বৰগীত: এটি আলোচনা

লেখক- মালবিকা ভট্টাচাৰ্য

অসমত সংগীতৰ প্ৰচলন কেতিয়াৰপৰা হৈছিল তাক সঠিককৈ কোৱা টান। ভৰতৰ নাট্যশাস্ত্ৰত উত্তৰ-পূৱ ভাৰতৰ নৃত্য-গীতৰ বিষয়ে উল্লেখ পোৱা যায়। নাট্যশাস্ত্ৰত চাৰিবিধ নাট্য-পৰিবেশন ৰীতিৰ কথা কোৱা হৈছে। এই চাৰিবিধ ৰীতিৰ ভিতৰত এবিধ হ’ল- ওড্ৰমাগধী। ভাৰতৰ পূৱ প্ৰান্তত এইবিধ ৰীতিৰ প্ৰচলন আছিল। নাট্যকলা আচলতে গীত, নৃত্য, বাদ্য আৰু অভিনয়ৰ সমষ্টি। সেয়েহে ক’ব পাৰি ভাৰতৰ নাট্যশাস্ত্ৰ ৰচনা হোৱাৰ পূৰ্বৰ পৰাই অসমত সংগীতৰ চৰ্চা হৈছিল। হিউৱেন চাঙৰ বিৱৰণৰপৰাও এই কথা স্পষ্ট হয় যে সপ্তম শতিকাৰ ৰজা ভাস্কৰ বৰ্মাৰ সময়তো অসমত নৃত্য-গীতৰ প্ৰচলন আছিল। ইয়াৰ উপৰিও কালিকা পুৰাণ, নৱম শতিকাৰ বনমাল বৰ্মাৰ তামৰ ফলি, একাদশ শতিকাৰ আদি ভাগৰ ৰত্নপালৰ বৰগাঁও তাম্ৰশাসন আদিতো অসমৰ নৃত্য-গীত, বাদ্যৰ উল্লেখ পোৱা যায়। কিন্তু অসমৰ ৰাগ-সংগীতৰ প্ৰচলনৰ সঠিক প্ৰমাণ দিয়ে চৰ্যাপদসমূহে। অষ্টমৰপৰা দশম-একাদশ শতিকাৰ ভিতৰত ৰচিত চৰ্যাপদসমূহ অসমৰ সংগীতৰ অপূৰ্ব নিদৰ্শন।

অসমত পৰম্পৰাগতভাৱে চলি অহা সংগীতক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ন-ৰূপত সজাই-পৰাই উলিয়াই আনিলে। মহাপুৰুষ দুয়োগৰাকীৰ সংগীতৰ এই ন-ধাৰাই অসমলৈ এক জাগৰণ আনে। মহাপুৰুষদ্বয়ৰ দ্বাৰা ৰচিত গীতসমূহক ‘বৰগীত’ বুলি কোৱা হয়। অৱশ্যে এই নাম তেওঁলোকৰ অনুগামীসকলে দিয়া। হয়তো সেইসময়ত প্ৰচলিত অন্যান্য গীত-পদৰপৰা পৃথক বুলি বুজাবলৈ ‘বৰগীত’ নামটো ব্যৱহাৰ কৰিছিল। ‘বৰগীতবোৰ ওখ নৈতিক আৰু আধ্যাত্মিক ভাৱৰ ওপৰত প্ৰতিষ্ঠিত। সেইকাৰণে সেইবোৰক বৰগীত কোৱা হয়। ’১ ‘বিষয়বস্তুৰ মহত্ত্ব, ৰচনাভংগীৰ সৌষ্ঠৱ আৰু শাস্ত্ৰীয় সুৰৰ গাম্ভীৰ্য আৰু কল্পনাৰ সংযমে মহাপুৰুষৰ দ্বাৰা ৰচিত এই গীতসমূহক সমসাময়িক আন শাস্ত্ৰীয় সুৰযুক্ত গীতৰপৰা পৃথক কৰিছে আৰু এইকাৰণেই ইয়াক সাধাৰণ গীতৰ বিপৰীতে বৰগীত বোলা হয়। ’২

উল্লিখিত সংজ্ঞা দুটা অনুধাৱন কৰিলে বৰগীতৰ কেইটামান বৈশিষ্ট্য দৃষ্টিগোচৰ হয়। সেইকেইটা হ’ল:
১। বিষয়বস্তুৰ সংৰক্ষণশীলতা
২। ভাষা
৩। সুৰৰ বিশেষত্ব
৪। ব্যৱহাৰৰ সীমাবদ্ধতা
৫। ৰাগৰ নিৰ্দিষ্টতা।

বৰগীতত কেৱল পৰম-পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ গুণগান আৰু মহিমা ঘোষণা কৰা হৈছে। ‘আধ্যাত্মিক ভাৱ, বেদান্তৰ মমাৰ্থ, একান্তিকা ভক্তি আৰু শ্ৰীকৃষ্ণৰ বাল্যকালৰ বিভিন্ন কাৰ্যাৱলীৰ’৩ৰ বৰ্ণনাই হ’ল বৰগীতৰ বিষয়বস্তু। বৰগীতবোৰ দৰাচলতে শ্ৰীকৃষ্ণৰ পৰম-পুৰুষত্ব আৰু মানৱী লীলাৰ অপূৰ্ব প্ৰকাশ। মানৱী লীলাৰ প্ৰকাশ হ’লেও ‘বৰ্ণনা আমোদপ্ৰিয় কবিৰ বিলাস মাত্ৰ নহয়, এই বৰ্ণনাৰ আঁৰত লুকাই আছে এক আধ্যাত্মিক জগতত, যাৰ জ্যোতিত প্ৰতিটি বৰ্ণনা হীৰাবুলীয়া নিয়ৰৰ দৰে বা সঞ্জীৱনী দীপশিখাৰ দৰে ভাস্কৰ। ’৪ মুঠতে বৰগীতৰ বিষয়বস্তু আধ্যাত্মিক ভাৱৰ ওপৰত প্ৰতিষ্ঠিত। ভগৱানৰ মানৱী লীলাৰ মাজেৰেও পৰম-পুৰুষত্বহে প্ৰকাশ পাইছে।

মহাপুৰুষদ্বয়ৰ নাটবোৰৰ নিচিনাকৈ বৰগীতৰ ভাষাও ব্ৰজাৱলী। কৃষ্ণৰ জন্মঠাইৰ ভাষা হিচাপে এই ভাষাটোক সকলোৱে পবিত্ৰ বুলি মানি লৈছিল; লগতে এই ভাষাটো উত্তৰ-পূব ভাৰতত সমাদৃত হৈছিল। ‌ গতিকে ভাষাটোৰ পবিত্ৰতা আৰু জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি এই ভাষাটো তেওঁলোকে ব্যৱহাৰ কৰিছিল।

বিষয়বস্তু আৰু ভাষাৰ নিচিনাকৈ বৰগীতৰ সুৰৰ বৈশিষ্ট্যও লক্ষ্য কৰিবলগীয়া। প্ৰতিটো বৰগীততে ৰাগ নিৰ্দিষ্ট কৰি বান্ধি দিয়া আছে যদিও তাল বান্ধি দিয়া নাই। বৰগীতসমূহ বিভিন্ন তালত গোৱা হয়। দিনটোৰ কোন ভাগত কি ৰাগৰ গীত গাব লাগে তাৰ ধৰা-বন্ধা নিয়ম আছে। ‘বিষয়বস্তু, উদ্দেশ্য আৰু সময় অনুসৰি
গুৰুদুজনাই বৰগীতবোৰত সুৰ সংযোজন কৰি গৈছে। ’৫ গতিকে আমি ক’ব পাৰোঁ যে সুৰ সংযোজনৰ ক্ষেত্ৰত গুৰুদুজনা সচেতন আছিল।

ব্যৱহাৰৰ ক্ষেত্ৰতো বৰগীতবোৰৰ সীমাবদ্ধতা আছে। বিষ্ণুৰ মহিমা প্ৰচাৰ আৰু আনন্দ বিনোদনৰ বাবে বৰগীত গোৱা হয় যদিও ভিন্ন সময়ত নিৰ্দিষ্ট ৰাগৰ বৰগীত গোৱাৰ নিয়ম বান্ধি দিয়া আছে। উদাহৰণ স্বৰূপে, পুৱাৰ প্ৰসংগৰ আৰম্ভণিতে বৰগীতত স্তুতি আৰু তাৰ পাছত ভটিমা, কীৰ্তন আদি গোৱা হয়। এনে কাৰণতে বৰগীতক ‘প্ৰাৰ্থনা সংগীত’ বুলিও কোৱা হয়।

বৰগীতবোৰ মূলতঃ ভক্তিৰস প্ৰধান যদিও ইয়াত হাস্য, বীৰ আৰু অদ্ভুত ৰসৰো উদ্ৰেক ঘটা দেখা যায়।

গঠন-ৰীতিৰ ফালৰপৰা বৰগীতৰ লগত চৰ্যাপদৰ বিশেষ সম্পৰ্ক আছে। ভাল, ৰচনাৰীতি আৰু সাংগীতিক গুণৰ ফালৰপৰা বৰগীতৰ লগত চৰ্যাপদৰ তুলনা কৰিব পাৰি। বৰগীত আৰু চৰ্যাপদ দুয়োবিধেই নাতিদীৰ্ঘ ছন্দোৱদ্ধ ৰচনা। দুয়োবিধেই নৈতিক আৰু আধ্যাত্মিক ভাৱেৰে ভৰপূৰ। চৰ্যাপদত থকাৰ দৰে বৰগীততো শেষৰ ফালে ৰচকৰ নামৰ সৈতে ভণিতা আছে। দৰাচলতে আধ্যাত্মিক ভাৱেৰে সমৃদ্ধ চৰ্যাপদ আৰু বৰগীত গভীৰ দাৰ্শনিক তত্ত্বৰ কথাৰে ভৰপূৰ ছন্দোৱদ্ধ ৰচনা।

বৰগীতসমূহ অপত্য স্নেহৰ অপূৰ্ব নিদৰ্শন। কবিতা হিচাপে বৰগীত গুৰুদুজনাৰ শ্ৰেষ্ঠ সৃষ্টি। উপমা আৰু ৰূপকৰ যথাযথ ব্যৱহাৰে বৰগীতৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰিছে। বৰগীতৰ ধ্বনি-ব্যঞ্জনাও মনকৰিবলগীয়া। যেনে:
ঠাট প্ৰকট পটু কৌটি কৌটি কপি
গিৰি গৰ গ’ল পদ গাৱে।
বাৰিধি তীৰ তৰি কৰে গুৰুতৰ গিৰি
ধৰি ধৰি সমৰক ধাৱে। ।

চিত্ৰকল্পৰ সুন্দৰ ব্যৱহাৰে বৰগীতৰ মাধুৰ্য বৃদ্ধি কৰিছে:
কৰ পংকজ যুগে ধৰি পদ পংকজ
বয়ন পংকজ নিৱেশিতং।
মুনিবৰ কৈছন চৰি অমিয়া মজুত
পদ পংকজ ৰস গীতং। ।

বৰগীত গুৰুদুজনাৰ ভক্তপ্ৰাণৰ মৰ্মস্পৰ্শী প্ৰকাশ। আধ্যাত্মিক আৰু দাৰ্শনিক তত্ত্বৰে ভৰপূৰ সাধাৰণ জনতাৰ হৃদয়ৰ কাষ চপা নিৰ্দিষ্ট বৈশিষ্ট্যৰে সমৃদ্ধ বৰগীতসমূহ উৎকৃষ্ট গীতিকবিতা।

পাদটীকা:
১। কাকতি, ড: বাণীকান্ত: পুৰণি অসমীয়া সাহিত্য, ১৯৯২, পৃ: ৫৮।
২। শৰ্মা, ড: সত্যেন্দ্ৰনাথ: অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, ১৯৮১, পৃ: ১৪৮।
৩। শৰ্মা, ড: হেমন্ত কুমাৰ: অসমীয়া সাহিত্যত দৃষ্টিপাত, ১৯৮৭, পৃ: ১১১।
৪। নেওগ, ড: মহেশ্বৰ: অসমীয়া সাহিত্যৰ ৰূপৰেখা, ১৯৯৫, পৃ: ৮৭-৮৮।
৫। শৰ্মা, ড: হেমন্ত কুমাৰ: অসমীয়া সাহিত্যত দৃষ্টিপাত, ১৯৮৭, পৃ: ১১২।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments