পাহৰণিৰ গৰ্ভত শান্তি বিয়াৰ বিয়ানামবোৰ

লেখক- পদ্মজা মহন

অসমীয়া লোকসাহিত্য বুলিলে আমি লোকসমাজত প্ৰচলিত গীত-মাত,পটন্তৰ, প্ৰবচন, সাধু, লোককথা আদিকে বুজো। অসমীয়া সাহিত্যত লিখিত সাহিত্য চৰ্চা আৰম্ভ হোৱাৰ বহু আগৰে পৰা অনাখৰী চহা লোকসমাজৰ মুখে মুখে এই লোকগীত মাত, যোজনা, পটন্তৰ আদি মৌখিক ভাৱে চলি অহাৰ প্ৰমাণ পোৱা যায়। সাহিত্যিক দৃষ্টিভংগীৰে অতি মূল্যবান লোকগীতবোৰক তিনিটা ভাগত ভগাব পৰা যায়-
১)অনুষ্ঠানমূলক ২) আখ্যানমূলক ৩) বিবিধ বিষয়ক আদি।
আজি আমি অনুষ্ঠানমূলক লোকগীত বিয়ানামৰ বিষয়ে অলপ চৰ্চা কৰিবলৈ আগবাঢ়িছো।
বিয়া এখনত আয়তীসকলে গোৱা এই বিয়ানাম বোৰ হ’ল লোকসাহিত্যৰ এক আপুৰুগীয়া সম্পদ। নোৱাই তোলনি বিয়াই হওক বা বৰ বিয়াই হওক এখন বিয়াত আৰম্ভণিৰ পৰা সামৰনিলৈকে সৰু বৰ বহুতো অনুষ্ঠান থাকে। আৰু এই প্ৰতিটো অনুষ্ঠানৰ লগত সংগতি ৰাখি গোৱা বিয়ানামবোৰত কইনা দৰাৰ ৰূপ-গুণৰ বৰ্ণনা ফুটি উঠাৰ লগতে ঘৰুৱা জীৱনৰ সহজ সৰল চিত্ৰ, নাৰীমনৰ আশা-আকাংক্ষা, আবেগ- অনুভূতি, জীয়াৰী জীৱনৰ ইতিহাস, পিতৃ- মাতৃ, ভাতৃ- ভগ্নীৰ মৰম আৰু তেওঁলোকক এৰি যোৱাৰ বেদনা, হাঁহি ধেমালি আদিও ফুটি উঠা দেখিবলৈ পোৱা যায়।

তেনেদৰে শান্তি বিয়া এখনত গোৱা বিয়ানাম বিলাকৰ জৰিয়তে নতুনকৈ যৌৱনপ্ৰাপ্ত কন্যাজনীক অনাগত জীৱনত দিবলগীয়া খোজবোৰ সাৱধান দিবলৈ, অচিন কাঠৰ থোৰা নলগোৱাৰ দৰে অচিনাকি পুৰুষৰ পৰা আঁতৰি থাকিবলৈ উপদেশ, বুজনি আদি দিয়া দেখা যায়।

বিয়া নামৰ উৎস হ’ল নাৰী হৃদয়। যিহেতু আগৰ দিনত মাইকী মানুহ বিলাকে প্ৰায়েই ঘৰৰ কাম, ল’ৰা-ছোৱালীৰ জঞ্জাল মাৰি ঘৰৰ ভিতৰতে সোমাই থাকিব লগা হৈছিল। পুৰুষ বিলাকৰ দৰে মুকলি মূৰীয়াকৈ ওলাই সোমাই ফুৰি যিকোনো অনুষ্ঠানত ভাগ লবলৈ নেপাইছিল। গতিকে গাঁওখনত বা চুবুৰীটোত বিয়া এখন ওলালে বুলিলে তেওঁলোকে বৰ আনন্দ পাইছিল আৰু সেই বিয়াত গাবলৈ বুলি বিয়ানামৰ আখৰা কৰিছিল। ওলাওঁতে-সোমাওঁতে, তাঁত বওঁতে, পানী আনিবলৈ যাওঁতে, ঘৰ- চোতাল সাৰোতে তেওঁলোকে অনবৰতে বিয়ানামকে গুণগুণাইছিল।

প্ৰথমে নোৱাই তোলনি বিয়াৰ কথাকে কওঁ। অতীত কালত আৰু বৰ্তমানেও আমাৰ সমাজৰ নিয়মমতে ছোৱালী এজনী শান্তি হোৱাৰ লগে লগে তাইক জোন-বেলি, জীৱ-জন্তু, মতা মানুহৰ মুখ নেদেখাকৈ সাতদিন ঘৰৰ ভিতৰত সুমুৱাই থোৱা হয়। আৰু সাতদিন বা ন দিনৰ দিনা গাঁৱৰ আয়তী, পেহী- মাহী আদি মাতি ঘৰৰ কাষৰ নৈ বা পুখুৰীৰ পৰা পানী তুলি বিভিন্ন নীতি নিয়মৰ মাজেৰে গা পা ধুৱাই শুচি কৰা হয়। এই বিয়াত পুৰুষ মানুহৰ প্ৰৱেশ নিষিদ্ধ। বেই সাজিবলৈ এজন আহে যদিও পুৱাই বেইটো সাজি তেওঁ বাহিৰে বাহিৰে গুচি যায়। বিয়াৰ কাৰ্যসূচীত অংশ নলয়।
শান্তি বিয়াৰ এই গোটেই নিয়ম নীতি বিলাক মানি কামবিলাক কৰোঁতে আয়তীসকল মনে মনে নেথাকে। বিবিধ বিয়ানাম গাই তেওঁলোকে ৰং ধেমালি কৰে।

সাতদিন ঘৰৰ ভিতৰত সোমাই থাকিব লগা হোৱা কন্যাজনীক বিয়াৰ দিনাখন বিয়া নামৰ মাজেৰেই আয়তীয়ে সোধে,
‘গলতে এৰিলা চেলেং সাতেকাঠী
যঁতৰত এৰিলা পাজী,
এইনো সাতেদিন ক’তেনো আছিলা
কপৌ বাহ এখনি সাজি।’

কন্যাকাল পোৱা কন্যাজনীয়ে চুকত সোমাই থকা কেইদিন ব্ৰত মানি খোৱা-বোৱা কৰিব লাগে। সেইকেইদিন তেল-টেঙা, মাছ-মাংস খোৱা নিষেধ। সেই লৈ বিয়ানামতো গাইছে-
‘চাউল দিয়ে গ’লা হাতে তিনিপিঠি
নিমখ দিয়ে গলা বালি না ঐ
আৰৈ চাউল দহুৱা খহুৱা বেঙেনা
তাৰে নিৰামুই খালি না ঐ….’

কন্যাক গা ধোৱাবলৈ পানী তুলিবলৈ যাওঁতেও আয়তীসকলে মনে মনে নেযায়। খতিখণ নোহোৱাকৈ তেওঁলোকে গাই যায়-
ৰাম কৃষ্ণ পানী আনিবলৈ
ৰাম কৃষ্ণ ওলাল দৈৱকী
হৰি মোৰ ঐ
কাষতে কলচী লৈ…

এই বিয়ানামবোৰত ইতিহাসৰ ছাঁও দেখা যায়। । অতীতৰ আহোম ৰাজ্যৰ ডা ডাঙৰীয়া সকলে ওখকৈ পাৰ বান্ধি আলি সাজিছিল, পুখুৰী আদি খনাইছিল। বিয়ানামতো সেয়ে গাইছে,
“ৰাম কৃষ্ণ দূৰৈকৈ পুখুৰী
ৰাম কৃষ্ণ খনালা দেউতা
হৰি মোৰ ঐ
বন্ধালা সেন্দূৰী আলি
ৰাম কৃষ্ণ সেন্দূৰী আলিতে
ৰাম কৃষ্ণ আয়ে বাটে বোলে
হৰি মোৰ ঐ
সোণৰ কাঠী হেন ভৰি….”

পানী তুলিবলৈ যাওঁতে কইনাৰ মাকৰ লগতে দোণ- কলচী ধৰিবলৈ এজনী কুমাৰী ছোৱালীও লগত যায়। আৰু যেতিয়া কইনাক গা ধুৱাবলৈ লওঁতে আয়তীসকলে গায়-
‘বেই ঘূৰি ঘূৰি ঘূৰণি ধৰিলে
বেইতে খোপনি ল’লে,
জীয়েকৰ মৰমত মাকে ঘূৰিলে
ইজনী কি লাভত ঘূৰে..’

আমাৰ সমাজত বিয়াৰ কইনাজনী গা ধুৱাবলৈ কলপটুৱা, বাঁহ, কলডিল আদিৰে আটক ধুনীয়াকৈ বেইটো সজা হয়। পাকৈত মানুহেহে এই কামটো নিয়াৰিকৈ কৰিব জানে। আৰু যদি বেইটো পচন্দ নহয় আয়তীসকলে গায়-
‘হয় এ কিনো খনিকৰে হয় এ বেইটো সাজিলে
হয় এ তাতো নাই তামূলী তৰা
হয় এ সেইনো খনিকৰক হয় এ লৰুৱাই আনাগৈ
হয় এ দি য’কহি তামূলী তৰা।

বেইত তিনিপাক ঘূৰাৰ পিছত কইনাজনী বেইত পাৰি থোৱা বৰপীৰাত বহিছে আৰু আয়তীসকলে গাইছে-
বেই পাই ঘূৰিলা পীৰাপাই বহিলা
ঐ ৰাম পাতে পাই মেলিলা ভৰিহে..

নোওৱাৰ আগতে কন্যাজনীৰ মূৰত তেল দিব লাগে। কিন্তু মাকে গমেই নেপায়। মাক অহাত পলম হোৱা দেখি আয়তীসকলে গাইছে-

“জানে কি নেজানে জনকৰ জীয়েকে
মূৰত তেল দিবলৈ নাহে…”
কিন্তু জনকৰ জীয়েক আহি পাইছে। আৰু মূৰত তেল দিছে।
“ওভতাই বাকিলে ৰূপৰ তেলে টাৰি
বেলেটাই মূৰতে ধৰা
মূৰত তেলে দিয়া ধাৰে নিছিঙিবা
আইদেউৰ ধৰমীয়া বিয়া…”

কইনাক নোৱাবলৈ পেহীয়েক-মাহীয়েক, এপায়েক আদিও আহিছে। আৰু তেওঁলোকক জোকাই ধেমালি কৰি আয়তীয়ে গাইছে
“বাঁহেৰে চিলিঙি পেহীদেউ পিলিঙি
পিলিঙা পিলিঙি কৰ
নোৱাৱ যদি নোৱাবি ভালকৈ নোৱাবি
চোকা নখ লগাৱ কিয়…”

বিয়া নাম শুনি কইনাৰ এপায়েকৰ আকৌ হাঁহি উঠিছে। তেওঁক হঁহা দেখি আয়তীসকলে গাইছে-

মাহ দলিবৰ যাতে ঐ এপাদেউ
মাহ দলিবৰে যাত
অতি চেনেহৰ এপাদেউৱে নোৱাইছে
জপাব নোৱাৰে দাঁত।

নোৱাই ধুৱাই বেইতলৰ পৰা ৰভাতললৈ অনাৰ পিছত কইনাই মাকক সুধিছে,
“গা ধুই আইদেৱে মাকক সুধিলে
ঐ ৰাম কি সাজ পিন্ধিব পায়ে হে
ছাঁতে শুকুৱা মুঠিতে লুকুৱা
ঐ ৰাম সেই সাজ পিন্ধিব পায়ে হে”

আইদেউক ধুনীয়াকৈ সজাই পৰাই দিয়া ছোৱালীজনীকো আয়তীসকলে গাইছে,
কইনাক সজাবলৈ কোনজনী আহিছ
চকুযোৰ লাগিছে ভাল
আইদেউৰ কপালত ফোঁটে বেয়া হ’লে
দেহালৈ পৰিব টান।

কাপোৰ কানি ভালদৰে পিন্ধিবলৈও দিহা দিছে আয়তীসকলে এইদৰে
“চাদৰ ল’বা ছটিয়াই
পাৰি দুটি উলিয়াই
মেখেলাখন পিন্ধিবা
পানীগাঁঠি লুকুৱাই”

কেঁচা মাহ হালধিৰে গা পা ধুই, ন সাজ পিন্ধি সমাজৰ মাজত বহা কইনাজনী পূৰ্ণিমাৰ জোন যেনকৈ জিলিকি পৰিছে।
“জোকাৰি পিন্ধিলে কিংখাপৰ মেখেলা
মাকে আছিল চাই
এইনো থানে গঢ়ে মোৰ আই লাহৰী
উজনি ৰাজ্যতে নাই”

আকৌ তেওঁলোকে নতুনকৈ যৌৱনপ্ৰাপ্ত কইনা জনীক অচিনাকি পুৰুষৰ পৰা আঁতৰি থাকিবলৈও উপদেশ দিছে
‘ৰক্তজবা
শান্তি হৈ আইদেউ সাৱধান হ’বা
পুৰুষে নেজানে নাৰীৰে মোল
নাৰী যে এপাহি ধুনীয়া ফুল…’

আইদেউ শান্তি হোৱা শুনি পেহী মাহীও বিয়ালৈ আহিছে। আৰু আয়তীসকলে পেহী মাহীক জোৰা নাম গাই ধেমালি কৰিছে এইদৰে…

“আমডালি গাঁথিছো দৰ্জাই দৰ্জাই আঁৰিছো
প্ৰথমে যোৰানাম পেহীদেউকে জুৰিছো।”

কিন্তু পেহীদেউৱে শুনা নাই। সেয়ে আকৌ গাইছে,
“দৰ্জাৰ তলা
সঁচাকৈয়ে পেহীদেউৰ কাণদুখন কলা।
কলা যি কলা ঐ বজ্ৰ কলা
চিঞৰি থাকিলেও নুশুনা হ’লা।”
অৱশেষত পেহীয়ে শুনিছে আৰু শৰাইত মৰ্টনৰ পেকেট, পইছা লৈ ওলাই আহিছে। আয়তীয়ে যোৰানাম গাই ধেমালি কৰাৰ বাবে দায় নধৰিবলৈ আকৌ ক্ষমাও বিচাৰিছে এইদৰে,
“চালনীৰে চালিছো
কুলা লৈ জাৰিছো
বেয়া নেপাব দেই ধেমালিহে কৰিছোঁ।”
এইদৰে হাঁহি ধেমালিৰে আৰম্ভণি পৰা শেহলৈ এইদৰে নাম গুণ গাই শান্তি বিয়াখন সমাপ্ত হৈছে।

যদিও আজিৰ সমাজত নোৱাই তোলনি বিয়াৰ বিৰোধিতা কৰা হয় তথাপিও নীতি- নিয়মেৰে ভৰপূৰ তোলনি বিয়াৰ নামবোৰৰ যে বিশেষ বৈশিষ্ট্য আছিল সেয়া নুই কৰিব নোৱাৰি। পিছে আজিকালি বিয়াবিলাকত নিয়ম-নীতিৰ সলনি জাকজমকতাই বেছি ঠাই পাইছে, বিয়ানামৰ ঠাই লৈছে ডিজে সংগীতে। শান্তি বিয়াৰ বিপক্ষে নানান আলোচনা- বিলোচনা, লেখা -মেলা কৰা হৈছে যদিও মানুহে শান্তি বিয়া পাতিবলৈ এৰা নাই। কিন্তু আগৰ দৰে এই শান্তি বিয়াত বিয়া নামৰ মাজেৰে কন্যাজনীক বুজনি দিয়াৰ সলনি, নীতি -নিয়ম বিলাক পালন কৰি শুচিতা পৱিত্ৰতাখিনি বৰ্তাই ৰখাৰ সলনি বিউটিচিয়ানৰ হতুৱাই সজাই -পৰাই কইনাজনী বহুৱাই ৰাখি ডাঙৰ ডাঙৰ খানাৰ ব্যৱস্থা কৰাহে দেখা গৈছে। কালৰ গতিত এই বিয়ানাম বোৰ লুপ্ত হৈ আহিছে। কিন্তু এতিয়ালৈকে যিখিনি ধৰা পৰিছে বা এতিয়াও ক’ৰবাত কাৰোবাৰ মুখে মুখে চলি আহিছে সেইবিলাক সংগ্ৰহ কৰিব পাৰিলে এই বিয়ানামসমূহ আমাৰ লোকসাহিত্যৰ এক মহামূল্যৱান সম্পদ হৈ ৰ’ব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments