বয়ঃসন্ধি শিশুৰ-প্ৰতিপালনত পিতৃ-মাতৃৰ দায়িত্ব

লেখক- কুমকুম শৰ্মাবৰুৱা

বয়ঃসন্ধি সময়টো মানৱ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ সময়। ই শৈশৱ অৱস্থা আৰু প্ৰাপ্তবয়স্ক কালৰ মাজৰ সময়খিনি বুজায়। ই প্ৰায় বাৰ বছৰ বয়সৰ পৰা বিশ/একৈশ বছৰলৈকে বুজায়। এই সময়ত দৈহিক বিকাশ অতি খৰতকীয়াকৈ হয় আৰু শৰীৰত বিভিন্ন হৰম’নৰ প্ৰভাৱত কিছু বিশৃংখলতা সংঘটিত হয়। এই সময়ত সঠিক পথত বাট দেখুৱাই আগবঢ়াই নিয়াটো প্ৰত্যেক অভিভাৱকৰ কৰ্তব্য। বয়ঃসন্ধি শিশুৰ স্বাভাৱিক বিকাশ যাতে কোনো প্ৰকাৰে বাধাগ্ৰস্ত নহয় আৰু তেওঁলোকৰ মানসিক আৰু শাৰীৰিক সমস্যাসমূহ যাতে যথাযথ সমাধান হয় তাৰবাবে পিতৃ-মাতৃ, শিক্ষক প্ৰভৃতি সকলোৰে সহযোগিতা একান্তই প্ৰয়োজন। এইক্ষেত্ৰত পিতৃ-মাতৃসকলে কিছুমান বিশেষ বিষয়ৰ প্ৰতি শেনচকু ৰাখিব লাগে। যেনে-

(১)এই শ্ৰেণীৰ ল’ৰা-ছোৱালীসকলৰ প্ৰতি সহানুভূতি আৰু বিচক্ষণতাৰে আচৰণ কৰিব লাগে। তেওঁলোকৰ শাৰীৰিক পৰিৱৰ্তনসমূহ সহজভাৱে ল’ব লাগিব আৰু যিমানদূৰ পাৰি তেওঁলোকৰ সৈতে মানসিক সংঘাত এৰাই চলিব লাগে।

(২)তেওঁলোকক সকলো কথাতে হকা-বধা নকৰি কিছু পৰিমাণে স্বাধীনভাৱে কাম কৰাৰ সুযোগ দিব লাগে। বৰ সাৱধানতাৰে ভুলটো আঙুলিয়াই দি ভাল কামকণৰ কাৰণে প্ৰশংসা কৰা উচিত।

(৩)পঢ়া-শুনাৰ উপৰিও তেওঁলোকৰ কিছুমান বিশেষ বিশেষ বিষয়ত  যেনে-সঙ্গীত, ছবিঅঁকা, নৃত্য কৰা অথবা কিবা খেল-ধেমালি ইত্যাদিত ৰাপ থাকিব পাৰে। পঢ়া-শুনাত বাধাপ্ৰাপ্ত হ’ব বুলি এইবোৰৰ পৰা সম্পূৰ্ণকৈ আঁতৰাই ৰখাতকৈ অভিৰুচি অনুযায়ী কিছু সুবিধা প্ৰদান কৰি ৰাপ থকা বিষয়ত আগবাঢ়িবলৈ দিবহে লাগে।

(৪)শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকক ‘বলে নোৱাৰা শিল’ জোৰকৈ জাপি দিব নালাগে। যিটো বিষয় তেওঁলোকৰ আয়ত্তৰ বাহিৰত তাত জোৰকৈ নাম লগাই দিলে বেয়াকৈ হতাশগ্ৰস্ত হ’ব অথবা ব্যৰ্থতাই তেওঁলোকৰ আত্মবিশ্বাস দুৰ্বল কৰি তুলিব। কথাতে কয় বোলে ‘দহো আঙুলি সমান নহয়’। গতিকে যি যিমানৰ তাক মানি লৈ সেইমতে শিক্ষা প্ৰদান কৰিব লাগে। পিতৃ-মাতৃৰ সামৰ্থ থাকিলে পঢ়া-শুনা নিজে চাব লাগে।

(৫)তেওঁলোকে যাতে নিসংগ অনুভৱ নকৰে তাৰবাবে পিতৃ-মাতৃয়ে চকু ৰাখিব লাগে। বনভোজ, শিক্ষামূলক ভ্ৰমণ অথবা নিজৰ আত্মীয় স্বজনৰ ঘৰলৈও তেওঁলোকক মাজে-সময়ে নিব লাগে। লগ-সমনীয়াৰ লগত অলপ হলেও মুকলিকৈ ভাবৰ আদান-প্ৰদান কৰাৰ সুযোগ দিব লাগে। কিন্তু বেয়া সঙ্গ লৈছেনেকি সেইটোও চকু দিব লাগে।

(৬) এই সময়চোৱাত তেওঁলোকৰ মনত যাতে জীৱনৰ প্ৰতি এক উচ্চ আদৰ্শবোধ গঢ়ি তুলিব পাৰি তাৰ প্ৰতিও পিতৃ -মাতৃ তথা অভিভাৱক সকলে চকু দিব লাগে। ভাল ভাল কিতাপ পঢ়িবলৈ সুযোগ দিয়া, জীৱনৰ গুৰুত্বপূৰ্ণ সমস্যাসমূহক লৈ তেওঁলোকৰ সৈতে আলোচনা কৰা, সেইবিলাকৰ ওপৰত সুস্থ আৰু সম্যক ধাৰণা লোৱাত সহায় কৰা, প্ৰগতিশীল চিন্তাধাৰাৰ সৈতে পৰিচিত হ’বলৈ সুযোগ দিয়া, তেওঁলোকৰ মনত উদাৰ দৃষ্টিভংগী গঢ়ি তোলা ইত্যাদিৰ প্ৰতি যত্নবান হ’ব লাগে। সুপৰিকল্পিত প্ৰকৃতিবীক্ষণ, কল্পনাশক্তি বিকাশৰ ক্ষেত্ৰত অতি সহায়ক। সেয়ে প্ৰকৃতিৰ সৈতে যাতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠে তাৰ প্ৰতিও দৃষ্টি ৰাখিব লাগে। ইয়াৰোপৰি দেশভ্ৰমণৰ ফলত যুৱকসকলৰ মানসিক দৃষ্টিভংগী প্ৰসাৰিত হয় আৰু তেওঁলোকে উদাৰ জীৱন দৰ্শন গঢ়ি তুলিবলৈ সক্ষম হয়।

(৭)উপযুক্ত পাঠ্যক্ৰমৰ জৰিয়তে তেওঁলোকক যৌন বিষয়ক বিজ্ঞানসন্মত জ্ঞান দিয়াও অতি প্ৰয়োজনীয়।

(৮)এই সময়ত এটা ডাঙৰ সমস্যা হ’ল অপৰাধ প্ৰৱণতা। ঘৰৰ পৰিৱেশ যাতে বিশৃংখল নহয় তাৰ প্ৰতি পিতৃ -মাতৃয়ে চকু ৰাখিব লাগে। মাক-দেউতাকে সন্তানৰ সন্মুখত কাজিয়া কৰা উচিত নহয়। ই সন্তান সকলক নিৰাপত্তাহীনতাত ভোগায়। তাৰফলত বহুতে ৰাগিয়াল বস্তু সেৱন কৰে আৰু অপৰাধমূলক কাৰ্য্য কৰে। এই সময়ত অতি সতৰ্কতাৰে তেওঁলোকৰ ওপৰত দৃষ্টি ৰাখি সহানুভূতিৰে আৰু মৰম সাদৰেৰে বুজাই সৎপথলৈ অনাতো প্ৰয়োজন।

(৯) এই সময়ত দিয়া অত্যাধিক প্ৰশ্ৰয়ে ল’ৰা-ছোৱালীক স্বাৰ্থপৰ কৰি তোলে। ল’ৰা-ছোৱালী কেইবাটাও থাকিলে গোটেই কেইটাকে সমানে মৰম কৰিব লাগে। এটা হ’লেও তাক প্ৰয়োজনীয়খিনিতকৈ বেছি দিয়া অনুচিত।

(১০) পিতৃ-মাতৃয়ে যেতিয়া তেওঁলোকক শিশুৰ দৰে আচৰণ কৰে অথবা অত্যাধিক শাসন কৰে তেওঁলোকে পিতৃ-মাতৃৰ লগত কাজিয়াত লিপ্ত হয়। এইসময়ত এই কথা বুজি লৈ অসীম ধৈৰ্যৰে তেওঁলোকৰ সমস্যাসমূহ মন দি শুনি লৈ তাক নিৰাময়ৰ বাবে যত্নবান হোৱা উচিত। অযথা সংঘাতৰ সৃষ্টি কৰিব নালাগে। প্ৰয়োজন হ’লে উপযুক্ত মানসিক চিকিৎসকৰ হতুৱাই চিকিৎসাৰ ব্যৱস্থা কৰাব লাগে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments