বিশ্বাসৰ ক্ষমতা

লেখক- দিবাকৰ বৰদলৈ

অসমীয়া সমাজৰ প্ৰচলিত এষাৰ কথা হ’ল— ‘বিশ্বাসে মিলয় হৰি, তৰ্কে বহু দূৰ’। সাধাৰণতে এই আপ্ত বাক্যষাৰ ঈশ্বৰত অবিশ্বাসীসকলক উদ্দেশ্যি কোৱা হয়। ঈশ্বৰ নিৰাকাৰ। গতিকে ঈশ্বৰৰ অস্তিত্ব অনুভব কৰিবলৈ বিশ্বাস কৰাৰ বাহিৰে অন্য পথ নাই। ঈশ্বৰত বিশ্বাসীসকলে বিশ্বাস কৰে যে আমাৰ মাজত নিৰাকাৰ এনে এক শক্তি আছে যি আমাৰ পৃথিৱীখন পৰিচালনা কৰে আৰু সেয়ে ঈশ্বৰ। ইয়াত তৰ্কৰ স্থান নাই। কিন্তু অকণমান গভীৰভাৱে চালে দেখা যায় ‘হৰি’য়ে ঈশ্বৰৰ উপৰি আমাৰ ইপ্সিত বস্তু বা লক্ষ্যকো বুজায়। অৰ্থাৎ আমি পাবলৈ বিচৰা বস্তুটোৰ প্ৰতি বা নিজৰ প্ৰতি বিশ্বাস থাকিলে আমাৰ ইচ্ছা পূৰণ হ’বই। এই বিশ্বাসৰ ক্ষমতাৰ কথা ব্যাখ্যা কৰিছে- Napoleon Hill ৰ Think and Grow Rich আৰু Dr. Joseph Murphy ৰ Power of Subconscious Mind নামৰ গ্ৰন্থ দুখনত।

নেপ’লিয়ন হিলে তেওঁৰ Think and Grow Rich-গ্ৰন্থখনত ধনী হোৱাৰ তেৰটা পৰ্যায় উল্লেখ কৰিছে, য’ত ‘বিশ্বাসে’ গুৰুত্বপূৰ্ণ ঠাই অধিকাৰ কৰিছে। তেওঁৰ মতে কিবা এটা পোৱাৰ যোগ্যতা আছে বুলি বিশ্বাস থাকিলেহে আমি আশা কৰা বস্তুটো পাব পাৰোঁ। কেৱল পাবলৈ ইচ্ছা বা আশা কৰিলেই নহ’ব, তাৰ বাবে মানসিক অৱস্থা বিশ্বাসেৰে পৰিপূৰ্ণ হ’ব লাগিব। অৰ্থাৎ মই কোটিপতি হোৱাৰ যোগ্য — এই বিশ্বাস মোৰ আছে — এনে ধৰণৰ মনোৱস্থা। Dr. Joseph Murphyয়ে তেওঁৰ Power of Subconscious Mind অত ‘অৱচেতন মন’ৰ ক্ষমতা সম্পৰ্কে সাৱলীল ব্যাখ্যা আগবঢ়াইছে। আমাৰ মনৰ দুটা প্ৰকৃতি— এটা, সচেতন মন আৰু আনটো অৱচেতন মন। সচেতন মনটোৱে পোৱা তথ্যবোৰ যুক্তিসহকাৰে চালি-জাৰি চাব পাৰে। কিন্তু অৱচেতন মনটোৱে নোৱাৰে। সচেতন মনটোৱে যেনেদৰে তথ্য এটা গ্ৰহণ কৰে ঠিক সেই তথ্যটোকে অৱচেতন মনটোৱে গ্ৰহণ কৰে। সচেতন মনটোৱে যদি মিছা বাৰ্তা এটা সঁচা বুলি গ্ৰহণ কৰে তেন্তে অৱচেতন মনটোৱেও সেই বাৰ্তাটোকে সঁচা বুলিয়ে গ্ৰহণ কৰি সাঁচি ৰাখে। অৰ্থাৎ অৱচেতন মনটোৰ প্ৰতিক্ৰিয়া নিৰ্ভৰ কৰে সচেতন মনটোৱে দিয়া তথ্যৰ ওপৰত বা ইয়াৰ প্ৰাপ্ত অভিজ্ঞতাৰ ওপৰত। সেয়ে ড০ মাৰ্ফীয়ে ব্যক্ত কৰিছে যে আমি অৱচেতন মনটোক সদায় ইতিবাচক কথা, ইতিবাচক তথ্য যোগান ধৰিব লাগে। গুৰুত্বপূৰ্ণ কথাটো হ’ল বিশ্বাস অবিহনে অৱচেতন মনে কোনো ইতিবাচক কাৰ্য নকৰে। তেখেতৰ মতে, “The law of life is the law of belief”. ইয়াত বিশ্বাসৰ আশ্চৰ্যজনক সুফলৰ বহু উদাহৰণ সন্নিৱিষ্ট কৰিছে। ইমান ক্ষমতা থাকেনে বিশ্বাসৰ? কেনেকৈ বিশ্বাসে কাম কৰে? বিশ্বাসৰ বৈজ্ঞানিক ব্যাখ্যা আছেনে? ড০ মাৰ্ফীয়ে বাইবেলৰ উদ্ধৃতি দি বিশ্বাসৰ ক্ষমতাৰ কথা ব্যাখ্যা কৰিছে। তাত কোনো বৈজ্ঞানিক গৱেষণাৰ তথ্য নাছিল। বিশ্বাসৰ বৈজ্ঞানিক ব্যাখ্যা আগবঢ়াইছে নৈব-জীৱ বিজ্ঞানৰ অন্যতম প্ৰবক্তা আৰু কোষ বিজ্ঞানী Dr. Bruce H. Lipton-এ তেওঁৰ বিখ্যাত গৱেষণা গ্ৰন্থ “The Biology of Belief” আৰু Dr. Joe Dispenza-এ “You Are The Placebo – Making Your Mind Matter” _অত।

পাৰম্পৰাগত জীৱ বিজ্ঞানে বিশ্বাস কৰিছিল জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্য্য একমাত্ৰ জিনেহে নিয়ন্ত্ৰণ কৰে। কিন্তু নতুন জীৱ বিজ্ঞানে (New Biology) গৱেষণাৰে প্ৰমাণ কৰিছে যে জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্য জিন নিৰ্ভৰ নহয়, নিৰ্ভৰ কৰে কোষৰ ওপৰত। জিনীয় কাৰ্য নিৰ্ধাৰণ কৰে কোষেহে। জিনসমূহে নিজাকৈ একো কৰিব নোৱাৰে। পৰিৱেশৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰি কোষবোৰে পঠোৱা বাৰ্তা অনুসৰি জিনে নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰে। প্ৰায় ৯০% জিনে পৰিৱেশৰ পৰা পোৱা বাৰ্তাৰ লগত সহযোগ কৰি কাৰ্য সম্পাদন কৰি থাকে বুলি প্ৰমাণিত হৈছে। ইয়াত পৰিৱেশে দেহৰ ভিতৰৰ যেনে- আৱেগিক, জৈৱিক, স্নায়ৱিক, মানসিক অৱস্থাই সৃষ্টি কৰা ‘আভ্যন্তৰীণ’ অৱস্থাক, আৰু দেহৰ বাহিৰৰ চৌপাশৰ তাপমাত্ৰা, ঠাইৰ উচ্চতা, বেক্টেৰীয়া, ভাইৰাচ, খোৱা অহাৰ, আমাৰে সম্পৰ্ক থকা মানুহবোৰে আমাৰ সৃষ্টি কৰা ‘বাহ্যিক’ অৱস্থাক বুজাইছে। গতিকে দেখা যায় যে জিনীয় কাৰ্য প্ৰতি মুহূৰ্ততে সলনি হৈ থাকে।

গৱেষণাই প্ৰমাণ কৰিছে আমাৰ মগজুৰ চিন্তা-ভাৱনাবোৰত, আৱেগ-অনুভূতিবোৰত এনে এক শক্তি নিহিত হৈ থাকে যি আমাৰ শৰীৰৰ কোষবোৰলৈ বাৰ্তা হিচাপে যায় আৰু কোষবোৰে সেই বাৰ্তা জিনলৈ প্ৰেৰণ কৰে। এই কোষৰ বাৰ্তাই জিনীয় কাৰ্যক নিয়ন্ত্ৰণ কৰে। ঠিক একেই প্ৰক্ৰিয়া দেখা পাওঁ আমাৰ খোৱা আহাৰ, আমি চৌপাশৰ পৰা পোৱা অভিজ্ঞতাৰ পৰাও। যেতিয়াই জিনক ভাল বাৰ্তা এটা দিব পৰা যাব তেতিয়াই জিনে আমাৰ অনুকূলে কাম কৰিব। তাৰ বাবে আমাৰ বাহ্যিক আৰু আভ্যন্তৰীণ পৰিৱেশ মন আৰু দেহৰ বাবে অনুকূল হ’ব লাগিব। কিয়নো পৰিৱেশৰ বেয়া তথ্য বা বাৰ্তা এটা জিনে নিজাকৈ ভাল বাৰ্তালৈ পৰিৱৰ্তন কৰি ল’ব নোৱাৰে। এইখিনিতে আমাৰ বিশ্বাসৰ ক্ষমতাৰ কথা ক’ব পাৰোঁ। কঁকালৰ বিষত ভুগি থকা লোক এজনে যদি এনে দৰে ভাবিবলৈ ধৰে যে তেওঁৰ কঁকালৰ বিষ নাই আৰু তেওঁ এজন সম্পূৰ্ণ নিৰোগী ব্যক্তি। এই ইতিবাচক ভাবনাটোৱে শৰীৰলৈ এনে এক শক্তি তৰংগ কোষলৈ প্ৰেৰণ কৰিব যিটো কোষে জিনলৈ প্ৰেৰণ কৰিব আৰু জিনে সেই মতে কাম কৰিবলৈ আৰম্ভ কৰিব। অৰ্থাৎ জিনে কঁকালৰ বিষ নিৰাময়ৰ বাবে কাম কৰিব। কিন্তু তাকে নকৰি যদি কঁকালৰ বিষ বুলি অনবৰত উঃহ আঃহ কৰি থকা যায় তেন্তে জিনে নেতিবাচক বাৰ্তা এটা পাব আৰু বিষ বঢ়াই তোলাতহে অৰিহণা যোগাব।

এতিয়া আহোঁ বিশ্বাসৰ কথালৈ। ড০ যোচেফ মাৰ্ফীৰ ভাষাত ‘‘অৱচেতন মনৰ ভিতৰৰ ভাবনাই হ’ল বিশ্বাস। অৰ্থাৎ কোনো এটা কথা বা ধাৰণা বা তথ্য সঁচা বুলি গ্ৰহণ কৰাকে বিশ্বাস বোলে।’’ কিন্তু বিশ্বাসবোৰ সঁচা নহ’বও পাৰে। আকৌ এটা সময়ত সঁচা বুলি প্ৰমাণিত বিশ্বাস এটা আন সময়ত ভুল প্ৰমাণিত হ’ব পাৰে। গতিকে দেখা যায় বিশ্বাসবোৰ অতীতৰ অভিজ্ঞতাৰ লগত জড়িত। বিশ্বাসবোৰ সমাজ-সংস্কৃতিৰ লগত জড়িত। আমাৰ অতীতত ঠেক পৰিসৰৰ বিশ্বাসবোৰ আঁতৰাই নতুন বিশ্বাস প্ৰতিষ্ঠা কৰিব পাৰিলেই আমাৰ জীৱনক নতুন গতি দিবলৈ পাৰিম। যিহেতু বিশ্বাস অৱচেতন মনেৰে সম্পৰ্কিত গতিকে আমি প্ৰথমতে অৱচেতন মনৰ অৱাস্থাটো পৰিৱৰ্তন কৰিব লাগিব। আমি অৱচেতন মনক পতিয়ন নিয়াব পাৰিব লাগিব যে পূৰ্বৰ বিশ্বাসবোৰ শুদ্ধ নাছিল আৰু বৰ্তমানৰ ধাৰণাবোৰহে শুদ্ধ- গতিকে বিশ্বাসযোগ্য। আৰু যেতিয়াই শুদ্ধ আৰু ইতিবাচক বিশ্বাস এটা অৱচেতন মনটোৱে গ্ৰহণ কৰিব তেতিয়াই ই শৰীৰৰ কোষসমূহলৈ ভাল বাৰ্তা প্ৰেৰণ কৰিব। ফলত বিশ্বাসৰ সুফল আমি ভোগ কৰিব পাৰিম।

বিশ্বাস আৰু অবধাৰণা (Perception)ই যে মগজুৰ কাৰ্য সম্পাদনতো প্ৰভাৱ বিস্তাৰ কৰে সেয়া গৱেষণাই প্ৰমাণ কৰিছে। কানাডাত ২০০৬ চনত ২২০ গৰাকী ছাত্ৰীকলৈ এটা গৱেষণা কৰা হৈছিল য’ত এটা ভুৱা গৱেষণাৰ তথ্য পঢ়িবলৈ দিয়া হৈছিল। তথ্যটো আছিল — ‘পুৰুষসকল অংক কৰাত মহিলাসকলতকৈ ৫% আগবঢ়া’। ছাত্ৰীসকলক দুটা গোটত বিভক্ত কৰি এটা গোটক কোৱা হৈছিল যে অতি সম্প্ৰতি বিজ্ঞানে আৱিষ্কাৰ কৰিছে যে একমাত্ৰ জিনীয় কাৰকৰ বাবেই মহিলাসকল পুৰুষতকৈ অংকৰ ক্ষেত্ৰত ৫% পিছ পৰা। আনহাতে, আনটো গোটক কোৱা হৈছিল যে শিক্ষক-শিক্ষয়িত্ৰী সকলে প্ৰাথমিক বিদ্যালয় পৰ্যায়ত ‘ছাত্ৰসকল ছাত্ৰীৰ তুলনাত অংকত বেছি ভাল’ বোলা গতানুগতিক (stereotyped) উক্তিৰ বাবেই ছাত্ৰীসকল অংকত ছাত্ৰসকলতকৈ পিছ পৰি ৰয়। গৱেষণাৰ অন্তত দেখা গৈছিল যে যিটো গোটে জিনীয় কাৰকক বিশ্বাস কৰিছিল তেওঁলোকে ‘ছাত্ৰসকল অংকত ছাত্ৰীসকলতকৈ বেছি ভাল’ বোলা শিক্ষকৰ গতানুগতিক উক্তিত বিশ্বাসীসকলতকৈ কম নম্বৰ পাবলৈ সক্ষম হৈছিল। অৰ্থাৎ প্ৰথম গোটটোৱে জিনীয় কাৰকক বিশ্বাসত লৈ নিজকে সমৰ্পন কৰিছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে তেওঁলোকৰ অংক কৰা সক্ষমতা জিনে নিয়ন্ত্ৰণ কৰে। গতিকে বহু চেষ্টা কৰিলেও তেওঁলোকে অংকত ভাল নম্বৰ পাব নোৱাৰে। আনহাতে আনটো গোটে শিক্ষকৰ গতানুগতিক উক্তিক নস্যাৎ কৰি নিজৰ সক্ষমতাৰ ওপৰত বিশ্বাস কৰিছিল বাবে তেওঁলোকে অংকত ভাল নম্বৰ পাবলৈ সক্ষম হৈছিল।

আন এটা গৱেষণাৰ কথালৈ আহোঁ। Standford University-ৰ সমাজ মনোবিজ্ঞানী(Social Psychologist) Claud Steel আৰু Joshua Aronson _এ মৌখিক বিচাৰ (verbal reasoning )ৰ জৰিয়তে কৃষ্ণ বৰ্ণৰ শিক্ষাৰ্থী কিছুমানৰ ওপৰত এলানি গৱেষণা কৰিছিল। ঐতিহাসিকভাৱেই সামাজিক শ্ৰেণী নিৰ্বিশেষে আফ্ৰিকান-আমেৰিকান কৃষ্ণ বৰ্ণৰ শিক্ষাৰ্থীসকলে শ্বেত বৰ্ণৰ শিক্ষাৰ্থীসকলতকৈ শব্দ ভাণ্ডাৰ, পঠন, অংক, শৈক্ষিক অভিক্ষমতা পৰীক্ষা (Scholastic Aptitude Test) আদিত নিম্ন মানৰ নম্বৰ পায়- যিটো বিশ্বাসত পৰিণত হৈ পৰিছিল। মৌখিক বিচাৰৰ প্ৰশ্নসমূহ সোধাৰ আগে আগে কিছুমান শিক্ষাৰ্থীক এই বিশ্বাসটো সোঁৱৰাই দিয়া হৈছিল আৰু কৈছিল যে এই মৌখিক বিচাৰৰ জৰিয়তে তেওঁলোকৰ সংজ্ঞানাত্মক (cognitive ability) সক্ষমতা জোখা হ’ব। অৰ্থাৎ তেওঁলোকেনো কথাবোৰ কিমান যুক্তিসহকাৰে চাব পাৰে তাৰ পৰীক্ষা কৰা হ’ব। কিন্তু আনটো গোটৰ শিক্ষাৰ্থীসকলক কোৱা হৈছিল যে এই মৌখিক বিচাৰৰ পৰীক্ষাটো অপ্ৰয়োজনীয় এটা গৱেষণা সঁজুলিহে। প্ৰণিধানযোগ্য, এই যে প্ৰথমটো গোটৰ শিক্ষাৰ্থীসকলক ঐতিহাসিক বিশ্বাস এটা পুনৰ সোঁৱৰাই দিয়া হ’ল তাক কোৱা হয় —Priming – অৰ্থাৎ, যেতিয়া আমাৰ পৰিৱেশৰ কোনো ব্যক্তি, কোনো ঠাই, বা কোনো বস্তু বা কথাই আমাৰ মগজুত ইতিমধ্যেই পূৰ্বৰে পৰা খোদিত হৈ থকা তথ্য এটা পুনৰ এনে ভাবে প্ৰক্ষেপ কৰে যাৰ বাবে আমি অসচেতনভাবেই কিছুমান কাম কৰি থাকোঁ, সেইটোৱে হ’ল Priming৷ উদাহৰণস্বৰূপে, আমাৰ অৱচেতন মনত থকা এটা বদ্ধমূল বিশ্বাস হ’ল যে মহিলাই ভালকৈ গাড়ী চলাব নাজানে। ধৰা হওক, কোনো ব্যস্ত পথ এটাত যান-জঁট লাগিছে আৰু আপুনি গম পাইছে যে এগৰাকী মহিলাৰ বাবেই সেই ঠাই টুকুৰাত যান-জঁট হ’বলৈ পালে। লগে লগে আপুনি আন একো কথা ভাবিব নোৱাৰে, বা নাভাবে। কি ভাবিব? আপুনি ভাবিব মহিলা গৰাকীৰ কাৰণেই এনে হৈছে কাৰণ মহিলাই গাড়ী চলাব নাজানে (বিশ্বাস)। সেই সময়ত আপুনি বা মই ভাবি নাপাওঁ যে মহিলা গৰাকী কিবা সমস্যাতো পৰিব পাৰে বা গাড়ীখনৰ কিবা কাৰিকৰী বিজুতিও হ’ব পাৰে। অৰ্থাৎ এই পৰিৱেশটোৱে আমাৰ মগজুত Priming ৰ কাম কৰিলে। ফলত আপুনি বা মই ক’ব নোৱৰাকৈয়ে পোনে পোনে মহিলা গৰাকীকে জগৰীয়া কৰিছোঁ। পুনৰ গৱেষণাৰ কথালৈ যাওঁ। যি সকল শিক্ষাৰ্থীয়ে Primingৰ স্বীকাৰ হৈছিল তেওঁলোকৰ কৃষ্ণবৰ্ণৰ শিক্ষাৰ্থীসকল শ্বেতবৰ্ণৰ সকলতকৈ কম নম্বৰ পাইছিল, যদিও শৈক্ষিক অভিক্ষমতা পৰীক্ষাত সমান নম্বৰেই পাইছিল। অৰ্থাৎ Primingৰ আগতে যিসকল কৃষ্ণবৰ্ণ আৰু শ্বেতবৰ্ণ শিক্ষাৰ্থীৰ শৈক্ষিক অভিক্ষমতাৰ নম্বৰ একেই অছিল সেই সকলৰ শৈক্ষিক প্ৰদৰ্শনো সমান আছিল। এই গৱেষণাই আমাক ইয়াকে শিকালে যে আমি আমাৰ বিষয়ে যেনেদৰে ভাবোঁ বা ভাবিবলৈ বাধ্য হওঁ, বা যেনেদৰে আন মানুহে আমাৰ সম্পৰ্কে ভাবে ঠিক তেনেদৰেই যদি আমি নিজকে ভাবোঁ তেতিয়া সেইবোৰেই আমাৰ সফলতা বা শৈক্ষিক কাৰ্যত প্ৰভাৱ পেলায়।

ভাৰতীয় প্ৰেক্ষাপটৰ এটা প্ৰতিষ্ঠিত ধাৰণা হ’ল জনজাতীয় লোকসকল পঢ়া-শুনাত ভাল নহয় আৰু সেই কাৰণে সংবিধানে তেওঁলোকৰ বাবে সংৰক্ষণ ব্যৱস্থা কৰিছে (যদিও জনজাতীয় লোকসকলৰ সাংবিধানিক সংৰক্ষণ ব্যৱস্থাৰ আঁৰত ঐতিহাসিক আৰু ভৌগোলিক কাৰণহে নিহিত আছে)যাতে আন আন পঢ়া-শুনাত ভাল-ভাল জাতি-সম্প্ৰদায়ৰ লগত সমানে খোজ মিলাই আগবাঢ়িব পাৰে! এই ধাৰণাটো বৈজ্ঞানিক গৱেষণালব্ধ নহয়। তথাপিও কিন্তু জনজাতীয় লোকসকল সঁচাকৈয়ে পঢ়া-শুনাত পিছ পৰি ৰৈছে। ইয়াৰ মূলতে আমি ক’ব পাৰোঁ ‘বিশ্বাস’ৰ কথাটো। জনজাতীয় শিশু এটা জনা হোৱাৰে পৰা শুনিবলৈ পায় যে তেওঁলোক পঢ়া-শুনাত ভাল নহয়। তেওঁলোকে যিমানেই পঢ়াত মনোযোগ নিদিয়ক, কেতিয়াও অজনজাতীয় ছাত্ৰ বা ছাত্ৰী এগৰাকীৰ দৰে কথাবোৰ আয়ত্ত কৰিব নোৱাৰে। সেয়ে সংবিধানে শিক্ষা প্ৰতিষ্ঠানৰ পৰা আদি কৰি চৰকাৰী খণ্ডৰ কৰ্ম ক্ষেত্ৰলৈকে সংৰক্ষণ ব্যৱস্থা ৰাখি থৈছে। গতিকে এই ধাৰণাই জনজাতীয় সমাজৰ পৰা আৰম্ভ কৰি আজনজাতীয় সমজলৈকে বছৰ বছৰ ধৰি শিপাই আহাৰ কাৰণে জনজাতীয় লোকৰ অৱচেতন মনত নিগাজিকৈ ঘৰ বান্ধিলে। অপ্ৰিয় সত্য, প্ৰতি গৰাকী জনজাতীয় লোকৰ অৱচেতন মনে বিশ্বাস কৰে যে তেওঁলোকৰ মগজুৰ বুজি পোৱা শক্তি আনৰ তুলনাত কম। যেতিয়ালৈকে এই ভ্ৰান্ত বিশ্বাস অৱচেতন মনৰ পৰা উলইয়াই বাহিৰ কৰি নতুনকৈ ‘আমি কোনো গুণে কম নহওঁ’ ধৰণৰ ধাৰণা/বিশ্বাস প্ৰতিষ্ঠিত কৰিব নোৱাৰিব তেতিয়ালৈকে জনজাতীয় লোকসকলে সংৰক্ষণৰ আওতাৰ বাহিৰ হ’ব নোৱাৰিব।

চিকিৎসা শাস্ত্ৰৰ লগত জড়িত এটা ধাৰণা হৈছে ‘প্লেচিবো’ (Placebo)৷ প্লেচিবো ব্যৱহাৰৰ ক্ষেত্ৰত ডাক্তৰে ৰোগীক প্ৰ্ৰকৃত ঔষধৰ সলনি ভুৱা ঔষধ ল’বলৈ বা খাবলৈ পৰামৰ্শ দিয়ে। সাধাৰণতে ভুৱা ঔষধৰ কথাটো ৰোগীজনক কোৱা নহয় যদিও কেতিয়াবা কৈও দিয়া হয়। সাধাৰণ অৰ্থত, যেতিয়া ডাক্তৰে ৰোগী এজনক নিৰ্দিষ্ট ৰোগৰ বাবে ভুৱা ঔষধ সেৱন বা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে আৰু যদি ৰোগীজনে গভীৰ বিশ্বাসেৰে সেই ঔষধ প্ৰকৃত ঔষধ বুলি গ্ৰহণ কৰে সেয়াই হ’ল প্লেচিবো। ভুৱা ঔষধ মানে সেইবোৰ কোনো ঔষধ নহয় — কেৱল কিছুমান চুগাৰ পিল বা চেলাইন ইনজেকচনহে ৰোগীক দিয়া হয়। গৱেষণাই প্ৰমাণ কৰিছে যে প্লেচিবো কাৰ্যকাৰিতা প্ৰকৃত ঔষধ সেৱন বা প্ৰকৃত ইনজেকচন গ্ৰহণ কৰাৰ দৰেই। আচৰিত কথাটো হ’ল যে ২০১০ চনৰ এটা গৱেষণাই দেখুৱাইছে যে ৰোগীয়ে প্লেচিবো গ্ৰহণ কৰি আছে বুলি জনাৰ পিছতো প্লেচিবোই কাম কৰিছে। ইয়াত প্লেচিবোৰ প্ৰসংগ অনাৰ মূল কথাটো হ’ল ‘বিশ্বাস’। ‘বিশ্বাসে’ই প্লেচিবোৰ মূল ভেটি। ৰোগীজনে বিশ্বাস ৰাখিব লাগিব যে তেওঁ সেৱন কৰা ঔষধবোৰ বা গ্ৰহণ কৰা চিকিৎসাটো প্ৰকৃত আৰু ই তেওঁৰ ৰোগ নিৰাময় কৰিবই। এই বিশ্বাসে শৰীৰৰ জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়াত পৰিৱৰ্তন আনিব আৰু ৰোগ নিৰাময়ত সহায় কৰিব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!