অসমীয়া কাব্য সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ -(অঞ্জনা তামুলী)

অসমীয়া কাব্য সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ
– অঞ্জনা তামুলী

আধুনিক যুগৰ অসমীয়া সাহিত্য প্ৰাচ্য আৰু পাশ্চাত্যৰ মিলনৰ ফল। আধুনিক যুগৰ আৰম্ভণিতে অসমীয়া লিখকসকল পশ্চিমীয়া শিক্ষাৰ যোগেদি পাশ্চাত্য কাব্য সাহিত্যৰ সংস্পৰ্শলৈ আহে। এই সংস্পৰ্শৰ উদ্ভৱ হোৱা বাতাবৰণে অসমীয়া কবি-সাহিত্যিকৰ দৃষ্টিভঙ্গীৰ আমূল পৰিবৰ্তন সাধে। কীটচে চেপমেনকৃত অনুবাদৰ সহায়ত হোমাৰৰ কাব্য পঢ়ি আত্মহাৰা হোৱাৰ দৰে অসমৰ নতুন লেখকসকলো পশ্চিমীয়া কাব্য সাহিত্যৰ ৰূপ দেখি আত্মহাৰা হৈছিল।
ঊনবিংশ শতাব্দীৰ শেষাৰ্ধত চাৰিশ বছৰমান ধৰি সক্ৰিয় হৈ থকা আদৰ্শৰ লগত খাপ খুৱাই কাব্য/সাহিত্য ৰচনা কৰা সম্ভৱ নাছিল। ইংৰাজসকলৰ প্ৰাধান্য বিস্তাৰৰ লগে লগে অসমৰ সামাজিক আৰু সাংস্কৃতিক জীৱনত মধ্যযুগৰ অৱসান ঘটে। এই সময়চোৱাত পাশ্চাত্য সাহিত্যৰ যি ব্যাপক প্ৰভাৱ লক্ষ্য কৰা যায়, তাৰ তুলনা ইংলেণ্ডৰ ৰেনেছা সাহিত্যৰ লগতহে সম্ভৱ। এই বিস্তৃত প্ৰভাৱে সমগ্ৰ ভাৰততে এক নতুন যুগৰ সৃষ্টি কৰিলে। এয়েই ভাৰতীয় সাহিত্যৰ নৱজাগৰণ। পাশ্চাত্য প্ৰভাৱে অসমীয়া সাহিত্যতো মধ্য যুগৰ অৱসান ঘটাই নৱজাগৰণৰ সৃষ্টি কৰিলে। নৱজাগৰণৰ প্ৰধান বৈশিষ্ট হ‘ল – সাহিত্যত ধৰ্ম নিৰপেক্ষতাৰ প্ৰৱৰ্তন। পাশ্চাত্যৰ প্ৰভাৱতে ধৰ্ম নিৰপেক্ষ বিষয়বস্তুক অৱলম্বন কৰি কবিতা, নাটক, উপন্যাস আদি ৰচিত হ’বলৈ ধৰিলে আৰু আমাৰ সাহিত্যত মানৱকেন্দ্ৰিক সমস্যাসমূহ বিশ্লেষিত হ’বলৈ ধৰিলে।
আধুনিক কবিসকলে বিশ্লেষণ কৰা অভিনৱ বিষয়বস্তুৰ ভিতৰত প্ৰেমো এটা। মধ্যযুগৰ কবিসকলে মানৱ প্ৰেমৰ মহিমা দেখুৱাবলৈ যত্ন কৰা নাছিল। মানৱ প্ৰেমৰ মহিমা প্ৰদৰ্শনৰ ক্ষেত্ৰত অসমীয়া কবিসকল সম্পূৰ্ণৰূপে বিদেশী প্ৰভাৱৰ ওপৰত নিৰ্ভৰশীল।
নতুন যুগৰ আৰম্ভণিতে জোনাকী যুগত বিস্ময়জনকভাবে অসমীয়া সাহিত্যত নিটোল সৌন্দৰ্য্য সম্বলিত নতুন গীতি-কবিতাৰ সৃষ্টি সম্ভৱ হ’ল। জোনাকী যুগৰ সকলো কবিয়ে পালগ্ৰাভৰ অনবদ্য সংকলন ‘গোল্ডেন ট্ৰেজাৰি’ পঢ়িছিল। এই যুগৰ কবিসকলে ঘাইকৈ এলিজাবেথান যুগৰ লিৰিকবোৰৰ দ্বাৰা মোহাচ্ছন্ন হৈছিল। এই লিৰিকসমূহৰ সহজ গীতিধৰ্মিতাই তেওঁলোকক আকৰ্ষণ কৰিছিল। নতুন কবিসকলে এলিজাবেথান চনেটকাৰসকলৰ বাহিৰেও হেৰিক, কেম্পিয়ন, ডাৰ্লি, মাৰ্ভেল আদি কবিৰ সুৰসাগৰত অবগাহন কৰিছিল। এই কবিসকলৰ ক্ষেত্ৰত নিয়াতকৈ দিয়াৰ প্ৰৱণতাহে অধিকভাৱে অনুভূত হৈছিল। সংগীতমুখৰ এলিজাবেথান যুগৰ কবিসকলৰ ওপৰত অধিক দৃষ্টি নিক্ষেপ কৰাৰ ফলত জোনাকী যুগৰ কবিসকলৰ প্ৰতিভা সম্যকভাৱে স্ফুৰণ হোৱা দেখিবলৈ পোৱা যায়।
চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা তিনিওজনাই কমসংখ্যক হ‘লেও উচ্চমানৰ লিৰিক ৰচনা কৰিবলৈ সমৰ্থ হৈছিল। বেজবৰুৱাদেৱৰ প্ৰেমৰ কবিতাত এলিজাবেথান যুগৰ গীতিময়তা ধ্বনিত হৈছে। এই কবিতাবোৰৰ অন্তৰ্নিহিত সৌন্দৰ্য্যই পৰবৰ্তী ৰোমাণ্টিক কবিসকলৰ মধুৰ অস্থিৰতাক ব্যঞ্জিত নকৰে। চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ‘নিয়ৰ’ কবিতাৰ মৌলিকতাও অনস্বীকাৰ্য। কীটচে গাইছিল- ‘A thing of beauty is a joy forever.’ চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ বাবেও ‘সুন্দৰৰ আৰাধনা জীৱনৰ খেল’। ৰুছোঁৰ- ‘Man was born free, but he is everywhere in chains’- এই বাণীটোক পশ্চিমৰ ৰোমাণ্টিক সাহিত্যৰ শ্লোগান হিচাপে ভাবিব পাৰি। ৰোমান্টিচিজিমৰ পুনৰুদ্ধাৰৰ দিনকেইটা সামগ্ৰিক বিপ্লৱৰ দিন। ৱৰ্ডচৱৰ্থৰ চৰে চন্দ্ৰকুমাৰ আগৰৱালায়ো মানুহৰ বন্দনা কৰিছিল। নলিনীবালা দেৱীৰ ‘দুখীয়াৰ ভগাপঁজা, একোখনি তীৰ্থ তাত, একোখনি শান্তিৰ সৰগ’ সাধাৰণ মানুহৰ জীৱনৰ আদৰ্শাত্মক ৰূপৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰকৃতিৰ প্ৰতি নিবিড় ভালপোৱা জোনাকী যুগৰ ৰোমাণ্টিচিজমৰ চৰিত্ৰগত সুৰ। বেজবৰুৱাৰ ‘বসন্ত’ কবিতাটো পঢ়িলে ৱৰ্ডচৱৰ্থৰ ‘Lines written in Early Spring’ কবিতাটোৰ লগত মিল থকা যেন লাগে। ‘যুতি ফুলজুপি নিশাহ এৰিলে’ শাৰীটোৱে ৱৰ্ডচৱৰ্থৰ – ‘And ‘tis my faith that every flower/ Enjoys the air it breathes.’— পংক্তি দুটালৈ মনত পেলায়। অথচ কিমান সতেজ ! মুঠেও কিন্তু ধাৰ কৰা নহয়। এয়া কবিসকলৰ হৃদয়ৰ অন্তৰংগতাৰহে নমুনা।
ৰোমাণ্টিক কবিসকলে অহৰহ সৌন্দৰ্য্যৰ অনুধাৱন কৰে, যিয়ে মানুহৰ মন অতীন্দ্ৰিয় অভিজ্ঞতাৰ ফালে লৈ যাব পাৰে। অম্বিকাগিৰি ৰায়চৌধুৰীৰ ‘তুমি’ কবিতাত ইন্দ্ৰিয়গত সৌন্দৰ্য্যৰ যোগেদি সত্তাৰ যি উপলব্ধি, সিয়ে এই শ্ৰেণীৰ আত্মিক অনুধাৱনৰ মহিমাকে প্ৰচাৰ কৰিছে। ৰত্নকান্ত বৰকাকতিৰ প্ৰেমৰ কবিতাত পোৱা ইন্দ্ৰিয়গ্ৰাহ্য আৰু ইন্দ্ৰীয়াতীত সৌন্দৰ্য্যৰ সমাহাৰেও ৰবীন্দ্ৰনাথৰ কবিতাৰ মাজেৰে নিগৰি অহা পাশ্চাত্যৰ সুৰটোৰ কথাকে সকিয়ায়। দুৰ্গেশ্বৰ শৰ্মাই শ্বেক্সপীয়েৰৰ গীতৰ আধাৰত লিখা ‘জলকুঁৱৰী’ অসমীয়া আধিভৌতিক কবিতাৰ অন্যতম উদাহৰণ- ‘কোনে ফুৰে শেহ নিশা নৈ পাৰে পাৰে’। পশ্চিমীয়া ৰোমাণ্টিচিজমৰ প্ৰভাৱতে বিংশ শতাব্দীৰ অসমীয়া কবিতাত কল্পনাৰ অভূতপূৰ্ব আলোড়নৰ সৃষ্টি হয়। অতীন্দ্ৰীয়বাদ ইংৰাজী ৰমন্যাসবাদৰ এটি বিশিষ্ট দিশ! ৱৰ্ডচৱৰ্থ আৰু শ্বেলীৰ কবিতাত তাৰ নিদৰ্শন আছে। অসমীয়া ৰোমাণ্টিক কবিতাত এই ক্ষেত্ৰত প্ৰাচ্য আৰু পাশ্চাত্যৰ সমন্বয় পৰিলক্ষিত হয়। ৰঘুনাথ চৌধুৰীয়ে লিখিছে- ‘ৰিণিকি ৰিণিকি সুৰ এটি আহে, জানো ক’ৰবাৰ পৰা’। নলিনীবালা দেৱীৰ ‘পৰমতৃষ্ণা’ কবিতাত পাওঁ- ‘প্ৰতিধ্বনি দূৰ সুদূৰৰ/ ৰূপতৃষ্ণা চিৰসুন্দৰৰ।’
নীলমণি ফুকনেও ‘সুন্দৰ ক‘ত’ তাক বিচাৰি হাবাথুৰি খাইছে। যোগীৰাজ বসুৰ ভাষাত “যতীন্দ্ৰনাথ দুৱৰায়ো তেওঁৰ শেষৰ কবিতাবোৰত সসীম আৰু অসীমৰ পূ্জাত বহিছে।“ এই ধৰণৰ ‘মিষ্টিচিজম’ত আন নহ’লেও ৱৰ্ডচৱৰ্থৰ অৱদান নাই বুলি ক’ব নোৱাৰি। যতীন্দ্ৰনাথ দুৱৰাই লিখিছে-
‘দূৰত গৰজে শুনা অনন্ত সাগৰ
পৰ্বত প্ৰমাণ ঢৌ তুলি,
বাহু তোলা মৰণৰ শেষ আলিঙ্গনে
চিন চাব নাৰাখে সমূলি।’ (অতীতক নাযাবা পাহৰি)
—-এই শাৰীকেইটাত ৱৰ্ডচৱৰ্থৰড ‘অ’ড অন ইম্মৰ্টেলিটিৰ’ প্ৰভাৱ পৰা দেখা যায়।
‘Our souls have sight of that immortal Sea
Which brought us hither…………
And hear the mighty waters rolling for ever more.’
ৰোমাণ্টিক যুগৰ অন্যতম ভাঙনিকোঁৱৰ আনন্দ্ৰচন্দ্ৰ আগৰৱালাৰ ক্ষেত্ৰতো এই কথা খাটে। আনন্দচন্দ্ৰ আগৰৱালাৰ ভাঙনিও মৌলিক কবিতাই। তেওঁৰ অনুদিত কবিতা মূল কবিতাতকৈ বেছি মনোমোহা। দুৰ্গেশ্বৰ শৰ্মাৰ ‘সাদৰী’ত ৱৰ্ডচৱৰ্থৰ লুচি কবিতাৰ ভাব আৰু ছন্দৰ পুনৰ্নিমাণ ঘটিছে।
‘আছিল সাদৰী মোৰ ভৰলুৰ সিপাৰে
কাৰো মাত নুশুনা দেশত
নাই কোনো শলাগনি দিয়ে মৰমেৰে
নাই কোনো পৰে প্ৰণয়ত।’
লক্ষ্মীনাথ ফুকনৰ কবিতাত শেষ ভিক্তৰিয়ান ৰোমাণ্টিচিজমৰ অস্তৰাগৰ ৰেঙণি পৰিলক্ষিত হয়। তেওঁৰ ‘সাক্ষী’ আৰু ‘প্ৰতীক্ষা’ কবিতাত টেনিচনৰ Come into the Garden, Maud কবিতাৰ সাঁচ মনোমোহাকৈ পৰিছে; অথচ, প্ৰতিক্ষিত ব্যক্তিৰ দৰেই তাৰ উপস্থিতি লুকাভাকু খেলাধৰণৰ-
‘এতিয়াও দুবৰি ডৰাত
পৰি আছে চৰণৰ চাব
এতিয়াও পখিলা শাৰীৰ
কিবা এটি আমোলন ভাব।’
বিংশ শতাব্দীৰ পঞ্চম দশকটো আধুনিক অসমীয়া সাহিত্যৰ এটা গুৰুত্বপূৰ্ণ দশক। সেই দশকত পচোৱা গুটিবোৰে পিছত দশকবোৰত গজালি মেলিছে। হেম বৰুৱা, আব্দুল মালিক, ভবানন্দ দত্ত, ড° মহেশ্বৰ নেওগ, অমূল্য বৰুৱা, কেশৱ মহন্ত, অজিত বৰুৱা, চক্ৰেশ্বৰ ভট্টাচাৰ্য্য আদি কবিয়ে মুক্তক ছন্দত কবিতা লিখিবলৈ লয়। লাহে লাহে এই কবিসকল মাৰ্ক্সীয় আৰু এলিটীয়— এই দুই ধাৰাত বিভক্ত হয়। মাৰ্ক্সীয় বাস্তৱতা পশ্চিমৰ অৱদান, কিন্তু এই সময়ৰ মাৰ্ক্সবাদী অসমীয়া লিখকসকল সমকালীন, দৰিদ্ৰ সমাজৰ জীৱনৰ দুখবোধৰ প্ৰতি ইমান সচেতন যে তেওঁলোক ঘাইকৈ চতুৰ্থ দশকৰ ইংৰাজ বাওঁপন্থীসকলৰ প্ৰভাৱৰ পৰা মুক্ত। ভবানন্দ দত্ত আৰু অমূল্য বৰুৱা প্ৰমুখ্যে প্ৰগতিশীল কবিসকলৰ কবিতাত শোষিত আৰু বঞ্চিত শ্ৰমিক-কৃষকৰ প্ৰতিবাদৰ সুৰ ধ্বনিত হৈছে।
এই দশকৰ কবিসকলৰ কবিতাত জাপানী আৰু চীনা চিত্ৰকল্পবাদী কবিতাৰ ছাপ আছে। এওঁলোকৰ কবিতা ‘ইমেজিষ্ট’সকলৰ দ্বাৰা বেচিকৈ প্ৰভাৱাম্বিত হৈছিল। হাইকু টাইপৰ কবিতাৰ প্ৰভাৱ নবকান্ত বৰুৱা, হীৰেন ভট্টাচাৰ্য্য , নীলমণি ফুকন আৰু নিৰ্মলপ্ৰভা বৰদলৈৰ ওপৰত পৰিছে বুলিব পাৰি। হেম বৰুৱাৰ চিত্ৰকল্পত প্ৰাচ্য আৰু প্ৰতীচ্যৰ চিত্ৰকল্পবাদ সংমিশ্ৰিত হৈ আছে। তেওঁৰ কবিতাত ‘ৰোমাণ্টিক বাস্তৱতাৰ ঐতিহ্য’ সমানে সক্ৰিয় হৈ আছে। মুঠতে আধুনিক অসমীয়া কবিতাত পাশ্চত্যৰ প্ৰভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছে। এই প্ৰভাৱে আমাৰ সাহিত্যৰ অলপো ক্ষতি কৰা দেখা পোৱা নাযায়; বৰঞ্চ কবিতাৰ ক্ষেত্ৰখনক চহকী কৰা বুলিয়ে পতিয়ন যাব পাৰি।
(সহায়ক গ্ৰন্থ: উপেন্দ্ৰ নাথ শৰ্মাৰ ‘কবিতাৰ ভাষা আৰু অন্যান্য প্ৰৱন্ধ’)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!