মুক্ত আকাশ (দেৱপ্ৰতীম হাজৰীকা)

দৌৰি দৌৰি ঘৰ পাইছেহি ৰাহুল। মূল দুৱাৰৰ কাষত ৰোহন বহি আছিল।
-“ৰোহন, ব’লা মোৰ লগত?”
-(এক প্ৰশ্নবোধক চাৱনিৰে)”ক’লৈ যাবা…? চাৰে যে ইয়াত ৰ’বলৈ কৈছিল….”
-“চাৰৰ কথা বাদ দিয়া। তুমি জানো সঁচাকৈয়ে ইয়াত চাৰৰ কাৰণে ৰ’বলৈ বিচাৰিছা?”
ৰোহনৰ মুখত আপোনা-আপুনি এটা হাঁহি ওলাই আহিল।
-“ৰ’বা দাদা, মই ভিতৰৰ পৰা আহিছোঁ।”

ৰাহুলে ৰোহন যোৱাৰ ফালে চাই ৰ’ল। সি নিজৰ পিন্ধি থকা পেণ্টৰ পকেটৰপৰা এখন কাগজ উলিয়ালে। সি কাগজখন দুৱাৰখনৰ ওচৰতে থ’লে। অলপ পাছতে ৰোহন ভিতৰৰ পৰা ওলাই আহিল। তাৰ হাতত এটা স্কুললৈ নিয়া বেগ।
দুয়ো ঘৰটোৰ পৰা ওলাই আহিল। দুয়োৰে মুখত হাঁহি।

* * * * * * * *

মিঃ বৰুৱাই ঘৰ সলাইছে। নতুন ঘৰলৈ বুলি যোৱাৰ আগত ঘৰৰ কিছু সামগ্ৰী আৰু নিজৰ সৰু ল’ৰাটোক নিবলৈ বুলি আহিছে পুৰণা ঘৰটোলৈ। কিন্তু ঘৰ সোমাই নিজ পুত্ৰক দেখা নাপালে। বহু বিচাৰিলে তাক, কিন্তু ক’তো নাপালে। দুৱাৰৰ ওচৰত বহি পৰিল তেওঁ। তেনেতে দুৱাৰখনৰ ওচৰতে এখন কাগজ দেখা পালে। কাগজখন উঠাই আনিলে তেওঁ। সেইখন এখন চিঠি আছিল। বৰ পুত্ৰৰ চিঠি!

“সন্মানীয় চাৰ,

মই ৰোহনক নিজৰ লগত লৈ আহিছোঁ। যদি মই তাক আপোনাৰ লগত থাকিবলৈ দিওঁ তেন্তে দ্বিতীয়জন মিঃ বৰুৱাৰ জন্ম হ’ব। আৰু এই পৃথিৱীৰ কাৰণে এজন মিঃ বৰুৱাই যথেষ্ট। বুজিবলৈ চেষ্টা নকৰিব আমি কিয় এনেকুৱা কৰিলোঁ, আপুনি বুজি নাপাব। এইটো এনেকুৱা এটা শব্দ যাক আপুনি কেতিয়াও বুজি নাপালে, কেতিয়াও কৰি নাপালে আৰু কেতিয়াও হয়তো নকৰিব…সেই শব্দটো হৈছে ‘মৰম’! আমাক বিচাৰিবলৈ চেষ্টা নকৰিব চাৰ, আমাৰ এশ কিলোমিটাৰ ওচৰলৈও যদি আহে, তেন্তে মই পুলিচক কৈ দিম কেনেদৰে আপুনি ৰোহনক মাৰিছিল, অত্যাচাৰ চলাইছিল। আৰু আপুনি যি কৰিছে সেইয়া আইনৰ দৃষ্টিত এক অপৰাধ। ৰোহন আপোনাৰ চাকৰ হোৱাতকৈ কিবা নতুন কৰিব পাৰিব। তাক এটা পৰিয়াল লাগে, চিৰিয়াখানা নহয়! যি তাক মই দিম, যিকোনো পৰিস্থিতিত দিম। আপোনাক আপোনাৰ নতুন বিবাহ, নতুন পত্নী, নতুন ঘৰ আৰু নতুন ছোৱালী সন্তানৰ শুভেচ্ছা যাচিলোঁ।

আপোনাৰ পুত্ৰ
ৰাহুল”

ক’ৰবাত যেন বাজি উঠিছিল,
“মুক্ত আকাশৰ তলে তলে
মই বিহগী মুক্ত মনেৰে!”

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক