সাক্ষাৎকাৰ: 'মৌচাক মামা'ৰ সৈতে এখন্তেক

লেখক- হিমজ্যোতি তালুকদাৰ

মৌচাক! আমাৰ সকলোৰে পৰিচিত এটি মিঠা নাম। অসমত এনে কোনো লোক নাই যি এই শব্দটোৰ লগত পৰিচিত নহয়। সকলোৰে শৈশৱ হয়তো পাৰ হৈছে মৌচাকৰ মিঠা মিঠা পৃষ্ঠাসমূহ লুটিয়াই। ১৯৮৪ চনতে জন্ম লাভ কৰা এই শিশু আলোচনীখনে তিনিটা দশকতকৈও অধিক কাল শিশুসকলৰ মাজত থাকি ইয়াৰ সোৱাদ বিলাই আহিছে। প্ৰায় ত্ৰিশ বছৰীয়া মৌচাকখন বৰ্তমানেও পূৰ্বৰ দৰেই শিশু সকলৰ মাজত সমানেই জনপ্ৰিয়। এক কথাত ক’বলৈ গ’লে মৌচাক হৈছে কেইবাটাও প্ৰজন্মৰ উত্তৰণৰ এক জীৱন্ত সাক্ষী। এই মৌচাকখন আটোমটোকাৰিকৈ সাজিছিল এগৰাকী ব্যক্তিয়ে, ব্যক্তিগৰাকীৰ নামেই হ’ল ‘মৌচাক মামা’। শান্তনু তামুলী ছদ্মনামেৰে শিশু সাহিত্যৰ উত্তৰণত দেহেকেহে লাগি থকা এই গৰাকী ব্যক্তি কিন্তু ডাঙৰ সৰু সকলোৰে মাজত ‘মৌচাক মামা’ হিচাপেহে অধিক পৰিচিত। মৌচাক আৰু মৌচাক মামাৰ মনৰ কিছুমান কথা জানিবলৈ সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা যোগাযোগ কৰা হৈছিল মৌচাক মামাৰ লগত। আহকচোন আমিও জানো ‘মৌচাক মামাৰ মনৰ কথা, তেখেতৰ কলমেৰেই-

সাহিত্য ডট অৰ্গ:

মৌচাকখন অসমীয়া শিশু আলোচনী জগতৰ সৰ্বশ্ৰেষ্ঠ আলোচনী বুলি ক’লেও হয়তো বঢ়াই কোৱা নহ’ব। কেইবাটাও প্ৰজন্ম হয়তো মৌচাকৰ মিঠা সোৱাদ লৈয়েই শৈশৱ অতিক্ৰম কৰিলে। মৌচাকখনৰ আৰম্ভণিৰ সময়খিনিৰ বিষয়ে আমাক অলপ জনাব নেকি?

শান্তনু তামুলী:

১৯৮৪ চনৰ এপ্ৰিল মাহ অৰ্থাৎ ৰঙালী বিহুৰ আগে আগে ‘মৌচাক’ৰ প্ৰথম সংখ্যা প্ৰকাশ হৈছিল। সেই সময়ত আজিৰ দ’ৰে ডি৹টি৹পি আৰু অফছেট মুদ্ৰণ প্ৰযুক্তিৰ প্ৰচলন অসমৰ সকলো ঠাইতে উপলব্ধ হোৱা নাছিল। যোৰহাটতো সেই সময়ত লেটাৰ প্ৰেছ মেচিনত আলোচনী ছপা হৈছিল। হেণ্ড কম্প’জ আৰু মনো টাইপ মেচিনত কম্প’জ হৈছিল। ‘মৌচাক’ আলোচনীখন যিদৰে প্ৰকাশ কৰিম বুলি ভাবিছিলোঁ সেয়া লেটাৰ প্ৰেছত সম্ভৱ নাছিল। গতিকে প্ৰেছৰ লগত বুজাবুজি হ’ল যে আলোচনীখন অফছেটত ছপা হ’লে প্ৰেছে আলোচনীখনৰ ওপৰতে ভৰষা কৰি অফছেট মেচিন বহুৱাব। ভবা মতেই কাম আৰম্ভ হৈছিল আৰু ‘মৌচাক’ অফছেটত ছপা হৈ ওলাল। আজিও মৌচাক একেটা প্ৰেছতে ছপা হৈ আছে। অফছেট প্ৰযুক্তিৰে ছপা হোৱা ‘মৌচাক’ প্ৰথম অসমীয়া শিশু আলোচনী আছিল। ১২০০ টকা মূলধনেৰে আৰম্ভ হোৱা ‘মৌচাক’ৰ প্ৰথম সংখ্যা পাঁচ হাজাৰ কপি ছপা হৈছিল আৰু সেই সময়ত এখন আলোচনীত প্ৰথম সংখ্যাত পাঁচ হাজাৰ কপি ছপা কৰাৰ কথা শুনি আচৰিত হৈছিল। প্ৰথম সংখ্যাৰ আলোচনীৰ মূল্য আছিল তিনি টকা। প্ৰথম সংখ্যা ‘মৌচাক’ ভূপেন হাজৰিকাদেৱৰ শুভেচ্ছাবাণীৰে ধন্য আছিল। প্ৰথম সংখ্যাৰ পৰা ‘মৌচাক’ৰ চিত্ৰশিল্পী আছিল ৰবীন বৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’বোৰৰ চিত্ৰ ৰূপ আৰম্ভ হৈছিল। প্ৰথম সংখ্যাৰ চাহিদা শিশু পঢ়ুৱৈৰ মাজত ইমানেই আছিল যে কিছুমান ঠাইত ‘মৌচাক’ৰ প্ৰথম সংখ্যা বৰ্ধিত দামতো হেনো বিক্ৰী হৈছিল। প্ৰথম বছৰতে ‘মৌচাক’ৰ মুদ্ৰণ সংখ্যা ১৩ হাজাৰ কপি হৈছিল।

সাহিত্য ডট অৰ্গ:

মৌচাকৰ এই সুদীৰ্ঘ পৰিক্ৰমাতে বহু শিশু আলোচনী আৰম্ভও হ’ল, বন্ধও হৈ পৰিল। কিন্তু মৌচাকখন যেন সুদীৰ্ঘ তিনিটা দশক ধৰি আজিও উজ্জীৱিত হৈ আছে। মৌচাকৰ পাততেই বহু অসমীয়া কালজয়ী শিশু সাহিত্য ৰচনা হৈছিল। মৌচাকৰ তিনিটা দশকৰ এই যাত্ৰাত আপোনাৰ মনৰ অনুভৱখিনি আমাক জনাব নেকি? কেনেদৰে আপুনি এই যাত্ৰা অতিক্ৰম কৰিলে? লগতে কেনেদৰে আপুনি মৌচাকক আগবঢ়াই লৈ যাব বিচাৰে?

শান্তনু তামুলী:

‘মৌচাক’ৰ যোৱা তিনিটা দশক কিদৰে অতিবাহিত হ’ল তাক ভাবি ময়ো আচৰিত হওঁ। এই দীঘলীয়া যাত্ৰাত বিশেষকৈ প্ৰথমৰ সময়ছোৱাত ‘মৌচাক’ৰ লেখা-মেলা কৰা আৰু ‘মৌচাক’ৰ সৈতে জড়িত হোৱা বহু শিশু আজি সমাজৰ বিভিন্ন ক্ষেত্ৰত একো একোজন প্ৰতিষ্ঠিত ব্যক্তি। ‘মৌচাক’ৰ পাতত লেখিবলৈ আৰম্ভ কৰা বহুজনে যেতিয়া আজি সাহিত্য, সাংবাদিকতা, দূৰদৰ্শন, অনাতাঁৰ, কথাছবি আদি বিভিন্ন ক্ষেত্ৰত খ্যাতি অৰ্জা দেখা পাওঁ তেতিয়া নিজৰে ভাল লাগে। দুটা বা তিনিটা দশকৰ আগতে লগ পোৱা অনেক শিশু আজি সন্তানৰ পিতৃ-মাতৃ। তেওঁলোকৰ ল’ৰা-ছোৱালী আজি ‘মৌচাক’ৰ পঢ়ুৱৈ আৰু নতুন চাম লেখক-লেখিকা। আনকি বয়সত ডাঙৰ হোৱাৰ পাছতো অনেকে যেতিয়া কয় ‘মৌচাক’ আজিও পঢ়োঁ– সেই কথা জানিও ভাল লাগে।

সাহিত্য ডট অৰ্গ:

সময়ৰ লগে লগে শিশু পঢ়ুৱৈৰ মৌচাক তথা অন্যান্য শিশু সাহিত্যৰ প্ৰতি আগ্ৰহ কেনেদৰে সলনি হৈছে বুলি আপুনি অনুভৱ কৰে?নব্বৈ দশকৰ এগৰাকী শিশুৰ বাবে সেই সময়ত প্ৰকাশিত লেখাবোৰ যেনেদৰে আকৰ্ষণীয় আছিল, সেই হিচাবে বৰ্তমান সময়ত সময়ৰ লগে লগে শিশু সাহিত্যৰ ধাৰাটোও সলনি হোৱা বুলি আপুনি অনুভৱ কৰে নেকি, মৌচাকক এক উদাহৰণ হিচাপে লৈ?

শান্তনু তামুলী:

শিশুৰ বয়স বাঢ়ি যোৱাৰ লগে লগে তেওঁলোকৰ ধ্যান-ধাৰণা, তেওঁলোকৰ ভাল লগা-বেয়া লগা আৰু বিষয়বস্তু সলনি হয়। শিশু সাহিত্যৰ ক্ষেত্ৰতো সেয়ে ঘটে। আটাইতকৈ ডাঙৰ কথা হ’ল পাঁচমান বছৰৰ পৰা এটি শিশু ক্ৰমে চৈধ্য-পোন্ধৰ বছৰলৈকে শিশু-সাহিত্যৰ পাঠক। অসমীয়া ভাষাত বয়সৰ স্তৰভেদে শিশু-সাহিত্য সচৰাচৰ ৰচনা হোৱা দেখা নাযায়। বয়স ভেদে শিশুৰ পঠন ৰুচি সলনি হয়। এখন আলোচনী বিভিন্ন বয়সৰ বিভিন্ন ৰুচিৰ প্ৰতি আগ্ৰহী শিশুৱে পঢ়িবলৈ হাতত তুলি ল’ব পাৰে। গতিকে শিশু সম্পাদকৰ কাম হ’ল সকলো বয়সৰ, সকলো ৰুচিৰ পঢ়ুৱৈক আকৰ্ষণ কৰিব পৰাকৈ উপযুক্ত লেখা আৰু উপস্থাপনৰ প্ৰতি অনবৰত সতৰ্ক হৈ থকা। এইখিনি পালন কৰিবলৈ চেষ্টা কৰি আহিছোঁ। দুটা বিষয় মনত ৰাখোঁ। এটা হ’ল সময়ৰ পৰিৱৰ্তনৰ লগে লগে শিশুৱে বাহিৰৰ জগতখন তেওঁলোকৰ চকুৰে কি দেখে, কি বুজে, কি অনুভৱ কৰে সেই কথাবোৰ শিশুৰ দৃষ্টিৰে চোৱাৰ চেষ্টা কৰোঁ। দ্বিতীয়তে, সময়ৰ লগে লগে শিশুৰ প্ৰয়োজন হোৱা বুলি ধাৰণা কৰা বিষয়সমূহ শিশু-সাহিত্যৰ মাজেৰে আগবঢ়াই দিয়া। জ্যেষ্ঠ সকলে তেওঁলোকৰ দৃষ্টিৰে শিশুৰ মনোজগতখন ধাৰণা কৰি লেখা শিশু-সাহিত্যৰ প্ৰতি মই ভাবোঁ আজিৰ শিশুসকল আকৰ্ষিত নহয়।

সাহিত্য ডট অৰ্গ:

বৰ্তমান তথ্য প্ৰযুক্তি ইণ্টাৰনেটৰ যুগত শিশু সকলৰ মানসিকতাৰ পৰিবৰ্তন হোৱা বুলি অনুভৱ কৰে নে? কম্পিউটাৰ, ইলেকট্ৰনিক খেলা ধূলা আদিৰ লগত বেছিকৈ ব্যস্ত শিশুসকলৰ বৰ্তমানৰ যান্ত্ৰিক যুগত সাহিত্য চৰ্চাৰ এক পৰিবেশ থকা বুলি অনুভৱ কৰেনে?

শান্তনু তামুলী:

তথ্য-প্ৰযুক্তি, ইণ্টাৰনেট, দূৰদৰ্শনৰ যুগত বসবাস কৰা শিশুৰ মানসিকতা নিশ্চয় আজিৰ যুগৰ সৈতে খাপ খোৱা হ’ব বা হ’ব লাগিব। তদুপৰি যিখন সমাজত শিশু ডাঙৰ-দীঘল হয় সেইখন সমাজ তেওঁলোকৰ জ্ঞান আৰু আনন্দ লাভ কৰাৰেই সমাজ। এনে পৰিবেশত সাহিত্য-চৰ্চাৰ বহু নতুন দিশৰ আৰম্ভণি হৈছে বুলি মই ভাবোঁ। আগতে শিশুৱে কেৱল কিতাপ পঢ়ি সাহিত্যৰ সোৱাদ লাভ কৰিছিল। আজিৰ শিশুৱে কিতাপ পঢ়াৰ উপৰি দূৰদৰ্শনৰ পৰ্দাত তেওঁলোকে ভাল পোৱা কাৰ্য্যসূচী চাই উপভোগ কৰে। সেইদৰে কম্পিউটাৰৰ মাজেৰে তথ্য-প্ৰযুক্তিৰ মাধ্যমেৰে জ্ঞান আহৰণ কৰিব পাৰে। ইণ্টাৰনেটৰ মাধ্যমেৰে কেতিয়াও সহজলভ্য নোহোৱা ভাল ভাল বিশ্ব-সাহিত্য পঢ়াৰ সুবিধা লাভ কৰে। কম্পিউটাৰ বা ইণ্টাৰনেটৰ জৰিয়তে আজিৰ শিশুৱে ‘ই-বুক’ পঢ়াৰ আনন্দ লাভ কৰিছে। আধুনিক তথ্য-প্ৰযুক্তিৰ ফলত আজিৰ শিশু কিতাপ পঢ়াৰ পৰা বিচ্ছিন্ন হোৱা নাই। কিতাপৰ মাত্ৰ ৰূপহে সলনি হৈছে। আমি আহিবলগীয়া ভৱিষ্যতক আওকাণ কৰিব নোৱাৰোঁ। গতিকে শিশুসকলৰ বাবে অসমীয়া ভাষাত ছপা মাধ্যমৰ লগতে ইন্টাৰনেটতো ভাল ভাল শিশু-সাহিত্যৰ ভঁৰাল যিমান সোনকালে পৰা যায় সমৃদ্ধ কৰি তুলিব লাগিব।

সাহিত্য ডট অৰ্গ:

মৌচাকৰ লগতে ‘নতুন আৱিষ্কাৰ’ এখন উল্লেখযোগ্য আলোচনী। শিশু বিজ্ঞান সাহিত্যৰ বাটকটীয়া আলোচনীখন বৰ্তমানেও প্ৰকাশ হৈ আছে। আপুনিও শিশু উপযোগী বিভিন্ন বিজ্ঞানধৰ্মী লেখা মেলা কৰিছে। এগৰাকী শিশুক বিজ্ঞানৰ প্ৰতি সৰুৰে পৰা ধাউতি বঢ়াই তুলিবলৈ নতুন আৱিষ্কাৰখনে কেনেধৰণে ভূমিকা গ্ৰহন কৰিছে বুলি আপুনি অনুভৱ কৰে?

শান্তনু তামুলী:

শিশুসকল স্বাভাৱিকতে অনুসন্ধিৎসু মনৰ অধিকাৰী। সাহিত্যৰ কল্পনাৰ জগতখনত বিচৰণ কৰাৰ লগতে শিশুৱে নিজে বাস কৰা বাস্তৱ জগতখনৰ দৰেই আমোদজনক আৰু বিজ্ঞানে শিশুক আৰু কল্পনাপ্ৰৱণ কৰি তুলিব পাৰে। ‘মৌচাক’ আলোচনীত প্ৰথমৰে পৰা বিজ্ঞানৰ লেখাসমূহৰ প্ৰতিও শিশুসকলৰ আকৰ্ষণ থকাৰ অনুভৱ হোৱাৰ বাবে তেওঁলোকৰ বাবে তেওঁলোকে বুজাকৈ বিজ্ঞানৰ কথাবোৰ সহজ-সৰল ভাষাত আকৰ্ষণীয়কৈ উপস্থাপন কৰি ‘নতুন আৱিষ্কাৰ’ নামেৰে বিজ্ঞানৰ আলোচনীখন প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছিলোঁ। সাধাৰণতে বাতৰিকাকত আৰু আলোচনীত বিজ্ঞানৰ কথাবোৰ শিশুৰ বোধগম্য হোৱাকৈ লিখা নহয় আৰু তেনে লেখনি পঢ়ি শিশুসকল বিজ্ঞানৰ জগতখনৰ সৈতে একাত্ম হ’ব নোৱাৰে। ‘নতুন আৱিষ্কাৰ’ আলোচনীখনত বিজ্ঞানৰ কথাবোৰ শিশুৰ উপযোগীকৈ উপস্থাপন কৰা হয় আৰু বিজ্ঞানৰ জগতখনত ঘটা শেহতীয়া উদ্ভাৱন আৰু বিকাশ সম্পৰ্কীয় বিষয়সমূহ আকৰ্ষণীয়কৈ প্ৰকাশ কৰিবলৈ চেষ্টা কৰি আহিছোঁ। এই দিশত কেইবাজনো বিজ্ঞানী আৰু বিজ্ঞান লেখকে অৰিহণা যোগাই আহিছে। বৰ্তমান সময়ত শিশুসকলে সাহিত্য আৰু বিজ্ঞান এই দিশত সমানে আগ্ৰহী হ’লে তেওঁলোক ভৱিষ্যতে বিজ্ঞানসন্মত ধাৰণাৰ অধিকাৰী হ’ব।

সাহিত্য ডট অৰ্গ:

সেই তাহানিতে মৌচাক আৰু নতুন আৱিষ্কাৰেই হয়তো আমাক শিশু সাহিত্যৰ অনুবাদৰ লগত পোন প্ৰথমবাৰৰ বাবে চিনাকি কৰাই দিছিল। আপোনাৰ ‘ইলেক্ট্ৰনিক নামৰ ল’ৰাটো’ এখন উল্লেখযোগ্য অনুবাদ সাহিত্য। অনুবাদ সাহিত্যত আমি যথেষ্ট পিছপৰা বুলিয়েই অনুভৱ হয়। এই ক্ষেত্ৰত আপোনাৰ মতামত।

শান্তনু তামুলী:

অনুবাদ সাহিত্যত আমি পিছ পৰি আছো – কথাষাৰ সঁচা। বেছি ভাগ ভাল বা মহৎ বিদেশী সাহিত্যৰ সোৱাদ আমাৰ শিশুসকলে লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিছে। সেইদৰে আমাৰ দেশৰ বিভিন্ন ৰাজ্যিক ভাষাতৰচনা কৰা ভাল শিশু-সাহিত্য অসমীয়ালৈঅনুবাদ হোৱা নাই। ডাঙৰৰ বাবে লেখা ভাল গ্ৰন্থৰো শিশু উপযোগীকৈ ভাষান্তৰ হ’ব পাৰে; যি ক্ষেত্ৰত আমি পিছ পৰি আছো। একেদৰে অসমীয়া ভাষাত ৰচনা হোৱা ভাল শিশু-সাহিত্য অন্যান্য ভাৰতীয় ভাষালৈ অনুবাদ কৰাৰ কোনো প্ৰচেষ্টা দেখা নাযায়। ‘মৌচাক’ আলোচনীৰ সৌজন্যত ‘নেশ্যনেল বুক ট্ৰাষ্ট’ৰ বাবে লিখি উলিওৱা অসমৰ কেইবাগৰাকী শিশু সাহিত্যিকৰ শিশু সাহিত্য অসমীয়া ভাষাৰ লগতে ইংৰাজী  আৰু অন্যান্য ভাষালৈ অনুবাদ হৈছে। আমাৰ দেশৰ বিভিন্ন প্ৰান্তৰ শিশুসকলে অন্তত কেইখনমান অসমীয়া শিশু-সাহিত্যৰ সোৱাদ ল’ব পাৰিছে। শিশু-সাহিত্যৰ অনুবাদৰ আদান-প্ৰদানৰ মাজেৰে শিশুসকলৰ মাজত ৰাষ্ট্ৰীয় ঐক্য সৃষ্টি কৰিব পাৰে বুলি মই ভাবোঁ। আমাৰ ভাষাত উত্কৃষ্টমানৰ শিশু-সাহিত্য আছে। সেই সমূহ অন্যান্য ভাষালৈ অনুবাদ হ’ব পাৰে।

সাহিত্য ডট অৰ্গ:

এটা সৰু প্ৰশ্ন। মৌচাক আৰু নতুন আৱিষ্কাৰখন তাহানিতেই ন ন তথ্যৰে উপচি আছিল। তথ্যৰ সাগৰত আমি যেন জ্ঞানৰ মানিক বুটলি ফুৰিছিলো। সেই তাহানিৰ ইণ্টাৰনেট বিহীন এখন পৃথিৱীত ইমানবোৰ তথ্য একেলগে ক’ৰ পৰা গোটাইছিল বাৰু?

শান্তনু তামুলী:

মৌচাক’আৰু ‘নতুন আৱিষ্কাৰ’ৰ পুৰণা সংখ্যাবোৰৰ পাত মেলি চালে মোৰো একেই অনুভূতি হয় যে ইন্টাৰনেট অহাৰ পূৰ্বে ইমানবোৰ তথ্য আৰু কথা কেনেকৈ সংগ্ৰহ কৰি আনি প্ৰতিখন আলোচনীতে নতুন নতুন তথ্যৰে সজাই তুলিছিলোঁ। বেছি ভাগ তথ্য আৰু কথা বিশেষকৈ ইংৰাজী ভাষাৰ কিতাপ, আলোচনী আৰু বিশ্বকোষৰ পৰা বুটলি অনা হৈছিল। আজিৰ দৰে ইণ্টাৰনেটত যিকোনো তথ্য যিদৰে সহজলভ্য সেইদৰে তেতিয়া সহজলভ্য নাছিল।

সাহিত্য ডট অৰ্গ:

মৌচাকৰ জন্মলগ্নৰে পৰা আজিলৈকে ইয়াৰ লিখক, পাঠকৰ কিধৰণৰ পৰিৱৰ্তন লক্ষ্য কৰিছে? মৌচাকৰ জনপ্ৰিয়তা আগৰ সমান অটুট আছেনে?

শান্তনু তামুলী:

‘মৌচাক’ৰ জন্মলগ্নৰ পৰা আজিলৈকে নিশ্চয় লেখক আৰু পাঠকৰ পৰিৱৰ্ত্তন হৈছে। আজিৰ শিশু-পাঠকক সহজে সন্তুষ্ট কৰিব নোৱাৰি। সেই বাবে ভাল শিশু-সাহিত্য ৰচনা সেইসকল লেখকৰ বাবেহে সম্ভৱপৰ হৈছে যিসকল লেখকে শিশু-সাহিত্য ৰচনাক দায়বদ্ধতাৰে গ্ৰহণ কৰিছে। তদুপৰি শিশু-সাহিত্য ৰচনাৰ মাজেৰে যিসকল লেখকে বিমল আনন্দ লাভ কৰে সেইসকল লেখকেহে শিশু-সাহিত্যৰ মূল্য অনুভৱ কৰিব পাৰে। শিশুসকলে বিচাৰে নতুনত্ব আৰু বৈচিত্ৰ্য। মান বিশিষ্ট লেখনিৰ লগতে ছবি আৰু সু-সম্পাদনাৰ প্ৰয়োজন অনুভৱ কৰোঁ। আজিৰ শিশুৱে শিশু-সাহিত্যত নিজক বিচাৰি পালে ভাল পায়।

সাহিত্য ডট অৰ্গ:

অসমীয়া সাহিত্যত শিশু সাহিত্য যেন এক এলাগী বিষয়। কেইগৰাকীমান মুষ্টিমেয় সাহিত্যিকহে এই ক্ষেত্ৰত দেহেকেহে জড়িত হৈ আছে। তাৰে মাজত আপুনিও এগৰাকী। ইয়াৰ মূল কাৰণ কি বুলি ভাবে? শিশু সাহিত্য এক জটিল বিষয় বুলি আপুনি অনুভৱ কৰে নেকি?

শান্তনু তামুলী:

শিশুৰ মন বুজি গল্প, কবিতা আদি ৰচনা কৰা লেখকৰ সংখ্যা পূৰ্বৰ তুলনাত কমি অহা যেন পাওঁ। শিশু-সাহিত্য ৰচনা এখ জটিল কাম বুলি সকলোৱে স্বীকাৰ কৰে; কিন্তু বৰ্তমান শিশু-সাহিত্য ৰচনা আৰু অধিক জটিলতৰ হৈ পৰিছে। শিশু-সাহিত্য ৰচনাৰ বাবে আহৰিত জ্ঞান-সম্ভাৰৰ উপৰি বৰ্তমান অন্যান্য বিষয়ৰ অধ্যয়ন আৰু অৱলোকনৰ প্ৰয়োজন। ফলত প্ৰতিষ্ঠিত লেখকসকলৰ অনেকে শিশু-সাহিত্য ৰচনাত হাত দিবলৈ ইতস্ততঃ অনুভৱ কৰে। সেইবাবে হয়তো অসমীয়া শিশু-সাহিত্য এক শ্ৰেণীৰ এলাগী সাহিত্যত পৰিণত হৈছে। বৰ্তমান গোলকীয় পৃথিৱীখনত আমি জানো যে শিশুসমাজে বৃহৎ এক বাণিজ্যিক অংশ প্ৰভাৱিত কৰিছে। এইক্ষেত্ৰত শিশু-সাহিত্যৰ বজাৰখন আমি ভৱাতকৈ বহু ডাঙৰ। এই দিশত অসমীয়া শিশু-সাহিত্যৰ লেখক আৰু প্ৰশাসকসকলে যি দিনাই গুৰুত্ব দিব সেইদিনা শিশু-সাহিত্যৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা হ’ব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!