কাঞ্চনজংঘাৰ অন্য গাথা (২): নাং দিপালী দুৱৰা

কাঞ্চনজংঘাৰ অন্য গাথা(২)

নাং দিপালী দুৱৰা

সমুদ্রনীল…সমুদ্রনীল ঢেকিয়াল ফুকন।অসমৰ নামজ্বলা কবি।যাৰ নাম নজনা সাহিত্যপ্রেমী অসমত নাই।কবিতাৰ প্রেমত পৰা দিনৰে পৰা উজ্জয়িনী সমুদ্রনীলৰ প্রেমত পৰিছিল।এক কথাত ক’বলৈ গ’লে সমুদ্রনীলেই শিকাইছিল তাইক প্রেম আৰু কবিতাৰ আদি পাঠ।কলেজত ভৰি দিয়াৰ প্রথম দিনটোত তাই যেতিয়া ৰেগিঙৰ সন্মুখীন হৈছিল; ভয়ত বুকু কঁপি উঠিছিল। :কোনোবা বয়ফ্রেণ্ড আছে? গড়গাওঁ কলেজৰ আঠ নম্বৰ ৰূমত পাঁচজন ল’ৰাই তাইক আগুৰি ধৰি সুধিছিল। :নাই।তাই ভয়ে ভয়ে কৈছিল। :দেখাতচোন বয়ফ্রেণ্ড নাই যেন লগা নাই।এজনে তীক্ষ্ণ দৃষ্টিৰে তাইলৈ চাই কৈছিল। :…………..।ভয়ত তাইৰ অণ্ঠ-কণ্ঠ শুকাই গৈছিল।তাই বাৰু ধৰা পৰিছে নেকি তাই যে কাৰোবাক ভালপায়!তাই যে সমুদ্রনীলক ভালপায়!ফুটি উঠিছে নেকি তাইৰ মুখত।তাই ভিতৰি ঘামি উঠিছিল। :মোক ভালপাবা? আটাইতকৈ ওখ ল’ৰাজনে তাইলৈ চাই সুধিছিল। লগে লগে কোঠাটোত প্রতিধ্বনিত হৈছিল বাকী কেইজনৰ গিৰ্জনি মৰা হাঁহি। :আমাৰ ই কিন্তু ৰূপে-গুণে কম নহয় দেই। অন্য এজনে লেনীয়াই ক’লে। এইবাৰ তাইৰ চকু চলচলীয়া হৈ পৰিল। :অ’..কান্দিছা কিয়? আমি চিনাকী হ’বলৈহে মাতিছো। তাইক প্রথম মাতি অনা ল’ৰাজনে ক’লে। :মোৰৰ উত্তৰটো তুমি ভাৱি-চিন্তি পিছত দিলেও হ’ব। এতিয়া আহিছো দেই। ওখ ল’ৰাজনে বিশেষ ভঙ্গীমাৰে কথাখিনি কৈ আঁতৰি গৈছিল।পাছে পাছে সুঁহুৰি মাৰি বাকীকেইজন।   নৱাগত আদৰণি সভাৰ পাছত সকলো সহজ হৈ পৰিছিল।ভিন্ন ঠাই ; ভিন্ন মুখৰ সৈতে তাইৰ পৰিচয় ঘটিছিল।বন্ধুত্ব গঢ়ি উঠিছিল।তাৰ ভিতৰত দীপম,প্রতীম,প্রণামিকা আৰু হিমাদ্রী আছিল অন্যতম। নতুন শিক্ষানুষ্ঠান,নতুন শিক্ষাবৰ্ষ আৰু নতুন সম্বন্ধ।এই সকলোবোৰৰ মাজত উজ্জয়িনীয়ে বুকুত সংগোপনে কঢ়িয়াই ফুৰিছিল সমুদ্রনীল আৰু সমুদ্রনীলৰ কবিতা। তাই প্রণামিকাহঁতৰ আগত প্রকাশ কৰিবলৈ ভয় কৰিছিল। তাই কাকোৱে ক’ব পৰা নাছিল সমুদ্রনীলৰ কথা। :তুমি কাৰোবাক মনে মনে ভালপোৱা নেকি? এদিন দীপমে তাইক আচৰিত কৰি সুধিছিল। :……….তাই মূৰ দুপিয়াই শলাগ লৈছিল। :কাক??? দীপমে অবাক হৈ প্রশ্ন কৰে। :সমুদ্রনীল। মন্ত্রমুগ্ধৰ দৰে কৈছিল তাই। :কোন সমুদ্রনীল? দীপমে ভ্রু কোঁচাই সুধিছিল। :কবি সমুদ্রনীল ঢেকিয়াল ফুকন।তাই তাৰ কাণত ফুচ্ ফুচাই কৈছিল। :কি??? বহি থকাৰ পৰা জাপ মাৰি থিয় হৈছিল সি। :ইমান আচৰিত হ’বলৈ কি আছে? :তুমি ধেমালি কৰা নাইতো? :নাই।মই সঁচাকৈয়ে ভালপাওঁ।তাই গহীনাই কয়। :কিমান দিনৰ তোমালোকৰ  প্রেম? :তোমালোক মানে? কেৱল মইহে তেওঁক ভালপাওঁ। তেওঁতো মোৰ বিষয়ে একোৱে নাজানে। :অ….ওৱান চাইড প্রেম। মানে মই যেনেকৈ মাধুৰী দীক্ষিতক ভালপাওঁ তেনেকৈ। দীপমে হুৰহুৰাই হাঁহি দিছিল। :এই শুনা ! তোমাৰ মাধুৰীৰ প্রেমৰ লগত মোৰ ভালপোৱাক ৰিজাবলৈ নাযাবা। খঙত তাই ফাটি পৰিছিল। :বাৰু বাৰু.. তুমি তোমাৰ তেওঁক দেখিছানে নাই? দীপমে চেলাউৰি এটা দাঙি সোধে। :নাই। তাই অলপ কঠুৱা মাতেৰে উত্তৰ দিয়ে। :তুমি জানা সমুদ্রনীলৰ বয়স কিমান? :কিমান? তাই বেঙীৰ দৰে দীপমলৈ চায়। :যদি আশী বছৰীয়া বুঢ়া হয়। :তাতে কি হ’ল? বাহিৰত আশী বছৰ ডিফাৰেন্সতো বিয়া পাতে। :অহ্.. তুমি তাৰমানে বিয়ালৈকে আগবাঢ়িছা! দীপমে ঢেকঢেকাই হাঁহিবলৈ ধৰিলে।   দীপমলৈ উজ্জয়িনীৰ খং উঠিছিল।তাই উচাৎ মাৰি উঠি আহিছিল। খং আৰু অভিমানত তাইৰ চকু চলচলীয়া হৈ পৰিছিল। ইমানদিনে সংগোপনে কঢ়িয়াই ফুৰা কথাষাৰ তাই আজি প্রথম বাৰৰ বাবে দীপমক কৈছিল; তাইৰ বিশ্বাস আছিল অন্তত সি তাইক বুজিব।কিন্তু সিয়ে যেতিয়া ইতিকিং কৰি তাইৰ আবেগক হাঁহিৰে উৰুৱাই দিলে, তাইৰ এক মূৰ্হুত্বও তাৰ ওচৰত থাকিবলৈ মন ন’গল। তাই তালৈ ঘোপাকৈ চাই লাইব্রেৰীৰ ফালে খোজ ল’লে। :ৰ’বা ৰ’বা। বাপ্ ৰে ইমান চিৰিয়াছ! দীপমে তাইক আগভেটি ধৰিছিল। :চাওঁ..বাট এৰি দিয়া। :ৰ’বাচোন। মই ধেমালিহে কৰিছিলো। :সকলো কথাতে ধেমালি মই ভাল নাপাওঁ। :মোৰ ভুল হৈ গ’ল দিয়া।মই ভৱা নাছিলো তুমি সমুদ্রনীলক লৈ ইমান চিৰিয়াছ বুলি।তাইৰ ওঁঠেদি এটা শেতা হাঁহি বাগৰি গৈছিল। দুয়োটা কথা পাতি পাতি লাইব্রেৰীৰ সন্মুখৰ পকী বাৰান্দাখনত বহে। :তুমি জানা তাৰ ঘৰ ক’ত? দীপমে নীৰৱতা ভঙ্গ কৰে। :নাজানো। :ঘৰ ক’ত তাকো নাজানা? :…..তাই মূৰটো লৰাইছিল। :ডিব্রুগড়। :তুমি কেনেকৈ জানা? তাইৰ চকুযোৰ উজ্জ্বল হৈ উঠে। :যোৱা বছৰ ডিব্রুগড় বিশ্ববিদ্যালয়ত কবি সন্মিলন আছিল; দেউতাক মাতিছিল। লগত মইও গৈছিলো। তেতিয়া দেখিছিলো। আমাতকৈ আঠ-দহ বছৰ মান ডাঙৰ হ’ব। :তুমি লগ পাইছা? কথা পাতিছা? তাইৰ উৎসাহ বাঢ়ি যায়। :ধেৎ,ইমান বিখ্যাত কবিয়ে আমাৰ নিচিনাবোৰক ক’ত পাত্তা দিব! দেউতাই চিনাকী কৰাইছিল। বিশেষ কথা হোৱা নাই। পিছে কেট্ কেট্ কৈ ক’লা। দীপমে তাইক জোকায়। তাই হাঁহিছিল খিলখিলাই..দীপমে ক’লা বুলি জোকালেও বেয়া নালাগিল তাইৰ।তাৰ বাবেই আজি তাই সমুদ্রনীলৰ ঠিকনা পাইছে।ইয়াৰ আগলৈকে সমুদ্রনীলৰ নামটোৰ বাদে একোৱে নাছিল তাৰ খবৰ।তাৰ কবিতাই আছিল তাৰ ঠিকনা। :ঐ, যদি সমুদ্রনীলৰ কোনোবা গাৰ্লফ্রেণ্ড মানে প্রেমিকা আছে? প্রেমিকা বাদ দিয়া যদি সি বিয়া পতা আৰু তাৰ  তিনি চাৰিটা পিলৌ-পালা ল’ৰা-ছোৱালী আছে! তেতিয়া?? দীপমৰ কথাষাৰে তাইক ভাৱনাৰ পৃথিৱীৰ পৰা তললৈ যেন  আছাৰ মাৰি পেলাই দিয়ে। :তোমাৰ মূৰত ভাল চিন্তা নাই নেকি? তাই ভেকাঁহি মাৰি উঠে। :নাই মানে ..মই উদাহৰণহে দিছো। :থোৱা তোমাৰ উদাহৰণ। নাই তাৰ জীৱনত কোনো। :তুমি কেনেকৈ জানিলা? :মোৰ মনে কৈছে। :তুমি সঁচাই পাগলী। জীৱনটো কি চিনেমাৰ দৰে নেকি? :কিন্তু মোৰ মনটোৱে কয় সমুদ্রনীল যেন খুউব নিঃসঙ্গ। :প্রয়োজনতকৈ বেছি আবেগিক হৈছা। পাছত কষ্ট পাবা কিন্তু। :জানো। নিৰ্লিপ্ত ভাৱে তাই আকাশলৈ চাই কয়।   (আগলৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!