কলিতা ডাকুৰ বিলৈ - খণ্ড ১

লেখক- কলিতা ডাকু

এবাৰৰ ঘটনা। কলিতা ডাকু বুলি কুখ্যাত ডকাইত এজন আছিল এখন চহৰত। দেখাত চুটি-চাপৰ আৰু ক্ষীণকায় কলিতা ডাকুৰ সন্ত্ৰাস দিনে দিনে বাঢ়ি গৈ আছিল। যদিও প্ৰতিবাৰেই ফাটেকত সোমায় তথাপিও খুব টেঙৰ বুলি তেওঁৰ এটা নাম আছিল। এদিন তেওঁ বেঙ্ক এটা লুট কৰাৰ পৰিকল্পনা কৰিলে, কথামতেই কাম। সাংগো-পাংগো কেইটামান গোটাই লৰ দিলে ঘোঁৰা চেকুৰাই। সময়ত তেওঁ বেঙ্ক পালেগৈ। বন্দুকৰ গুলী দুটামান ফুটাই তেওঁ বজ্ৰ কণ্ঠে হুকুম দিলে ‘খবৰদাৰ, হিলিলেই হিলাই দিম।’ সকলোৰে সৰুপানী চোৱা অৱস্থা। ধন-সোণ যিমান পালে সকলোখিনি মুহূৰ্ততে চফা দি দিলে। বেঙ্কটোৰ পৰা ওলাই আহিব লওঁতেই মেনেজাৰৰ টেবুলৰ চুকত লুকুৱাই ৰখা বিলাতী সুৰাৰ বটলটো দেখি সেইটো আনো বুলি যাওঁতেই মেনেজাৰে ক’লে,

মেনেজাৰ: আমি সৰু সৰু চলি গিলাখানক মৈদ খাব নেদাং, টাকা সিকি যি পাইছা লৈ যা, তথাপিও এই হান পাপ মৈ কৰবা ন’ৰো।

কলিতা ডাকুৰ উঠিল মিটাৰ,

ক.ডা: চাল্লা, খবৰদাৰ, মোক সৰু চলি কৈছা! ঘুচি মাৰি নাক খালত ফেলেই দিম।

তেতিয়া মেনেজাৰে ক’লে,

মেনেজাৰ: কি পৰ্মাণ আছে হা! হৱেই নহৱেই কিবা ক’লিয়েই মানি লম না!

কলিতা ডাকুৰ এইবাৰ ইগ’ত লাগিল। খঙত একো নাই হৈ পকেটত হাত সুমুৱালে, সকলোৱে ভাবিলে এইবাৰ মেনেজাৰ সিপুৰি পাব। তেনেতে কলিতা ডাকুই নিজৰ ৰেচন কাৰ্ডখন দেখুৱাই ক’লে।

ক.ড.: এইখান চাউ! মোৰ দুটা চলিও আছে আৰু এটা তিৰিও আছে। তিৰিটুই ফিৰি যাওঁতে ৰেচনৰ পে চেনি নিবা দিছিল, কিমান কিলো নিবা দিছিল সব পাহৰেই দিলি। চাল্লা, পুৰা মুদটোকেই নষ্ট কৰি দিলি। চাওঁ দি, মৈদৰ বটলটো দি।

এই বুলি কলিতা ডাকু বীৰদৰ্পে তাৰ পৰা ওলাই আহিল। ৰেচন কাৰ্ডৰ দোকানৰ পৰা চেনি লৈ উভতি যাওঁতেই পুলিচে পাই আকৌ ফাটেকত সুমুৱাই থ’লে। কিন্তু কলিতা ডাকুই ভাবি নাপালে ইমান টেঙৰ মানুহজনক, মুখত কাপোৰ বান্ধি, ঔষধ খাই মাত সলাই যোৱাৰ পিছতো সকলোৱে কেনেকৈ চিনি পালে!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments