এঞ্জেলিনা জ’লীৰ স্তনকৰ্তন অপাৰেশ্যন আৰু জিনৰ বেহা! -(উদ্দীপ তালুকদাৰ)

এঞ্জেলিনা জ’লীৰ স্তনকৰ্তন অপাৰেশ্যন আৰু জিনৰ বেহা!

উদ্দীপ তালুকদাৰ


শিৰোনামটো দিবলৈ দাঁত-ভঙা শব্দকেইটা ব্যৱহাৰ নকৰি উপায় নাপালোঁ। তাৰ বাবে দুঃখিত! খবৰ ৰখা সকলে নিশ্চয় গম পাইছে যে হলীউডৰ অতি জনপ্ৰিয় তাৰকা অভিনেত্ৰীয়ে ১২ মে’ তাৰিখে দিয়া নিউ য়ৰ্ক টাইম্‌ছ কাকতক এটা সাক্ষাৎকাৰত উল্লেখ কৰে যে তেখেতে স্তনৰ কৰ্কট ৰোগৰ আশংকা কমাবলৈ নিজৰ দুয়োটা স্তনেই অপাৰেশ্যন কৰি লৈছে। স্তনৰ অংশবিশেষ কাটি পেলোৱা অপাৰেশ্যনক চিকিৎসা বিজ্ঞানৰ ভাষাত mastectomy বুলি কোৱা হয়। জ’লীয়ে কৰোৱা অপাৰেশ্যনটোক ‘প্ৰতিষেধক মাষ্টেকট’মী’ (preventive mastectomy) বুলি কোৱা হয়, এই অপাৰেশ্যনত স্তনৰ কৰ্কট ৰোগ সৃষ্টিকাৰী কলাসমূহক কাটি উলিয়াই পেলোৱা হয়।

এঞ্জেলিনা জ’লীৰ এই স্বীকাৰোক্তিয়ে পশ্চিমৰ সমাজত কিছু খলকনি তুলিছে। এই খলকনিৰ কেইটামান অতি আগ্ৰহজনক দিশৰ বিষয়ে আলোচনা কৰাটোহে এই লেখাটোৰ উদ্দেশ্য। চিধাই কামৰ কথালৈ আহিছোঁ :

জ’লীয়ে এনেদৰে নিজৰ দুয়োটা স্তনৰে অপাৰেশ্যন কৰোৱা মুখ্য কাৰণ হিচাপে কৈছে যে তেখেত ডিম্বাশয়ৰ (Ovary) কৰ্কট ৰোগত ভোগাৰ আশংকা খুব বেছি, কাৰণ তেখেতৰ মাতৃয়ে এই ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিব লগীয়া হয় ৫৬ বছৰ বয়সত। কিন্তু জ’লীৰ আশংকাৰ ভিত্তি অকল মাকৰ ৰোগেই নহয়, তেখেতৰ চিকিৎসকে পৰীক্ষা কৰি পোৱা মতে তেখেতৰ দেহত থকা BRCA1 জিনৰ এক উৎপৰিৱৰ্তন (mutation), যাৰ বাবে তেখেতৰ স্তন আৰু ডিম্বাশয়ৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা ৮৭%। ইয়াৰ লগতে তেখেতে উল্লেখ কৰিছে কিদৰে তেখেতে নিজৰ সন্তান-সন্ততিৰ বাবে বহু দিনলৈ জীয়াই থাকি সিহঁতক নিজৰ মৰম-চেনেহ দি যাব পাৰে, তাৰ চিন্তাইহে তেখেতক অপাৰেশ্যন কৰোৱাৰ সিদ্ধান্ত ল’বলৈ সাহস দিলে। অপাৰেশ্যনটোৱে তেখেতৰ স্তনৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা ৫% লৈ কমাই আনিছে।

নক’লেও হ’ব যে তেখেতৰ এই কাৰ্যই কিছু বিতৰ্কৰ সৃষ্টি নকৰা নহয়। হলীউডৰ বেছিভাগ শিল্পীয়েই তেখেতৰ সিদ্ধান্তক সাহসী বুলি প্ৰশংসা কৰাৰ বিপৰীতে আন বহুতেই ইয়াক মানি ল’ব খোজা নাই। আপত্তি কৰাসকলে নিশ্চয়কৈ জ’লীৰ বক্ষযুগলৰ সৌন্দৰ্য কমি যাব বুলি আপত্তি কৰা নাই। কাৰণ জ’লীয়ে নিজেই ব্যক্ত কৰিছে ‘preventive/prophylatic mastectomy’ ৰ পাছত তেখেতৰ বক্ষযুগলত ‘ইমপ্লাণ্ট’ লগাই আগৰ দৰেই আকৰ্ষণীয় কৰি ৰখা হৈছে। আপত্তিকাৰীসকলৰ যুক্তি ঘাইকৈ বৈজ্ঞানিক দিশৰপৰা, আৰু দ্বিতীয়টো …। দ্বিতীয়টো আৰু আচৰিত, সেইটোত বজাৰভিত্তিক অৰ্থনীতিয়ে কিদৰে ক্ৰিয়া কৰে, তাৰ ওপৰত বহুতো কথা আছে বাবে পাছলৈ এৰিছোঁ।

Preventive Mastectomy-ৰ অপাৰেশ্যন কৰোৱা প্ৰথম মহিলা এঞ্জেলিনা জ’লী নহয়। এই অপাৰেশ্যন কৰাৰ কাৰণৰ ভিতৰত আছেঃ এটা স্তনত কৰ্কট ৰোগ হ’লে আনটো স্তন, বংশগতি আৰু জিনীয় কাৰকৰ উপস্থিতি, স্তনৰ অন্যান্য ৰোগ যিবোৰত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা প্ৰৱল, যদি কিবা কাৰণত বক্ষত তেজস্ক্ৰিয় চিকিৎসা কৰিবলগীয়া হৈছে, অতি ঘন বক্ষ কলা (এনে স্থিতিত স্তন কৰ্কট সহজে ধৰা পেলোৱা সম্ভৱ নহয়, অৱশ্যে অকল উচ্চ হাৰৰ আশংকা থকা ৰোগীৰ ক্ষেত্ৰতহে)। ইয়াৰে দ্বিতীয় কাৰণৰ বাবে এঞ্জেলিনা জ’লীয়ে অপাৰেশ্যন কৰোৱা বুলি ক’ব পাৰি।

আপত্তিকাৰীসকলৰ প্ৰথমভাগৰ আপত্তিকেইটা এনেকুৱাঃ জ’লীয়ে যিটো জিনৰ উৎপৰিৱৰ্তনৰ বাবে অপাৰেশ্যন কৰাৰ কথা কৈছে, সেইটোৱে স্তন কৰ্কট ৰোগৰ আশংকা ১০% বৃদ্ধি কৰাৰ বিপৰীতে ডিম্বাশয়ৰ (Ovary) কৰ্কট ৰোগ কৰাৰ সম্ভাৱনা ৯০%, সেয়ে তেখেতে এই সিদ্ধান্তৰ দ্বাৰা সাধাৰণ মানুহৰ মাজত ভুল ধাৰণা এটা বিয়পাইছে। (এঞ্জেলিনা জ’লীয়ে সোনকালেই ডিম্বাশয়ো কাটি পেলাব বুলি ইতিমধ্যেই উল্লেখ কৰিছে।) ‘চেলিব্ৰেটি’ হিচাপে তেখেতৰ কাৰ্যই সাধাৰণ মানুহৰ মাজতো প্ৰভাৱ পেলায়, সেয়ে তেখেতে ব্যক্তিগত পৰ্যায়ত এনে সিদ্ধান্ত ল’লেও তাক মানুহৰ মাজত কৈ নুফুৰাই ভাল। মই এই আপত্তিটোত আমাৰ ইয়াতে অতি সম্প্ৰতি চলি থকা জুবিন-আলফা বিতৰ্কত সঘনাই আলোচিত কথা এটাৰ অণুৰণন দেখা পালোঁ। জনপ্ৰিয় ব্যক্তিসকলে কি কৰিছে, নকৰিছে সেইটো লৈ আমি মূৰ ঘমোৱাৰ প্ৰয়োজন নাই যদিও তেওঁলোকৰ কথা-কাণ্ডই আমাকো বহুল পৰিমাণে প্ৰভাৱিত কৰে, সেইটো সমগ্ৰ পৃথিৱীতে একেই। একেটা কথাতে তেওঁলোকৰ মাজতো মতবিৰোধ বিৰাজমান। আন কিছুমানে আপত্তি কৰিছে আন এটা কথাত। সেইটো হ’ল এবিধ কৰ্কট ৰুধিবলৈ যেনিবা তেখেতে স্তনৰ অপাৰেশ্যন কৰোৱালে, কিন্তু হাত-ভৰিৰ কৰ্কট ৰোগৰ সম্ভাৱনা কমাবলৈ তেখেতে হাত-ভৰিও কাটি ল’ব নেকি? এইটো প্ৰায় গঁড়ৰ চোৰাং চিকাৰ কমাবলৈ খৰ্গটোকে কাটি পেলোৱাৰ লেখীয়া হোৱা নাই নে?

ওপৰত ৰেফাৰেন্স উল্লেখিত একেটা লেখাতে Dartmoor Institute of Health Policy and Clinical Practice নামৰ শিক্ষানুষ্ঠানৰ মেডিচিন বিভাগৰ অধ্যাপক গিলবাৰ্ট ৱেলছৰ মতে মহিলাসকলৰ মাজত BRCA1-ৰ উৎপৰিৱৰ্তনৰ অৱস্থিতিৰ হাৰ মাত্ৰ ১%, আৰু স্তন কৰ্কট ৰোগ কেৱল এই জিনৰ জৰিয়তেই নহয়। আন কেবাবিধো কাৰকৰ বাবেও স্তনৰ কৰ্কট ৰোগ হ’ব পাৰে, আৰু বেছিভাগ স্তনৰ কৰ্কট ৰোগেই এই জিনৰ দ্বাৰা নহয়। কিন্তু এঞ্জেলিনা জ’লীৰ দৰে জনপ্ৰিয় এগৰাকী তাৰকাৰ এই সিদ্ধান্তই অপ্ৰয়োজনীয় ভাৱে বহুতো মহিলাক সন্দিগ্ধ কৰি তুলি তেওঁলোকক জিনৰ উপস্থিতি পৰীক্ষা কৰিবলৈ উৎসাহিত কৰিব। বংশতালিকাত স্তন কৰ্কট ৰোগৰ উপস্থিতি নাথাকিলে এই পৰীক্ষা বিধ কৰাৰ প্ৰয়োজনীয়তা নাই। কিন্তু জ’লীৰ এই কাৰ্যই অৱধাৰিত ভাৱেই বহুতকে BRCA1 জিনৰ অৱস্থিতি পৰীক্ষা কৰি চাবলৈ অনুপ্ৰেৰিত কৰিব, যিটো প্ৰকৃততে অপ্ৰয়োজনীয়।

এতিয়া আহিছোঁ দ্বিতীয় কাৰণটোলৈ। এইটোৰ আপত্তি অপাৰেশ্যন কৰোৱাটোত নহয়, আনকি তেখেতে BRCA1 জিনৰ পৰীক্ষা কৰোৱাটোলৈও নহয়। বৰং তেখেতে কথাখিনি ক’বলৈ এই সময়খিনিকে কিয় বাছি ল’লে তাৰ ওপৰতহে। এইটোক এটা ‘ষড়যন্ত্ৰমূলক তত্ব’ (Conspiracy Theory) আখ্যা দিব পাৰি। এইখিনি অত্যন্ত আগ্ৰহজনক, কিন্তু আগতে অলপমান বেলেগ কথা জানি ল’ব লাগিব।

আমাৰ বহুতো ৰোগ জিনে নিয়ন্ত্ৰণ কৰে, সেইটো আজিকালিৰ বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ লোকেও ভালদৰেই জানে। কিন্তু জিনে অকল ৰোগেই সৃষ্টি নকৰে, আমাৰ দেহৰ প্ৰতিটো কাৰ্যৰ বাবে জিনসমূহেই দায়ী। গাৰ ৰং, চুলিৰ ৰঙৰপৰা আৰম্ভ কৰি, ব্যক্তিজনে কি খাই ভাল পায়, খঙাল নে নিৰ্জু, তেখেত ভৱিষ্যতে কি কি ৰোগত ভূগিব পাৰে আদি বহুতো কথা আমাৰ জিনতে লিপিবদ্ধ থাকে। কিন্তু জিনৰ গৱেষণাত এটা ডাঙৰ ‘কিন্তু’ সোমাই আছে। সেই ‘কিন্তু’টো বিজ্ঞানৰ অসুবিধা নহয়, বৰং জিনৰ গৱেষণাক কিদৰে ব্যৱসায়িকভাৱে লাভপ্ৰসূ উপায়ে ব্যৱহাৰ কৰিব পাৰি, সেইটোৰহে অসুবিধা।

বৰ্তমানলৈ জিনৰ গৱেষণাৰ বাবে একোটা অনুষ্ঠানে নিজৰ নামত জিন পেটেণ্ট কৰি লোৱা ব্যৱস্থা প্ৰচলিত। ধৰি লওক, দোৰোণ শাকত এনে এবিধ জিনৰ অস্তিত্ব পোৱা গ’ল যাৰ বাবে ইয়াৰ ৰসে তেজৰ মখলা বন্ধাৰ ক্ষীপ্ৰতা বঢ়াই দিয়ে। এই গুণটো চিকিৎসা বিজ্ঞানৰ কিছুমান ক্ষেত্ৰত অত্যন্ত প্ৰয়োজনীয় গুণ। কিন্তু জিনটোৱে যে এই কামটো কৰে, সেইটো কোনোবা এটা প্ৰতিষ্ঠানে গৱেষণাৰ জৰিয়তে উলিয়াব লাগিব। আমেৰিকাৰ বৰ্তমান পেটেণ্ট নিয়মমতে, নিজে আৱিষ্কাৰ কৰা জিন এটাৰ ওপৰত সেইটোৰ আৱিষ্কাৰক অনুষ্ঠানে পেটেণ্ট লাভ কৰিব পাৰে। পেটেণ্ট লাভ কৰা মানে, সেই জিনবিধৰ ওপৰত হোৱা যিকোনো গৱেষণা সেই প্ৰতিষ্ঠানেহে কৰিব পাৰিব, বা তেওঁলোকৰপৰা ন্যায্য চুক্তিত পেটেণ্ট কিনি লৈহে আন প্ৰতিষ্ঠানে তাৰ ওপৰত গৱেষণা কৰিব পাৰিব। ইয়াত মই প্ৰতিষ্ঠান বুলি লিখিছোঁ যদিও, আমেৰিকাৰ দৰে দেশত ঘাইকৈ বিভিন্ন বহুজাতিক কোম্পানীয়ে এনে গৱেষণাৰ আঁত ধৰে বাবে বহুতো জিনৰ পেটেণ্ট এনে কোম্পানীৰ হাততে আছে। কিন্তু এই ব্যৱস্থাৰ এটা ডাঙৰ অসুবিধা হৈছে এইটো যে কোম্পানীবোৰে ব্যৱসায়িক ভাৱে লাভ হোৱাৰ আশা থকা জিনবোৰৰ ওপৰতহে গৱেষণা কৰে, পৰিণতিত জিনৰ গৱেষণা অত্যন্ত মন্থৰ গতিত আগবাঢ়ে।

আন এটা আধিকাৰিক অসুবিধা হৈছে এনেকুৱাঃ ধৰক আপোনাৰ দেহত থকা এবিধ জিনে আপোনাক এবিধ বিশেষ ৰোগ নোহোৱাকৈ ৰাখে, এতিয়া আপুনি ইচ্ছা কৰিলেও আপোনাৰ দেহৰপৰা কোষ নি সেই জিনবিধ উলিয়াই আন কাকো তাৰ ওপৰত গৱেষণা কৰিবলৈ দিব নোৱাৰে। কাৰণ জিনবিধ আপোনাৰ দেহত থাকিলেও এনে হ’ব পাৰে যে সেইবিধ জিনৰ ওপৰত কোনোবা কোম্পানীয়ে ইতিমধ্যে পেটেণ্ট লৈ থৈছে। ‘জুৰাছিক পাৰ্ক’ উপন্যাসৰ ৰচয়িতা মাইকেল ক্ৰিকটনৰ ২০০৬ চনত লিখিত উপন্যাস ‘নেক্সট’ জিন পেটেণ্টৰ ভিত্তিত ৰচিত উপন্যাস। উপন্যাসখনত ক্ৰিকটনে ওপৰত উল্লেখিত কাৰণৰ বাবেই জিনৰ পেটেণ্ট কৰাটোক বিৰোধ কৰি গৈছে। তেখেতৰ এই উপন্যাসখন আৰু জিন-পেটেণ্টৰ বিৰোধিতাৰ বাবে আনকি আমেৰিকাৰ চৰকাৰেও জিন-পেটেণ্ট ব্যৱস্থাৰ ওপৰত তেখেতৰ মতামত লৈছিল। কিন্তু তেখেতৰ মতৰ বিৰোধেও মত আছে। আৰু এটা সৰু উদাহৰণ নিদি নোৱাৰিলোঁ। কাকতে-পত্ৰই মাজে মাজে ওলাই থাকে কিদৰে জিন পেটেণ্ট ব্যৱস্থাই আমাৰ দৰে দেশক হানি কৰিব পাৰে। ভাৰতৰ বাচমতী চাউল-ৰ জিনীয় সংৰচনা আমেৰিকাৰ কোম্পানীৰ হাতত আছে। তেওঁলোকে সেই জিনীয় সংৰচনাৰ পৰিশোধন কৰি ইয়াতকৈ উন্নত মানৰ বাচমতী চাউল উৎপন্ন কৰিব পাৰে, সেই বীজ কিন্তু আকৌ ভাৰত-পাকস্তানৰ কৃষকে তেওঁলোকৰপৰা কিনিহে ব্যৱহাৰ কৰিব পাৰিব। যিখিনি চাউলৰ জিনীয় সংৰচনা ইমান দিনে এই দেশকেইখনৰ সিন্ধু উপত্যকাৰ কৃষকে আপডাল কৰি জীয়াই ৰাখিলে, সেই একেখিনি জিনীয় সংৰচনাৰ ব্যৱহাৰৰ স্বত্ত্ব আনৰ হাতত কিয় থাকিব? নক’লেও হ’ব, কোম্পানীয়ে নিজে গৱেষণা কৰাৰ বাবে সেই দাম লৈছে বুলি যুক্তি আগবঢ়াব পাৰি। আকৌ প্ৰকৃতিত ইমান দিনে থকা বস্তুবিধৰ গৱেষণা অকল এটা কোম্পানীৰ হাততে কিয় থাকিব বুলিও যুক্তি আগবঢ়াব পাৰি। মুঠতে জঁটটো কেনেকুৱা সেইটো ৰাইজৰ বোধগম্য হৈছেই কিজানি। অৱশ্যে এতিয়ালৈ মানৱ দেহৰ মুঠ কাৰ্যকৰী জিনৰ ৪০% মানুহে পেটেণ্ট কৰা হৈছে, আৰু এবাৰ লোৱা পেটেণ্টৰ ম্যাদ ২০ বছৰলৈহে থাকে। তাৰ পাছত জিনবিধ ৰাজহুৱা সম্পত্তি হিচাপে পৰিগণিত হয়। যি কি নহওক, এই বিতৰ্ক ইয়াতে এৰি আমি আকৌ এঞ্জেলিনা জ’লীৰ কথালৈ আহিছোঁ।

BRCA1 জিনৰ পেটেণ্টকাৰী প্ৰতিষ্ঠান হৈছে Myriad Genetics। এই কোম্পানীয়ে এই জিনৰ উপস্থিতি ধৰা পেলাবলৈ উদ্ভাৱন কৰে এক পৰীক্ষাৰ। একোটা পৰীক্ষাৰ খৰচ ৩০০০-৫০০০ ডলাৰ (ভাৰতীয় মুদ্ৰাৰ মানত প্ৰায় ডেৰ লাখৰপৰা আঢ়ৈ লাখ টকা)। আনহাতে এইকেইটা জিনৰ পেটেণ্টৰ বিৰূদ্ধে ২০০৯ চনত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত তৰা গোচৰত ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক মানৱ দেহৰ জিনৰ পেটেণ্ট লোৱাত নিষেধাজ্ঞা আনিবলৈ গোহাৰি জনাইছে। ২০১৩ চনৰ ১৫ এপ্ৰিলত শুনানী শেষ হোৱা এই গোচৰৰ ৰায়দানৰ দিন কাষ চাপি আহিছে। American Civil Liberties Association(ACLU) গোচৰ সম্পৰ্কে দিয়া ব্যাখ্যা অনুসৰিঃ On behalf of researchers, genetic counselors, women patients, cancer survivors, breast cancer and women’s health groups, and scientific associations representing 150,000 geneticists, pathologists, and laboratory professionals, we have argued that human genes cannot be patented because they are classic products of nature. The suit charges that the gene patents violate the First Amendment and stifle diagnostic testing and research that could lead to cures and that they limit women’s options regarding their medical care.

American Civil Liberties Association-ৰ লগতে কেবাটাও সংগীকোষে দাখিল কৰা এই গোচৰত কোৱা হৈছেঃ “Patents on human genes impede the provision of health care, thwart public health objectives, shackle innovation and violate ethical tenets.”

NaturalNews.com নামৰ ৱেবছাইটত মাইক এডাম্‌ছে প্ৰকাশ কৰা মতামত অনুসৰি এঞ্জেলিনা জ’লীৰ এই মন্তব্য Myriad Genetics-ৰ দ্বাৰা প্ৰযোজিত এটা ‘দাম দি কিনা জন সম্পৰ্কৰক্ষী অভিযান’ৰ বাহিৰে আন একো নহয়। তেখেতে উল্লেখ কৰিছে যে এঞ্জেলিনা জ’লীৰ এই খোলোচাই দেশৰ মহিলাৰ মাজত স্তন কৰ্কট ৰোগৰ প্ৰতি এক ভয়ৰ সৃষ্টি কৰি কোম্পানীটোৱে প্ৰৱৰ্তন কৰা পৰীক্ষাৰ প্ৰচলন বঢ়োৱাত সহায় কৰিব। জিনৰ ওপৰত কোম্পানীয়ে যদি পেটেণ্ট হেৰুৱাবলগীয়া হয়, তেন্তে পৰীক্ষাবোৰ আন কোম্পানীয়েও উদ্ভাৱন কৰিব পাৰিব, যাৰ ফলত বজাৰত হোৱা প্ৰতিযোগিতাৰ ফলস্বৰূপে পৰীক্ষাৰ মূল্য হ্ৰাস পাই লাভৰ অংশ কমি আহিব। জ’লীৰ এই খোলোচাই আনকি Myriad Genetics-ৰ ষ্টকৰ মূল্য ৩% ইতিমধ্যেই বৃদ্ধি কৰাৰ তথ্য তেখেতে দেখুৱাইছে। কিন্তু তেখেতৰ মতে ইয়াৰ আটাইতকৈ চিন্তনীয় প্ৰভাৱ এনে হ’ব পাৰে যে ৰাইজৰ বাঢ়ি অহা ভীতিয়ে উচ্চতম ন্যায়ালয়ৰ ৰায়ক প্ৰভাৱান্বিত কৰিব। কাৰণ ৰাইজৰ মাজত এই পৰীক্ষাৰ বিপুল দাবীয়ে কোম্পানীটোৰ প্ৰভাৱক বঢ়াই দেখুৱাব। লেখকৰ মতে এঞ্জেলিনা জ’লীয়ে শব্দৰ ব্যৱহাৰেৰে তেখেতৰ এই ব্যক্তিগত পৰ্যায়ৰ সিদ্ধান্তক নাৰীজাতিৰ সাহসিকতা, পছন্দৰ সিদ্ধান্তলৈ ৰূপান্তৰিত কৰিছে, যিটো প্ৰকৃততে এটা কোম্পানীৰ এক বিজ্ঞাপনৰ বাহিৰে আন একো নহয়।

এঞ্জেলিনা জ’লিৰ স্তনকৰ্তন সঁচাকৈয়ে এটা বিজ্ঞাপন নে ৰায়দানৰ লগত মিলি যোৱা এইটো এটা কাকতলীয় ঘটনা মাত্ৰ, সেইটো বোধকৰো কেতিয়াও জানিব পৰা নাযাব। কিন্তু এটা কথা খাটাং এই গোচৰৰ ৰায়দানে জিন গৱেষণাৰ ক্ষেত্ৰত এক পৰিৱৰ্তনৰ সূচনা নিশ্চয় কৰিব।

 

উৎসঃ
http://edition.cnn.com/2013/05/14/showbiz/angelina-jolie-double-mastectomy/index.html
http://www.webmd.com/breast-cancer/guide/preventive-mastectomy
http://edition.cnn.com/2013/05/17/opinion/welch-jolie-mastectomy/
http://www.howstuffworks.com/life/genetic/gene-patent-quiz.htm
http://www.ideasinactiontv.com/tcs_daily/2006/12/why-michael-crichton-is-wrong-about-patenting-genes.html
http://www.naturalnews.com/040365_Angelina_Jolie_gene_patents_Supreme_Court_decision.html#ixzz2TYasF0bX

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক