পিছলা জিভা(বি জে ৰঞ্জন)

ইলেকচনৰ সময়, অফিচত ভীষণ ব্যস্ততা। লেথাৰি নিছিগা কাম, দিন-ৰাতি প্ৰায় একাকাৰ। ৫ মিনিটৰ সৰু বিৰতি এটা লৈ সন্ধিয়া অফিচৰ পৰা ওচৰতে থকা ঘৰলৈ প্ৰায় দৌৰি যোৱাৰ দৰে গৈছো চাহ আৰু নাস্তা খাই আহিম বুলি৷ গৈ থাকোতে শ্ৰীমতীক ফোন লগাইছো-হেৰা, মই গৈ আছো হাঁ, ফটাফট্ চাহ আৰু কিবা খোৱা ৰেডি কৰা৷ মনতে ভাবিছো আজিবা ৰাতি কিমানটা বাজে অফিচত৷

ফোনটো বাজিল, চালো, ৰুনুৱে ফোন কৰিছে৷
ৰুনু মোৰ বান্ধবী, সৰুৰ পৰাই আমি একেলগে ডাঙৰ হৈছো৷ তাই পঢ়া-শুনাত ভাল আছিল, কিন্তু চাকৰি নাপালে৷ এতিয়া কাপোৰৰ দোকান এখন খুলি স্বাৱলম্বী হৈছে, আৰ্থিকভাবে দুৰ্বল সিহঁতৰ পৰিয়ালটো কোনোমতে জোৰা টাপলি মাৰি চলি আছে দোকানখনৰ আৰ্জনত৷

-হেল্ল’, কি খবৰ ?
-নকবি আৰু, ইলেকচনে জান খাই দিছে, কামৰ উৎপাতত শেঙুন পেলাবলৈ সময় নোহোৱা হৈছে, এয়া অলপ সময় পাই ঘৰলৈ আহি আছো, চাহ একাপ খাই যাওঁ বুলি৷

-বাহ, তোৰেই ভাল৷ দে দে, ঘৰত চাহ-ভাত খাই খাই আৰামচে চাকৰি কৰি আছ, আমাৰটো আৰু সেই ভাগ্য নাই৷

-তই ক’ত?

-ক’ত আৰু? দোকানত৷ এনে বহি বহি দিনটো মাখি মাৰি আছো৷ তহঁতৰে ভাল, চৰকাৰী চাকৰি, দৰ্মহা, ছুটি কিমান যে আৰাম৷ এতিয়া কামৰ মাজতে ঘৰত চাহ, আৰু কত কি- তাই উত্তৰ দিলে৷

-তোৰো একো বেয়া নহয় দে, একো টেনচন নাই-ফেনচন নাই, কাপোৰ বিক্ৰী কৰিছ, মাল কামাইছ, আৰামচে বহি বহি৷ বাৰু বাৰু, পিচত কথা পাতিম, বাই।

ঘৰ আহি দেখিলোহি চাহ কৰাই নাই, ইপিনে মোৰ সময় নাই, মোক দেখি শ্ৰীমতীয়ে খৰখেদাকৈ চাহ একাপ কিবাকিবি বস্তুৰে আনি টেবুলত ৰাখিলে৷

-দেখিছাই, মোৰ একদমে সময় নাই, চাহ কাপ কৰি থলে মোৰ এই পাঁচ মিনিট ৰাহি হলহেঁতেন – বুলি চাহত চুমুক দিছো মাত্ৰ, বাজিলেই নহয় ফোনডাল৷
-আপোনাক চাহাবে বিছাৰিছে, জলদি আহি যাব, হা।
চাহ কাপ টেবুলতে থেকেচা মাৰি থৈ অফিচলৈ দৌৰিলো৷ অইনদিনে এওঁ কিবা কয়, আজি অপৰাধী অপৰাধী ভাবত মই যোৱাৰ পিনে চাই ৰল৷

বছৰ চেম্বাৰত মিটিং৷ ট্ৰেইনিং ছিদিয়ুল ভুল, গ্ৰুপ ফৰ্মেচনত মদিফিকেচন, ডেট ছেইঞ্জ ইত্যাদি ইত্যাদি৷ গতিকে কামবোৰ নতুনকৈ আকৌ কৰিব লাগে৷ মোৰ মূৰত আকাশ ভাঙি পৰিল৷ যোৱা তিনিদিন তিনিৰাতি প্ৰস্তুত কৰা ৰিপোৰ্ট, এপইণ্টমেণ্টবোৰ আকৌ নতুনকৈ জেনেৰেট কৰিব লাগিব, ডিষ্ট্ৰিবিউট কৰিব লাগিব৷ ইমান কষ্ট, ইমান যত্ন অথলে গ’ল৷

১ ঘণ্টাৰ মিটিং শেষ হ’ল৷ মূৰত কুইণ্টল হিচাবৰ কামৰ বোজা৷ মূৰটো ঘূৰোৱা যেন লাগিল৷ বাহিৰৰ এন্ধাৰত কৃষ্ণচূড়াজোপাত আউজি মূৰটো ঠাণ্ডা হ’ব দিলো৷ পেটত পিৰপিৰাই এটা ভোক উঠি অহা যেন অনুভৱ কৰিলো৷ ইলেকচনৰ এটা “ফুড-ছেল” আছে, কিন্তু “ছেলে” দিয়া গেষ্ট্ৰিক-পৃক্ত শুকান ৰুটি, ৰঙা ঘুঘুনীৰ ওপৰত হে মোৰ আস্হা নাই৷ আজি সেই পুৱাই যে ভাত খাই আহিছিলো৷ ঘৰৰ চাহকাপৰ কথা মনত পৰিল৷ পত্নীৰ ওপৰতো খং এটা উঠি আহিল৷

ৰুনুৰ কথা মনত পৰিল “–দে দে, ঘৰত চাহ-ভাত খাই খাই আৰামচে কাম কৰি থাকিব পাৰ…“ খংটো টিঙিচকৈ বাঢ়ি আহিল৷

লগে লগে তাইক ফোন লগালো-ঐ, মোৰে ভাল, ন? চাল্লা, অথনি কি মুখ লগাই দিলি, ঘৰত চাহকাপো খাব নেপালো আৰু এতিয়া ৰাতি কিমানটা বাজে তাৰো ঠিক নাই৷

তাই তাঁৰচিঙা উত্তৰ এটা দিলে-অ, অ, চৰকাৰে এনেই লাখে লাখে দি আছে নেকি তহঁতক? কামটো কৰিবই লাগিব৷

মোৰ খংটো দুগুণে চৰিল, ক’লো- হ’ব দে, তোৰ মুখখনো কম নহয়, আচলতে তই এটা মস্ত কুফা৷
-হা, হা, কি কলি ?
-ও, তই এটা মস্ত কুফা – কৈ ফোন কাটি দিলো৷

এনেকৈ তাইৰ ওপৰতে খং উজাৰি যেন মূৰটো অলপ ঠাণ্ডা কৰিলো৷

পাঁচ দিনৰ পিচত৷ কামবোৰ লাইনত আহিল৷ অলপ আজৰি পালো, লগত শান্তিও৷ ৰুনুলৈ মনত পৰিল৷ বেয়া লাগিল, বেচেৰীক মিছাকে বেয়াকৈ কৈ পেলালো সিদিনা, মনত চাগে তাই দুখ পালে৷ ফোন লগালো তাইলৈ৷
-হেল্ল দোষ্ট, বেয়া পাই আছ নেকি? নাপাবি হা, সিদিনা কাৰোবাৰ ওপৰত খং উঠি তোকেই যা-তা কৈ পেলালো৷
-নাই ও, কি বেয়া পাম ভাই, জান, সিদিনা মোৰেই দিনেই বেয়া আছিল৷ তোৰ লগত কথা পতাৰ পিছত মোৰ প্লাষ্টিকৰ চকীখন ভাগি লুটি খাই পৰিলো৷ ভৰিৰ আঙুলি এটা ফ্ৰেকচাৰ হৈছে৷ এতিয়া প্লাষ্টাৰ।

মোৰ মুখৰ মাত হৰিল৷ সিদিনা তাইক মই কুফা বুলি কৈছিলো-চাহকাপ খাব নোপোৱা বাবে৷ আৰু ময়েতো তাইক কৈছিলো- “তহঁতৰে ভালদে, বহি বহি কামাই কৰি আছ…”। মই চাহকাপ খাব নোপোৱাত তাই যদি কুফা হ’ল, তেন্তে মই তাইক বহি বহি বেপাৰ কৰাৰ কথা কোৱাৰ পিছত তাইৰ যে আঙুলি ভাগিল, তেন্তে মই হ’লো কি? মই দেখোন মহা মহা কুফা-এটা চুপাৰ কুফা!

-কি হ’ল, মনে মনে থাকিলি যে? মৌনব্ৰত ধৰিলি নেকি?

-নাই অ’, বেয়া লাগিল তোৰ কথা শুনি, ভাল হৈ যাব দে, সাবধানে চলা-ফুৰা কৰিবি এইকেইদিন, এতিয়া ৰাখো হা -ফোনটো ৰাখি দিলো৷

তাই কি ভাবিলে নাজানো, মই কিন্তু ভাবিলো -এই যে জিভাখন, এই পিছলা জিভা, যদি চলাবই নাজানো, মুখৰ ছাটাৰখননো বন্ধ কৰি নথওঁ কিয়? এই পিছল খোৱা জিভাবোৰেই য’ত অথন্তৰৰ মূল৷ ঠিকেই, জিভা চলাব নাজানিলে মৌনব্ৰত ধৰাই ভাল

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক