শান্তিৰ নোবেল বঁটা বিজয়িনী মাদাৰ টেৰেছাৰ জীৱনত এভুমুকি (লক্ষেশ্বৰ হাজৰিকা)

মাদাৰ টেৰেছা হৈছে মানৱ জাতিৰ বাবে ঈশ্বৰৰ এটা দান- যি গৰাকী মহীয়সী নাৰীক শান্তি বা দয়াৰ দেৱদূত (an Angel of Mercy) বুলি অভিহিত কৰা হয়। তেওঁৰ জীৱন দয়া, প্ৰেম আৰু সহানুভূতিৰে পৰিপূৰ্ণ। নিযুত নিযুত ৰোগী, অৱহেলিত, পৰিত্যক্ত, দুখী- আৰ্ত জনৰ বাবে তেওঁ আছিল দেৱী স্বৰূপ। তেওঁ গোটেই জীৱন সবাতোকৈ দুখীয়া (poorest of the Poor) জনগণৰ বাবে উছৰ্গা কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে-“মানৱ সেৱাই ঈশ্বৰ সেৱা”।

এই গৰাকী মহীয়সী মাতৃৰ জন্ম হৈছিল ১৯১০ চনৰ ২৭ আগষ্টত যুগোশ্লাভিয়াৰ স্কপজে(Skopje) নামৰ ঠাইত। তেওঁৰ সৰু কালৰ নাম আছিল এগনেছ গোনচা বোজাক্সিউ(Agnes Gonxha Bojaxhiu)। দেউতাক বৃত্তিত এজন নিৰ্মাণ ঠিকাদাৰ আৰু ব্যৱসায়ী আছিল। ধৰ্মপ্ৰাণ মাকৰ প্ৰভাৱত শৈশৱতে এগনেছৰ মন ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ উঠে আৰু তেতিয়াই আৰ্ত-দুৰ্গতজনৰ সেৱাত প্ৰবৃত্ত হোৱাৰ প্ৰেৰণা লাভ কৰে। স্কুলত পঢ়ি থকা অৱস্থাতেই ১২ বছৰ বয়সত তেওঁ নিজৰ মাজতে ভগৱানৰ আহ্বান অনুভৱ কৰে আৰু তেতিয়াই তেওঁ সন্ন্যাসিনী হোৱাৰ সিদ্ধান্ত লয়। ১৮ বছৰ বয়সত তেওঁ স্কুলীয়া শিক্ষা শেষ কৰি নিজৰ স্কপজেৰ ঘৰ এৰি১৯২৯ চনত আয়াৰলেণ্ডৰ “অৰ্ডাৰ অব্ লৰেট’” নামৰ সন্ন্যাসিনী সংস্থাত(Community of Nuns) যোগ দিয়ে আৰু তেওঁ “টেৰেছা” নাম লয়। ডাব্লিনত কেইমাহমান প্ৰশিক্ষণ লোৱাৰ পিচত তেওঁক ভাৰতলৈ পঠোৱা হয়, য’ত তেওঁ ১৯৩১ চনৰ ২৪ মে’ত সন্ন্যাসিনী হিচাপে শপত গ্ৰহণ কৰে আৰু ভাৰতৰ কলকাতাৰ ছেণ্ট মেৰীজ স্কুলত ভূগোলৰ শিক্ষয়িত্ৰী হিচাপে যোগ দিয়ে। তেওঁ ১৯৩১ চনৰ পৰা ১৯৪৮ চনলৈ জীৱনৰ ১৭টি বছৰ এই সেৱাত আত্মনিয়োগ কৰে। শিক্ষকতাৰ মাজতে স্কুলৰ প্ৰাচীৰৰ বাহিৰৰ বস্তি অঞ্চলৰ আৰ্ত আৰু দুৰ্গত সকলৰ দুখ-দুৰ্দশাই টেৰেছাক বাৰুকৈয়ে প্ৰভাৱিত কৰে। ১৯৪৬ চনৰ ১০ ছেপ্টেম্বৰত কলকাতাৰ পৰা দাৰ্জিলিং অভিমুখে কৰা ৰেল ভ্ৰমণত তেওঁ দৰিদ্ৰ, অৱহেলিত সকলৰ প্ৰতি সেৱা আগবঢ়াবৰ বাবে নিজৰ মাজতে ভগৱানৰ আহ্বান অনুভৱ কৰে। কলকাতালৈ উভতি আহি তেওঁ বস্তি বাসীৰ সেৱাত নিজকে নিয়োজিত কৰাৰ ইচ্ছা প্ৰকাশ কৰি লৰেট’ৰ ঊৰ্ধতন কৰ্তৃপক্ষৰ পৰা অনুমতি বিচাৰে আৰু প্ৰায় ২ বছৰ পাচত তেওঁ পোপৰ পৰা সেই অনুমতি লাভ কৰে। ১৯৪৮ চনত তেওঁ লৰেট’ স্কুলৰ পৰা অব্যাহতি লয়। পাটনাত ‘আমেৰিকান মেডিকেল মিছনেৰী চিষ্টাৰ্চ’ প্ৰতিষ্ঠানত তেওঁ নাৰ্চিঙৰ প্ৰশিক্ষণ লয়। তেতিয়াৰ পৰা তেওঁ নীলা-পাৰি থকা বগা সাধাৰণ কপাহী শাৰী পিন্ধিবলৈ লয় আৰু ‘মাদাৰ টেৰেছা’ নামেৰে প্ৰখ্যাত হৈ পৰে। মাদাৰ টেৰেছাই ১৯৪৮ চনতে ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰে। তেওঁ কলিকতাৰ বস্তি অঞ্চলত ৰাইজৰ দান বৰঙণিৰে স্কুল প্ৰতিষ্ঠা কৰে। ১৯৫০ চনৰ ৭ অক্টোবৰত মাদাৰ টেৰেছাই পোপ দ্বাদশ পিউছৰ পৰা নিজাকৈ “দা মিছনেৰীজ অব্ চেৰিটি” (The missionaries of Charity) স্থাপন কৰিবলৈ অনুমতি লাভ কৰে। হাতত এখন বাইবেল, মাত্ৰ পাঁচটা টকা, হৃদয়ত অসীম বল, অগাধ বিশ্বাস আৰু লগত মাত্ৰ কেইগৰাকীমান সহযোগীক লৈয়ে আৰম্ভ হয় মাদাৰ টেৰেছাৰ যাত্ৰা। তেওঁ হৈ পৰে আৰ্ত-দীন-হীন জনৰ বাবে মাতৃ স্বৰূপ। ১৯৬৫ চনত এই চ’চাইটীয়ে পোপ পল ৬ষ্ঠৰ পৰা “আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় পৰিয়াল”(International Religious Family) হিচাপে স্বীকৃত লাভ কৰে।

মাদাৰ টেৰেছাই ৰাস্তাত পৰিত্যক্ত অৱস্থাৰ পৰা বুটলি লোৱা প্ৰথম গৰাকী মহিলা আছিল এন্দুৰ-নিগনি আৰু পৰুৱাই আধাখোৱা এগৰাকী দুৰ্ভগীয়া মহিলা যি গৰাকীক তেওঁ হাস্পতালত ভৰ্ত্তি কৰাৰ আগতেই বা শুশ্ৰূষা কৰাৰ আগতেই তেওঁৰ কোলাতে শেষ নিশ্বাস ত্যাগ কৰে। এই কাৰ্যই তেওঁৰ হৃদয়ত গভীৰ ভাবে ৰেখাপাত কৰে আৰু পৰিত্যক্ত আশ্ৰয়হীন সকলৰ বাবে আশ্ৰয়-স্থল প্ৰতিষ্ঠা কৰিবলৈ মনোবল যোগায়, য’ত নেকি এই পৰিত্যক্ত- নিৰাশ্ৰয় মৃত্যুমুখী সকলে অন্ততঃ আশ্ৰয় লৈ জীয়াই থাকিব পাৰিব আৰু মৰ্যাদাৰে মৃত্যু বৰণ কৰিব পাৰিব। সেয়ে তেওঁ ১৯৫২ চনত কলকাতাৰ কালীঘাটত এই সকল লোকক আশ্ৰয় দিয়াৰ উদ্দেশ্যে তেওঁ ‘নিৰ্মল হৃদয়’ (The place of the Pure Heart )   নামে আশ্ৰয়-স্থল প্ৰতিষ্ঠা কৰে। ক্ৰমে এই ‘নিৰ্মল হৃদয়’ৰ পৰাই সমগ্ৰ ভাৰতত মুমূৰ্ষু সকলৰ বাবে ৬২ খন আশ্ৰয়-স্থল গঢ়ি উঠে। এই সকলো বিলাক “মিছনেৰীজ অব্ চেৰিটী”ৰ দ্বাৰা পৰিচালিত হয়।

মাদাৰ টেৰেছাৰ দ্বিতীয় উল্লেখযোগ্য মিছনটো হৈছে _ দৰিদ্ৰ,অনাথ আৰু পৰিত্যক্ত শিশু সকলৰ বাবে স্থাপন কৰা ‘নিৰ্মল শিশু ভৱন’। তেওঁ শিশু ভৱনৰ বেৰত তালৈ অহা লোকৰ চকুত পৰাকৈ পোষ্টাৰত লিখিছিল _ ‘অনাথ শিশু সকলে কেৱল আপোনালোকৰ সেৱাহে বিচাৰে এনে নহয়, মৰমো বিচাৰে ; সিহঁতক মৰম দিবলৈ আপোনালোকৰ সান্নিধ্যৰ প্ৰয়োজন’। বছৰ বাগৰাৰ লগে লগে প্ৰায় ১০,০০০ অনাথ শিশু এই শিশু ভৱনত প্ৰতিপালিত হ’বলৈ ধৰিলে। শিশু অৱস্থাত মাদাৰৰ বুকুৰ উমেৰে লালিত হোৱা শিশুক ডাঙৰ হোৱাৰ লগে লগে স্কুলীয়া শিক্ষা দিয়া হয় আৰু জীৱিকা নিৰ্বাহৰ প্ৰশিক্ষণ দি উপযুক্ত কৰি গঢ়ি তোলা হয় যাতে তেওঁলোকে ভৱিষ্যৎ জীৱনত প্ৰতিষ্ঠা লাভ কৰিব পাৰে।

মাদাৰ টেৰেছাৰ মানৱ সেৱাৰ তৃতীয় উল্লেখযোগ্য কামটো হৈছে কুষ্ঠ ৰোগী সকলৰ বাবে আগবঢ়োৱা সেৱা। কুষ্ঠ ৰোগী সকলক সাধাৰণতে পৰিয়াল-পৰিজনে এৰাই চলে আৰু এইদৰে তেওঁলোকে পৰিয়ালৰ পৰা পৰিত্যক্ত হৈ বাটে-ঘাটে ভিক্ষা কৰিবলৈ বা চুৰি কৰিবলৈ বাধ্য হৈ পৰে। মাদাৰে তেওঁলোকৰ দুখ-কষ্ট,হতাশা উপলব্ধি কৰি তেওঁলোকক সেৱা-শুশ্ৰূষা কৰাৰ বাবে প্ৰথমে গছৰ তলত,তাৰ পিচত এখন ভানত ‘ম’বাইল ক্লিনিক’ স্থাপন কৰে। ১৯৫৩ খ্ৰীষ্টাব্দত কৰ্ত্তৃপক্ষৰ পৰা মাটি লাভ কৰি ‘প্ৰেম নিবাস’ (Prem Nivas – The Home of Love) নামে আশ্ৰয় স্থল প্ৰতিষ্ঠা কৰে। বৰ্তমান ভাৰতৰ বিভিন্ন ঠাইৰ পৰা কুষ্ঠৰোগী সকল চিকিৎসাৰ বাবে ইয়ালৈ আহে। মাদাৰে কৈছিল _ ‘মই যেতিয়া কুষ্ঠ ৰোগী সকলৰ ঘা ধুই দিওঁ মই তেতিয়া অনুভৱ কৰোঁ মই যেন ভগৱানকহে শুশ্ৰূষা কৰিছোঁ”।

ভাৰতৰ বিভিন্ন স্থানত মাদাৰ টেৰেছাই স্থাপন কৰে বিভিন্ন বিদ্যালয় আৰু সেৱাশ্ৰম। ভাৰতৰ বাহিৰেও তেওঁ এছিয়া, ইউৰোপ,আমেৰিকা, অষ্ট্ৰেলিয়া আদিতো মানৱ কল্যাণৰ কাম কৰিছিল। ভাৰতৰ বাহিৰত তেওঁৰ সমাজ সেৱাৰ কাম আৰম্ভ হয় ১৯৬৫ চনত। তেওঁ স্থাপন কৰা মিছনেৰীজ অব্ চেৰিটী পৃথিৱীৰ প্ৰায় ১২০ খন দেশলৈ বিস্তৃতি লাভ কৰে। এই চেৰিটীয়ে শিক্ষা প্ৰতিষ্ঠান,দাতব্য চিকিৎসালয়, দুখীয়াৰ ঘৰ, এইডচ ৰোগী সকলৰ বাবে চিকিৎসালয় আদি চলায়। ১৯৭১ চনত মাদাৰ টেৰেছাই নিউইয়ৰ্ক ভ্ৰমণ কৰে আৰু তাত এইডছ ৰোগী সকলৰ বাবে ৰান্ধনি-শাল আৰু আশ্ৰয় স্থল খোলে। তাৰ পিচত তেওঁ বেইৰুট আৰু লেবানন ভ্ৰমণ কৰে।

অক্লান্ত শ্ৰম আৰু দানৰ বাবে মাদাৰ টেৰেছাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভালেমান বঁটা-সন্মান লাভ কৰে। ভাৰতীয় লোকলৈ আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে তেওঁক ভাৰত চৰকাৰে ১৯৬৩ চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰে। একে বছৰতে তেওঁ ফিলিপাইন চৰকাৰৰ মেগছেছে বঁটাও লাভ কৰে। মাদাৰ টেৰেছাই লাভ কৰা আন কেইটামান উল্লেখযোগ্য সন্মান হ’ল _ ছোভিয়েট দেশ শান্তি বঁটা (১৯৭২), ছেণ্ট ফ্ৰান্সিছ পুৰস্কাৰ (১৯৭৪), ভাৰতৰত্ন (১৯৮০), ইংলেণ্ডৰ সৰ্বোচ্চ সন্মান _’অৰ্ডাৰ অব্ মেৰিট’ (১৯৮৩), গুড ছামৰিটান পুৰস্কাৰ, কেনেডি আন্তৰ্জাতিক পুৰস্কাৰ আদি। ১৯৭৯ চনত তেওঁ লাভ কৰে সৰ্বোচ্চ সন্মান ‘শান্তিৰ নোবেল বঁটা’।

মাদাৰ টেৰেছাই কৈছিল-“এই সমূহ বঁটা মোৰ বাবে নহয়; এয়া দৰিদ্ৰ সকলৰ বাবে যি সকলক স্বীকৃতি দিয়া হৈছে”। তেওঁ নিজৰ কাৰণে একো বিচৰা নাছিল, কাৰণ তেওঁ নিজকে ভগৱানৰ এক আহিলা বুলিহে গণ্য কৰিছিল। এবাৰ পোপ পল ৬ষ্ঠই তেওঁক দুটা কক্ষযুক্ত এখন বিশেষ গাড়ী উপহাৰ দিছিল। মাদাৰে সেইখনৰ নামত চিঠি-খেল খেলাই তাৰ সংগৃহীত ধন কুষ্ঠ ৰোগী কেন্দ্ৰ এটাত ব্যয় কৰে। সেইদৰে পোপ জন ২২ৰ শান্তি বঁটাৰ সমুদায় ধন কুষ্ঠ ৰোগী সকলৰ বাবে খৰচ কৰে। মেগছেছে বঁটাৰ পৰা পোৱা ৫০,০০০ টকা তেওঁ আগ্ৰাত অৰ্ধনিৰ্মিত হৈ থকা শিশু ভৱন এটাত দান দিয়ে। পৃথিৱীৰ সম্ভৱপৰ সকলো ঠাইলৈকে তেওঁ ভ্ৰমণ কৰিছিল দৰিদ্ৰ-আৰ্তজনৰ মুখত আশাৰ দ্বীপ নিৰ্মাণ কৰিবলৈ। তেওঁ হেনো এবাৰ কৈছিল-“যদি চন্দ্ৰতো দৰিদ্ৰ লোক আছে, তাতো মই যাবলৈ সাজু”। মাদাৰ টেৰেছাৰ আটাইতকৈ প্ৰিয় শব্দটোৱেই হ’ল-‘সুন্দৰ'(beautiful)। তেওঁৰ মতে ভগৱানৰ বাবে কিবা এটা সুন্দৰ কাম কৰাই হ’ল প্ৰকৃত জীৱন।

এবাৰ মাদাৰ টেৰেছাই এটা টান নৰিয়াৰ পৰা আৰোগ্য লাভ কৰোঁতে কোনোবা এজনে তেওঁক কৈছিল যে সকলোৱেই তেওঁ আৰোগ্য লাভত সুখী হৈছে। তেতিয়া তেওঁ হাঁহি হাঁহি কৈছিল- “ মই স্বৰ্গপুৰীৰ দুৱাৰলৈ গৈছিলোঁ, তেতিয়া ছেইণ্ট পীটাৰে মোক ক’লে-তুমি কিয় ইয়ালৈ আহিছা? তুমি সেৱা আগ বঢ়াবলৈ স্বৰ্গততো কোনো দৰিদ্ৰ লোক নাই। সেয়ে মই পুনৰ মোৰ কাম কৰিবলৈ উভতি আহিছোঁ”।

এই গৰাকী মহীয়সী মাতৃৰ ১৯৯৭ খ্ৰীষ্টাব্দৰ ৫ ছেপ্টেম্বৰত কলকাতাত স্বৰ্গগামী হয়। তেওঁৰ মৃত্যুত সমগ্ৰ বিশ্বই এগৰাকী প্ৰকৃত মাতৃক হেৰুৱালে। দৰিদ্ৰ-আৰ্তসকল আৰু অনাথ শিশু সকল মাতৃ স্নেহৰ পৰা বঞ্চিত হ’ল।

মাদাৰ টেৰেছাই প্ৰতি ৰাতিপুৱা কৰা প্ৰাৰ্থনা আৰু তেওঁ দেখা কৰা লোকৰ পৰাই শক্তি আহৰণ কৰিছিল। সহস্ৰ আৰ্তজনে তেওঁৰ মাতৃত্বৰ মৰম আৰু যত্নতেই লালিত-পালিত হৈছিল। তেওঁ কৈছিল-“ দয়াৰ মহাসাগৰত মই কৰা কাম মাত্ৰ এটা টোপালহে; যদি মই এইটো যোগ নিদিওঁ, তেন্তে মহাসাগৰখনে এটা টোপাল হেৰুৱাব”। মাদাৰ টেৰেছাই আমাক সেৱাৰ পথ দেখুৱাই থৈ গৈছে-যিটো নেকি পূজা-সেৱাৰ আটাইতকৈ সুন্দৰ উপায়। তেওঁৰ অদম্য বিশ্বাস, সকলোৰে প্ৰতি থকা মৰম-স্নেহ, কঠোৰ শ্ৰম, অধ্যৱসায় আৰু নিস্বাৰ্থ সেৱাই যুগে যুগে পৃথিৱীৰ জনগণক অনুপ্ৰেৰণা যোগাই থাকিব।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!