কৃতিত্ব

অসমীয়াত কথা-বতৰা গোটৰ অন্যতম সক্ৰিয় সদস্য তথা সাহিত্য ডট অৰ্গৰ এপ্ৰিল’ ২০১৩ সংখ্যাৰ সম্পাদক শ্ৰীস্যামন্ত কুমাৰ গোস্বামীয়ে দক্ষিণ কোৰিয়াৰ Chungnam National University পৰা ” Synthesis, Optical Properties and Photovoltaic applications of Sulfide and Selenide nanostructures” শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে পি এইচ ডি ডিগ্ৰী অৰ্জন কৰিছে৷ তেওঁ উক্ত বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক Eunsoon Oh ৰ তত্বাৱধানত গৱেষণা কৰিছিল৷ তেওঁ পাঠশালা নিবাসী শ্ৰীগিৰিধৰ গোস্বামী আৰু শ্ৰীলতিকা গোস্বামীৰ সুযোগ্য পু্ত্ৰ৷ ‘অসমীয়াত কথা-বতৰা’ তথা সাহিত্য ডট অৰ্গৰ সমূহ সদস্য-সদস্যাৰ তৰফৰপৰা আমি শ্ৰী গোস্বামীৰ এই সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰিলোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!