হীৰাৰ চোৰাং ব্যৱসায় (প্ৰতিভূ দত্ত)

হীৰাৰ চোৰাং ব্যৱসায়

ණ প্ৰতিভূ দত্ত

ভাগিন এজনীৰ সৈতে কথা পাতি আছিলো ৷ তাই ইঞ্জিনিয়াৰীং পঢ়ি আছে আৰু কেইদিন পাছতে তাইৰ পঢ়া শুনা শেষ হ’ব ৷ আমি তাইৰ ভবিষ্যত পৰিকল্পনাৰ কথা পাতিলো ৷ তাইৰ কথাৰ পৰা মই এটা কথাত নিশ্চিত হ’লো ভবিষ্যত সম্পৰ্কে তাই একো পৰিকল্পনাই কৰিব পৰা নাই ৷

স্বভাৱসিদ্ধ ভাবেই, কথোপকথনৰ মাজতে মোৰ মনলৈ আহিল মই এৰি অহা দিনবোৰ ৷

কথোপকথন শেষ হয় মানে মোৰ মন উৰা মাৰি পালে গৈ ১৯৯৪ চন, আমি কলেজ এৰাৰ বছৰ ৷
সেই সময়ত ভালেমান ঘটনা ঘটিছিল বা ঘটনা ঘটিবলৈ লৈয়ো নঘটাকৈ থাকিল ৷ সেই ঘটনাবোৰ সঁচাকৈয়ে ঘটা হ’লে আজি মই হয়তো লিখি থাকিলো হয়, ‘তিহাৰত মোৰ দুটা দশক’ ৷

সেই ভালেমান ঘটনাৰে এটা ঘটনা – হীৰাৰ চোৰাং ব্যৱসায় ৷

ঘটনাটো বৰ্ননা কৰাৰ আগতে মই অকনমান ‘আমাৰ’ সেই সময়ৰ জীৱনবোৰৰ আভাষ দি ল’ব খুজিছো ৷ ‘আমাৰ’ মানে মোৰ আৰু লগতে আন বহু বন্ধুকেই বুজাইছো ৷
আমিবোৰৰ গোটেই কেউজনেই নিজৰ নিজৰ চুবুৰীবোৰৰ সৰু ল’ৰা-ছোৱালীবোৰৰ বাবে আদৰ্শ আছিলো কাৰন আমিবোৰে মেট্ৰিকত ভালেমান লেটাৰ লৈ লৈ পাছ কৰিছিলো ৷
আমিবোৰৰ প্ৰায় গোটেই কেউজনেই অভিযান্ত্ৰিক মহাবিদ্যালয় শিক্ষা সাং কৰি নিবনুৱাহৈ আছো ৷ আমিবোৰৰ প্ৰায় গোটেই কেউজনেই হঠাতে অনুভব কৰিবলৈ লৈছো ‘ইমান পঢ়ি শুনি কি লাভ হ’ল ?’ এই প্ৰশ্নটোৰ উত্তৰ আমাৰ ওচৰত নাই ৷

সেই সময়ত ভালেমান অলিখিত নিয়ম-নীতিয়ে আমাৰ সামাজিক জীৱন বিদ্ধস্ত কৰি তুলিছিল, আমাক আবেগিক ভাবে দুৰ্বল কৰি তুলিছিল ৷ দিনৰ পোহৰত ক’লৈকো যাব নোৱাৰি, কাৰো আগত থিয় দিব নোৱাৰি ৷ সকলোতে মাথো এটাই প্ৰশ্ন, ‘‘কিবা কৰিছা নে ? কিবা হ’লগৈনে ?’’
তথাপিও সেই সময়ৰ আন এটা নিয়মে আমাক ক্ষন্তেকৰ বাবে হ’লেও সকাহ দিছিল ৷ সেই নিয়ম অনুযায়ী আমি সন্ধিয়া হোৱাৰ লগে লগে গনেশগুৰিত থকা তালুকদাৰৰ পান দোকানৰ সন্মুখত উপস্থিত হওঁ ৷ উদ্দেশ্য, আড্ডা মাৰিম ৷

মোৰ ভালকৈ মনত নাই কেনেকৈ বা কেতিয়া এই আড্ডা আৰম্ভ হ’ল ৷ তথাপিও মোৰ বোধেৰে ১৯৮৮ চনত আমি যেতিয়া উচ্চতৰ মাধ্যমিকৰ ২য় বৰ্ষত আছিলো সেই সময়তে দুজনমান বন্ধুৱে গনেশগুৰিলৈ আহি আড্ডাৰ আৰম্ভণি কৰিছিল ৷ আমি যেতিয়া অভিযান্ত্ৰিক মহাবিদ্যালয় পালো গৈ তেতিয়া আমাৰ লগৰ ভালেমানৰ ঘৰ গনেশগুৰিৰ আশে পাশেই আছিল ৷ গতিকে আড্ডাটো চলি থাকিল ৷ যদি সন্ধিয়া বন্ধুবৰ্গ কলেজ হোষ্টেল বা পানবজাৰত নাই তেনে হ’লে তালুকদাৰৰ পান দোকানৰ আগত উপস্থিত থকাটো নিশ্চিত ৷ লাহে লাহে তালুকদাৰৰ পান দোকানৰ সন্মুখৰ ফুটপাথৰ অংশডোখৰকে আমি আড্ডা বুলি নামাকৰণ কৰিলো ৷

কলেজ এৰাৰ পাছত আন কেইবাজনৰো দৰে ময়ো আড্ডালৈ নিয়মিত আহিবলৈ ধৰিলো ৷ সেই সময়ত আড্ডালৈ অহা বেছি ভাগেই নিবনুৱা আছিল নাইবা সংস্থাপিত আছিল যদিও উপাৰ্জন একো নাছিল ৷ কেইজনমানেহে সঁচা অৰ্থত উপাৰ্জনৰ মুখ দেখিছিল ৷

আড্ডাত আমি আমাৰ মনলৈ অহা যিকোনো বিষয়ৰ ওপৰতে কথা পাতিছিলো ৷ তথাপিও ক’ব পাৰি মূলতঃ কথা পাতিছিলো ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ হোৱা সংগ্ৰামৰ কথা ৷ কেতিয়াবা আড্ডাত সকলো নিৰবে ঠিয় হৈ থাকে ৷ আনৰ কথা নাজানো, মই কিন্তু সেই সময়ত ভাবো কি কি ভুল হৈ গ’ল যাৰ বাবে আজি এসোপা এসোপা নম্বৰ থকা ফলাফলবোৰ লৈয়ো ফুটপাথত ঠিয় আছো নিবনুৱাৰ নিচান এখন লৈ ৷ অৱশ্যে এটা কথাও ঠিক আছিল যে আড্ডাত তালুকদাৰৰ দোকানৰ পৰা অহা উলছ ফিল্টাৰ মাজে মাজে জ্বলি থাকে ৷

সেই সময়ত না ইন্টাৰনেট আছিল, না গুগুল আছিল ৷ আমাৰ কাৰনে আড্ডাই গুগুল ৷ আড্ডাত থিয় হৈ আমি পৃথিবীৰ প্ৰায় সকলো ধৰনৰ খবৰ পলকতে পাব পাৰিছিলো ৷
আড্ডাতে আমি খবৰ পাওঁ
কোনে কাৰ হৃদয় জয় কৰিবলৈ যত্ন কৰিছে,
কোন এক বিভাগত চাকৰি পাবলৈ কোনজন মন্ত্ৰীক ঘোছ দিব লাগিব,
কোনজন মন্ত্ৰীৰ দালল কোন,
কাৰ সৈতে মিতিৰালী কৰিলে বেলতলাৰ কয়লা ব্যৱসায়ত মুৰটো সুমুৱাব পৰা যাব,
ভাৰতীয় বীজ নিগম বা তেনে কোনো অনুস্থানত ঠিকা কৰিব পাৰিলে কেনেকৈ কেই মাহমানতে কোটিপতি হ’ব পৰা যাব,
ইত্যাদি ইত্যাদি ৷

হীৰাৰ চোৰাং ব্যৱসায় :

আমাৰ আড্ডাৰ ওচৰতে এখন লঘু আহাৰৰ দোকান আছিল ৷ এদিন সন্ধিয়া আড্ডাত ঠিয় হৈ থাকোতে মোৰ ভোক লগাত কিবা এটা খোৱাৰ উদ্দেশ্যৰে বন্ধু এজনৰ সৈতে সোমালো গৈ দোকানখনত ৷ দোকানখনৰ ভিতৰত থাকোতেই চকুত পৰিল আড্ডাৰ দুজন সদস্য আৰু এজন অপৰিচিত যুবক গৈ খোজ কাঢ়ি নয়নপুৰৰ দিশে যোৱা গলিটোলৈ আছে ৷ তিনিওৰে খোজ-কাটল দেখি আমাৰ সন্দেহ হ’ল ৷ আমি ধাৰনা কৰিলো তিনিও নয়নপুৰৰ গলিটোলৈ গৈছে মনিপুৰৰ ফালৰ পৰা অহা বিধৰ সোৱাদ ল’বলৈ ৷ আমাৰো সেই বিধৰ সোৱাদ ল’বলৈ মন গ’ল ৷

অলপ আতৰৰ পৰা আমি তিনিজনকে লক্ষ্য কৰিবলৈ ধৰিলো ৷ তিনিও ঠিয় হৈ আছে এখন বন্ধ পান দোকানৰ কাষত ৷ তেওঁলোকে কিবা এক গভীৰ আলোচনাত ব্যস্ত আৰু অপৰিচিত যুবকজনৰ হাতত থকা কিবা বস্তু এটা পৰ্য্যাবেক্ষণ কৰি আছে ৷ আমি হেহো নেহো কৰি আগবাঢ়িলো ৷

বন্ধ পান দোকানৰ কাষত ঠিয় হৈ থকা বন্ধু দুজনৰে এজনে আমাক দেখি মাত দিলে, ‘‘অই এইফালে আহ’’ ৷
‘‘এইটো চাচোন ৷’’
আমি দুয়ো অপৰিচিত যুবকজনৰ হাতত থকা অপৰিচিত বস্তুটোলৈ মন কৰিলো ৷
তাৰ পাছত অপৰিচিত যুবকজনৰ মুখলৈ চালো ৷
আমি মুঠেও বুজিব পৰা নাই সেই অপৰচিত বস্তু নো কি বা সেই অপৰিচিত যুবকজনো কোন ৷
অৱশ্যে আমি এই কথাটোও বুজিব পৰা নাই এজন অপৰিচিত যুবকে এটা সন্দেহজনক বস্তু সেই আন্ধাৰ বাটটোত থকা এখন বন্ধ পান দোকানৰ সন্মুখত আমাৰ বন্ধু কেইজনমানক কিয় দেখুৱাই আছে ৷
‘‘হীৰা’’ অপৰিচিত যুবকজনে প্ৰায় ফুচফুচাই কোৱা দিয়ে ক’লে ৷
‘‘হীৰা?’’, মোৰ মুখৰ পৰা এটা চিঞৰেই ওলাই গ’ল ৷
হয়তো পৰিস্থিতি চম্বালিবলৈকে অপৰিচিত যুবকজনৰ সৈতে প্ৰথমেই অহা দুজনৰে এজন বন্ধুৱে কথাখিনি বুজাবলৈ ধৰিলে ৷
‘‘এওঁ ৰাহুল ৷ ডিগবৈৰ পৰা আহিছে ৷ তেওঁৰ হাতত থকা বস্তুটো আচলতে সাংঘাতিক আপুৰুগীয়া আৰু অত্যন্ত দামী হীৰা এচুকুৰা ৷’’
কথাখিনি শুনিয়ে পাছত যোগ দিয়া আমি দুটাই সেই সাংঘাতিক আপুৰুগীয়া আৰু অত্যন্ত দামী হীৰাডোখৰ আকৌ এবাৰ চাবলৈ খুজিলো ৷
যদি হিন্দি চিনেমাত দেখা হীৰাবোৰ বাদ দিওঁ মই জীৱনত তেতিয়ালৈকে কাহানিও হীৰা দেখা নাছিলো ৷ তথাপিও কিবা কাৰনে মোৰ ধাৰনা হ’ল ৰাহুল বোলাজনৰ হাতত থকা বস্তুটো যেন হীৰা নহয় ৷ গতিকে মই ৰাহুললৈ চালো ৷ তেওঁক দেখি পাছে মোৰ ধাৰনা মোৰ সন্মুখত ঠিয় হৈ থকা ৰাহুল বোলাজন যেন এজন অভিজ্ঞ জহুৰী ৷ মোৰ ধাৰনাটোৰ সত্যতা প্ৰতিপন্ন কৰিবলৈকে যেন জহুৰী ৰাহুলে ঘোষণা কৰিলে, ‘‘গুৱাহাটীৰ বজাৰত এইডোখৰৰ দাম অন্ততঃ ১০ লাখ হ’ব ৷’’
জহুৰী ৰাহুলৰ সেই চাঞ্চল্যকৰ ঘোষণাই সেইখিন উপস্থিত থকা আড্ডাৰ আমাৰ চাৰি বন্ধু চকু কপালত তুলিলে ৷
আমাক একো কথা চিন্তা কৰিবলৈ বা একো কথা ক’বলৈ সুবিধা নিদি জহুৰী ৰাহুলে আকৌ মাত দিলে, ‘‘মই এতিয়া গৈ থাকো ৷ দুদিন পাছত আহিম ৷ তোমালোকে তাৰ আগতেই কিবা এটা সিদ্ধান্তলৈ আহিবা ৷’’

এই বুলি কৈয়ে জহুৰী ৰাহুল নয়নপুৰৰ অভিমুখে খোজ দিলে আৰু ক্ষন্তেকতেই যেন বাটটোৰ অন্ধকাৰখিনেয়ে তেওঁক গিলি পেলালে ৷
আমি চাৰি বন্ধু প্ৰায় নিশ্চুপ হৈ আড্ডালৈ বুলি খোজ দিলো ৷
কেই খোজমান অহাৰ পাছত মই সুধিলো, ‘‘ৰাহুলে যে কৈছে সি অহাৰ আগতে সিদ্ধান্তলৈ আহিব লাগিব, তাৰ মানেটো কি ? কোনোবাই সেই হীৰাডোখৰ কিনিব খুজিছে নেকি ?’’
‘‘নাই আমি হীৰাডোখৰ নিকিনো’’, ৰাহুলৰ সৈতে প্ৰথমেই অহা দুজনৰে এজনে উত্তৰ দিলে ৷ তেওঁ লগতে ক’লে, ‘‘আমি আচলতে হীৰাডোখৰ বেছিম ৷’’
‘‘কি???????????????’’

আমি আহি আড্ডাত উপস্থিত হ’লো ৷

আমি চাৰি হীৰা ব্যৱসায়ী ভালেমান সময় আড্ডাত মনে মনে ঠিয় হৈ ৰ’লো ৷
আড্ডা উপস্থিত থকা আন কোনোবা এটাই সুধিলে, ‘‘ক’লৈ গৈছিলি?’’
হীৰা ব্যৱসায়ী চাৰিজনৰে এজনে ৰাহুল, হীৰা আৰু আমাৰ ব্যৱসায়ৰ কথাখিনি আড্ডাৰ বাকীকেইজন সদস্যৰ আগত বিশদভাবে বাখ্যা কৰিলে ৷ তেওঁ লগতে এইটো কথাও ক’বলৈ নাপাহৰিলে যে গুৱাহাটীৰ বজাৰত সেই হীৰাডোখৰৰ দাম ১৫ লাখতকৈ কম নহ’ব ৷ মই ভাবি আচৰিত হ’লো কেই খোজমান আহোতেই হীৰাৰ দাম ১০ পৰা গৈ কেনেকৈ ১৫ লাখ পালে গৈ ৷ তথাপিও মনে মনে ভালেই পালো ৷ অন্ততঃ উপাৰ্জন আৰু ৫ লাখ বাঢ়িল !
আড্ডাত উপস্থিত কেইজনৰ মাজত এটা বুজাব নোৱাৰা ধৰনৰ উৎসাহে দেখা দিলে ৷ হাতলৈ কাম এটা আহিল ৷ কামো কাম একেবাৰে ১৫ লাখ টকীয়া হীৰাৰ কাম !
এজনে ক’লে, ‘‘কিন্তু কিনিব কোনে ? গুৱাহাটীত বহু মানুহ নোলাব যি ১৫ লাখ দি হীৰা কিনিব ৷’’
আন এজনে ক’লে, ‘‘আৰে মই এজন ছালফা চিনি পাওঁ ৷ তেওঁৰ সৈতে কতা পাতিম ৷’’
অন্য এজনে মাত দিলে, ‘‘মই ফাছীবজাৰৰ কোটিপতি কেইবাজনো চিনি পাওঁ ৷’’

আমি ব্যৱসায়টো কৰি কিমান মান টকা পাম সেই হিচাব কৰিবলৈ ধৰিলো ৷ সকলোৰে মুখতে এটা সন্তুষ্টিৰ হাঁহি দেখিবলৈ পোৱা গ’ল ৷
পাছে ইমান দেৰী লালু মনে মনে আছিল ৷ তাৰ স্বভাবেই আছে সদায়ে অস্বস্তিকৰ প্ৰশ্ন কৰাৰ ৷
“১৫ লাখ বুজিলো বাৰু ৷ কিন্তু কোনে ১৫ লাখ পাব ? আমি নে ৰাহুলে ?’’
‘‘ঠিক সেইবোৰ বাদ দিলো ৷ এই ৰাহুলে হীৰা আমাৰ যোগেদি কিয় বিক্ৰী কৰিব খুজিছে ? কিবা গণ্ডগোল আছে ৷’’
লালুৰ কথা শুনাৰ পাছতে প্ৰায় সকলোৱে ক’বলৈ ধৰিলে, ‘‘হয় হয় কিবা গণ্ডগোল আছে ৷’’
ৰাহুলৰ সৈতে প্ৰথমে কথা পতা দুজনৰে এজনে বৰ দুখেৰেই ঘোষণা কৰিলে, ‘‘আচলতে হীৰাডোখৰ চোৰাংকৈ আনিছে ৷’’
এই ‘চোৰাং হীৰা’ শব্দ দুটাই তৎক্ষনাতে আড্ডাটো দুটা বিপৰীত মেৰুত দ্বিখণ্ডিত কৰিলে ৷
এটা মেৰুৰ সদস্যসকলে ঘোষণা কৰিলে তেওঁলোক চোৰাং হীৰাৰ ব্যৱসায়ত কোনো পধ্যেই জড়িত নহয় ৷
আনটো মেৰুৰ সদস্যসকলৰ কথা হ’ল তেওঁলোক নিশ্চিত এই ব্যৱসায়ত একো অনৈতিক কথা নাই ৷ এনেও যদি কেনেবাকৈ হীৰাডোখৰ চোৰাং হয় সেই কাম কৰিছে ৰাহুলে, তেওঁলোকে কৰা নাই ৷ তেওঁলোকে মাত্ৰ ৰাহুলক সহায় কৰিব এডোখৰ হীৰা বিক্ৰী কৰাত ৷ সবাতোকৈ ডাঙৰ কথা তেওঁলোকৰ দৃঢ়বিশ্বাস হীৰাডোখৰৰ মলিক ৰাহুলেই !
‘চোৰাং হীৰাৰ ব্যৱসায়ত কোনোপধ্যেই জড়িত নহয়’ মেৰুৰ সদস্যসকলে সতৰ্ক কৰি দিলে, ‘‘সাৱধান কিন্তু দেই !’’
‘একো অনৈতিক কথা নাই’ মেৰুৰ সদস্যসকলৰ মন্তব্য, ‘‘ন’ ৰিস্ক, ন’ গেইন ৷’’

আকৌ লালুৱে আৰম্ভ কৰিলে তাৰ অস্বস্তিকৰ প্ৰশ্নবোৰ ৷
লালু, ‘‘এইযে ৰাহুল, সি কোন নো ?’’
উত্তৰ, ‘‘বৰ ভাল কৈ নাজানো ৷’’
লালু, ‘‘সি আমাৰ আড্ডালৈ কেনেকৈ আহিল ?
উত্তৰ, ‘‘বৰ ভাল কৈ নাজানো ৷’’
লালু, ‘‘ঠিক আছে ৷ ই বাৰু এই ১৫ লাখ টকীয়া চোৰাং হীৰা পালে ক’ত ? অসমতটো হীৰাৰ খনি ক’তো নাই ৷’’
উত্তৰ, ‘‘অ সেইটো সি উজনিৰ কোনোবা ড্ৰীল চাইটত পালে ৷’’
‘‘ড্ৰীল চাইট মানে ?’’
‘‘মানে এই যে অইল, অ.এন.জি.ছি আদিৰ তেলৰ খাদবোৰ থাকে সেইবোৰ আকৌ !’’
কথাখিনি শুনাৰ লগে লগে কেইবাজনেও (‘একো অনৈতিক কথা নাই’ মেৰুৰ সদস্যকেইজনমানো আছিল তাৰে মাজত) প্ৰায় একে লগেই প্ৰশ্ন কৰিলে, ‘‘কোনাবাই আকৌ ড্ৰীল চাইটলৈ ইমান দামী হীৰা পিন্ধি কিয় যাব ?’’
উত্তৰৰ নামত প্ৰশ্ন, ‘‘কোনে ক’লে নো যে কোনোবাই এই হীৰাডোখৰ পিন্ধি আছিল বুলি ?’’
‘‘তেনেহ’লে ৰাহুলে হীৰাডোখৰ ড্ৰীল চাইটত পালে কেনেকৈ ?’’
আকৌ এটা হুমুনিয়াহেৰে উত্তৰ আহিল, ‘‘আচলতে এই হীৰাডোখৰ এটুকুৰা ড্ৰীল-হেড ৷’’

‘‘ড্ৰীল-হেড!!!!!!!!!!!!! মনে যে সেই তেলৰ খাদবোৰৰ ড্ৰীলিং কৰোতে ব্যৱহাৰ হোৱা ড্ৰীল-হেড ?’’
একো উত্তৰ নাই ৷

‘‘অই ব’ল ব’ল ঘৰ যাওঁ ৷’’

সাবধানতা অৱলম্বন কৰি দুদিন পাছত যিদিনা ৰাহুল পুনৰ অহাৰ কথা আছিল, সেই দিনা মই আড্ডালৈ নগ’লো ৷ ঠিকটো নাই কেনেবাকৈ অনিচ্ছাস্বত্তেও মই জড়িত হৈ পৰিব পাৰো হীৰাৰ চোৰাং ব্যৱসায়ৰ সৈতে ৷

এনেয়ে কৈ থওঁ, দুদিন পাছত ৰাহুল আড্ডালৈ নাহিলে ৷ দুদিন নালাগে ৰাহুলক আমি তাৰ পাছত কাহানিও ক’তো লগ নাপালো৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments