বৰগীতঃ অসমীয়া গীতিসাহিত্যৰ অনুপম সম্পদ

লেখক- ধীৰেন শইকীয়া

বৰগীতৰ অৰ্থ হ’ল শ্ৰেষ্ঠ গীত। উচ্চ আধ্যাত্মিক ভাৱযুক্ত এই বৰগীতসমূহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ ৰচনা। প্ৰকাশৰ সংযম আৰু আত্মা পৰমাত্মাৰ সম্বন্ধই বৰগীতৰ বিষয়বস্তু। বৰগীত আজিও অসমীয়া সমাজৰ নাম প্ৰসংগৰ অংশবিশেষ, অন্যতম প্ৰাৰ্থনা সংগীত। চৈধ্য প্ৰসঙ্গৰ পৰিক্ৰমাত বৰগীতৰ স্থান অসমীয়া জাতি থাকে মানে সদায় থাকিব। বৰগীতৰ ভাৱ আৰু সুৰৰ মহত্ত্বই মানুহক সহজে আকৰ্ষণ কৰি আধ্যাত্মিকতাত মগ্ন কৰিব পাৰে বাবেই দুয়োজন মহাপুৰুষেই নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰত ইয়াক ব্যৱহাৰ কৰিছিল। সাহিত্যৰ নৱ ৰসৰ পৰা তিনি ৰস বাদ দিয়া হৈছে বৰগীতত, সেইকেইটা হ’ল কৰুণ, ৰৌদ্ৰ, বীভৎস ৰস। শাস্ত্ৰীয় ৰাগ সংযোজিত হোৱা হেতুকে বৰগীতসমূহক ‘ক্লাছিকেল’ সংগীতৰ ভিতৰত ধৰা হয়। বৰগীতত ৰাগৰ উল্লেখ থাকে যদিও তালৰ উল্লেখ সাধাৰণতে নাথাকে। পৰিবেশন কৰোঁতে হাৰমনিয়াম, তাল, খোল, বাঁহী আদিৰ ব্যৱহাৰ দেখা যায়।  ভক্তিৰসক আধাৰ কৰি লিখিত এই বৰগীতসমূহ অসমীয়া গীতিসাহিত্যৰ অনুপম সম্পদ। বৰগীতবোৰত গায়নৰীতি অনুযায়ী বিশেষ এটা ৰাগত বিশেষ তাল এটা পৰে (যেনে-আশোৱাৰীত যতিমান, কল্যাণত খৰমান আদি)।  পৰমব্ৰহ্ম শ্ৰীকৃষ্ণৰ গুণৰাজিয়েই ইয়াৰ মূল বিষয়বস্তু। চৰিতপুথিৰ সময়কাল শুদ্ধ বুলি ধৰিলে বৰগীতৰ প্ৰথম সৃষ্টি হয় খৃষ্টীয় পঞ্চদশ শতিকাৰ শেষ দশকত। বৰগীতক শংকৰদেৱ কিম্বা মাধৱদেৱ দুয়োজনাই বৰগীত বোলাৰ পৰিৱৰ্তে গীতহে বুলিছিল, পৰৱৰ্তী পণ্ডিতসকলেহে ‘বৰগীত’ অভিধা দিছিল।

কেইটামান বিখ্যাত বৰগীত ৰচনাৰ সময়কাল:

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ১৪৮১ খৃঃৰ প্ৰাৰম্ভণিতে প্ৰথমটো তীৰ্থভ্ৰমণকালত ৰাগ ধনশ্ৰীৰ ‘ৰাম মেৰি হৃদয় পঙ্কজে ৰৈসে’ শীৰ্ষক এটা বৰগীত ৰচিছিল। সেই দিশৰ পৰা এইটোৱেই গুৰুজনাৰ প্ৰথমটো বৰগীত। পিছে প্ৰথিতযশা পণ্ডিত মহেশ্বৰ নেওগে ‘শ্ৰী শ্ৰীশংকৰদেৱ’ গ্ৰন্থখনত ‘মন মেৰি ৰাম চৰণেহি লাগু’ বৰগীতকহে প্ৰথম বৰগীত বুলিছে। আন এগৰাকী বৈষ্ণৱ পণ্ডিত পুৱাৰাম মহন্তদেৱে এই বৰগীতটিৰ ৰচনাৰ পটভূমি উল্লেখ কৰি লিখিছেঃ ‘সম্ভৱতঃ হিমালয় পৰ্বতৰ সৌম্য অথচ বিশাল অৱয়বে তাৰাক আধ্যাত্মিকভাৱে উদ্বেলিত কৰি তুলিছিল যাৰ বাবে তাৰাই বৰগীত ৰচনা কৰিবলৈ প্ৰনোদিত হয়’। (- পুৰ্নাঙ্গ কথা গুৰুচৰিত- ড. সঞ্জীৱ কুমাৰ বৰকাকতী)। মাধৱদেৱ আৰু শংকৰদেৱৰ জোঁৱাই হৰিক আহোম ৰজাই ধৰি নি বিচাৰ কৰি (সম্ভৱতঃ ১৫৪০ খৃঃ) চাওদাঙৰ দ্বাৰা মুণ্ডচ্ছেদ কৰিবলৈ ৰজাই দিয়া হুকুম পালন কৰিবলৈ হৰিক দিখৌ নৈৰ পাৰলৈ লৈ যাবলৈ উদ্যত হওঁতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আটাইতকৈ প্ৰিয় শিষ্য মাধৱদেৱে এটি গীত ৰচনা কৰি হৰিক গাই শুনাইছিল বুলি গুৰুচৰিতত উল্লেখ। সেইটোও এটা বিখ্যাত বৰগীত, আশোৱাৰী ৰাগৰ এই গীতটো হ’লঃ ‘ভয়ো ভাই সাৱধান যাৱে নাহি ছুটে প্ৰান’।

গুৰুচৰিতৰ বিখ্যাত বৰগীত কেইটিমানৰ পৰিৱেশনৰ সময় কাল:

শংকৰদেৱ চূনপোৰাত থাকোঁতে ভৱানন্দ সদাগৰ ওৰফে নাৰায়ণ ঠাকুৰ বা ঠাকুৰ আতাই খোৰা নদীৰ পাৰত দুজন ভকতে খাগৰি কাটি কাটি এটি অৰ্থবহ গীত গাই থকা শুনিছিল। এই গীতটোও আছিল গুৰুজনা ৰচিত বিখ্যাত এটা বৰগীত, গীতটো হ’ল- ‘নাৰায়ণ কাহে ভকতি কৰো তেৰা’। গীতটোৰ বিষয়বস্তু আৰু পৰিৱেশনশৈলী শুনিয়েই ভৱানন্দ সদাগৰ ওৰফে নাৰায়ণ ঠাকুৰ বা ঠাকুৰ আতাই ভকত দুজনক গীতৰ ৰচকজনৰ বিষয়ে সুধি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওচৰ পাইছিলগৈ। কথাগুৰুচৰিতত থকামতে আন এটা বৰগীত গাইছিল শংকৰদেৱৰ ভতিজী কমলাপ্ৰিয়াই। সেয়া আছিল ১৫৪৭-৪৮খৃঃৰ কথা। চিলাৰায় পত্নী বৈষ্ণৱভক্ত কমলাপ্ৰিয়াই চাৰেংদাৰ বজাই গুৰুজনাৰ বিখ্যাত বৰগীত এটা গাই আছিল, গীতটো আছিল ধনশ্ৰী ৰাগৰ, ‘পামৰ মন ৰাম চৰণে চিত্ত দেহু’। অৰ্থবহ এই গীতটো শুনিয়েই কোচ সেনাধিনায়ক, সংগীত অনুৰাগী চিলাৰায়ে কমলাপ্ৰিয়াক এই গীতৰ ৰচকজন কোন সুধিছিল। এনেকৈয়ে পৰৱৰ্তী সময়ত শংকৰদেৱৰ প্ৰতি আকৰ্ষণ বাঢ়িছিল চিলাৰায় দেৱানৰ। আনহাতে, শংকৰ মাধৱ দুয়োজনা গুৰু একেলগে তীৰ্থভ্ৰমণ কৰোঁতেও ‘শুনলো পণ্ডিত’, ‘কিৰিস কৰ আলো মনাই’ আদি এনে অলেখ গীত ৰচিছিল বুলি চৰিতপুথিত আছে।

বৰগীতৰ ভাষা আৰু বিষবস্তু:

উত্তৰ-পূব ভাৰতৰ বিভিন্ন প্ৰান্তত তাহানি কালত ব্ৰজবুলি বা ব্ৰজাৱলী নামৰ এটা সুকীয়া ভাষা আছিল। গুৰুজনাই উত্তৰ-পূব ভাৰতলৈ তীৰ্থভ্ৰমণৰ বাবে গৈছিল আৰু সেই অঞ্চলটোত তেৰাই ব্ৰজবুলি বা ব্ৰজাৱলী ভাষাই চলি থকা পাইছিল গতিকে তেওঁ সেই ভাষাতেই বৰগীতটো লিখিছিল বুলি ভবাৰ অৱকাশ আছে। তদুপৰি সেই সময়ত গীত কবিতা আদি ৰচনাৰ মাধ্যম ব্ৰজাৱলী ভাষাই আছিল বুলিও জনা যায়।  উল্লেখ্য যে আমাৰ অসমতো পুথি পাজি ৰচনাত ব্ৰজাৱলী ভাষাই সেইসময়ত চলিছিল বুলি আমবাৰীৰ খনন কাৰ্যত প্ৰাপ্ত এক শিলালিপিয়েও সাক্ষ্য দিয়ে। ড. ফনীভূষন দাসদেৱে ‘শংকৰী সংস্কৃতিৰ দৰ্শন’ত লিখিছে- ‘শংকৰদেৱৰ বৰগীতত বিভিন্ন ভাৱ আৰু আৱেগ অনুভূতিৰ প্ৰকাশ দেখা যায়। যেনেঃ বাসুদেৱ কৃষ্ণৰ চৰণত আত্মসমৰ্পণ, তেওঁৰ ৰূপ বৰ্ণনা, নাম ধৰ্মৰ গুৰুত্ব, ভক্তিৰ শ্ৰেষ্ঠতা, প্ৰাৰ্থনা, পাপৰ স্বীকাৰোক্তি, খেদ, অনুশোচনা, গোপ-গোপী আৰু যশোদাৰ কৃষ্ণ বিৰহত দুখ, বালক কৃষ্ণৰ নৃত্য আৰু বাঁহীৰ প্ৰভাৱ ইত্যাদি। শ্ৰীমন্ত শংকৰদেৱৰ অধিকাংশ বৰগীতেই পৰমাৰ্থিক তত্ত্ববিষয়ক, কিছুমানত অদ্বৈত বেদান্তৰ তত্ত্ব প্ৰতিভাত হৈছে। ….শংকৰদেৱৰ বেছিভাগ বৰগীত ধনশ্ৰী, গৌৰি, আশোৱাৰী, কেদাৰ আদি ৰাগত আধাৰিত। ’ আনহাতে, মাধৱদেৱৰ বৰগীতত দাস্য আৰু বাৎসল্য এই দুয়োটা ভাৱৰেই গীত আছে। ড. বাণীকান্ত কাকতিয়ে তাহানিতে লিখিছিলঃ ‘শংকৰদেৱৰ গীতসমূহ প্ৰাৰ্থনাসূচক। হৰিভক্তি মোহাচ্ছন্ন জীৱন সমুদ্ৰত ধ্ৰুৱতৰা, এয়ে এনে ভাব আৰু ভাষাত শংকৰদেৱৰ গীতবোৰৰ সাধাৰণ তাৎপৰ্য। কিন্তু মাধৱদেৱৰ গীতবোৰৰ বেছিভাগতেই শিশুকৃষ্ণৰ বাৎসল্য ভাবটোহে স্পষ্ট। ’ অৱতাৰবাদ বৰগীতৰো প্ৰতিপাদ্য বিষয়।
সাধুসকলক উদ্ধাৰৰ বাবে ভগৱানে যুগে যুগে অৱতাৰ লয় এই কথা বৰগীততো দুয়োজনা মহাপুৰুষে সুন্দৰকৈ বৰ্ণাইছে। বৰগীতত লিখিছেঃ ‘জীৱৰ তৰণ হেতু নাৰায়ণ বৈকুণ্ঠ তেজিয়া আসি। কহয় মাধৱ দাস নানাবিধ ৰসে প্ৰচাৰিল যশ ৰাসি। ’

মুঠতে বৰগীত কিমান আছিল আজিও সঠিক হিচাপ অস্পষ্ট:

জনামতে, শংকৰদেৱে বাৰকুৰি এনে বৰগীত লিখিছিল। আনহাতে এই গীতবোৰ এখন পুথিতেই সন্নিৱিষ্ট আছিল, পিছত কমলা গায়ন নামৰ ভকত এজনে সেইখন পঢ়ি তাক আওৰাবলৈ নিওতে জুইত পুৰি সকলো নষ্ট হয়। পিছত ভকতৰ মুখে মুখে কিছু গীত ৰ’ল, তাৰ পৰা মাধৱপুৰুষৰ মাত্ৰ পয়ত্ৰিশটামানহে উদ্ধাৰ সম্ভৱপৰ হ’ল, পৰৱৰ্তী সময়ত এইখিনিয়েই শংকৰদেৱ গুৰুজনা ৰচিত বৰগীত হিচাপে ৰ’লগৈ। গুৰুজনাই জুইত তেওঁৰ গীত পোৰা এই ঘটনাত বৰ বেজাৰ পাই আৰু নিজে আৰু তেনে গীত নৰচি প্ৰিয় শিষ্য বঢ়াৰপো মাধৱদেৱক নতুনকৈ এনে গীত ৰচিবলৈ কোৱাত মাধৱদেৱেও আৰু কিছু গীত লিখে। অৱশ্যে ইয়াৰ আগতেও মাধৱদেৱে এনে কেইবাটাও গীত লিখিছিল বুলি জনা যায়। বহুতে কয় সেইবাবেই শংকৰদেৱৰ গীত মাধৱদেৱতকৈও কম। সত্যেন্দ্ৰনাথ শৰ্মাই লিখামতে মাধৱদেৱে নকুৰি এঘাৰটা বৰগীত ৰচনা কৰিছিল। সেইদিশৰ পৰা চাবলৈ হলে মুঠ বৰগীত ছকুৰি(শংকৰদেৱৰ) + নকুৰি এঘাৰ(মাধৱদেৱৰ) = বৰগীত মুঠতে পোন্ধৰ কুৰি এঘাৰটা( তিনিশ এঘাৰটা)। আনহাতে বৈষ্ণৱ পণ্ডিত বাপচন্দ্ৰ মহন্তদেৱে কোৱামতে মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা এশ একানব্বৈটা। পিছে মাধৱদেৱৰো হেনো বহু বৰগীত হেৰাই থাকিল।

উপসংহাৰ:

আধুনিক যুগত সত্ৰ বিশেষে বৰগীতৰ গায়নশৈলী সুকীয়া সুকীয়া হোৱাটোৱে বৰগীত একোটাৰ প্ৰকৃত সুৰ, ৰাগ আদিত বৰগীতৰ ন শিকাৰুসকলক কিছু অসুবিধাত পেলাইছে। সময়ে সময়ে বৰগীতৰ কৰ্মশালা পাতি নতুন প্ৰজন্মক শুদ্ধ আৰু পৰিশীলিতভাৱে বৰগীতসমূহ অভ্যাসৰ এক পৰিৱেশ দিয়াটো আজি খুবেই জৰুৰী হৈ পৰিছে।

সহায়ক গ্ৰন্থপঞ্জী:

ক)পূৰ্ণাঙ্গ কথা গুৰুচৰিত- ড° সঞ্জীৱ কুমাৰ বৰকাকতি
খ)শংকৰী সংস্কৃতিৰ দৰ্শন- ড° ফনীভূষণ দাস
গ)অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত- ড° সত্যেন্দ্ৰ নাথ শৰ্মা
ঘ)বৰগীতৰ দৰ্শন-ড° অঞ্জনা চলিহা (প্ৰবন্ধ, ভক্তি বৈভৱ স্মৃতিগ্ৰন্থ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments