মুদ্ৰাদোষ (মেৰিলিন দত্ত)

সকলো মানুহৰে কিবা এটা নহয় কিবা এটা মুদ্ৰাদোষ থাকে ! কোনোবাই মোক কিবা ক’লে “আচ্ছা” বুলি মই নজনাকৈয়ে মোৰ মুখৰ পৰা ওলায় ! এইটো মোৰ মুদ্ৰাদোষ ! কিছুমানে অ’ কয় ! কিছুমান হকে বিহকে থুৱাই থাকে ! যেন ভৰলু নৈৰ এগিলাচ পানীহে তেওঁক খাবলৈ দিয়া হ’ল ! কিছুমানে চাৰি পাঁচমিনিটৰ মূৰে মূৰে গা খজুৱাই আমাৰ পূর্বপুৰুষ সকল যে বান্দৰ আছিল তাক সূত্ৰ প্ৰয়োগ নকৰাকৈয়ে প্ৰমাণ কৰি থাকে ! কিছুমানে আকৌ ধুনীয়া ছোৱালী দেখিলেই ট টকৈ মুখলৈ চাই থকাটো মুদ্ৰাদোষ ! দোষটো বিয়াৰ পাছতো থাকি যোৱাত তেৰাৰ
মূৰত ঘৈণীয়েকৰ বেলনা মাৰিৰ কোব !

এই মুদ্ৰাদোষৰ ওপৰতেই আজি এটি সকৰুণ কাহিনী !
নায়কৰ নাম বেদ ! চৰিত্ৰটো অকণমান সলাই দিছো ! জীন্স টি চার্ট পিন্ধা চল্লিশোর্ধৰ শ্ৰীমান বেদ একদম সপ্ৰতিভ ডেকা হেন ! নিশা ৮ বজাটো শাৰীৰিক পৰিশ্ৰম কৰে ! তেৰাৰ মুদ্ৰাদোষ ভাল
ভাল ! মানে কথায়ে প্ৰতি “ভাল ভাল” কোৱাটো !
সুন্দৰী পত্নীয়ে সোধেঃ হেৰি চাহ একাপ খাব নেকি ?
হেৰি ,আজি গাখীৰৱালাটোৱে গাখীৰ নিদিলে দেখোন ? হেৰি ছোৱালীজনীয়ে বৰকৈ আমনি কৰি আছেহে ! শ্ৰীমান বেদৰ উত্তৰঃ ভাল..ভাল ! পত্নীয়ে তেওঁক কিলাবলৈহে বাকী থাকে !

চুবুৰীয়াই শ্ৰীমান বেদৰ এটা উপনাম ৰাখিছেঃ ভাল…ভাল !

এদিন আমাৰ শ্ৰীমান বেদ অফিচৰ কাম এটাত নলবাৰীলৈ যাব লগা হ’ল ! জৰুৰী কাম ! হাতত ব্ৰিফকেছ ! চকুত ছানগ্লাছ ! নেৰানেপেৰাকৈ অহা বৰষুণৰ সৈতে বাছত উঠি শ্ৰীমান বেদ পালেগৈ নলবাৰী ! চিধায়ে তেওঁ কামৰ ঠাইত উপস্থিত ! নিশালৈ উভতিব লাগিব !

তেওঁ পঞ্জীয়ন বাতিল কৰিবলৈ অহা কাৰখানাটোত উপস্হিত হ’লগৈ : আপোনালোকে তিনিবছৰ পঞ্জীয়ন নৱীকৰণ নকৰাকৈ কেনেকৈ কাৰখানা চলাই আছে ? কৰফাঁকি কৰিবলৈ আহিছে ?
হুহ ! এইখন লওঁক ! কালিৰ পৰা আপোনালোকে কাৰখানা চলাব নোৱাৰিব !

কাৰখানাৰ ঘোং ঘোং শব্দতকৈ তেৰাৰ
মাতটো জোৰকৈ ওলাইছিল ! ওলাবই গুৱাহাটীৰ পৰা নলবাৰী যোৱা কম কষ্টকৰ কথানে !

বেচেৰা পৰিচালকজনৰ অৱস্থাটো চাবলগীয়া হৈছিল ! অৱশেষত তেওঁ শ্ৰীমান বেদক বুজাব নোৱাৰি মূখ্য পৰিচালকক ফোন কৰি সকলো বিৱৰি ক’লে ! পাঁচমিনিটত মূখ্যপৰিচালক শ্ৰীমান বেদৰ
সন্মুখত হাজিৰ ! ওখ পাখ এজন চফল ডেকা ! চুলিখিনি খুৰোৱা ! হয়তু কেইদিনমান আগতে তেওঁ কোনোবা আত্মীয়ক হেৰুৱাইছে ! মূখ্য পৰিচালকে অতি নম্ৰভাৱে শ্ৰীমান বেদক দুদিনৰ সময় বিচাৰিলে ! শ্ৰীমান বেদে একেষাৰতে অনুৰোধ নাকচ কৰি দিলে !
মুখ্য পৰিচালকে জনালে যে তেওঁ যোৱা মাহতে গুৱাহাটীলৈ অহাৰ কথা আছিল ! কিন্তু সেইদিনায়ে তেওঁৰ একমাত্ৰ ভায়েকটো পানীত পৰি ঢুকাল !
শ্ৰীমান বেদৰ মুখৰ পৰা আপুনাআপুনি ওলাল সেই শুৱলা শব্দ দুটা : ভাল…. ভাল !

ইয়াৰ পাছত আৰু ক’বলগীয়া একো নাথাকিল ! ভায়েকৰ অপমূত্যুৰ দুখ আৰু কাৰখানা বন্ধ কৰি দিয়াৰ খং সানমিহলি হৈ শ্ৰীমান দেৱৰ পিঠি ,
হাত ,ভৰি চুলেগৈ ! সম্পুর্ণ একঘন্টা মৰমৰ পাছত শ্ৰীমান বেদক নলবাৰীৰ বাছ ষ্টেণ্ডৰ কাষত মূমূর্ষ অৱস্থাত উদ্ধাৰ কৰা হ’ল ! শৰীৰৰ অ’ত ত’ত পি ডব্লিউ ডি পথৰ দৰে ওখোহা মোখোহা ! দুজনমানে ধৰি নি তেৰাক হাস্পতালত ভর্তি কৰালে !

ঘটনাটো ইমানেই প্ৰচাৰ হ’ল যে নলবাৰী সকলোৱে তেৰাক চিনি পোৱা হ’ল ! কেতিয়াবা নলবাৰীলৈ গ’লে কাৰোবাক সুধিচাবচোন শ্ৰীমান ভাল..ভালক চিনি পায়নে ?

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক