মৌপিয়াৰ বিননি

লেখক- প্ৰান্তৰ ভাগৱতী

ঘৰ এটা সাজিলে সকলোৱে এটা সপোন দেখে। ঘৰৰ সম্মুখত এখন সুন্দৰ ফুলনি বাৰী কৰিবলৈ । নানাৰঙী ফুলেৰে আৰু নানান পখিলা, পতঙ্গ আৰু চৰাই চিৰিকতি ফুলনিত পৰি তাৰ শোভা বঢ়াওক । আগৰ দিনত আমাৰ অসমৰ মানুহৰ ঘৰৰ সম্মুখত নানান ধৰণৰ থলুৱা ফুল গছেৰে ভৰি আছিল । ৰাঙল ফুল, খৰিকাজাঁই, অশোক ফুল, তগৰ, গোলাপ, জবাফুল, শেৱালি, নেৱালি , গুটিমালী, ইত্যাদি নানা ধৰণৰ ফুল গছে বাৰীৰ সৌন্দৰ্য বৰ্দ্ধন কৰিছিল। লগত তামোল, নাৰিকল, ৰবাব টেঙা, আম, মধুৰিআম , লেতেকু, পনিয়ল, কলগছ, ইত্যাদি নানান ধৰণৰ থলুৱা ফলৰ গছৰে বাৰীখন ভৰি আছিল । সেয়েহে নানান ধৰণৰ পখিলা, ভোমোৰা, মৌমাখি, বিভিন্ন ধৰণৰ চৰাই আদি ঘৰৰ বাৰীৰ বা ফুলনিত পৰি তাৰ মৌ বা সৰু সৰু কীট পতংগ খাই ফুলনিৰ সৌন্দৰ্য্য বঢ়াইছিল । নানাৰঙী ফুলেৰে ফুলি থকা ফুল গছবোৰৰ মাজত উৰি উৰি ফুৰা পখিলা, মৌ মাখি আৰু মৌপিয়া চৰাইবোৰক যি প্ৰত্যক্ষ কৰিছে তেওঁহে বুজিব ইয়াৰ সৌন্দৰ্য। তেজৰঙী মৌপিয়া চৰাই কেইটাই যেতিয়া ফুলৰ ডালত বহি মৌ চুহি থাকে সেইয়া কি এক অপূৰ্ব দৃশ্য তাক নেদেখাজনে অনুমান কৰা হয়তো অলপ কঠিন হব । বিভিন্ন প্ৰকাৰৰ মৌপিয়া চৰাই অসমত দেখিবলৈ পোৱা যায়। তাৰ ভিতৰত সেন্দুৰীয়া বা তেজৰঙা মৌপিয়া চৰাই ( Crimson Sunbird ) , বেঙুনীয়া মৌপিয়া চৰাই ( Purple Sunbird ) , সৰু মকৰা খোৱা মৌপিয়া চৰাই ( Little Spider hunter ) , আদিয়েই প্ৰধান। আৰু বিভিন্ন প্ৰকাৰৰ মৌপিয়া চৰাই আমাৰ উত্তৰ পূব ভাৰতৰ পাহাৰীয়া ঠাইত দেখিবলৈ পোৱা যায়। এই মৌপিয়া চৰাই বোৰৰ মতা চৰাইবোৰ দেখিবলৈ অতি ধুনীয়া হয়। ইহঁতে সাধাৰণতে ফুলনিৰ ফুল বোৰত পৰি ‘টিক টিক’, ‘চিক চিক’ আদি বিভিন্ন ধৰণৰ মাত মাতি ফুলৰ মৌ খাই থকা দেখা যায়। এই মৌপিয়া চৰাই বোৰ Nectarinidae পৰিয়ালৰ চৰাই। ইহঁতে সাধাৰণতে ফুলনিৰ জোপোহা গছৰ ডালৰ ফেৰেঙনিত শুকান বন, খেৰ আদিৰে বাহ সাজে আৰু কণী পাৰি পোৱালি জগায়। কেইবছৰমান আগলৈকে আমাৰ অসমৰ প্ৰায় বোৰ ঠাইৰ ফুলনিবোৰত ৰাতিপুৱা বিভিন্ন ধৰণৰ মৌপিয়া, ফুলটোকা / ফুলকোঁৱৰী ( Scarlet backed flowepecker ), পাতমুগী ( Oriental white eye ) , ভদৰকলী ( Great tit ) ইত্যাদি বিভিন্ন চৰাই দেখা গৈছিল ।

কিন্তু লাহে লাহে সময়ৰ পৰিবৰ্তনৰ পিছত প্ৰায়বোৰ মানুহেই ঘৰৰ সম্মুখত ঠাইৰ অভাবত নানান ধৰণৰ ‘চিজন’ ফুল লগাবলৈ আৰম্ভ কৰিলে । খুব চাপৰতে ফুলবোৰ ধুনীয়া কৈ ফুলে আৰু আমিও সন্তোষ পাওঁ। আপোন ককাই ভাই বোৰ মাটি বাৰী ভাগ কৰি লোৱাৰ ফলত ঘৰৰ চৌহদ সৰু হৈ পৰিল । ফলত নানান ধৰণৰ থলুৱা ফলমূলৰ বাৰীখন নোহোৱা হৈ পৰিল । সৰু সৰু ফুলনিত ৰাঙল , অশোক শেৱালি আদি ফুল গছবোৰৰ ঠাইত ফুলি উঠিল ডালিয়া, ক্ৰীচেনথিমাম , প্ৰীটুনীয়া ইত্যাদি নানা ধৰণৰ ফুলবোৰ । পখিলা, মৌ মাখি , ভোমোৰা, বিভিন্ন ধৰণৰ চৰাইবোৰ লাহে লাহে কমি আহিল। এই ফুলবোৰে মৌমাখি, ভোমোৰা, পখিলা মৌপিয়া চৰাই বোৰক সিমান আৰ্কষিত কৰিব নোৱাৰে । এই ফুলবোৰত মৌ কম বাবেই নেকি? সেয়েহে হয়তো প্ৰকৃতিৰ এই অৰ্পূব সুন্দৰ মৌপিয়া চৰাইবোৰ লাহে লাহে দেখা অদৃশ্য হবলৈ আৰম্ভ কৰিলে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!