মিছিগানত দুটি নিশা – গীতাঞ্জলি বৰুৱা

কৰ্মসূত্ৰে মোৰ স্বামী আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা৷ সেই সুবাদতে আমেৰিকাত থাকিবলৈ ময়ো সুবিধাকণ পালোঁ৷ বহু নতুন নতুন ঠাই দেখাৰ সৌভাগ্য ঘটিল৷

গ্ৰীষ্মকালৰ আগমনৰ আগে আগে জীৱনত কিছু ৰং সানিবলৈ আমি দুয়ো ওলালোঁ মিছিগান চহৰলৈ৷ সকলো যা-যোগাৰ কৰি আমি যাত্ৰা আৰম্ভ কৰিলোঁ পুৱা প্ৰায় ৫:৩০ মানত৷ আমি থকা ঠাইখিনিৰপৰা আমাৰ গন্তব্য স্থলৰ দুৰত্ব গুগুল মেপৰ মতে প্ৰায় ৪২৯ মাইল(৬৯০ কিঃমিঃ)৷ প্ৰযুক্তি বিদ্যাৰ ইমানেই উন্নতি হ’ল যে গোটেই ৰাস্তাটো সঠিক কৈ দেখুৱাই নিয়াৰ উপৰি কিমান দূৰত্ব, কিমান সময়ত গৈ পামগৈ তাৰো সঠিক বিৱৰণ দিয়ে৷ গুগুল মেপ আৰু জিপিএছ-ৰ সহায়ত আমাৰ যাত্ৰা আৰম্ভ হ’ল৷

মই মনতে ভাবিলোঁ ইমান ৰাতিপুৱা ওলাইছোঁ যিহেতু গাড়ী-মটৰ বৰকৈ নাপাম চাগে’৷ কিন্তু মোৰ ধাৰণা একেবাৰেই ভুল আছিল৷ বেলিটো উদয় হোৱাই নাছিল, পোহৰ হৈছিল আৰু লাহেকৈ শাৰী শাৰী গাড়ীৰ লগে লগে আমিও আগবাঢ়ি গৈ থাকিলোঁ৷ ৰাস্তাবোৰ যথেষ্ট বহল৷ সকলো শৃংখলাবদ্ধ৷ একেলগে প্ৰায় ৬খন গাড়ী অহা-যোৱা কৰিব পাৰে৷ অহা ৰাস্তা আৰু যোৱা ৰাস্তা সুকীয়া৷ কিছু দূৰ যোৱাৰ পাছত ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি চলি আছিল৷ জনসাধাৰণৰ অসুবিধা যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি গুগুল মেপত আগতীয়াকৈ আপডেট কৰি থোৱা আছিল৷ সেইবাবে আমি ৰাষ্ট্ৰীয় ঘাইপথ এৰি অন্য এটি পথেদি গতি কৰিলোঁ৷ সেই পথেদি গৈ থাকোঁতে বহু নতুন নতুন বস্তু দেখিবলৈ পালোঁ৷ মনটো আনন্দেৰে ভৰি পৰিল৷ গাড়ী-মটৰ বৰ এটা নাছিল৷ জনবসতি সেৰেঙা যদিও গছ-গছনি, খেতিয়ে-পথাৰে এক মনোমোহা পৰিৱেশ৷ এটা সময়ৰ মোৰ অতিকৈ প্ৰিয় ভিডিঅ’ গেম এটালৈ মনত পৰিল৷ গেমটোত দেখা ৰাস্তাবোৰ যেন মোৰ চকুৰ আগত৷ একেবাৰে নষ্টালজিক হৈ পৰিলোঁ৷ দুয়োফালে শাৰী শাৰী গছৰ মাজত বাটটো, মাজে মাজে দুই-এখন গাড়ী পাৰ হৈ যায়৷ কম্পিউটাৰৰ গ্ৰাফিক্স মোৰ চকুৰ আগত ভাঁহি থাকিবলৈ ধৰিলে৷ আমাৰ এজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়াকে আদি কৰি সোণাৰুৰ হালধীয়া ফুলবোৰে যেনেকৈ প্ৰকৃতিৰ বিনন্দীয়া ৰূপটো আমাৰ আগত দাঙি ধৰে, ঠিক তেনেকুৱাই লাগিল গোটেই বাটছোৱা৷ এজোপা গছ যদি গুলপীয়া হৈ আছে, আন এজোপা আকৌ বেঙুনীয়া, কিছুমান গছৰ ফুলবোৰ নানা ৰঙী, আকৌ আন কিছুমানৰ পাতবোৰ দূৰৰপৰা ফুল যেন লাগিছিল যদিও ওচৰ পাই দেখিলোঁ সেইবোৰ পাতহে ফুলৰ দৰে৷ এনেদৰে প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰি আনন্দত আত্মহাৰা হৈ গৈ থাকোঁতে দেখিলোঁ গৌ-শালা এখন৷ গৰুবোৰে ঘাঁহ খাই আছে৷ ৰঙা, বগা, কজলা সকলো ধৰণৰ গৰুকে দেখিলোঁ৷ গৰুবোৰো যে ইমান শৃংখলাবদ্ধ ভাৱে আছিল! আমি দুয়োজনে কথা পাতিছোঁ মানুহবোৰ যেনেকুৱা একেধৰণে জন্তু বোৰকো শিক্ষা দিয়ে শৃংখলাবদ্ধ হ’বলৈ৷ গোহালিবোৰ ওচৰৰ পৰা নেদেখিলোঁ যদিও গৰুক খাদ্য দিয়া ব্যবস্থাটো দূৰৈৰ পৰাই চাবলৈ যত্ন কৰিলোঁ৷ দীঘলকৈ বাকচৰ দৰে কাঠেৰে সজোৱা আছে, তাত প্ৰত্যেকজনী গৰুৰ বাবে সুকীয়াকৈ কোঠালী সদৃশকৈ সজোৱা আছে। এক কথাত ক’বলৈ গ’লে সুন্দৰ কাৰুকাৰ্য্য৷ চকুৰে মনিব পৰালৈ সোঁ-বাওঁৱে মই কেৱল চাবহে পাৰিছোঁ৷ ঘৰে চাম নে গছে চাম নে ঘৰৰ বাৰীখনত থকা ঘাঁহবোৰ কাটি থকা মানুহকে চাম! ঘাঁহ কটাটোৱো যেন এটা শিল্পহে৷ ঘাঁহ কটা গাড়ীখন যে ইমান ভাল লাগে৷ প্ৰচণ্ড ৰ’দকো আওকাণ কৰি দুই-এজনে গাড়ীখনেৰে ঘাঁহ কাটি আছে৷ আমি আগুৱাই গৈ আছোঁ তেনেতে চকু পৰিল আস্তাবল এখনলৈ৷ আচলতে ঘোঁৰাবোৰ কাঠৰ নে সঁচা ধৰিবই পৰা নাছিলোঁ৷ মানুহবোৰে আচলতে কাঠেৰে জীৱ-জন্তু সাজি ঘৰৰ আগত ধুনীয়াকৈ সজাই থয়৷ প্ৰথমতে মই তাকে বুলি ভাবিছিলোঁ, গাড়ীৰ গতিও ঘণ্টাত প্ৰায় ১৬০-১৭০/কিঃমিঃত গৈ আছে, কিছু অসুবিধা হয় তথাপি ওচৰ পাওঁতেহে ধৰিব পাৰিলোঁ৷ কিছু নিলগত থকা ঘোঁৰাকেইটাই একান্ত মনে ঘাঁহ খাই আছে৷

এনেদৰে দুঘণ্টাৰ বাট পাৰ কৰি পুনৰ ৰাষ্ট্ৰীয় ঘাইপথত উঠিলোঁ৷ ডাঙৰ ৰাস্তা স্পীডৰ ধৰা-বন্ধা নিয়ম নাই গাড়ী চলিছে নে উৰিছে গমেই পোৱা নাই৷ দুৰণিবটীয়া যাত্ৰীৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ এটা ডাঙৰ সুবিধা হৈছে, ৰাষ্টাৰ কাষৰ ফলকবোৰত বৰ সুন্দৰকৈ বৰ্ণনা কৰা থাকে কিমান দূৰ গৈ গেচ ষ্টেচন পাম, খোৱা বস্তু পোৱা ঠাই পাম ইত্যাদি সকলোবোৰ৷ মাজে মাজে আমি জিৰণি লৈ লৈ গৈ আছোঁ৷

পাঁচ ঘণ্টাৰ বাট অতিক্ৰম কৰি মিছিগান চহৰত সোমালোঁ৷ আমাৰ গন্তব্যস্থল আছিল Munising Tourist Park Campground, এতিয়াও আৰু অলপ যাত্ৰা বাকী৷ আগবাঢ়ি গৈ থাকোঁতে মন কৰিলো ম’বাইলৰ ঘড়ীটো মোৰ হাতঘড়ীতকৈ একঘণ্টা আগবাঢ়ি গ’ল৷ ইয়াত সময় জʼন(time zone) কেইবাটাও গতিকে ঠাই বিশেষে সময়বোৰ বেলেগ বেলেগ৷ lake superior পাৰে পাৰে মুকলি আকাশৰ তলে তলে যোৱাৰ মজা যে এনেকুৱা হ’ব কল্পনা কৰিবলৈ টান৷ বৰ্ণনা কৰিবলৈয়ো শব্দৰ অভাৱ৷ মনোমোহা দৃশ্যবোৰ চাই থাকোঁতে মোৰ মনলৈ বাৰে বাৰে এটা কথাই আহি আছিল, মোৰ যদি সাহিত্যত দখল থাকিলহেঁতেন এটা এটা বস্তুৰ ইমান সূক্ষ্মভাৱে বৰ্ণনা কৰিব পাৰিলোহেঁতেন যে এইবোৰ ঠাইলৈ কেতিয়াও নহা মানুহৰ চকুৰ আগত এই আটাইখিনি ভাঁহি থাকিলহেঁতেন! নিজৰ ওপৰতে খং উঠিল, কিয় যে ভালকৈ নপঢ়িলোঁ! এতিয়া একো উপাই নাই গতিকে যাত্ৰাটো উপভোগ কৰাতে লাগিলোঁ৷ লাহেকৈ এটি ঠেক ৰাস্তাত সোমাই পৰিলোঁ৷ এখন গাড়ী আহিব পাৰে আৰু এখন যাব পাৰে৷ কোনো গাড়ীৰ মাজত প্ৰতিযোগিতা নচলে৷ দুই-তিনি মাইলৰ মূৰে মূৰে এখন গাড়ীয়ে আনখনক পাৰ হৈ যাবলৈ অলপ বহল ৰাস্তা আছে৷ সকলোৱে নিয়মসমূহ মানি চলে৷ গাড়ীৰ হৰ্ণৰ বিকট শব্দ নাই৷ মাজে মাজে আগত গৈ থকা গাড়ীবোৰ এনেকুৱা লাগে পানীৰ ওপৰতহে যেন চলি আছে৷ ৰাস্তাবোৰ ওখ-চাপৰ, তাতে নীলা মুকলি আকাশ; দূৰৰপৰা সেইবাবে তেনে এটা অনুভৱ হয় চাগে’!

এনেকৈয়ে প্ৰায় চাৰে ছয় ঘণ্টাৰ যাত্ৰা সামৰি আমি নতুন অভিজ্ঞতাৰ সোৱাদ ল’বলৈ আমাৰ কেম্প গ্ৰাউণ্ড পালোঁ দিনৰ ১ বজাত৷ ৰেজিষ্ট্ৰেচন কৰি আমাৰ নামত দিয়া এলেকাটুকুৰালৈ গৈ দুটা ৰাতিৰ বাবে আমাৰ পঁজাটো থিক কৰি লʼলো৷ টেণ্টটো হৈছে বতাহ বৰষুণৰ পৰা ৰক্ষা পৰিব পৰাকৈ সম্পূৰ্ণ এটি ঘৰ৷ আগতীয়াকৈ আমি সকলো ঠিক কৰি থৈছিলোঁ যদিও কিছু নীতি-নিৰ্দেশনা আছিল, সকলোখিনি আমাক কৰ্তৃপক্ষই বুজাই দিলে৷ এইখিনিতে কৈ থওঁ তেনেকুৱা ৯৯টুকুৰা এলেকা আছে আৰু সেই কেম্প গ্ৰাউণ্ডখনত এটা এলেকাত দুখন গাড়ী আৰু ৪জনীয়া দুটা টেণ্ট ধুনীয়াকৈ আটি যায়৷ পানীৰ টেপ, জুই ধৰাৰ লগতে খাদ্য সামগ্ৰী গ্ৰীল কৰা আৰু তাতে বহি খাবলৈ পিকনিক টেবুল৷ বিনামূলীয়া ইণ্টাৰনেট সেৱা৷ মুঠৰ ওপৰত একো অসুবিধা নোহোৱাকৈ সকলো যোগাৰ আছে৷ প্ৰয়োজন সাপেক্ষে কিছু মূল্যৰ বিনিময়ত খৰি যোগানো কৰি দিয়ে৷

Lake Superior পাৰত ফেৰফেৰীয়া বতাহজাকে যেন আমাক উৰুৱাইহে নিব; বতাহৰ লগে লগে ঠাণ্ডাও বাঢ়ি গৈ আছে৷ মুখ-হাত ধুই লওঁ বুলি বাথৰূমলৈ গ’লো৷ কি যে চাফা ৰাজহুৱা বাথৰূম! এনে ৰূপত পাম বুলি ভবা নাছিলোঁ৷ আশে পাশে মানুহ কিছুমান আছিলেই আৰু কিছুমান আহি আছে৷ আমি দুপৰীয়া আহাৰৰ বাবে ঘৰতে চিকেন বিৰয়ানী ৰান্ধি আনিছিলোঁ, মাত্ৰ গৰম কৰি ল’লোঁ৷ খাই-বৈ কিছু সময় জিৰণি ল’ওঁ বুলি ভাবিলোঁ৷ সুবিধাজনক টেণ্টটোত মই ঘৰৰপৰা লৈ যোৱা গাত লোৱা কাপোৰকে আদি কৰি গাৰু, বিছনা চাদৰেৰে একো অসুবিধা নোহোৱাকৈ ধুনীয়াকৈ বিছনাখন ঠিক কৰি এঘুমতি মাৰি ল’লোঁ৷ মাটিৰপৰা ঠাণ্ডা যাতে নাপাওঁ তাৰবাবেও টেণ্টটোত সংযোগ আছিল প্লাষ্টিকৰ এখন ডাঙৰ কাপোৰ যাৰ বাবে বাহিৰত ঠাণ্ডা আছিল যদিও আমি বৰকৈ অনুভৱ নকৰিলোঁ৷

সেইদিনা বেলিটো ভালকৈ ওলোৱা নাছিল বাবে টেণ্টৰ বাহিৰত ঠাণ্ডা বেছি অনুভৱ কৰিবলৈ ধৰিলোঁ৷ তথাপি গোটেই গ্ৰাউণ্ডখন এপাক মাৰি আহিলোঁ৷ প্ৰায় বিলাকেই আৰ ভি (মোৰ ভাষাৰে চকা লগা ঘৰ) লৈ আহিছিল৷ আৰ ভি(RV)খনত এখন ঘৰৰ সমান সকলো সুবিধা থাকে৷ বিছনা, পাকঘৰ, গা-ধোৱা ঘৰ সকলো থাকে৷ বাস্তৱত ভিতৰখন কেতিয়াও দেখা নাই যদিও ভিডিঅ’তহে দেখিছোঁ৷ বিভিন্ন ধৰণৰ আৰ ভি, ডাঙৰ-সৰু, কিছুমানে নিজৰ গাড়ীৰ পিছফালে সৰু আৰ ভিখন লগাই টানি আনে, আনহাতে কিছুমানে ডাঙৰ আৰ ভিৰ পাছফালে নিজৰ সৰু গাড়ীখন, চাইকেলখনো লৈ আহিছে৷ আৰ ভি-ৰ ভিতৰত টিভিও থাকে৷ কিছু লোকক দেখিলোঁ খোৱা-বোৱা কৰিবৰ বাবে আৰ ভিখনৰ পৰা চালি এখন দৰে খুলি লৈছে, তাৰ তলত বহি পৰিয়ালবৰ্গ সৈতে নিজৰ খাদ্য গ্ৰহণ কৰিছে৷

কেম্প কৰিব আহিছে, কেম্পত যিমান পাৰে কংক্ৰিট জীৱনৰ পৰা আতঁৰি জীৱনৰ সকলো আনন্দ উপভোগ কৰিছে৷ প্ৰত্যেকটো মুহূৰ্ত যেন ধৰি ৰাখিব বিচাৰিছে৷ তেওঁলোকক চাই থাকোঁতে বহুত পৰ গ’ল৷ আমাৰ ঠিক সন্মুখতে থকা তিনিখন সু-সজ্জিত আৰ ভি৷ নিজৰ গ্ৰীল লৈ আহিছে আৰু কিবাকিবি সেকি আছে৷ সৰু ল’ৰা এটাই চাইকেল চলাই ঘূৰি ফুৰিছে, আইতাকক দেখা পাই দূৰৰপৰাই ৰিঙিয়াই মাতি চাইকেল একেবাৰে স্পীডত লৈ গ’ল৷ মাকে যে ল’ৰাটোক মন কৰি আছে গমেই পোৱা নাছিলোঁ, তেওঁ খাদ্যহে প্ৰস্তুত কৰি আছিল৷ ল’ৰাটো চকুৰ আঁতৰ হোৱাৰ লগে লগেই বিচৰাত লাগিল৷ এয়াই মাতৃ, নিজৰ সন্তানৰ প্ৰতি কিমান যে সচেতন! কিছু সময়ৰ পাছত ল’ৰাটো আইতাকৰ লগত চাইকেল চলাই আহি আছে৷ অলপ আঁতৰত কোলাহল শুনি চালোঁ, কেইবাটাও ল’ৰা-ছোৱালীয়ে মিলি বাস্কেটবল খেলি আছে৷ এনে কিছুমান দৃশ্য দেখা পাই মনটো আমাৰ দেশলৈ উৰা মাৰিলে৷

ইয়াত প্ৰায়বিলাক মানুহৰে কুকুৰ থাকেই আৰু য’লৈ যায় লগত লৈ যায়৷ কেম্প গ্ৰাউণ্ডখনত তেনেকৈ বহুত কুকুৰ দেখিবলৈ পালোঁ৷ গৰাকীসকলে এই হেন ধুনীয়া ঘাঁহনিখনত সিহঁতক ফুৰাই আছে৷ মাজে মাজে হালধীয়া ফুলবোৰ; তাত যদি কুকুৰবোৰে লেতেৰা কৰে কি হ’ব- মই মনতে ভাবিলোঁ। ভাবি-গুণি থাকোঁতে দেখিলোঁ কুকুৰ থকা গৰাকী এজনে হাতত পলিথিন বেগ এটা পিন্ধি কুকুৰৰ বৃষ্ঠা চাফা কৰি আছে৷ কি আচৰিত সঁচাই আমাৰ দেশলৈ মনত পৰিল, ৰাতিপুৱা-গধূলি আমাৰ তাত কুকুৰবোৰ বাহিৰলৈ আনে যাতে নিজৰ ঘৰখন চাফা হৈ থাকে; নিজৰ ঘৰখন চাফা কৰি ৰাখিবলৈ যাওঁতে লাগিলে পৰিৱেশটোৱে বিনষ্ট হওক(সকলোৰে কথা উল্লেখ কৰা নাই, তথাপি মই বহুতক দেখিছোঁ এই কামবোৰ কৰাবলৈয়ে গিৰিহঁতে বাহিৰত পোহনীয়া কুকুৰ ঘূৰাই ফুৰে যাৰ বাবে বাটৰ কাষেৰে খোজ কাঢ়ি যাব নোৱাৰা অৱস্থা হয়।)৷ এইবোৰ চাই থাকোঁতে দেখিলোঁ আমাৰ সোঁ-ফালে খালি থকা ঠাইখিনিলৈ এহাল বৃদ্ধ দম্পতীয়ে আৰ ভিখন ৰখাই লৈ কোনোমতে মাটিত খোজকেইটা পেলাইছে আৰু লগতে কুকুৰ নমাই আনিছে৷ কুকুৰ দুটাক আৰ ভিখনৰ দুয়োফালে বান্ধি লৈ পানীৰ পাইপডাল আৰু ইলেকট্ৰিকৰ তাঁৰডাল আৰ ভি খনত সংযোগ কৰিলে৷ কুকুৰ দুটাক পানী খাবলৈ দি তেওঁলোক ভিতৰলৈ সোমাই গ’ল, তাৰপাছত আৰু ৰাতিপুৱালৈ তেওঁলোকৰ দেখা সাক্ষাত নাই৷ আমি দুয়ো কথা পাতিলোঁ, এওঁলোকৰ কি হৈছে বাৰু ভিতৰতে সোমাই আছে; মাথোঁ আৰ ভিখনৰ খিড়িকীৰে মাজে মাজে হাতত চাহৰ পিয়লা লৈ বাহিৰলৈ জুমি চায়৷ পুনৰ পাচদিনা ৰাতিপুৱাহে তেওঁলোকক দেখিলোঁ৷ এনেদৰে বহু সময় পাৰ হ’ল ৰাতিৰ আহাৰ যোগাৰ কৰিবৰ হ’ল৷

মই যিহেতু অলপ চঞ্চল, ৰাতিৰ সাজৰ দায়িত্ব মানুহজনক অৰ্পণ কৰিলোঁ৷ সচৰাচৰ দৰে ভাত দাইল ভাজি নাছিল সেইদিনা৷ আইচবেগত চিকেন লৈ গৈছিলোঁ৷ আইচবেগ ব্যৱহাৰ কৰা বাবে বহু সুবিধা হ’ল, বস্তুবোৰ বেয়া নোহোৱাকৈ ৰাখিব পাৰিলোঁ৷ আমি দুয়ো থিৰাং কৰিলো চিকেন গ্ৰীল কৰি খোৱা যাওক৷ চিকেন গ্ৰীল কি কৰিম মোৰ জনা আছে গতিকে সকলো যোগাৰ দি ওলালোঁ খৰিৰ সন্ধানত৷ হ্ৰদটোৰ পাৰে পাৰে খোজ কাঢ়ি গৈ খৰি অলপ গোটাই আনিলোঁ৷ ঠাণ্ডা যদিও কণমানি শিশুবোৰে নানা খেল-ধেমালি কৰি আছে৷ ইয়াত মানুহবোৰে নিজৰ সন্তান খোজ কাঢ়িব পৰা হ’লেই যেন চাইকেল একোখন আৰু ফুটবল একোটা দি দিয়ে৷ এইবোৰ চাই থাকোঁতে খৰি আনি পাওঁতে অলপ দেৰিয়েই হ’ল৷ চিকেন খাব পৰাই হ’ল আৰু! আন্ধাৰ হোৱাই নাছিল, তথাপি ঘড়ীত সময় হৈছিল ৰাতি ৯:৩০৷ গতিকে গধূলি চৰাই-চিৰিকতি নিজৰ সঁজালৈ অহাৰ দৰে আমিও আমাৰ টেণ্টলৈ সোমাই গ’লো৷ টোপনি অহা নাই, মোৰ চঞ্চল মনটোৱে জানিবলৈ মন কৰি আছে যে আন্ধাৰ হ’লে পৰিৱেশটো কেনেকুৱা লাগিব৷ ঠিক ১০:৩০টা বাজি গৈছে, ওলাই আহিলোঁ৷ চাৰিওফালে আন্ধাৰে ছানি ধৰিছে৷ মানুহবোৰ নিজৰ সঁজাত৷ কাৰো মাতবোল নাই৷ কিছুমানে নিজৰ এলেকাটুকুৰাত সৰু সৰু লাইট জ্বলাই দিছে যিবোৰ দূৰৰ পৰা জোনাকী পৰুৱা যেন লাগিছিল৷ কিছুমানে আকৌ ৰঙা-নীলা লাইট লগাই থৈছে৷ অলপ পৰ সকলো উপভোগ কৰি শুই থাকিলোঁহি৷

পিছদিনা ৰাতিপুৱা আকৌ একেবাৰে হোষ্টেলৰ দিনলৈ মনত পৰিল৷ কাপোৰ-কানি হাতত লৈ গা ধোৱা ঘৰৰ আগত ৰৈ থকা৷ বহুত মানুহ যদিও নাই কোনো কোলাহল, কাৰো লৰালৰি নাই সকলো নিয়মমতে চলে৷ মই অলপ সময় ৰ’ব লগা হ’ল৷ এটা বাথৰূম খালি হ’ল, মই ৰৈ থকা দেখি যিজন মানুহ ওলাই আহিল তেওঁ দুৱাৰখন ধৰি ৰৈ আছে মই সোমাবলৈ৷ কি যে ভদ্ৰ লোক৷ সকলোতকৈ ভাল লাগিল হেঁতা-ওপৰা নাই, সকলোৱে আগতে অহাজনক আগতে যাবলৈ দিয়ে৷ গা ধুবলৈ ৰৈ থাকোঁতে দেখিলোঁ এগৰাকী আইতাকে নাতিনীয়েকৰ বিভিন্ন ধৰণে ফটো তুলি আছে৷ তিনিজন ল’ৰাই গছত বগাইছে, গছৰ ডালত বহিছে আৰু আইতাকক ফটো তুলিবলৈ আব্দাৰ কৰিছে৷ আইতাকে কৈছে তোমালোকে ফটো কেনেকৈ তুলিব লাগে সেই বিষয়ে ইমান জানা! আইতাক-নাতিৰ কথোপকথন শুনি মোৰ মুখত নিজে নিজে হাঁহি এটি বিৰিঙিল৷

গা ধুই আহি ৰাতিপুৱা আহাৰত ব্ৰেড-বাটাৰ, কণী, কল খাই ওচৰে-পাজৰে ফুৰিবলৈ সাজু হ’লোঁ৷ আমি ওলোৱালৈ বহু মানুহ চাইকেল চলাই, নাও চলাই উভতিয়ে আহিল৷ আমাৰ কাষৰ বৃদ্ধ দম্পতীহালো ৰাতিপুৱা আহাৰ গ্ৰহণ কৰি ফুৰিবলৈ ওলাই গ’ল৷

দুটা ৰাতি থাকিলোঁ, সকলো সময়তে ব্যস্ত আমেৰিকা নিবাসী পৰিয়ালবৰ্গৰ লগত হাঁহি-ধেমালিৰে নাও চলোৱা, চাইকেল চলোৱা, কথাৰ মহলা মাৰি পাৰ কৰা সময়খিনি চাই বাৰুকৈ উপভোগ কৰিলোঁ৷ পানী কেঁচুৱাৰপৰা বৃদ্ধলৈ সকলো বয়সৰ মানুহ তাত আছিল কিন্তু লেতেৰা বুলি কাগজ এখনো মাটিত পৰি থকা দেখা পাবলৈ নাই৷ চকলেট, বিস্কুট, চিপচ সকলো খাইছে, কিন্তু ধুনীয়াকৈ পেকেটবোৰ বেগ এটাত ভৰাই জাবৰ পেলাবলৈ থোৱা ডাষ্টবিনত পেলাই থৈ আহিছে৷ পৰিৱেশটো যাতে চাফা হৈ থাকে তাৰ প্ৰতি সকলো সচেতন৷

মিঠা মিঠা অনুভৱৰ লগতে বহুত নতুন নতুন কথাও শিকি আহিছোঁ মিছিগানৰ পৰা৷

মিছিগানৰ সুমধুৰ স্মৃতিয়ে মোৰ অন্তৰৰ কোনোবা এটা কোণত বাৰুকৈয়ে সাঁচ বহুৱালে৷ লিখি লিখি শেষেই কৰিব নোৱাৰা হ’লোঁ৷ মনলৈ কথাবোৰ বাৰে বাৰে আহিবলৈ ধৰিলে৷ মিছিগানত কটোৱা ৰোমাঞ্চকৰ দুটি নিশাই বাৰুকৈয়ে মোক প্ৰকৃতিৰ প্ৰেমত পেলালে৷ গতিকে দ্বিতীয় দিনা পুনৰ ৰাতিপুৱা আহাৰ গ্ৰহণ কৰি ওলালোঁ প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ৷

কেম্পচাইটৰ পৰা কিছু আগলৈ কেইবাটাও জলপ্ৰপাত থকাৰ কথা গুগলতে গম পালোঁ৷ পানীৰ প্ৰতি মোৰ আকৰ্ষণ এনেয়ো বেছি৷ জলপ্ৰপাতৰ লগতে বীচ্চ এখন আৰু পৰ্যটকৰ বাবে আকৰ্ষণীয় স্থল দুটামানৰ বিষয়ে গম পাই আমি আগবাঢ়িলোঁ৷ আধা ঘণ্টাৰ বাটটো জলপ্ৰপাতৰ কথা ভাবিৱেই মনটো ভাল লাগিল৷ আনফালে ৰাস্তাৰ দুয়োকাষে থকা গছবোৰ শিল্পীৰ হাতত প্ৰাণ পাই উঠা একোখন ছবি যেনহে অনুভৱ হ’ল৷
আমি উপস্থিত হ’লোঁ Munising Waterfallত৷ গাড়ীখন ৰখাই আমি জলপ্ৰপাতটোৰ ফালে কাঠৰ দলং এখনৰ ওপৰেৰে খোজ ল’লোঁ৷ মানুহৰ সোঁত বৈ আছে৷ তেনেতে কলেজীয়া ল’ৰা-ছোৱালীকেইটা দেখি মোৰো মন উৰা মাৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দিনকেইটালৈ৷ চকুত অজস্ৰ সপোন, মনত বহুত আশা আৰু পৃথিৱীখন জিনিব পৰাকৈ সাহস৷ তেওঁলোক ভাৰতীয় আছিল, আনন্দত আত্মহাৰা হৈ থকা ল’ৰা-ছোৱালীখিনিক দেখি মাত নিদিলোঁ; নিজৰ মাজতে ব্যস্ত তেওঁলোক দেখিয়েই ভাল লাগিল৷ লুংলুঙীয়া বাটেদি মানুহ অহা-যোৱা কৰি আছে৷ ৰাতিপুৱাৰ কেঁচা ৰ’দজাকে শৰীৰ-মন প্ৰফুল্ল কৰি তুলিছে৷ একেবাৰে কণমানিকেইটা যে থুপুক-থাপাক খোজেৰে পিতৃ-মাতৃৰ লগত আগবাঢ়ি গৈছে, সেয়া চালে চকু ৰোৱা দৃশ্য৷ কিছু দূৰ যোৱাৰ পাছত পিছে পিতৃয়ে কান্ধত তুলি ল’লে৷ মোৰ দেউতায়ো সৰুতে মোক কান্ধত তুলি লোৱা কথাবোৰ মনত পৰি গ’ল আৰু চকু দুটা সেমেকি উঠিল৷

অলপ দূৰ গৈ দেখিলোঁ এগৰাকী বৃদ্ধা, হাতত লাঁখুটি লৈ স্বামী আৰু খুব সম্ভৱ তেখেতৰ জীৰ লগত আগবাঢ়ি গৈছে৷ ইয়াত দেখোন বয়সৰ চাপে কাকো চুবই নোৱাৰে৷ বৃদ্ধ-বৃদ্ধাসকলৰ উদ্যম দেখিলে মোৰ মনলৈ এটা ভাৱেই আহে ৬০বছৰ হ’লেই আমাৰ তাত নিজকে বুঢ়া-বুঢ়ী সজাই শৰীৰে একো নক’লেও মনেৰে বুঢ়া কৰি পেলায়, ভাবিলে দুঃখ লাগে৷ এওঁলোকক দেখিলে মানসিক শক্তিৰ জোৰ যে বহুত মই ভালকৈয়ে উপলব্ধি কৰিছোঁ৷

পানীৰ খলখলনিৰ শব্দই আমাক উমান দিলে আমি জলপ্ৰপাতৰ নিচেই কাষ পালোঁহি৷ সূৰ্যৰ কিৰণে পাহাৰৰ শিলত খুন্দা মাৰি তাত ৰৈ সৌন্দৰ্য্য উপভোগ কৰি থকা মানুহখিনিৰ মুখত যেতিয়া পৰেহি সকলোৰে মুখবোৰ বেলিটোৰ দৰে উজলি উঠে৷ ওপৰৰপৰা বাগৰি অহা পানী শিলৰ সংস্পৰ্শলৈ অহাত শিলবোৰে যেন প্ৰাণ পাই উঠিছে৷ কিছু সময় শিল আৰু পানীৰ খেলা চাই আমি উভতি আহিলোঁ আন এটা জলপ্ৰপাত চাবলৈ৷

এইবাৰ আমি আগবাঢ়িলোঁ Miner’s Waterfall লৈ৷ বাটতে পালোঁ এখন বালিৰ বীচ্চ, কিছু সময় আমি তাতে কটালোঁ৷ সকলোৱে অৱসৰ বিনোদনৰ বাবে চৰকাৰী তিনিদিনীয়া চুটিৰ যে সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে বুজিবলৈ বাকী নাথাকিল৷ সকলো পৰ্যটন থলীয়ে মানুহেৰে ভৰি আছে; কোনোবা যদি বন্ধুবৰ্গৰ লগত আন কোনোবা আকৌ পৰিয়ালবৰ্গৰ লগত৷

বেলিটো প্ৰখৰ হৈ আহিল, গৰমে গা-মূৰ দহিবলৈ আৰম্ভ কৰিছে তথাপি Lake Superior পাৰৰ বালিত ভৰি দিয়েই মন-প্ৰাণ ভৰি গ’ল৷ এজাক মৃদু বতাহে দেহটোক গৰমৰপৰা কিছু শাঁত পেলাইছিল৷ ওপৰত প্ৰদূষণমুক্ত বিশাল নীলা আকাশখন আনহাতে নীলা পানীৰে আবৃত হ্ৰদটো৷ এনে দৃশ্য দেখাৰ পাছত কবিৰ মনত মানুহৰ মন চুই যাব পৰাকৈ কেইবাশাৰীও কবিতাৰ পংক্তিয়ে ঠাই ল’লেহেঁতেন৷ সকলো মানুহে বিশাল আকাশৰ তলত বালিৰ চাদৰখনত নিজকে এৰি দিছে৷ দুই-এজনে কিতাপ পঢ়ি থকাও দেখিলোঁ৷ সৰু ল’ৰা-ছোৱালী এহালে নিজকে বালিৰে লেটি লৈছে৷ মুখত এমোকোৰা হাঁহি লৈ মাক-দেউতাকে চাই আছে৷ ইয়াত প্ৰায়ে দেখিবলৈ পাওঁ, যান্ত্ৰিকতাৰ পৰা আঁতৰাই মাক-দেউতাকে নিজৰ সন্তানক প্ৰকৃতিৰ প্ৰেমত পৰিবলৈ শিকায়৷ ময়ো হেঁপাহ পলোৱাই পানী খেলিলোঁ, বালিত খোজ কাঢ়িলোঁ, সকলো পাহৰি অলপ সময়ৰ বাবে প্ৰকৃতিৰ মাজত নিজক এৰি দিলোঁ৷

যিহেতু আমাৰ লক্ষ্য স্থান আছিল Miner’s Waterfall, গতিকে সেই দিশে গাড়ীৰে আগবাঢ়িলোঁ৷ ঠাইখন অলপ ভিতৰুৱা যেন লাগিল, মানুহৰ ঘৰ বহুত কম৷ ৰাস্তাৰ দুয়োফালে আছে ঘন ঘনকৈ ডাঙৰ ডাঙৰ গছ৷ ডিগবৈৰ লক্ষ্মীপথাৰৰ ৰাস্তাটোলৈ মনত পৰি গ’ল৷ সৰুতে প্ৰায়ে গৈছিলোঁ৷ দুয়োফালে ঘন জংঘল মাজে মাজে বাটটো৷ অকণমান মিল বিচাৰি পাইছিলোঁ যদিও উন্নত দেশৰ কথা, বাট-পথেই সুকীয়া৷ গছবোৰ সমানকৈ কটা৷ মাজে মাজে ঠেক বাট-পথ আছে যদিও ৰাস্তাৰ প্ৰতীক চিহ্ন আৰু ফলকবোৰৰ বাবে আগুৱাই যোৱাত গাড়ী চালকজনৰ অকণো অসুবিধা নহয়৷ আমি গৈ গৈ Miner’s Waterfall পালোঁগৈ৷ গাড়ীৰ পৰা নামিয়েই দেখিলোঁ ছাইনবোৰ্ডখন, য’ত জলপ্ৰপাতটোৰ সম্পূৰ্ণ বিৱৰণ আছিল৷ ২ কিঃমিঃ বাট খোজ কাঢ়ি যাব লাগিব৷ পাহাৰীয়া বাট বাবে খুব সোনকালেই ভাগৰি পৰিছিলোঁ৷ তথাপি বুঢ়াৰ পৰা শিশুলৈকে সকলোৰে খোজকঢ়াৰ ধৰণ দেখিয়েই ময়ো আগবাঢ়িলোঁ৷ দুই-এজন যাত্ৰী আগৰটো জলপ্ৰপাতত লগ পাই অহা, চকুৰ চিনাকি যদিও হাঁহি এটি মাৰি আগবাঢ়ি গৈ আছোঁ৷

যদিও মই বিদেশত আছোঁ মোৰ মনটো কিন্তু অসমৰ কেঁচা মাটিৰ গোন্ধতহে থমকি ৰয়৷ প্ৰায়বোৰ বস্তু অসমৰ কোনটো বস্তুৰ লগত মিল আছে ভাবি থাকোঁ৷ খোজকাঢ়ি গৈ থাকোঁতে দেখিলোঁ আমাৰ টেঙেচিৰ দৰে সৰু সৰু তৃণ লগতে গোলপীয়া ফুলবোৰ৷ ভালকৈ লক্ষ্য কৰিলোঁ সেয়া টেঙেচি নহয়, দেখিত টেঙেচিৰ দৰেহে৷ লাহেকৈ মোৰ উশাহবোৰ দীঘল হৈ আহিছিল, আৰু যেন খোজ দিবলৈ নোৱাৰিম তেনেকুৱা ভাব এটা আহোঁতে আমি জলপ্ৰপাতটো পালোঁ৷ প্ৰত্যেকটো জলপ্ৰপাতৰ নিজৰ কিবা সুকীয়া আমেজ আছে৷ তিনি-চাৰিজন মান লোক তললৈ নামি গৈ পানীত গা ধুই থকা দৃশ্য দেখা পাই মই আচৰিত হৈ গৈছিলোঁ৷ মোৰ পানীৰ প্ৰতি আসক্তি বহুত যদিও শিলত পিচল খাই কঁকাল-মূৰ ভাঙে বুলি তললৈ নামিবলৈ সাহস নকৰিলোঁ৷ ইয়াত আন এটা কথা অনুভৱ কৰিব পাৰিলোঁ, ওপৰৰপৰা অহা পানী শিলত ঠেকা খাই ছিটিকনিবোৰ তাত ৰৈ থকা মানুহৰ গাত পৰিছেহি৷ সকলো আনন্দত আত্মহাৰা হৈ পৰিছে৷

এনেকৈয়ে সুন্দৰ অনুভূতি বুকুত বান্ধি দুপৰীয়া আহাৰ গ্ৰহণ কৰিবৰ বাবে আমি আমাৰ কেম্পচাইট পালোঁহি৷ দুপৰীয়া আহাৰত আছিল কুকুৰা মাংসৰ আন এবিধ ব্যঞ্জন৷ খাই-বৈ অকণমান জিৰণিৰ কথা মনলৈ নহা নহয়, কিন্তু তিতা কাপোৰেৰে তম্বুটো ভৰদুপৰীয়াৰ প্ৰখৰ ৰ’দতো একেবাৰে সোমাব নোৱাৰা হৈ আছিল৷ বাহিৰতে কিছু সময় জিৰণি লৈ পুনৰ মিছিগান চহৰ ফুৰিবলৈ ওলালোঁ৷ চহৰীয়া জীৱনটো ব্যস্ততাৰে ভৰা৷ অহা গাড়ী আহিছে, যোৱা গাড়ী গৈছে মুঠৰ ওপৰত সকলো ব্যস্ত৷ অলপ সময় ঘূৰি-ফুৰি কফিৰ সোৱাদ লৈ উভতি আহিলোঁ৷ Lake Superiorটো যে ক’ত ক’ত বিস্তৃত হৈ থকা নাই, যেনিয়েই যাওঁ দেখা পাওঁ৷ এইবাৰ লক্ষ্য কৰিলোঁ বতাহজাকে প্ৰচণ্ড গতিত পানীত খুন্দা মৰাৰ লগে লগে সৃষ্টি হোৱা ঢৌবোৰ; সাগৰৰ ঢৌতকৈ কিছু পৃথক যদিও বৰ ভাল লগা৷ চহৰৰপৰা আমাৰ কেম্পচাইটো যথেষ্ট দূৰত৷ সেইবাবে ঘূৰি আহোঁতে আমাৰ প্ৰায় সন্ধিয়া ৭মান বাজিল৷ পিছদিনা পুৱাই আমি ঘৰলৈ উভতি অহাৰ কথা আছিল, গুগুলে পুনৰ মোৰ মনটো খেলি-মেলি লগালে৷ Tahquamenon Waterfall টোৰ কথা পঢ়ি কিবা চাবলৈ মন গ’ল৷ Upper আৰু Lower দুটা fall সংযোজিত হৈছে৷ আমি থকা ঠাইৰপৰা আৰু ডেৰঘণ্টাৰ যাত্ৰাপথ, আকৌ আমাৰ ঘৰলৈ উভতনি যাত্ৰাৰো সময় হ’বগৈ প্ৰায় ১০ঘণ্টাৰ৷ ১০ঘণ্টা গাড়ী চলোৱাটো বৰ সহজ কথা নহয় মই বুজিব পাৰিছোঁ৷ মোৰো লাইচেন্স নাই, ইয়াত পুলিচে ধৰিলে ৰক্ষা নাই৷ গতিকে স্বামীয়ে অকলেই চলাব লাগিব, কথাটো ভাবি মোৰ মনটো কোঁচ খাইছিল৷ অলপ সময় ভাবি-গুণি ক’লে চলাব পাৰিম, সদায়তো ইয়ালৈ নাহোঁ, গতিকে গৈ আহোঁ৷ মোৰ স্বামী একেবাৰে মোৰ দেউতাৰ দৰে মোৰ ইচ্ছাবোৰ পূৰাবলৈ যৎপৰোনাস্তি চেষ্টা কৰে৷ এইক্ষেত্ৰত মই বহুত সৌভাগ্যৱতী৷ আমাৰ সকলো বস্তু সামৰি আগবাঢ়িলোঁ এইবাৰ Tahquamenon Waterfallলৈ বুলি৷ ৰাস্তাটো ভাবি গ’লোঁ পানী চাবলৈকে ইমান দূৰ আহিছোঁ নে! তথাপি দুটা জলপ্ৰপাত একেলগ হৈছে বুলি মনত এটা কৌতূহল জাগি উঠিছিল৷ সঁচাকৈয়ে প্ৰকৃতিৰ কি অপাৰ মহিমা, ওপৰৰপৰা পানী বাগৰি আহি আছে, আনহাতে একেবাৰ তলত বুলি ক’লে ভুল হ’ব কিন্তু ঠিক মাজৰ পৰা বৈ আহিছে আন এটা জলপ্ৰপাত৷ কি যে মনোমোহা দৃশ্য উপভোগ কৰিবলৈ পালোঁ! সেই ঠাইত কিছুসময় কটোৱাৰ পিছত আমি আমাৰ ওভতনি যাত্ৰা আৰম্ভ কৰিলোঁ৷

মিছিগান যাত্ৰাটো এনেদৰেই প্ৰকৃতিৰ উমাল বুকুৰ মাজত সফল সমাপ্তি ঘটিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!