গোৱালপৰীয়া লোকগীতত “মাহুত” চৰিত্ৰ চিত্ৰণ আৰু প্ৰতিমা বৰুৱা পাণ্ডেৰ গীত

লেখক- অজয় বৰুৱা

কোনো এটা অঞ্চলৰ জনসাধাৰণৰ আশা-আকাংক্ষা, সুখ-দুখ, হাঁহি -কান্দোন, ৰীতি-নীতি, ভৌগোলিক, ঐতিহাসিক, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক, আবেগিক অনুভৱৰ মূৰ্ত প্ৰকাশ বা জনজীৱনৰ গীতবোৰেই লোকসঙ্গীত বা লোকগীত। এইগীতবোৰ কিছুমান বিশেষ অঞ্চল, বিশেষ জাতি-জনজাতিৰ মাজত সমৃদ্ধ হৈ থাকে। মুখে মুখে প্ৰচাৰ হৈ অহা স্বাধীন, সৰল, অকৃত্ৰিম এই গীতবোৰ ৰচনাৰ বাবে বা গাবলৈ কোনো গুৰুৰ ওচৰলৈ বা পঢ়াশালিলৈ যাব নালাগে। লোকগীতবোৰ যদিও পৰম্পৰাগতভাৱে সৰল সাৱলীল তথাপি কিছুমান অলিখিত নিয়মৰদ্বাৰা ই পৰিচালিত। সম্পূৰ্ণ আঞ্চলিক, আঞ্চলিক ভাষা, সুৰৰ ওপৰত নিৰ্ভৰ কৰি এই গীতবোৰ গঢ় লৈ উঠে। য’ত থাকে গাঁৱলীয়া সমাজৰ এক নিখুঁত ছবি, সাধাৰণ মানুহৰ চৰিত্ৰ কিম্বা জনজীৱনৰ জীৱিকা, সংঘাত, দুখ, সমস্যা, উত্তেজনা, শোষণ, বঞ্চনা মনোজগত আৰু হৃদয়াবেগৰ কথা। বিশেষকৈ উৎপাদনমুখী, কঠোৰ পৰিশ্ৰম কৰা ব্যক্তি বা সমাজৰ বিশেষ চৰিত্ৰই এই লোকসঙ্গীত বা লোকগীতবোৰ সৃষ্টি কৰে। সুৰ, কথা, লয় সেই একেজন ব্যক্তিৰেই হয়। যেনে নাও বাই বাই সুখ বা বেজাৰত ওলাই অহা মনৰ ভাৱ, গৰু, ম’হ, হাতী, চৰাবলৈ যাওঁতে স্বাভাৱিকতে ওলোৱা কথাবোৰ গীত ৰূপ দিয়া।
কোনো সাহিত্যকৰ্মক বৈশিষ্ট্যপূৰ্ণ আৰু কালজয়ী ৰূপদানৰ ক্ষেত্ৰত বৈচিত্ৰ্যপূৰ্ণ চৰিত্ৰৰ ভূমিকা বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। সেয়ে অতীতৰ সাহিত্যবোৰতো দেখা যায় লেখক এজনে চৰিত্ৰ চিত্ৰণত সৰ্বাধিক গুৰুত্ব দিয়ে। য’ত চৰিত্ৰবোৰ প্ৰাণবন্ত হৈ থাকে। গোৱালপৰীয়া লোকগীতত এই স্বকীয় বৈশিষ্ট্য সততে বিদ্যমান। যাৰ বাবে গোৱালপৰীয়া লোকগীতসমূহ অনন্য হৈ পৰিছে জনমানসত। লোককবিয়ে লোকসমাজক আনন্দ আৰু শিক্ষাদান কৰিবৰ নিমিত্তে সৃষ্টিকৰ্মত আত্মনিয়োগ কৰে। লোককবিৰ জীৱন দৰ্শন লৌকিক আৰু তেওঁলোকে ৰচনা কৰা ভিত্তিসমূহ লোকসমাজ। এনে ৰচনাত চিত্ৰিত হয় লোকচৰিত্ৰ অস্তিত্বৰ সন্ধানৰ ফল। লোকগীতবোৰৰ ভাষা আৰু সুৰবোৰ সমাজৰ প্ৰতিজনৰে হৃদয়ত, মনত অতি সহজে স্থান পায়। কিছুমান বিশেষ শব্দ সংগীতত ব্যৱহাৰ হোৱা বাবে এই গীতসমূহে এক নান্দনিক পৰিবেশৰ সৃষ্টি কৰে। মাহুত, ম‌ইষাল, বাইসাল, গাড়ীয়াল, যাদু, আদি এনে শব্দ বা চৰিত্ৰ। হস্তীৰ কন্যা খ্যাত গৌৰীপুৰৰ ৰাজবংশৰ জীয়ৰী তথা গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞীয়ে পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেয়ে গোৱা লোকগীতবোৰত এই চৰিত্ৰসমূহ দেখা যায়। জনসংস্কৃতিৰ অভ্যন্তৰত সোমাই নিৰালস্য সাধনাৰে জীৱনজুৰি গোৱা গীতবোৰত প্ৰাণৱন্ত হৈ আছে আৰু থাকিব এই চৰিত্ৰসমূহ। বিশেষকৈ মাহুত আৰু মাইষাল এই দুই চৰিত্ৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ গীতৰ প্ৰাণ বুলি কব লাগিব।
⚫️মাহুত চৰিত্ৰ
অতীজৰে পৰা গোৱালপৰীয়া ৰাজপৰিয়ালত, জমিদাৰ, সমাজৰ ধনাঢ্য, অভিজাত তথা সন্মানিত ব্যক্তিসকলে নিজৰ গৌৰৱ আৰু আভিজাত্য প্ৰকাশৰ বাবে হাতী পুহিছিল। ইয়াৰ উপৰিও যুদ্ধ বিগ্ৰহ, বেহা-বেপাৰ, চিকাৰ আদিতো ব্যৱহাৰৰ বাবে হাতী ৰাখিছিল। এই হাতীবোৰক পোহ-পালন আৰু তদাৰকৰ বাবে কম দৰমহাত চাকৰি কৰা আৰ্থিকভাৱে দুৰ্বল আৰু অশিক্ষিত শ্ৰেণীৰ লোকক খটুৱাইছিল। যাক সাধাৰতে মাউত বা মাহুত বোলা হৈছিল। ৰ’দ বতাহ, শীত-গৰম আওকান কৰি প্ৰকাণ্ড জন্তুটো চলাইফুৰা এই মাহুতৰ কাম আছিল। দৰিদ্ৰতাৰ অটল পংকত এই মাহুতৰ আকণ্ঠ নিমজ্জিত হৈ জীৱনৰ সুখ-স্বাচ্ছন্দ্য হেৰুৱাই পেলায়। নিজৰ ঘৰ মাটিহীন, দুবেলা দুমুঠি ভাতৰ বাবে চিন্তাত জুৰুলা কোনো সামাজিক মৰ্যাদা, অনুকম্পা, স্বীকৃতি নোপোৱা এই শ্ৰমকাৰী, অনাদৃত, নিস্পেষিত মাহুতসকলৰ জীৱন আৰু কৰ্মৰাজিক লৈ লিখা গীতবোৰেই মাহুত গীত। য’ত মাহুত চৰিত্ৰটো বাস্তৱিক ৰূপ পাইছে। এই গীতবোৰৰ মাজেৰে মাহুত চৰিত্ৰটো এক সংবেদনশীল ৰূপত প্ৰকাশ পাইছে।
“আইওক ছাড়িলং বাইওক ছাড়িলং
ছাড়িলং সোণাৰ পুৰী
বিয়াও কৰিয়া ছাৰিয়া আসিলং ও
সখী অল্প বয়সেৰ নাৰী সখী ও।
ও মোৰ দান্তাল হাতীৰ মাহুৰ ৰে
যেদিন মাহুত শিকাৰ যায়
নাৰীৰ মন মোৰ ঝুৰিয়া ৰয় ৰে…… ।”
এই লোকগীতবোৰত মাহুত চৰিত্ৰটোৰে পৰাধীন জীৱন যাপন কৰা, নিজৰ ঘৰ সংসাৰ ত্যাগ কৰি, আত্মীয়-স্বজনৰ মৰম এৰি থৈ দেশ-দেশান্তৰৰ বননিৰ প্ৰান্তে প্ৰান্তে ঘূৰি ফুৰিব লগীয়া হয় তাৰে ছবি ডাঙি ধৰিছে। মাহুতৰ সদ্যবিবাহিত নাৰীয়েও এই বিচ্ছেদ সহ্য কৰিবলগীয় হয়। নতুন ক‌ইনাৰ অসহনীয় বিচ্ছেদ বেদনা, যন্ত্ৰণা উপযুক্ত গীতৰ মাজেৰে প্ৰকাশ কৰিছে। মাহুত জীৱন বৰ বিপদ সংকুল, তদুপৰি অতিৰিক্ত পৰিশ্ৰম থকা-খোৱাৰ দুৰ্ভোগ আদি সকলো কষ্টকৰ অনুভৱ আঁতৰি যায়, তেতিয়া মাহুতে পত্নীৰ কথা মনত পেলায়। পত্নীৰ স্মৃতিয়ে মাহুতৰ মন ক্ষন্তেকৰ কাৰণে হ’লেও পুলকিত কৰি তোলে। হস্তীৰ কন্যা গীতটিত মাহুতে হাতী চিকাৰলৈ যোৱাৰ সময়ত পুত্ৰ-কন্যা-পৰিবাৰক বিদায় দি যাত্ৰা কৰা দৃশ্য হৃদয় বিদাৰক।
“পুখুৰীতে নাইৰে পানী
নৌকা কেমন চলে
যে নাৰীৰ পুৰুষ নাই ও
তাৰে ৰূপ কি কাম কৰে সখী ও…… ।”
পত্নীৰ এই অনুভৱৰ কথা মাহুতে জানিও নাজানে, শুনিও নুশুনে। জীৱন-জীৱিকা নিৰ্বাহৰ বাবে সি পত্নী-প্ৰেম আৰু ঘৰৰ মায়াকো আওকান কৰিবলগীয়া হয়। ইয়াত মাউতৰ কৰ্ত্তব্য নিষ্ঠা আৰু দায়িত্ববোধৰ ইংগিত পোৱা যায়। যিয়ে মাহুতৰ অন্তৰত কোমল অনুভূতিবোৰ চূৰ্ণ-বিচূৰ্ণ কৰি দিয়ে। সেয়ে পত্নীয়ে অভিযোগ কৰিছে
“ৰাজাৰ ঘৰে নিয়া চাকিৰি
ছাৰিলেন ঘৰ বাৰী।
পাষাণ দিয়া বান্ধিলেন হিয়া,
তোমৰা নাই আসেন ফিৰি ৰে।”
পত্নীৰ কাতৰ অনুৰোধ উপেক্ষা কৰা মাহুত যেতিয়া হাতী লৈ গভীৰ অৰণ্যত প্ৰৱেশ কৰে তেতিয়া অৰণ্যৰ নিৰ্জনতাত আবেগিক হৈ পৰে আৰু হৃদয়ত অনুভৱ কৰে প্ৰেমৰ মমতা, মায়াৰ অনুভূতি। হৃদয় মোচৰ খাই ঘৰত অকলশৰে এৰি অহা পত্নীৰ কথা ভাবি। প্ৰতিমা বৰুৱা পাণ্ডে গীতত আছে –
“বালু তিল তিল পংখী কান্দে বালুতে পৰিয়া
গৌৰীপুৰীয়া মাহুত কান্দে ও।
সখী ঘৰ বাৰী ছাড়িয়া সখী ও…..। “
মাহুতৰ এনেবোৰ কথাৰ পৰা দুই বিপৰীতমুখী চেতনাই এক বৈশিষ্ট্যপূৰ্ণ কৰি তুলিছে।
“হাতীৰ পিঠিত চৰিয়াৰে মাহুত
কিসেৰ বাবুল মাৰো
পৰাৰ ৰমণী দেখিয়া
জ্বলিয়া ৰমণী দেখিয়া
জ্বালা কেন মৰো ৰে।
হাতীৰ পিঠিত চৰিয়াৰে মাহুত
পৰাৰ কলা ভাঙো
পৰাৰ নাৰীৰ বেদনা
তোমৰা কিবা জানো ৰে।”
হাতীত উঠি নদ-নদী, পৰ্বত- পাহাৰ, অৰণ্য, চৰ-চাপৰি ঘূৰি ফুৰা মাহুতৰ নাৰী বিহীন ৰিক্ত জীৱনগাঁথা। বেদনাপূৰ্ণ। মাহুতৰ এই বেদনাপূৰ্ণ জীৱনটোৰ প্ৰতি নাৰী প্ৰাণ সহানুভূতিশীল। এই সহানুভূতিৰ পৰাই নাৰী মনত সৃষ্টি হয় প্ৰেমানুভূতি। মাহুত এজন পৰকীয়া প্ৰেমৰো নায়ক। এই গীতবোৰৰ মাজত মাহুতৰ পৰকীয়া প্ৰেমৰ আবেগ-বিহ্বল আৰু স্বকীয় বৈশিষ্ট্যৰ প্ৰোজ্জ্বল প্ৰকাশ হৈছে।
মাহুতৰ প্ৰতি প্ৰেমাসক্তা এগৰাকী নাৰীৰ অনুভূতি প্ৰকাশ কেতিয়াবা এনেদৰেও হয়, ,
“তোমাৰ গেইলে কি আসিবেন
মাহুত বন্ধু ৰে।
হস্তী নৰান হস্তী চৰান
হস্তী গায় দৰি।
সত্য কৰিয়া কনৰে মাহুত
কোনবা দেশে বাৰীৰে।”
মাহুতৰ প্ৰতি কোনোবা নাৰীৰ সঁচা প্ৰেমৰ পৰিচায়ক ও মিলনবাসনাৰ সঁচা প্ৰতিফলন এই গীতবোৰত। যিবোৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ কণ্ঠত প্ৰাণ পাই উঠিছিল। প্ৰেমত ধনী-দুখীয়া, জাতি -অজাতি নাই। শ্ৰমকাৰী দৰিদ্ৰ মাহুতৰ প্ৰতি অভিজাত, বিলাসিতাত ডাঙৰ হোৱা নাৰীও আসক্তা। মাহুতৰ স’তে বিবাহ হোৱাৰ সপোন ৰচিব পাৰে। তাৰেই বহি:প্ৰকাশ
“মুই নাৰীটা চাইনা থাকো়ং
সকালে আৰ বিকালে ৰে।
ৰাজাৰ ঘৰৰে মাহুত ত‌ই
মণ্ডলঘৰেৰ বেটী মুই
মোক নিয়া যান মাহুত
তোৰ সাথেৰে।”
ৰাজবংশী লোকগীতত মাহুত চৰিত্ৰটো এটা মনোমোহা, আকৰ্ষণীয় আৰু গুৰুত্বপূৰ্ণ চৰিত্ৰ। য’ত বিবাহিত জীৱন, বিবাহ বহিৰ্ভূত প্ৰথম আদি দিশ সম্বলিত চিত্ৰ প্ৰকাশ হৈছে। বিশেষকৈ মাহুতক কেন্দ্ৰ কৰি প্ৰেমৰ বৈচিত্ৰ্যময় অনুভূতি দিয়াৰ লগতে এই গীতবোৰে এক বিশিষ্ট আয়তন প্ৰদান কৰিছে। মাহুতৰ সততা, সৰলতা, সাহস-শক্তি মৰমেৰে আবৃত হৃদয় আদি গুণেৰে পৰিপূৰ্ণ মাহুত গোৱালপৰীয়া লোকগীতৰ এক এৰিব নোৱৰা প্ৰাণসম চৰিত্ৰ। যাক প্ৰতিমা বৰুৱা পাণ্ডেয়ে গীতৰ মাজেৰে জনমানসত তুলি ধৰিলে। তেওঁ মানুহৰ মন প্ৰাণত এই গীতবোৰ মচিব নোৱাৰাকৈ সুমুৱাই থৈ গ’ল। গোৱালপৰীয়া এই গীতবোৰ বিশ্বত তুলি ধৰিবলৈ সক্ষম হ’ল এই গৰাকী সংগীত শিল্পীয়ে। সেয়ে প্ৰতিমা বৰুৱা পাণ্ডে অসম পূৰ্বাঞ্চলৰ লোক-সংস্কৃতিৰ ইতিহাসত আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি।
সহায়ক গ্ৰন্থ:
🔸অসমীয়া লোকগীত সমীক্ষা
🔸প্ৰতিমা এক সোণালী কণ্ঠৰ উৎস-সন্ধান।
🔸ও মোৰ হস্তীৰ কন্যাৰে

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments