰ সমাদৰ খুবেই বাঢ়িছে৷ আমাৰ নিজস্ব পৰিকল্পনাবোৰো সহযাত্ৰীৰ সুবিধা-অসুবিধা মিলাই সাল-সলনি কৰিবলগীয়া হোৱাৰ উপৰি কেতিয়াবা পৰিকল্পনা বাতিল হৈ একেবাৰে কাঁহ পৰি জীণ যোৱা দেখা পোৱা যায়৷ এনেবোৰ সমস্যাৰ পৰা হাত সাৰিবলৈ আজিৰ দিনত ভ্ৰমণ কৰি ভাল পোৱা কিছুসংখ্যকে সেইবাবেই স্বনিৰ্ভৰশীল হৈ অকলেই ফুৰি ভাল পায়৷ যিকি নহওক, সকলোৰেই ভাল–বেয়া দুয়োটা দিশ থাকে, নিজৰ পচন্দ–অপছন্দৰ কথাও আছে৷ কিন্তু অকলে ভ্ৰমণ কৰিবলৈ মন নকৰাসকলৰ বাবে মনে মিলা সহযাত্ৰীৰ খুবেই প্ৰয়োজন৷ ব্যক্তিগতভাৱে আমি ভাবোঁ যে সহযাত্ৰীৰ বাছনিৰ ওপৰত আপোনাৰ ভ্ৰমণৰ সফলতাৰ সৰহভাগেই নিৰ্ভৰ কৰে – ভ্ৰমণৰ নিৰ্দিষ্ট স্থান, বাজেট, যাত্ৰাৰ মাধ্যম, থকা-খোৱাৰ স্থান নিৰ্বাচনৰপৰা কিমানদিনীয়া বন্ধ লোৱা হ’ব সেইটোলৈকেও৷

ভ্ৰমণপ্ৰিয় মানুহ হিচাপে মোৰো মাহেকে বছৰেকে সময় সুবিধা পালেই ফুৰিবলৈ যোৱা হয়৷ চ’ল’ ট্ৰেভেল কৰিবলৈ আজি পৰ্যন্ত মিলা নাই যদিও মোৰ দুই স্থায়ী সহযাত্ৰী বান্ধৱীৰ সৈতে ভাৰতৰ ইকোণ-সিকোণ ভ্ৰমণৰ অভিজ্ঞতা হৈছে৷ হিমাচলৰপৰা কেৰালা, গোৱাৰপৰা মেঘালয়লৈকে আৰু স্থানীয় ঠাইসমূহলৈ মাজে মাজে যোৱা হয়৷ বিগত বছৰৰ জানুৱাৰী মাহত আমি তিনি বন্ধু দুসপ্তাহৰ বাবে দক্ষিণ থাইলেণ্ডলৈ গৈছিলোঁ, অলেখ পৰ্য্যটনক্ষেত্ৰৰ মাজত ফুকেট, ফি ফি দ্বীপপুঞ্জ, ক’ ছামুই আৰু বেংককেৰে থাইলেণ্ড ভ্ৰমণৰ সফল সামৰণি মাৰিছিলোঁ৷

বছৰটোৰ অন্তিম তৃতীয়াংশ সোমোৱাৰ লগে লগে আকৌ ভ্ৰমণৰ কীটটোৱে আমাক আমনি কৰিবলৈ ধৰিলে৷ এইবাৰ ঘৰুৱা অসুবিধাবশত তিনিৰ সলনি দুজনী হ’লোঁ৷ অক্টোবৰ/নৱেম্বৰ মাহৰ কোনোবা এক নিশা ফোনতেই আমাৰ যাত্ৰাৰ পৰিকল্পনা আৰম্ভ কৰিলোঁ আৰু সেইবছৰৰেই ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহটোত ক’ৰবালৈ যোৱাটো নিশ্চিত হ’ল৷

এতিয়া প্ৰশ্ন আহিল যাম ক’লৈ?

বৰকৈ লোকে লোকাৰণ্য হৈ থকা ঠাইলৈ যাবলৈ মন কাৰো নাছিল, উদ্দেশ্য মাথোঁ অলপ মানসিক শান্তি৷ এনেবোৰ হিচাপ কৰি মেলি চাই তিনিখন ঠাই আমাৰ বাছনিত উঠিল – শ্ৰীলংকা, ফিলিপাইনচ্ আৰু ছেইশ্বেলচ্ দ্বীপপুঞ্জ৷

দুদিনমান গুণা-গঁথা কৰাৰ পিছত ছেইশ্বেলচ্ দ্বীপপুঞ্জৰ মনোৰম সৌন্দৰ্য্যই আমাৰ মন বাৰুকৈ আকৰ্ষণ কৰিবলৈ সক্ষম হ’ল৷ কোনো বিলম্ব নকৰাকৈ ফোনযোগেই বান্ধৱীৰ সৈতে কথা-বতৰা পাতি ফোনত থকা বিভিন্ন এপ্বোৰত চাই মুম্বাইৰপৰা ইথিয়’পিয়া হৈ ছেইশ্বেলচ্ যোৱা এয়াৰ্ ইথিয়’পিয়াৰ বিমানসেৱাত অহা-যোৱাৰ ৰাউণ্ড টিকট কৰি পেলালোঁ৷ আমাৰ পৰিকল্পনাটো অতিশয় কম সময়ত হোৱাত বাজেটৰ ভিতৰত যাতে বিমানৰ টিকটৰ পৰা থকা-খোৱা সকলো অন্তৰ্ভুক্ত হয় সেই ভাব মনত ৰাখি পূৰ্ণোদ্যমে নামি পৰিছিলোঁ৷ তাৰ মাজতেই বিমানসেৱাৰ টিকটৰ টকাটো একেলগে দিবলগীয়া নহৈ ই.এম্.আইৰ(EMI) যোগেদি লোৱাৰ ব্যৱস্থা উপলব্ধ হোৱাটো এক উল্লেখযোগ্য সহায় হৈছিল৷ তিনিমাহৰ বাবে সূতবিহীনভাৱে টিকটৰ মূল্য পৰিশোধ কৰিব পৰাৰ সুবিধাটোৱে যথেষ্ট সকাহ দিছিল৷ অৱশ্যে, এনেবোৰ অফাৰ বেংকভেদে বেলেগ বেলেগ হয়৷ ন্যূনতম সূতত তিনিমাহৰ উপৰিও ছমাহ বা বাৰ মাহৰ ই.এম্.আইৰো সুবিধা থাকে৷ গতিকে টিকট কৰাৰ সময়ত বাজেটত অলপ সমস্যা আহিলেও আজিকালি ট্ৰেভেল এপবোৰে গ্ৰাহকৰ প্ৰয়োজনলৈ চাই এনে কিছু সুবিধা প্ৰদান কৰা দেখা যায়৷ আমাৰ সহযাত্ৰী বান্ধৱী দুয়োগৰাকী উপাৰ্জনক্ষম, কিন্তু মোৰ খৰচ পৰিয়ালকেন্দ্ৰিক হোৱাৰ হেতুকে বাজেট ট্ৰেভেল কৰিবলৈ পালে ভাল পাওঁ৷ সেইবুলিয়েই নহয়, ভ্ৰমণ কৰিলেই যে বেছি পইচা খৰচ কৰিলেহে সফল হ’ব সেইটো অযুক্তিকৰ৷

যদিহে বাজেট ট্ৰেভেলাৰ হ’ব খোজে, তেনেহ’লে আপোনাৰ সৰ্বপ্ৰথম কৰণীয় হ’ব নিজস্ব বাজেট মিলাকৈ বিমানসেৱাৰ নিৰ্বাচন৷ ইণ্টাৰনেটৰ যুগত পৃথিৱীখন হাতৰ মুঠিলৈ আহিল, আঙুলিৰ টিপটেই বিশ্ব-ব্ৰহ্মাণ্ডৰ কথা আপোনাৰ চকুৰ সন্মুখত উপলব্ধ৷ ট্ৰেভেল এপসমূহ আজিকালি সহজলভ্য, ফোনযোগেই সকলো চাব পাৰি, তুলনা কৰি লৈ নিজৰ প্ৰয়োজন অনুসৰি বিমানসেৱা, ৰেলসেৱা, বাছ, ভাড়া গাড়ীৰপৰা হোটেল-ৰিজৰ্টৰ বুকিঙলৈকে তৎক্ষণাত কৰিব পাৰি৷

তাৰ মাজতেই দুটামান কথা উল্লেখ কৰিব লাগিব, এইবোৰ সকলোৱেই জানে কিন্তু তাৰ ভিতৰতো এনে কিছুমান টিপছ্ মনত ৰাখিলে বাজেটিঙত যথেষ্ট পৰিমাণে সহায় হয়৷ বিমানসেৱাৰ টিকট আদি কৰিবলৈ জনা-শুনা এপবোৰৰ উপৰি কিছুসংখ্যক ৱেবচাইট আৰু এপ্ আছে যিবোৰ ব্যৱহাৰ কৰি আপুনি লাভান্বিত হ’ব পাৰিব৷ উদাহৰণস্বৰূপে, স্কাইস্কেনাৰ, কায়াক্, মম’ণ্ড’, এক্সপেডিয়া, ইত্যাদি৷ এই ৱেবচাইটবোৰে সকলো ডিজিটেল ভ্ৰমণসেৱাৰ মঞ্চ মানে ট্ৰেভেল প্লেটফৰ্মৰ নিৰিখসমূহ তুলনা কৰি আপোনাৰ আগত দাঙি ধৰে৷ সময়ো বাচে, কষ্টও কমে আৰু আপোনাৰ বাজেটত সঞ্চয় হোৱাত অৰিহণা যোগায়৷ যদিহে আপুনি সঘনাই ভ্ৰমণ কৰে, তেন্তে কিছুমান মূলসুঁতিৰ ট্ৰেভেল প্লেটফৰ্ম যেনে গ’আইবিব’, মেক্ মাই ট্ৰিপ্ বা বুকিং ডট কম আদিত একাউণ্ট খুলি লৈ তেওঁলোকৰ বিভিন্ন সময়ৰ বিভিন্ন অফাৰ, ৰেহাই কুপন বা মেম্বাৰ হোৱাৰ লয়েল্টী পইণ্টছ আদায় কৰিব পাৰে৷

তদুপৰি, গুগল ক্ৰ’মত “ইনকগ্নিট’ ম’ড” বুলি এটা টেব্ ফিচাৰ আছে, যিটোত চাৰ্ছ কৰিলে আপোনাৰ ব্যক্তিগত তথ্যসমূহৰ অপপ্ৰয়োগ হোৱাৰ পৰা ৰক্ষা পৰে৷ আপুনি যিমানবাৰেই টিকটৰ মূল্য অথবা টিকট আছে নে নাই অনলাইন বিচাৰে, সিমানবাৰেই মুনাফালোভী এজেন্সী আৰু বিমানসেৱাৰ কোম্পানীবোৰে আপোনাৰ ডাটা ট্ৰাফিক অনুসৰণ কৰি দাম বৃদ্ধিৰ সুৰুঙা পায়৷

বিমানসেৱাৰ টিকট কৰিবলৈ পৰাপক্ষত মঙলবাৰৰ পিছবেলা তিনি বজা মানত ভাল৷ শুনাত অন্ধবিশ্বাস যেন লাগিলেও এক যুক্তিৰ ভিত্তিত এই কথাত বহু ভ্ৰমণকাৰীৰ সহমত৷ সপ্তাহটোৰ আৰম্ভণি সোমবাৰে হয় আৰু তাৰ লগে লগেই প্ৰায় সকলো বিমানসেৱাই নিজস্ব ৰেহাই কুপন বা অন্য অফাৰবোৰ সেইনিশাই মুকলি কৰে, প্ৰতিযোগিতামূলক মূল্য সৃষ্টিৰ বাবে মঙলবাৰৰ দুপৰীয়াৰপৰা ইটোতকৈ সিটো আকৰ্ষণীয় ৰূপত নানা তৰহৰ অফাৰৰ জোৱাৰ আহে৷ অনুসন্ধিৎসু মনৰ ভ্ৰমণ পিয়াসী চামৰ মতে সৰ্বনিম্ন নিৰিখত বিমান টিকট কৰিবলৈ হ’লে যিকোনো এক মঙলবাৰে কমেও ডেৰ-দুমাহ আগত ৰাখি বুকিং কৰিব লাগে৷ এনে কিছু তথ্য নজৰত ৰাখি আগবাঢ়িলে কেতিয়াবা ১৫ৰপৰা ২৫ শতাংশ পৰ্যন্ত টিকটৰ বাজেটত ৰাহি কৰিব পৰা যায়৷ তদুপৰি বাজেট বিমানসেৱা মানেই যে নিম্নশ্ৰেণীৰ হ’ব সেইটো নহয়, কম দামী টিকট দিয়া অথচ বিশ্বাসযোগ্যতা থকা বিভিন্ন বিমানসেৱা কোম্পানী থাকিব পাৰে৷ যদিহে আপোনাৰ মনত তিলমাত্ৰও খু-দুৱনি থাকে, “ট্ৰিপ্ এডভাইজৰ”, “ট্ৰিপ’ট’ কমিউনিটী” জাতীয় আন্তৰ্জাতিক ভ্ৰমণসেৱা মঞ্চৰ জৰিয়তে সমগ্ৰ বিশ্বৰ বিভিন্ন ঠাইৰ ফুৰি চাকি ভাল পোৱা লোকৰ সৈতে ভাব বিনিময় কৰিলে আপোনাৰ মনৰ সংশয় নিশ্চিতভাৱে আঁতৰি যাব৷ তেনেবোৰ মঞ্চই আপোনাৰ ভ্ৰমণ পৰিকল্পনাত দেখা দিয়া সমস্যাৰ সমাধান উলিওৱাত যথেষ্ট পৰিমাণে সহায় কৰে৷

আমাৰ ছেইশ্বেলচ্ ভ্ৰমণৰ সময়তো এই ফ’ৰাম দুটাৰ মেম্বাৰসকলে দিহা-পৰামৰ্শৰে আমাৰ যাত্ৰা সুচল কৰি তুলিছিল৷ এই মঞ্চৰপৰা আমি বহু নতুন কথা জানি, ছেইশ্বেলচ্ গৈ পোৱাৰ আগতেই তাৰ তথ্যসমৃদ্ধ পৰ্যালোচনাসমূহ পঢ়ি আমি সঁচাই লাভান্বিত হৈছিলোঁ৷ আমাৰ ইথিয়’পিয়ান এয়াৰ্লাইনছৰ বিমানসেৱাত এক নিশাৰ ষ্টপঅ’ভাৰ আছিল ইথিয়’পিয়াৰ ৰাজধানী এডিছ এবাবা’ত, যাওঁতে এবাৰ আৰু আহোঁতে এবাৰ৷ চহৰখন চাবলৈ অলপ সময় পালেও অচিনাকি পথবোৰত অচিনাকি মুখবোৰ দেখি যেন এক শংকা জন্মিছিল৷ কিন্তু সকলো ভয়-সংশয় উৰি গৈছিল যেতিয়া অনলাইন ফ’ৰামত শুনিবলৈ পাইছিলোঁ যে এনেকুৱা ষ্টপঅ’ভাৰ থাকিলে ইথিয়’পিয়ান এয়াৰ্লাইনছৰ তৰফৰ পৰা এডিছ এবাবাৰ হোটেলত বিনামূলীয়াকৈ থকা-খোৱাৰ সুবিধা প্ৰদান কৰে৷ চৰ্ত দুটা – অহা-যোৱাৰ দুয়োখন বিমানসেৱা এয়াৰ্ ইথিয়’পিয়াৰ হ’ব লাগিব আৰু যোৱাৰ টিকট কৰা বিমানখন দিনটোৰ সৰ্বপ্ৰথমখন হ’ব লাগিব৷ এইবোৰ তথ্য অনলাইন প্লেটফৰ্মকেইখনৰপৰা লাভ নকৰা হ’লে হয়তো আমি অসুবিধাত পৰিলোঁহেতেন৷ অনাৱশ্যকত মনত চাপ সৃষ্টি হোৱাৰ লগতে বাজেতো বাঢ়িলহেঁতেন৷

“লিভ্ লোকেল, ইট্ লোকেল এণ্ড্ ট্ৰেভেল লাইক্ এ লোকেল”– এই মতাদৰ্শ আমি নিজৰ ভ্ৰমণত যিখিনি পাৰোঁ সেইখিনি অনুকৰণ কৰিবলৈ চেষ্টা কৰোঁ৷ ব্যৱসায়িক হোটেল–ৰিজৰ্টৰ সলনি স্থানীয় মানুহৰ হ’ম-ষ্টে বা এয়াৰ্ বি এন্ বি আদিত থাকোঁ, হোটেলত খোৱা-বোৱাৰ সলনি নিজে ৰান্ধি খাব পৰা (চেল্ফ কেটাৰিং) ব্যৱস্থা কৰোঁ, ফুৰিবলৈ ব্যক্তিগত ভাড়া বাহনৰ ঠাইত ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰোঁ, বাহিৰত খাবলৈ মন গ’লে পঞ্চতাৰকা হোটেললৈ নগৈ স্থানীয় লোকে চলোৱা ৰাষ্টাৰ কাষৰ সৰু-সুৰা বিপণীত স্থানীয় খাদ্যৰ সোৱাদ লওঁ; পেট ভৰাৰ উপৰি মনো ভৰে৷ এনেবোৰ কথা মনত ৰাখি চলিলে ভ্ৰমণৰ বাজেট কম খৰচী হোৱাৰ লগতে ফুৰিবলৈ যোৱাৰ প্ৰকৃত আনন্দ লাভ কৰিব পাৰি৷ আমি ছেইশ্বেলচ্’ৰ মাহে’ আন্তৰ্জাতিক বিমানবন্দৰত নামিয়েই কেবজাতীয় ভাড়াৰ গাড়ী বিচৰাৰ পৰিবৰ্তে নিকটতম ৰাজহুৱা বাছ ষ্টপলৈ পোনাইছিলোঁ৷ ট্ৰেভেল ফ’ৰামত শুনা মতেই ভাৰতীয় টাটা কোম্পানীৰ নীলা ৰঙৰ বাছৰ বাবে কমেও আধা ঘণ্টা বাছ ষ্টপতেই অপেক্ষা কৰি কটাইছিলোঁ৷ দুই এজন স্থানীয় যাত্ৰীৰপৰা বাছৰ নম্বৰ আৰু ভাড়াৰ বিষয়ে অনুসন্ধান কৰি আমাৰ গন্তব্যস্থানলৈ যোৱা বাছৰ ৰাষ্টাৰো ভূ লৈছিলোঁ৷ তাতেই এটা কথা গম পাইছিলোঁ যে যিকোনো বাছত উঠিলেই ৭ SCR বাছ ভাড়া, দূৰত্ব যিমানেই নহওক৷ যদিহে আপুনি বাছ সলনি কৰিব লাগে, তেন্তে আকৌ ৭ SCR ভাড়া দি উঠিলেই হ’ল৷ ছেইশ্বেলয় ৰুপী (Seychellois Rupee/SCR) হ’ল ছেইশ্বেলচ্ দ্বীপপুঞ্জৰ ৰাষ্ট্ৰীয় মূদ্ৰা, আজিৰ মূল্যমতে ১ SCR = ৪.২৮ INR.

বিমানবন্দৰৰপৰা আমাৰ থকা ঠাই বু ভাল’নলৈ (Beau Vallon) ভিক্টোৰিয়াৰ মুখ্য বাছ আস্থানত মাত্ৰ এখন বাছ সলনিৰ প্ৰয়োজন, তাৰমানে ১৫ SCR খৰচ কৰিলেই হ’ল৷ কিন্তু, সেই ঠাইত ব্যক্তিগতভাৱে ভাড়া গাড়ী ব্যৱহাৰ কৰা হ’লে ৫০০ SCR দিবলগীয়া হ’লহেতেন৷ এতিয়া চাওক, অকণমান ব্যতিক্ৰমধৰ্মী চিন্তা কৰি আগবঢ়াৰ বাবেই ৫০০ৰ সলনি ১৫ SCRতেই আমাৰ যাত্ৰা সম্ভৱ হৈছিল৷ বিশ্বৰ বিভিন্ন ঠাইত ভ্ৰমণকাৰীসকলে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ নানা ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰে- ৰাজহুৱা পৰিবহণৰপৰা হিটচ্ হাইকিংলৈ৷

গতিকে এনেদৰেই খোৱাবোৱাৰ ক্ষেত্ৰতো, অলপ চালি-জাৰি চাই দৰকাৰী বস্তু প্ৰয়োজনত ঘৰৰপৰাই লৈ যাব পাৰি৷ আমি চাহ, পাউডাৰ গাখীৰ, অ’টচ্ বা কৰ্ণফ্লেক্সৰ পেকেট, ৰেডিমে’ড চুপ, নুডলচৰ পেকেট ইত্যাদি লাগেজত সুমুৱাই লৈ গৈছিলোঁ৷ তদুপৰি ফুৰিবলৈ ওলাই যাওঁতে ভোক লগাত স্থানীয় লোকে খোৱা ঠাইত সোমাই আমিও খাইছিলোঁ৷ চাফ-চিকুনকৈ পৰিবেশন কৰাৰ বাবে ষ্ট্ৰীটফুড হ’লেও স্বাস্থ্যসন্মত আৰু সুস্বাদু ক্ৰীয়’ল (Creole cuisine) খাদ্যৰ জুতি লৈ আপ্লুত হৈছিলোঁ৷ লগত নিয়া খোৱাবস্তুৰ উপৰিও স্থানীয় খাদ্যৰ সোৱাদ লোৱাটোৱেও আমাৰ ব্যয় সংকোচনত যথেষ্ট সহায় কৰিছিল৷

ঠিক এইদৰেই অলপ চেষ্টা কৰিলেই ব্যয়বহুল ঠাইৰ ভ্ৰমণো তুলনামূলকভাৱে কম খৰচতেই সফলতাৰে সমাপন কৰিব পাৰি৷ সুন্দৰকৈ লিখা ভ্ৰমণ কাহিনী অনেক পঢ়িবলৈ পোৱা যায়, বহু কথা জানিবও পোৱা যায়, তথাপি নিজৰ পচন্দ অনুযায়ী পৰিকল্পনা কৰি আগবাঢ়িলে এক অনাবিল আনন্দ লাভ কৰিব পাৰি৷ ভ্ৰমণ পৰিকল্পনাৰ সফল সমাপ্তিৰ মাপকাঠি নাই যদিও এক অৰ্থবহ ভ্ৰমণ অভিজ্ঞতাৰ বাবে নতুন ঠাইলৈ ফুৰিবলৈ গৈ নতুন পৰিবেশৰ লগত মিলি নানা কথা শিকাটো অপৰিহাৰ্য৷

4 thoughts on “দি আৰ্ট অৱ্ ট্ৰেভেল – নিশিজোৎস্না মহন

  • June 19, 2020 at 4:08 pm
    Permalink

    So beautifully penned down Nishi Baa. Worth reading. I’ve always been a fan of your travel stories. Waiting to read some more.

    Reply
  • June 19, 2020 at 6:02 pm
    Permalink

    So beautifully penned down Nishi baa. Worth reading. I’ve always been a fan of your travel stories. Looking forward to read some more.

    Reply
  • June 19, 2020 at 11:43 pm
    Permalink

    Bohut mojja likhisa mains..

    Reply
  • June 19, 2020 at 11:43 pm
    Permalink

    Bohut mojja likhisa maina

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!