কবিতা : প্ৰেম – জীৱন- মৃত্যু (ৰাকেশ কুমাৰ যাদৱ)

(বেলিৰ হেঙুলীয়া পোহৰত, /হেজাৰ আলোকবৰ্ষৰ প্ৰেমে বাগৰ সলায়। /মৃত্যুৰ পাছত এই জীৱনৰ, /শেৱালিৰ সুৱাস – বিষাক্ত বিষণ্ণতাৰ তাণ্ডৱ।)
 
মৃত্যুৰ বাবে বাবে জীৱন, জীৱনৰ বাবে প্ৰেম— এয়াইতো জীৱনৰ, হেঁপাহৰ জীৱন। কবি ৰ অনবদ্য প্ৰকাশ—
 
 

কবিতা : প্ৰেমজীৱনমৃত্যু

 
 

 

 

 

 

অগণন মানুহ এই পৃথিৱীত
অথচ, জীৱন-আশ্ৰিত এদল মানুহৰ ওপৰত।
এই জন-অৰণ্যত তোমাক পোৱাটো,
জৰুৰী আছিল নেকি মোৰ মৃত্যুৰ বাবে !!
তোমাৰ স’তে চিনাকি হ’বৰ দিনা
নতুন জীৱন আৱিষ্কাৰ কৰা দিনা
জনা নাছিলোঁ, ব্যতিক্ৰম মৃত্যুৰ বাবে
এনে জীৱনৰ প্ৰয়োজন।
যি শেৱালিৰ সুবাসত,
মৃণ্ময় সৌন্দৰ্যৰ অমৰত্ব বিচাৰি পায়।
বেলিৰ হেঙুলীয়া পোহৰত,
হেজাৰ আলোকবৰ্ষৰ প্ৰেমে বাগৰ সলায়।
মৃত্যুৰ পাছত এই জীৱনৰ,
শেৱালিৰ সুৱাস – বিষাক্ত বিষণ্ণতাৰ তাণ্ডৱ।
বেলিৰ হেঙুলীয়া পোহৰত,
নাৰকীয় বাসনাৰ স্বৰ্গীয় চলচিত্ৰ !!
সেয়া মোহনীয় সূৰ্য নহয়,
আকাশ বিয়পি ওলমি ৰয়
ৰক্তাক্ত আত্মা মোৰ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments