'এক্সট্ৰা' বাতি

লেখক- সমীপ কুমাৰ ডেকা

আমি তেতিয়া থাৰ্ড ইয়েৰত। মাহটো জুন নে জুলাই, ১৯৯৮ চন। উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মীন মহাবিদ্যালয়খন ৰহাত। কলেজ হোষ্টেলত সপ্তাহটোৰ বুধবাৰে ৰাতি আৰু দেওবাৰে দিনৰ সাজত দুপিচ তিনিপিচ মাংসৰ বাবে ক্ষণ গণি থকাৰ সময়। নাথদা, অতুল, সেনাপতি, ফুলেন আৰু হীৰাৰ হাতৰ পৰশত আলুভাজিৰ লগত কণী আৰু চালানী মাছৰ জোলকণতকৈ সামান্য বেছি সুস্বাদু ব্যঞ্জনৰ শাৰীত পৰিছিল ছাগলীৰ মাংসৰ জোল। তাতে আকৌ ৰাতি ৰোৱা মাংসৰ ‘এক্সট্ৰা’ বাতিৰ লোভে চুইছিল। ভাগ্যৱানৰ শাৰীত নপৰিলে এক্সট্ৰা বাটিৰ আশা কৰাটো যে অমূলক সেই কথা বাৰে বাৰে প্ৰমাণ হৈছিল। হোষ্টেলত থকা চাৰি বছৰত সেইভাগে ভাগ্যৱান হোৱাৰ সৌভাগ্য মিলিছিল দুবাৰ নে তিনিবাৰহে, কিয়নো উক্ত শিতানত প্ৰতিযোগীৰ সংখ্যা আছিল চকুত লগাকৈ বেছি। এদিনৰ কথা। সিদিনা তিনিটা ‘এক্সট্ৰা’ বাতিৰ অধিকাৰী হৈছিলোঁ মই, মাজুলীৰ বিবেকানন্দ সোণোৱাল আৰু ধুবুৰীৰ ইমতাজ মণ্ডল। যদিওবা ‘মাটন’ৰ ‘এক্সট্ৰা’ বাতি দখলৰ ক্ষেত্ৰত ‘বেটচ্‌ ৱাইজ’ ফৰমুলাটো এপ্লিকে’বল নাছিল, তথাপি সিদিনাৰ দখলিত ভাগ্যই আমি তিনিজনক একেই বেটচ্‌ৰ হোৱাটোত অৰিহনা যোগাইছিল। এটি বিশেষ কাৰণত সিদিনা দেওবাৰৰ সলনি শনিবাৰে মাংস পৰিবেশন কৰা হৈছিল নিশাৰ আহাৰৰ লগত। নিশা দহমান বজাত আমাৰ দ্বাৰা দখলি বাতিকেইটা ডাঙৰ চৰিয়াটোৰ ঢাকনিখনেৰে ঢাকি থ’লো সযতনে। সেই সময়ৰ প্ৰচলিত নিয়মমতে এবাৰ দখল কৰা ‘এক্সট্ৰা’ বাতিত কাৰো চকু সহ্য কৰা নহৈছিল ভুলতো। পিছদিনা দেওবাৰ। মিউজিকত যথেষ্ট ৰাপ সৰুৰে পৰাই। হয়বৰগাঁও হাইস্কুলত দেওবৰীয়া মিউজিক স্কুল এখন আছিল। তাতেই মেণ্ড’লিন শিকিবলৈ নামভৰ্তি কৰি দেওবাৰে দেওবাৰে গৈ আছিলোঁ। এঘাৰ বজাত পাবগৈ লাগে মিউজিক ক্লাছ। সচৰাচৰ ৰুটিখনকে তেলত দি পৰঠা নামকৰণ কৰি পৰিৱেশন কৰা হৈছিল আমাৰ সময়ত। তাকেই খাই পৰঠা সন্তুষ্টি লভা হয় দেওবাৰৰ দিনা। কিন্তু মাংসৰ এক্সট্ৰা বাতি থাকিলে ৰাতি ৰোৱা বাহি ভাতেৰে বাহি মাংস খোৱাটো তেতিয়াৰ অন্য এক অঘোষিত নিয়ম। য’ত আছিল এনে এক তৃপ্তি, যিয়ে বাতি দখল কৰিব, নোপোৱাবোৰক হেয় প্ৰতিপন্ন কৰাই দিছিল। গতিকে প্ৰচলিত নিয়ম মানি আমি তিনি বন্ধুয়ে একেলগে মাৰি দিলো এক্সট্ৰা বাতিৰ সতে খৰখৰীয়া ভাত। তাৰ পিছত হয়বৰগাঁৱলৈ বুলি ঢাপলি মেলিলো মই। মেণ্ড’লিন ক্লাছ শেষ কৰি মনালিছা, সিদ্ধাৰ্থ হোটেল পাৰ হৈ আগলৈ থকা ৪০৭ বাছ আস্থানলৈ বুলি অগ্ৰসৰ হ’লো। মোৰ মনটো সেই মুহূৰ্তত সাংঘাতিকভাৱে বেয়া। কিয়নো মেণ্ড’লিন ক্লাছ কৰি থকা সময়ৰ পৰাই মোৰ পেটটোৱে বৰকৈ আমনি কৰি আছিল। বাছ আস্থান পোৱা সময়লৈকে পেটৰ অৱস্থা গুৰুতৰ হৈ পৰিল। কথা বিষম দেখি বাছ আস্থানখনৰ গাতে লাগি থকা চাহৰ হোটেলখনত প্ৰৱেশ কৰি মেনেজাৰক টইলেটটো ব্যৱহাৰৰ অনুমতি বিচাৰিলো। তেওঁ ক’লে, কলংলৈ যাওক। মই সুধিলো কোনখিনিত আছে হোটেলখন? তেওঁ ক’লে সেইফালে অলপ গ’লেই কলং নদীখন পাব। মোৰ প্ৰচণ্ড খং উঠিলেও বা কৰিম কি? এইবাৰ আন এখন হোটেললৈ গ’লো। ইতিমধ্যে মোৰ অৱস্থা আগতকৈ বহুখিনি বেয়া। এইবাৰৰ মালিক নে মেনেজাৰজনে মোক সঁহাৰি জনাই পিছফালে যাবলৈ ক’লে। মই বোলো ৰক্ষাহে ভগৱান! চিধাই হোটেলখনৰ পিছফালে গৈ টইলেটটোৰ শেলুৱৈধৰা দুৱাৰখন খুলি দিলো। কিন্তু মোৰ বিপদ শেষ নোহোৱাৰ যেন পৰ্বহে চলি আছিল সেইদিনা। দুৱাৰ খুলি দেখো এজন মহাশয়ে ইতিমধ্যেই তাত বিসৰ্জন কাৰ্যসূচী চলাই আছে। মনতে ভাবিলো সৰ্বনাশ, মানুহজনে ছাগৈ বেয়াই পালে। অলপ আঁতৰি আহি অপেক্ষা কৰিলো মহাশয়ে প্ৰস্থান কৰালৈ। বিসৰ্জন কাৰ্য সমাপ্ত কৰি ওলাই আহি তেওঁ মোক খঙেৰে চাই পঠিয়ালে। ময়ো লাজতে তলমূৰকৈ ৰ’লো। কিন্তু এয়া কি, তেওঁ দেখোন দুৱাৰখনত তলাহে লগাই দিলে। মই তেওঁক পাৰ্যমানে কাকূতি কৰিলো মোৰ অৱস্থাটো এবাৰ বুজি চাবলৈ। পিছে মহাশয়ে মোক কেৰেপ নকৰি (আচলতে প্ৰতিশোধ) আঁতৰি গ’ল সেই স্থানৰ পৰা। তেতিয়ালৈ মোৰ অৱস্থা বিপদ সীমা অতিক্ৰম কৰাৰ ওচৰে পাজৰে। আশা নিৰ্বাপিত হোৱাত ওলাই আহি নতুন হোটেলৰ সন্ধানত নামি পৰিলোঁ। গোটেই অসমত তেতিয়া পি চি অ’ৰ পয়োভৰ। মনালিছা, সিদ্ধাৰ্থ হোটেলৰ সন্মুখতে তেতিয়া দুটা পি চি অৰ বুথ। মাজে মাজে ফোন কৰাৰ সূত্ৰে তাৰে এটাৰ গৰাকীৰ লগত মোৰ চিনাকি । মই মনালিছা কিম্বা সিদ্ধাৰ্থৰ পিনে পোনালো সুবিধা পোৱাৰ আশাত। ঠিক মনালিছাৰ ওচৰ পাওঁ পাওঁ। তেনেতে পি চি অ’টোৰ স্বত্বাধিকাৰীজন মোৰ ওচৰলৈ আগবাঢ়ি আহিল। মোৰ অৱস্থাৰ পুৰ্বানুমান কৰি নহয়, মোৰ হাতত মেণ্ড’লিনটো দেখিহে। হয়তো সেই সংযোগটো কাকতলীয়ভাৱে ভগৱানেই মিলাই দিছিল মোৰ অৱস্থাৰ প্ৰতি পুতৌ জন্মি। মোক আহি তেওঁ সুধিলে আপুনি মেণ্ড’লিন বজাই ন, আপোনাৰ লগত অলপ কথা আছে মোৰ। মই মাথোঁ অ’ শিকিহে আছো বুলি কৈয়েই তেওঁক মোৰ সমস্যাটোৰ কথা ক’লো। পূৰ্ণ সঁহাৰি জনাই তেওঁ মোক লৈ গ’ল মনালিছা হোটেলখনলৈ। কেচ কাউণ্টাৰৰ ল’ৰাটোৰ পৰা চাবি লৈ নিজহাতে মোৰ হাতত চাবিটো দি তেওঁ মোৰ লক্ষ্যস্থান অভিমুখে যাবলৈ ক’লে। লৰালৰিকৈ টলা খুলি বিসৰ্জন কোঠাত সোমাই দুৱাৰ বন্ধ কৰি দিয়াৰ পিছত উৱাদিহেই নাপালো আচলতে কোনটো দিশত কি আছে, অন্ধকাৰে আৱৰি থৈছিল গোটেইখন। কিছু বৰ্ণনা গুপুতে ৰাখি ইমানেই ক’লো যে মোৰ সেই অনুভূতি স্বৰ্গসুখতকৈ কোনোগুণে কম নাছিল। বিসৰ্জন পৰ্বত মই পকেটত নিয়া কলমটোও সৰি পৰিল। বিচাৰিবলৈ সাহসেই ন’হ’ল। কাৰ্যসূচী সমাপ্ত কৰি আহি বিপদৰ বন্ধুৰ পি চি অ’টোত বহি সংগীত বিষয়ক কথাখিনি পাতিলোঁ। লগতে তেওঁ ন’হ’লে আজি মোৰ কি অৱস্থা হ’লহেঁতেন বুলি পুনৰবাৰ শলাগি সন্মুখতে থকা ৪০৭ৰ অন্য এক বাছ আস্থানলৈ আগবাঢ়িলো। ৪০৭ বাছখনৰ সোফালৰ চিট এটা নিজৰ কৰি আগমুহূৰ্ত্তত হৈ যোৱা কথাখিনিকে মনত পাগুলি আছো। লগতে প্ৰাৰ্থনাত ব্ৰতী হৈছো আৰু যাতে চিগনেল নাহে। কিছু সময় পিছত দেখিলো বাছখনত মোৰ সহপাঠী ইমতাজ আহি বহিল মোৰ ঠিক বাওফালে খালি হৈ থকা আসনখনত। মই তাক সুধিলো ‘ক’লৈ আহিছিলি’ বুলি। সি ক’লে তৃষ্ণা হলত চিনেমা চাবলৈ। যিহেতুকে আগমুহূৰ্ত্তৰ কথাখিনি মোৰ মনলৈ অনবৰতে আহি আছিল গতিকে তাৰ আগত ব্যক্ত কৰিলো বিশ্ব জয় কৰি অহা অৱস্থাটোৰ কথা। কথা শুনি সি একপ্ৰকাৰ চেপি চিঞৰি উঠিল। ক’লে “আৰে দোষ্টি মোৰো অৱস্থা একেই। চিনেমা চাই আছো, আধামান গৈছেহে। তেনেতে পেটে ভয়ংকৰ জাননী দিয়াত দৌৰ মাৰি বাহিৰলৈ যাব লওঁতেই দেখিলো গেটখন বন্ধ।” সেই সময়ত হলৰ ভিতৰচৰাত টইলেটৰ ব্যৱস্থা নাছিল। “গেটকিপাৰজনক ক’লো বোলো মোৰ দুই নম্বৰটো লাগিছে। সি ক’লে পইচা লাগিব, হলৰ বাহিৰত থকা টইলেটটো ব্যৱহাৰ কৰিবলৈ দিলে।” ইমতাজে বোলে “আৰে ভাই যিমান পইচা(টকা)লাগে ল’বি, মোক মাথোঁ যাবলৈ দে।” টকাৰ ভাৰ্বেল চুক্তিত ইমতাজে গৈ টয়লেটত কামফেৰা কৰিহে শান্তি পালে। তাৰ পিছত আৰু তাৰ চিনেমা চোৱা ন’হ’ল। ইফালে পইচাৰ আশাত থকা বেচেৰা গেটকিপাৰজনে ইমতাজক যে চৰম মিথ্যাবাদী আখ্যা দিলে সেয়া সহজেই অনুমেয়। মোৰ মনটো ভাল লাগি গ’ল ইমতাজৰো একে দশা হোৱাত। দুয়ো কোৱাকুই কৰিলো যে মাংসৰ বাতিয়েই বাৰু খলনায়ক নেকি? যিহেতুকে তেতিয়া ম’বাইলৰ ব্যৱস্থা নাছিল গতিকে তাৰ সঠিক অনুসন্ধানৰ তাৎক্ষণিক ব্যৱস্থা কৰিব নোৱাৰিলো তৃতীয়জন এক্সট্ৰা বাতিৰ গৰাকী বিবেকানন্দৰ ভাষ্য সংগ্ৰহেৰে। অপেক্ষা কৰিলো দুয়ো হোষ্টেল পোৱালৈ। হোষ্টেল নোপোৱালৈকে দুয়োৰে একেই অৱস্থা। কিজানিবা বাছতেই আকৌ…? আহোঁতে ভগৱানক কেইবাৰ স্মৰণ কৰিছো হিচাপ নাই। অৱশেষত যেনিবা হোষ্টেল পালো। পায়েই আমাৰ দ্বিতীয় কিস্তি পৰিশোধ কৰি বিবেকক বিচাৰিলোঁ। আমাৰ মনত পৰম উৎকণ্ঠা। বিবেকৰ ৰূম পালো। সি হয় বুলি ক’লেই যেন আমি মাংসৰ এক্সট্ৰা বাতিক ভিলেইন সজাব পাৰো। অই বিবেক, তই আজি কেইবাৰ গ’লি, মই সুধিলো? সি বেটাই অলপ নজনা ভাও জুৰিলে নহয়। আমি ভাবিলো বিবেকৰ ছাগৈ ঠিকে আছে। সেয়ে ইমতাজ আৰু মই আমাৰ দুখৰ কাহিনী দুটা বৰ্ণনা কৰিলোঁ। তাৰ পিছতহে ওৰহি গছৰ ওৰ ওলাল। হাঁহি দিলে জোৰকৈ সি। সেইসময়ৰ বিখ্যাত মোলানকাটা গাৱঁত বিবেকে কোনোবা এটাক পঢ়ুৱাই তেতিয়া। টিউচন বুলি কোৱা হয় সেই কাৰ্যক। পঢ়াই থকাৰ মাজতে তাৰ পেটটোৱে হেনো তাক কিবা এটা অভিযোগ দিলে, আমাক দিয়াৰ দৰেই। হেনজানি সি আধাতে পণ্ডিতালি এৰি শিষ্যঘৰৰ পৰা প্ৰস্থান কৰিলে। সাধাৰণতে দিয়া খোজতকৈ সিদিনাৰ খোজকিটা যে তাৰ বেলেগ আছিল, মানুহ দুজনমানে তালৈ চোৱালৈ চাই সিয়ো নিশ্চিত হৈছিল। কেৰেপ নকৰি আগবাঢ়িছিল সি। কিন্তু তাৰ সেই খোজেও তাক হোষ্টেল পোৱাবগৈ নোৱাৰিলে। মোলানকাটাৰ কাঠৰ দলংখন পোৱালৈ বেচেৰা বিবেকৰ ধৈৰ্য্যৰ বান্ধ ছিগি গ’ল। লাজ মান সিমানতে সামৰি দৌৰ মাৰিলে সি নদীৰ পাৰলৈ। কোনোবাই দেখিলেও দেখক, মুঠৰ ওপৰত সি আজি মুকলি আকাশৰ তলত প্ৰাকৃতিক পৰিৱেশত বিসৰ্জন কাৰ্য সমাপন কৰিবই। ভবামতেই সি নদীৰ পাৰতে ‘এক্সট্ৰা’ বাতিৰ আবৰ্জনা পেলাই থৈ বীৰৰ দৰে আহি হোষ্টেল পালে। তাৰ কথা শুনি আমি তিনিওটাই সমস্বৰে হাঁহিলো। লগতে প্ৰতিজ্ঞা কৰিলো, জীৱনত আৰু ‘এক্সট্ৰা’ বাতিৰ কাষলৈকে নাযাওঁ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!