ব’হাগ বিহুত এশ-এবিধ শাক-পাচলি (অঞ্জনা তামুলী)

ব’হাগ বিহুত এশ-এবিধ শাক-পাচলি

অঞ্জনা তামুলী

ফটো: ডেইজী দলে

অসমীয়া সমাজৰ বৈচিত্ৰময় পৰম্পৰাসমূহৰ ভিতৰত গৰুবিহুৰ দিনা ১০১ বিধ শাক একেলগে খোৱাও এক পৰম্পৰা। সেইদিনা ১০১ বিধ শাক-পাচলি মিহলাই খালে গোটেই বছৰটোৰ বাবে বেমাৰ-আজাৰৰ পৰা ৰক্ষা পাব পাৰি।

আজিকালি সকলো শাক-পাচলি বিচাৰি নাপায় যদিও কিছুমান এতিয়াও পোৱা যায়। সেইবোৰ হৈছে-

১) অমিতাফুল ২) অমৰা ফুল ৩) অশোক ফুল ৪) আৰফুল ৫) আমৰ মল ৬) আনাৰসৰ কোঁহ ৭) আলুগুটিৰ পাত ৮) আদাপাত ৯) আগেজলা ১০) ওলকচুপাত ১১)ওলকবি পাত ১২) কঁঠালৰ মুচি ১৩) কেঁহেৰাজ শাক ১৪) কচুশাক ১৫) কুঁহিয়াৰ পাতৰ আগ ১৬) কুকুৰাঠেঙীয়া ১৭) কোৱাভাঁতুৰি ১৮) কেঞাবন ১৯) কাচিপকা ২০) কাচকল পাত ২১) কাঠ আলু পাত ২২) কৰ্দৈ পাত ২৩) কলমৌ শাক ২৪) কুহিলা পাত ২৫) কল পচলা ২৬) কোমোৰা পাত ২৭) কেৰেলা পাত ২৮) খুতৰা শাক ২৯) গাখীৰতী ৩০) গাজৰ পাত ৩১) গৰুখিচ ৩২) চুকাশাক ৩৩) চজিনা পাত ৩৪) চালকুঁৱৰী আগ ৩৫)চিৰতা পাত ৩৬) চয়াবিন পাত ৩৭) জিলমিল শাক ৩৮) জেতুলীপকা পাত ৩৯) জালুকপাত ৪০) জলকীয়া পাত ৪১)জবাফুল ৪২) জ্যেষ্ঠমধু পাত ৪৩) জৱেত্ৰী ৪৪) জাতিলাউ পাত ৪৫) জিকা পাত ৪৬) টিকনি বৰুৱা ৪৭) টুপুৰী লতা ৪৮) টেঙামৰা ৪৯) টেঙেচি টেঙা ৫০) তিতাফুল ৫১)তিল পাত ৫২) তুলসী ৫৩) তিঁয়হ পাত ৫৪) থেকেৰা পাত ৫৫) থেৰেজু পাত ৫৬) দাংবদি ৫৭) দোৰোণশাক ৫৮) সোণবৰীয়াল ৫৯) দুপৰটেঙা ৬০) ধুন্দুলি পাত ৬১) ধতুৰা ৬২) ধনিয়া ৬৩) ঢেকীয়াশাক ৬৪) নৰসিংহ ৬৫) নহৰু পাত ৬৬) নেফাফু ৬৭) নুনি পাত ৬৮) নিলাজী বন ৬৯) পিৰালি পালেং ৭০) পিঁয়াজপাত ৭১) পদিনা ৭২) পিৰালি কুঁৱৰী ৭৩) পটল পাত ৭৪) পালেং ৭৫) পুৰৈশাক ৭৬) পনৌনৌৱা ৭৭) পচতীয়া ৭৮) পিপলি ৭৯) ব্ৰাহ্মীশাক ৮০) বিলাহী পাত ৮১) বন্ধাকবি ৮২) বনজালুক ৮৩) বেতগাজ পাত ৮৪) বেঙেনা পাত ৮৫) বৰথেকেৰা পাত ৮৬) বিহলঙনি ৮৭) বকফুল ৮৮) বৰমানিমুনি ৮৯) বৰবৰীয়াল ৯০)বৃন্দাবন ৯১) বহমথুৰি ৯২) বিশল্যকৰণি ৯৩) ভেদাইলতা ৯৪)ভাঙৰ আগ ৯৫) ভৃঙ্গৰাজ ৯৬) ভেকুৰি তিতা ৯৭) ভেঁটফুল ৯৮)মাটিকাঁদুৰি ৯৯) সৰু মানিমুনি ১০০) মহানিম ১০১) মচন্দৰী ১০২) মানধনিয়া ১০২) মৰলীয়া পাত ১০৩)মৰিচা ১০৪) মেথিশাক ১০৫) মেটেকা ১০৬) মৰাপাট ১০৭) মধুৰী আম পাত ১০৮) মধুসোলেং ১০৯) মূলাৰ পাত ১১০) ৰঙালাউৰ আগ ১১১) লফাশাক ১১২) লাইজাবৰী ১১৩) লাইশাক ১১৪) শেৱালি ফুল ১১৫) সৰিয়হ শাক ১১৬) শুকলতি ১১৭) হাতীখুতৰা ১১৮) হেলঞ্চি শাক ইত্যাদি ।

এই শাকবোৰৰ সকলোবোৰ পোৱা সম্ভৱ ন‘হলেও বহুতে ইয়াৰে সাতবিধ শাক আনি ব্যঞ্জন কৰি খায়। সেইবাবেই ইয়াক বহুতে সাতশাকী বুলিও কয় । কিছুমানৰ মতে ব’হাগ বিহুৰ সাতদিনৰ দিনাহে এইবোৰ শাক খাব লাগে বাবে সাতশাকী বুলি কয়।
***********************************
এটা বাতিত নহৰু এটা বাতিত পনৰু
এটা বাতিত খুতুৰা শাক;
মূৰৰ চুলি ছিঙি আশীর্বাদ কৰিছোঁ
চেনাই তই কুশলে থাক।”
***********************************

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!