গছকত ভাঙি যোৱা যঁতৰৰ কথা

লেখক- পদ্মজা বৰুৱা মহন

অসমীয়া জনজীৱনত তাঁতখন হ’ল এক অবিচ্ছেদ্য অংগ। পুৰণি কালৰে পৰাই অসমৰ জীয়ৰী-বোৱাৰীসকলে নিজৰ প্ৰয়োজনীয় কাপোৰ-কানিখিনি নিজে তাঁতশালত বৈ কাটি পিন্ধি আহিছে। এই তাঁতখনৰ লগত টোলোঠা -দোৰ্পতিৰ পৰা উঘা- চেৰেকী, শলি- চিপকাঠি, মাকো-মহুৰা আদি বহুতো সঁজুলি জড়িত হৈ আছে। তেনেকুৱা আৰু এক গুৰুত্বপূৰ্ণ সঁজুলি হল যঁতৰ। সূতা পকাবলৈ, নেচা সূতাৰ পৰা মহুৰা বা ববীন বাটিবলৈ যঁতৰটো নহ’লেই নহয়। জাতিৰ পিতা মহাত্মা গান্ধীয়েও যঁতৰত সূতা কাটি ভাৰতীয় জনগণক স্বনিৰ্ভৰশীল হোৱাৰ পাঠ শিকাই গৈছে। আগৰ দিনত ঘাইকৈ কাঠেৰে যঁতৰ নিৰ্মাণ কৰি লৈছিল যদিও এতিয়া যঁতৰত চাইকেলৰ ৰিং, লোৰ শলা আদি ব্যৱহাৰ কৰা দেখা যায়। খেনোৱে আকৌ গোটেই যঁতৰটোকেই লোৰে সাজি লয়। 

 

আমাৰ শৰীৰটোত দৰে এই যঁতৰটোতো কেবাটাও অংগ আছে; যেনে— শলা, যঁতৰৰ শলা ধৰি ৰাখিবৰ বাবে থিয়কৈ লগোৱা ছাগলী খুঁটি, বটিয়া ডাল পোনাই ৰাখিবলৈ সাঁকো মাৰিত থিয়কৈ লগোৱা সতিনী খুঁটি, যঁতৰৰ শলা ঘূৰোৱা বটিয়া বা ৰছী, সাঁকো মাৰি, চকৰিটো ঘূৰাবলৈ হাত মাৰি আদি। 

 

অসমীয়া লোকসমাজত এই যঁতৰক লৈ বিবিধ লোকগীত, বিহুনাম -বিয়ানাম, পটন্তৰ- প্ৰবচন, লোকবিশ্বাস আদিও প্ৰচলিত হৈ আছে। বনে বিৰিখে ন-কুঁহিপাতে, ফুলে, বিবিধ চৰাইৰ কলৰৱে, ঢোলৰ মাতে, পেঁপাৰ মাতে যিদৰে ব’হাগ বিহুৰ আগজাননী দিয়ে ঠিক তেনেদৰে শিপিনীৰ তাঁতশালত মাকোৰ খিটিক খিটিক শব্দ, যঁতৰৰ ঘৰঘৰ শব্দইও বিহুৰ আগজাননী দিয়ে। কিয়নো ব’হাগৰ বিহুটোত পৰিয়াল-পৰিজন, আত্মীয় কুটুম, প্ৰিয়জনক দিবলৈ হাঁচতি আৰু বিহুৱান লাগিবই লাগিব। সেই বিহুৱানখনিটো দোকান পৰা কিনি আনি দিব নোৱাৰি। গতিকে ফাগুন মাহৰ আৰম্ভণি পৰাই জীয়ৰী-বোৱাৰীসকলে আৰম্ভ কৰে যঁতৰত ববীন বটা, তাঁত লগোৱা, মহুৰা ফুৰোৱা আদি কাৰ্য। সেই সময়ত আকৌ কোনো বিহুৱতী জীয়ৰী-বোৱাৰীয়ে দূৰত ঢোলৰ মাত শুনি ৰ’ব নোৱাৰি গৰকি ভাঙি থৈ যায় যঁতৰটো। ইয়াকে লৈ বিহুগীততো গাইছে—

ঐ নাহৰ ফুল ফুলিবৰ বতৰ। 

ফুলপানীছিগাতে ঢোলৰ মাত শুনিলোঁ

গছকত ভাঙি যাওঁ যতৰ….। । 

 

অসমীয়া লোকসাহিত্যৰ অন্যতম গীত ‘বৰফুকনৰ গীত’ৰ আৰম্ভণিতে পাঁজিকটা শলাক সোঁৱৰি কৈছে— 

আই সৰেচতী দেৱী পাৰেবতী

তোমালৈ বঢ়াই যাওঁ মলা। 

পাহৰা পদকে সোঁৱৰাই দি যাবা

যেনে পাঁজিকটা শলা। । 

 

কেৱল সেয়াই নহয়, ফুলকোঁৱৰ- মণিকোঁৱৰৰ গীত, মণিৰাম দেৱানৰ গীত আদিতো এই যঁতৰৰ কথা উল্লেখ থকা পোৱা যায়। 

থেকেচি ভাঙি যাওঁ ৰূপহী যঁতৰে

ভুকু মাৰি ভাঙি যাওঁ মাকো। 

মোৰ যদি কোঁৱৰ পানীত পৰি হেৰালে

মই কাৰে লগত থাকো। । (ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত)

 

এদিন দুদিন কৰি দিন চৰি গ’ল

আমঠু পৰি গ’ল কলা। 

যঁতৰত সূতা কাটে বিনন্দীয়া গাভৰু

যঁতৰত নূঘূৰে শলা। । (মণিৰাম দেৱানৰ গীত)

 

তাঁতশাল যিদৰে ঘাইকৈ নাৰীৰ, বিয়ানামো নাৰীৰে। গতিকে বিয়া নামতো যঁতৰটোৱে ঠাই পাইছে এইদৰে—

আমি তিনি ভনী তিনিটি যঁতৰে

আয়ে সৰু সূতা কাটে

আমি তিনি ভনী যাওঁ তিনি ঘৰে

আয়ে ৰাও জুৰি কান্দে। 

 

আকৌ বিয়াৰ পানী তুলিবলৈ যাওঁতে আয়তীসকলে গায়

অ’ মন যঁতৰ

পানী তুলিবলৈ নানিলা মটৰ….; 

 

লোকবিশ্বাস মতে যঁতৰৰ ওপৰেদি যিকোনো খাদ্যবস্তু দিয়া লোৱা কৰিব বা খাব নেপায়। খোৱা গৰাকীৰ মূৰ ঘূৰণি হয়। আকৌ কাৰোবাৰ চুৱাকামোৰণি হ’লে যঁতৰৰ ৰছীডালত মিঠাতেল সানি কঁকালত বান্ধি দিলে সেই বিষ ভাল হয় বুলি বিশ্বাস কৰে। 

আগৰ যঁতৰবিলাক দেখিবলৈও শুৱনি আছিল। পাজিকটা শলা, ঘূৰাওঁতে ধৰিবলৈ ইংৰাজী এচ আকৃতিৰ হাতমাৰি এডাল লগোৱা। আজিকালি পিছে দোকান বজাৰত গামোচা, চাদৰ-মেখেলা আদি বিভিন্ন ধৰণৰ কাপোৰ কানি সুলভ হোৱাৰ লগতে নাৰীসকলো বিভিন্ন কামে কাজে ব্যস্ত হ’বলগীয়া হোৱাত এই যঁতৰ, মাকো, তাঁতশাল আদিৰ লগত জীয়ৰী-বোৱাৰীৰ সম্পৰ্ক প্ৰায় নোহোৱাৰ দৰেই হৈছেগৈ। স্বয়ংক্ৰিয় তাঁতশাল বিলাকে আমাৰ গ্ৰাম্য সমাজৰ হাতশালখনক গিলি পেলাব খুজিছে। তথাপিও আমাৰ আশা যে আধুনিক যন্ত্ৰযুগৰ যিমানেই সম্প্ৰসাৰণ হওক লাগিলে, গীতে মাতে, প্ৰবচন পটন্তৰে গমগমাই থকা তাঁতশালৰ এই অন্যতম সঁজুলি যঁতৰটো নিজস্ব বৈশিষ্ট্যৰে সদায় উজ্জ্বলি থাকিব। 

 

(টোকা :সৰুতে আমাৰ বুঢ়ী আইক দেখিছিলোঁ যঁতৰত এৰী সূতা পকোৱা। এৰী মুগাবোৰ সিজোৱাৰ পিছত সেই মুগাৰ খোলাবোৰ পানীত তিয়াই কোমলাই  নিয়মীয়া জোখত সূতা কাটি কাটি থৈ যায়। তাৰ পিছত টকৌ পাত এখিলা শুকুৱাই লৈ নিৰ্দিষ্ট জোখত কাটি যঁতৰৰ শলাডালত পাকৈত হাতেৰে পকাই ববীনৰ দৰে মেৰিয়াই লয়। এইবাৰ এৰী সূতাখিনি শলাডালত দুটামান পাক দি টাকুৰীত সূতা কটাৰ দৰে ঘূৰাই ঘূৰাই পকাই আৰু টকৌ পাতৰ ববীনত বাটে। নিজৰ কৰিবলগীয়া কামবোৰ কৰি অঁতাই বুঢ়ীআয়ে প্ৰায়েই এই এৰী সূতা কটা আৰু যঁতৰত পকোৱা কামটো কৰিছিল আৰু মই প্ৰায়েই তেওঁৰ কাষত বহি কামবোৰৰ আওভাও লৈছিলোঁ।)

 
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments