কবিতাৰ বুকুত শৰতৰ নাচোন – কন্দৰ্প কুমাৰ দেৱ নাথ

নিৰ্মল আকাশ, নাতিশীতোষ্ণ বতাহ, চতুৰ্দিশে মন পৰশা সুবাস – এনে এক মায়াময় পৰিৱেশৰ মাজেৰেই ধৰিত্ৰীৰ বুকুত পদাৰ্পণ কৰেহি শৰৎ ঋতুৱে৷ অৱশ্যে শৰতক মাথোঁ এটি ঋতু বুলি ক’লেই শেষ নহয়, আচলতে ই হ’ল অনাবিল সৌন্দৰ্য্যৰ চিৰ শাশ্বত প্ৰতিভু৷ গ্ৰীষ্ম, বৰ্ষাৰ শৰীৰ দেই নিয়া প্ৰখৰ উত্তাপ তথা বোকাময় কদৰ্য্যতাই বেদনা গধুৰ কৰি থৈ যোৱা মানুহৰ দেহ-মন শৰতে জীপাল কৰি তোলে৷ মানুহ হৈ পৰে আৱেগবিহ্বল৷ শৰতৰ আগমনত কল্পনাৰ ন ন ৰঙেৰে উদ্ভাসিত হৈ উঠে কবিৰ প্ৰাণ৷ কবিতাৰ চোতালত শৰতক অভিবাদন জনাবলৈ কবিকুল হৈ পৰে ব্যাকুল৷

পৃথিৱীত হয়তো এনে কবি খুব কমেই ওলাব, যিজনে এবাৰৰ বাবে হ’লেও শৰৎ ঋতুৰ প্ৰেমত পৰা নাই, অস্থিৰ হৈ উঠা নাই শৰতৰ কিঞ্চিৎ সান্নিধ্যৰ বাবে৷

সংস্কৃত সাহিত্যত শৰতৰ ৰূপ বৰ্ণনাৰ অন্ত নাই৷ সজাল ধৰা শালি ধানত শৰতৰ মৃদু হিল্লোল, আকাশত শুকুলা মেঘৰ খেলা, ৰাজহংসৰ কল্লোল, শেৱালিৰ মন প্ৰাণ হৰা সুবাস ইত্যাদিৰ প্ৰভাৱত প্ৰাচীন কবিৰ কাপৰ পৰা নিগৰি ওলাইছিল –

পশ্যেম শাৰদঃ শতম৷

জীৱেম শাৰদঃ শতম৷৷

শৃণুয়াম শাৰদঃ শতম৷

প্ৰহ্ময়াম শাৰদঃ শতম৷৷

পাশ্চাত্য সাহিত্যত শৰতৰ ৰূপ বৰ্ণনাৰ শেষ নাই৷ কবি কীটচে তেওঁৰ “To Autumn“ নামৰ কবিতাটোত শৰতক এগৰাকী সুন্দৰী নাৰী বুলি কল্পনা কৰাৰ উপৰি শুনিবলৈ পাইছে শাৰদীয় সংগীতৰ মিঠা সুৰ –

“Where are the songs of spring?

Ay, where are they?

Think not of them, thou hast thy music too,

while barred clouds bloom the soft-dying day

And touch the stubble-pains with rosy hue

Then in a wailful choir the small gnats mourn“

বিশ্বকবি ৰৱীন্দ্ৰ নাথ ঠাকুৰে তেওঁৰ কবিতাত শৰৎ ঋতুৰ বৰ্ণনা কৰিছে এইদৰে-

“এসোগো শাৰদলক্ষ্মী তোমাৰ শুভ্ৰ মেঘেৰ ৰথে,

এসো নিৰ্মল নীল পথে,

এসো ধৌত শ্যামল আলো ঝলমল বনগিৰি পৰ্বতে

এসো মুকুটে পৰিয়া শ্বেত শতদল শীতল শিশিৰ ঢালা৷”

অসমীয়া সাহিত্যতো শৰৎ ঋতুৰ বৰ্ণনা নতুন নহয়৷ মাধৱ কন্দলিৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক কালৰ কবিসকললৈকে বিভিন্ন জনে বিভিন্ন সময়ত ভিন ভিন চিত্ৰকল্প আৰু ৰমণীয় বৰ্ণনাৰ সহায়ত শৰতৰ ৰূপ-ৰসৰ জয় গান গাইছে৷

অপ্ৰমাদী কবি মাধৱ কন্দলিয়ে তেওঁৰ ‘ৰামায়ণ’ত চিত্ৰকূট বনৰ বৰ্ণনা দিওঁতে কেবাঠাইতো শেৱালি ফুলৰ উল্লেখেৰে শৰৎ ঋতুৰ কথা সোঁৱৰাই দিছে এনেদৰে-

“জাই যুতি বকুল বন্দুলি কৰ্ণিকাৰ৷

কাঞ্চন তগৰ কুন্দ শেৱালি মন্দাৰ৷৷

——————

——————

ওড় পুষ্পমালি দুৱামালি আৰু মালি৷

তমাল তুলসী মাধে মৰুৱা শেৱালি৷৷”

কবিৰত্ন সৰস্বতীয়ে ‘মহাভাৰত’ৰ দ্ৰোণ পৰ্বৰ ‘জয়দ্ৰথ বধ’ত হৰৰ কৈলাস পৰ্বতৰ বৰ্ণনা দিবলৈ গৈ শেৱালিৰ উল্লেখেৰে শৰতৰ আভাস দিছে-

ফুলিল শেৱালি পৰে হালি জালি

ফুলে ভৰে ভাগে ডাল৷

হেনয় শোভন বিচিত্ৰ উদ্যান

ফুলে তথা সৰ্বকাল৷৷

অৱশ্যে এইবোৰ কবিতাত মাথোঁ শেৱালি ফুলৰ উল্লেখৰ বাহিৰে শৰৎ ঋতুৰ স্পষ্ট বৰ্ণনা দেখিবলৈ পোৱা নাযায়৷ সেই ফালৰপৰা চালে মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ “দশম স্কন্ধ ভাগৱত”ত থকা ‘শৰৎ বৰ্ণনা’টোকে অসমীয়া সাহিত্য জগতৰ প্ৰথম শৰৎ ঋতুকেন্দ্ৰিক কবিতা বুলি ক’ব পাৰি৷ ইয়াত মাহপুৰুষজনাই শৰতৰ এখন নিখুঁত চিত্ৰ অংকন কৰিছে-

গগণ নিৰ্মল স্বচ্ছ ভৈল জল

দূৰ গৈল মেঘগণ৷

মহা সুখকৰ সুৰভি শীতল

বহে বায়ু সৰ্বক্ষণ৷৷

মহাপুৰুষজনাই শৰৎ কালক আটাইতকৈ সুখৰ কাল বুলি কৈছে-

শৰত সমান নাহি সুখকাল

হৰৈ দুখ অনুক্ৰমে৷

আকৌ কৈছে-

পৃথিৱীৰো সৱে কৰ্দ্দম গুচিল

ভৈ গৈল পথ সুচল৷

যত জলমানে সৱে স্বচ্ছ ভৈল

শৰতে হৰিল মন৷৷

কবিৰাজ ৰাম নাৰায়ণ চক্ৰৱৰ্তীৰ কবিতাতো শৰতৰ প্ৰভাৱ মন কৰিবলগীয়া৷ শৰতৰ নিৰ্মল আকাশত চন্দ্ৰৰ ক্ৰীড়াই স্বামী পৰিত্যক্তা শকুন্তলাৰ হৃদয়ত কামনাৰ উদ্ৰেক কৰাৰ কথা কবিয়ে বৰ্ণনা কৰিছে এইদৰে-

নিৰ্মল ভৈলেক নিশা শৰত কালত৷

কৌতুক কৰন্ত ক্ৰীড়া চন্দ্ৰে আকাশত৷৷

দেখিয়া বাটিল কাম আমাৰ বিস্তৰ৷

কিৰিলো বিবিধ ক্ৰীড়া হৰিষ অন্তৰ৷৷

শংকৰী যুগৰ কবি সকলৰ দৰে আধুনিক যুগৰ কবিসকলৰ কবিতাতো শৰৎ ঋতুৱে নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে৷ ৰোমাণ্টিক যুগৰ বিশিষ্ট কবি ৰঘুনাথ চৌধাৰীৰ কবিতাত শৰৎ ঋতুৱে সুন্দৰীৰ ৰূপত দেখা দিছে-

শ্যামল তৃণেৰে ভৰা ধুনীয়া পথাৰ

সুন্দৰী শাৰদ বালা

পিন্ধালে হৰিৎমালা৷

অতীন্দ্ৰিয়বাদী কবি নলিনীবালা দেৱীয়ে শৰতৰ নিয়ৰসনা চেঁচা বতাহছাটিতে ‘পৰম তৃষ্ণা’ৰ পৰশ অনুভৱ কৰিছে-

পুৱতি নিয়ৰ সানি চেঁচা বাওছাটি

ব’ই যায় কপাল তিয়াই

অজানিতে বাতৰি বিলাই,

গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ কবিতাত শৰতৰ আধিপত্য মন কৰিবলগীয়া৷ শৰৎ ঋতুৰ নিৰ্ভেজাল সৌন্দৰ্যই কবিৰ সংবেদনশীল মন বাৰে বাৰে আলোড়িত কৰি তুলিছে৷ শৰৎ প্ৰেমত আপ্লুত তথা আত্মবিস্মৃত হৈ কবিয়ে ৰচিছে-

আহিন মহীয়া শেৱালি সৰিলে

নিয়ৰত তিতিলে বন,

জোনাকত ওপঙিল কিহবাৰে ৰাগী

কেনেবা কৰিলে মন৷

পাৰ্বতী প্ৰসাদৰ দৃষ্টিত শৰৎ মাথোঁ এটি ঋতুৱে নহয়, ই এক শৰিৰী প্ৰকাশ৷ শৰতক আই লখিমী বুলি বন্দনা কৰি কবি গৰাকীয়ে লিখিছে-

আজি নীল আকাশত শুকুলা ডাৱৰৰ

ধূলি উৰুৱাই

সৌ পদূলিয়ে আহিছে হ’বলা

শাৰদী লখিমী আই৷

সন্ধিয়া কোমল কৰা শেৱালিৰ মৃদু সুবাসে কবি দেৱকান্ত বৰুৱাৰ কাষলৈ কঢ়িয়াই আনে শৰতৰ মিঠা সুবাস-

সন্ধিয়া কোমল কৰা শেৱালিৰ মৃদুবাস,

মনোৰম

হাঁহি গোলাপৰ

মাৰ গৈ আছে তাত কত শৰতৰ স্মৃতি,

লুপ্ত শোভা

কত বসন্তৰ৷

কবি শশীকান্ত গগৈয়ে শৰতৰ নীল আকাশৰ বুকুত সখিৰূপী ঈশ্বৰৰ সন্ধান পাইছে৷ তেওঁ ‘চকুৰ আঁৰৰ সখি’ কবিতাটোৰ আৰম্ভণিতে এইদৰে উল্লেখ কৰিছে-

শৰতৰ আকাশৰ নীলা বুকু ভেদি

পূৰ্ণিমাৰ অন্ধকাৰ ছেদি,

থাকা তুমি বহি নিৰলত৷

হেম বৰুৱাৰ কবিতাত চিঠি লিখিবলৈ বহি ন-বোৱাৰী মমতাই বোৱাৰী জীৱনৰ প্ৰথম দিনটোৰ কথা সুঁৱৰিছে এনেদৰে-

সিদিনা আছিল কাতিৰ কুঁৱলী সনা

এটা মিঠা পুৱা

পদূলিত তলসৰা শেৱালিবোৰ উপচি আছিল৷

শৰতৰ মাদকতাই কেতিয়াবা কেতিয়াবা কবিক নষ্টালজিক কৰি তোলে৷ কবি হৈ উঠে আৱেগবিহ্বল৷ কবি নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাত এই ভাৱ স্পষ্ট ৰূপত জিলিকি উঠিছে-

আহিনৰ পথাৰৰ গোন্ধ

কেনেবাকে নাকত আহি লাগিলে

মই হেৰা পাওঁ মোৰ দেউতাক,

শৰৎ ঋতুৰ সৈতে শেৱালি আৰু নিয়ৰৰ সম্বন্ধ ওতপ্ৰোত৷ শেৱালি ফুলৰ সৈতে জোনাকৰ মিতালী, নিয়ৰ কণিকাই সেউজীয়া দূৱৰিৰ সান্নিধ্যৰ কামনাত জোনাক ভৰা আকাশৰ পৰা ধৰিত্ৰীৰ বুকুলৈ নাচি নাচি নামি অহাৰ দৃশ্য সঁচাই নয়নাভিৰাম৷ সাধাৰণ লোকতকৈ এই দৃশ্য কবিসকলৰ চকুত বেছি সুন্দৰ, অতি মনোহৰ৷

কবি নৱকান্ত বৰুৱাৰ কবিতাত আহিন-নিয়ৰ-শেৱালিৰ সম্পৰ্কৰ কথা স্পষ্ট-

আহিনক কোনে আনে

নিয়ৰে ক’লেহি শেৱালিয়ে

আৰু শেৱালিয়ে ক’লে

নিয়ৰে আনে

দূৱৰিয়ে ক’লে কোমল হাঁহিৰে

দুয়োজনে দুয়োজনে৷

শৰৎ অহা মাত্ৰেই কবি গীতিকাৰৰ মন ব্যাকুল হৈ উঠে প্ৰেয়সীক নিচেই কাষত পোৱাৰ বাসনাত৷ প্ৰেমিক মনৰ কামনা প্ৰতিভাত হৈছে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গানৰ ভাষাত –

এটুকুৰা আলসুৱা

মেঘ ভাঁহি যায়

মোৰো বনহংসই

বাট হেৰুৱায়

মই আছোঁ শাৰদীয়

খিৰিকী মুখত

বুকুৱে বিচৰা জনলৈ

বাট চাই৷

মায়াময় শৰৎ৷ শৰৎ প্ৰেম আৰু আনন্দৰ ঋতু৷ উদ্যম আৰু প্ৰেৰণাৰ ঋতু৷ উৎসাহ আৰু উৎসৱৰ সমাহাৰ৷ শৰতত বুজাব নোৱাৰা মাদকতা আছে বাবেই আমি বাৰে বাৰে শৰতৰ প্ৰেমত পৰোঁ৷ আকুলতাৰে অপেক্ষা কৰোঁ শৰতৰ আগমনৰ ক্ষণলৈ৷ কবিৰ ভাষাত –

আকৌ এদিন আহিব শৰৎ

হাঁহিব শেৱালি পাহি

ঠেও ধৰি ধৰি কৰিব নৰ্তন

খঞ্জনী পখীটি আহি৷■ ■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!