গ্ৰাম্য চিকিৎসালয়ৰ চিকিৎসক আৰু পাণ :(নিপুল মেধি)

২০০৬-০৭ চন মানৰ কথা। এই সময়তে প্ৰথম এন. আৰ. এইচ. এম. আঁচনিৰ দ্বাৰা অসমৰ তথা ভাৰতৰ চৰকাৰী চিকিৎসালয় বোৰৰ আন্তঃগাঁথনি নিৰ্মান সংক্ৰান্তৰ কামবোৰ আৰম্ভ হৈছিল।  মই তেতিয়া অসমৰ একেবাৰে সৰু চহৰ এখনত চাকৰি কৰি আছিলো।  এদিন আবেলি সময়ত এটা ডব্লিউ. টি. মেছেজ আহিল। এখন ভিতৰুৱা ঠাইত অৱস্থিত ৰাজ্যিক চিকিৎসালয় এখনৰ আন্তঃগাঁথনি উন্নীতকৰণ সংক্ৰান্তত ৪ দিনৰ ভিতৰত ডিটেইল প্ৰজেক্ট ৰিপোৰ্ট (ডি. পি. আৰ.) বনাই চৰকাৰৰ ঘৰলৈ পঠাব লাগে।  চিকিৎসালয় খন আমাৰ অফিচৰ পৰা প্ৰায় ২২ কিলোমিটাৰ দূৰত আৰু তালৈ যাবলৈ ৰাস্তা-ঘাটৰ অৱস্থা বেয়া কাৰণে – ভাড়া মৰা গাড়ী বিলাকো যাব নোখোজে।

অফিচত থকা ভঙা জীপগাড়ী খন ঠিক-ঠাক কৰি পিছদিনা ৰাতিপুৱাই লগত অইন দুজন সহকৰ্মীৰ লগত যাত্ৰা আৰম্ভ কৰিলোঁ। চহৰখনৰ পৰা দুই কিলোমিটাৰ মান যোৱাৰ পিছতেই ভঙা-ছিঙা ৰাস্তা আৰম্ভ হ’ল।  ধুলি-বালিৰ মাজেৰে গৈ গন্তব্যষ্ঠান পোৱা মানে – মোৰ দেহৰ হাড় বোৰ সোলোক-ধোলোক হৈ পৰা যেন হৈ গৈছিল।

১১ মান বজাত চিকিৎসালয়খনত প্ৰৱেশ কৰিলো।  আমাক দেখি চিকিৎসালয় খনৰ ইনচাৰ্জ ডাক্তৰ গৰাকীয়ে কামৰ মাজতে মূৰ দাঙি ক’লে ‘ আপোনালোক আধাঘন্টা মান মোৰ ৰুমতেই বহক – মই এইখিনি ৰোগীক বিদায় দি লওঁ। ডাক্তৰজনৰ বয়স প্ৰায় ৫০ বছৰ মান হ’ব – তেখেতৰ টেবুল খনৰ চাৰিওফালে এগালমান ৰোগী থিয় হৈ আছে – মহিলা খিনিৰ বেচি ভাগৰে কোলাতে শেঙুন ওলাই থকা সন্তান। বেচি ভাগ পুৰুষ ৰোগীৰে পিন্ধনত ধুতি-লুঙী-গামোচা আদি, সাজ-পোচাকো মলিয়ন-সম্ভৱ খেতি-পথাৰ বা অইন কামৰ পৰা আহিছে।

ডাক্তৰ জনক লক্ষ্য কৰি দেখিলো যে তেওঁ অনবৰতে তামোল-পাণ পাগুলি আছে আৰু তেওঁৰ মুখৰ দুই কোৱাৰিৰে ৰঙা হৈ তামোল-পাণৰ ৰস বৈ আহি আছে।
আধাঘন্টা মান পিছত , ডাক্তৰ গৰাকীৰ লগত চিকিৎসালয় খনৰ আন্তঃগাঁথনি সংক্ৰান্তৰ অভাৱ-অভিযোগ খিনি বুজি লৈ আমাক দৰকাৰ হোৱা জোখ-মাপ-নক্সা আদি টুকি লওঁতে তিনিঘন্টা মান লাগিল।  কাম খিনি শেষ কৰি উঠি তেখেতৰ নিমন্ত্ৰন ক্ৰমে তেখেতৰ আধাভঙা চৰকাৰী আৱাসত বহিলো। চিকিৎসালয় খন থকা ঠাই খিনি কৃষি প্ৰধান – অলপ আঁতৰত তিনিখন গেলামালৰ দোকান , এখন নাপিতৰ দোকান আৰু দুখনমান পাণ-তামোলৰ গুমটী।

চাহ খাই থাকোতে মনৰ উৎসুকতাত ডাক্তৰ গৰাকীক ক’লো – “আমাৰ কথা বাদ দিয়ক , আমি অলপ গুন্দা-ফুন্দা টাইপৰ মানুহ!  আপুনি ডাক্তৰ হৈও এনেকৈ সেলেঙি বোৱাই পাণ খাই আছে যে! ”ডাক্তৰ জনে বেচ গহীন ভাৱে ক’লে -‘কি কৰিব আৰু, এই ৰোগীবোৰৰ গাৰ গোন্ধত কিমান থু পেলাম, গতিকে ৰাতিপুৱা ৮ বজাতেই ৬ খন পাণ বনাই আনো। এঘন্টাৰ মূৰে মূৰে এখনকৈ পাণ খাই এওঁলোকৰ চিকিৎসাত লাগি থাকো।  মানুহ খিনিক যোৱা ৮ বছৰে মই পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে বহু বুজাইছো, তথাপি সুফল পোৱা নাই।  ৰোগীবোৰক মই বেচি দোষ নিদিওঁ কাৰণ এই মানুহ খিনিয়ে দুবেলা দুসাজ উপাৰ্জনৰ কাৰণে দিনটো পৰিশ্ৰম কৰি থাকে, তাৰে মাজতেই অসুখ-বিসুখ হ’লে ইয়ালৈ আহে।  বেমাৰ বুলিবলৈ এই মানুহ খিনিৰ তেনেকৈ একো ডাঙৰ বেমাৰ নাই। জ্বৰ-খৰ-পেটৰ অসুখ –সাধাৰণ কটা-চিঙা আদিয়েই মূখ্য। ‘মই আকৌ সুধিলো-‘আপুনি বাতৰি কাকত নিয়মিত পঢ়েনে ? ‘ডাক্তৰ গৰাকীয়ে ক’লে-‘ এখন অসমীয়া দৈনিক কাকত ৰাখো কিন্তু কাকত খন এদিন-দুদিন পুৰণি হোৱাৰ পিছতহে আমাৰ হাত আহি পাই।  টি .ভি. ৰ এন্টেনাই অলপ বতাহ-বৰষুন দিলেই কাম নকৰা হয়, বিজুলীৰো সুবিধা থকা-নথকা একেই কথা।  মবাইলটোও কেতিয়াবা ঠিকে থাকে, কেতিয়াবা নাথাকে।’

গোটেই পৰিস্থিতিটো খিনি দেখি মই মনতে ভাৱিলো “মই নিজে এই পৰিৱেশত ৰাইজক সেৱা আগবঢ়াব পাৰিমনে! কাৰণ, এই প্ৰজেক্টটো মই নিজেই কৰি শেষ কৰিব লাগিব!” অসমৰ গ্ৰাম্য জীৱনৰ লগত নিজক খাপ খুৱাই – প্ৰতিকুল পৰিৱেশৰ মাজতো যি সকল ডাক্তৰে অতি সীমিত সুবিধাৰ মাজত তথা ব্যক্তিগত সুখ-সুবিধাৰ পৰা বঞ্চিত হৈও অসমৰ গাঁওবোৰোত জনসাধাৰণক সেৱা আগবঢ়াই আছে তেওঁলোকলৈ ধন্যবাদ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments