হাৰাধন-ৰংমনৰ কথা(শ্ৰী হেমাংগ বিশ্বাস আৰু ড০ ভূপেন হাজৰিকা)

(১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত হেমাংগ বিশ্বাস আৰু ভূপেন হাজৰিকাই যুটীয়াভাবে লিখা হাৰাধন-ৰংমনৰ গীতটোৱে সংঘৰ্ষ-জৰ্জ্জৰ অঞ্চলত সঞ্জীৱনীৰ দৰে কাম কৰিছিল‌। আন এটা প’ষ্টত কথা প্ৰসংগত উল্লেখ কৰা গীতটিৰ পূৰ্ণৰূপ আগবঢ়ালো‌।সঁচাকৈ কি অপূৰ্ব সৃষ্টি‌। ভাটিয়ালী আৰু বিহুৰ কি এক অপূৰ্ব ফিউজন!!!)

ইউনিক’ড ৰূপান্তৰক: বৰ্ণালী বৰুৱা

 

হাৰাধন-ৰংমনৰ কথা
ৰচনা: হেমাংগ বিশ্বাস আৰু ভূপেন হাজৰিকা

ৰংমন:- মনৰে বননি চেনেহৰে নিজৰাৰ
পানীকে এটুপি পিওঁ,
পোৰাকে ভেঁটিতে তুমি ঘৰ বান্ধা
আমি টঙাল তুলাই দিওঁ‌।

হাৰাধন:- আবাৰ আমি বান্ধমু ঘৰ
আবাৰ গাইমু গান
দুঃখে যদি পাষাণ গলে
গলবে কি পৰাণ‌।

ৰংমন :- লুইতৰ চাপৰিত চাকৈয়ে কান্দিলে
মানুহৰ নাওখন চাই
মানুহৰ দুখতে মানুহ বুৰিব
আনকচোন দুষিবৰ নাই‌।

হাৰাধন :- পদ্মাৰ তুফান উড়াইয়া নিল
আমাৰ সুখেৰ ঘৰ
উজান ঠেইল্যা আইলাম আমি লুইতেৰ চৰ‌।
আমাৰ ভাংগা নাওয়ে বন্ধু
তুমি ধৰলায় হাল‌।
এ’ মিলন গাঙে আনলো বলে
কে বিভেদেৰ বান
চৰ ভাংগিল, ঘৰ ভাংগিল
ডুবলো সোণাৰ ধান‌।
আমাৰ দেহে বৃষ্টি শুকায়
ৰক্তকণায় সুৰুয ঘূমায়
হালেৰ খুঁটি মুঠিতে শোভায়
তবু কেন উপবাসী
নিজ দেশে পৰবাসী
সমনীয়া বলো না আমায়‌।

ৰংমন:- ভাষা নুবুজিও যুগে যুগে আহে
মানুহে মানুহৰ পিনে
মৰমৰ ভাষাৰে আখৰ নাইকিয়া
বুজিব খুজিলেই চিনে‌।
গংগাৰ চাপৰিৰ তলিতে দেখিবা
লুইতৰ পলসো আছে,
তোমাৰে মোৰে আয়ে কান্দিলে
একেই চকুপানী মচে‌।
তুমিয়ে মইয়ে দেশখন গঢ়োঁতে
যদিহে কেঁচাঘাম সৰে‌
দুয়োৰে ঘামৰে মিলনে দেখিবা
বুৰঞ্জী ৰচনা কৰে‌।

হাৰাধন – ৰংমন(দুখেৰে দ্বৈতকন্ঠত):-

এনেনো দুখ লাগে বান্ধৈ
এনেনো দুখ লাগে
অতীত দিনৰ মিলন স্মৃতি
যখন মনে জাগে‌।
তুমি ছড়ালে বীজ বন্ধু
আমি কাটলাম আলি‌
একেই সংগে ঘৰে আনলাম
সোণালী ৰূপশালি‌।

(দ্বৈতকন্ঠত আনন্দেৰে)

এনেনো ভাল লাগে বান্ধৈ
এনেনো ভাল লাগে
এমন ভাল লাগেৰে বন্ধু
এমন ভাল লাগে
তুমি নাচ বিহুনাচ আমি দিব তালি
ঐকতানে মিলে যাব বিহু-ভাটিয়ালী
দেশকে আবাৰ গঢ়বো মোৰা
বুকেৰ মৰম ঢালি‌।

উৎস: হেমাংগ বিশ্বাস ৰচনাৱলী, পৃ:৯৬৫
(অসম প্ৰকাশন পৰিষদ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক