ৰুবুল - দা মেন পাৱাৰ ডিষ্ট্ৰিবিউটৰ!

লেখক- লক্ষ্য জ্যোতি নাথ

মিঃ শৰ্মাৰ ফোন আহিল ল’ৰা তিনিশ লাগে বাইকৰ সৈতে, কাইলৈ দলৰ ৰেলী আছে। ৫ লিটাৰকৈ পেট্ৰল, ১০০০ টকা মজুৰি, এটা দলীয় টি-ছাৰ্ট আৰু টুপী দিয়া হ’ব।
এইকেইদিন ৰুবুল ব্যস্ত, ৰোজগাৰ দি আছে গাঁৱৰ নিবনুৱা বোৰক। যিটো কাম চৰকাৰে কৰিব পৰা নাই সেইটো সি সেই চৰকাৰ বান্ধিবলৈ কৰি আছে। গাঁৱে-ভূঞে তিনিআলি-চাৰিআলিত কেৰেম, লুডু খেলি ফুৰা, কেপি-শিখৰ খাই ৰাস্তাৰে যোৱা ছোৱালী-বোৱাৰী চাই থকা, নিবনুৱা ল’ৰা কিছুমানক গোটাই কথা দিছে যে তেওঁ কাম দিব। কামৰ লগত ভাল মজুৰি, ৰাতি ব্ৰইলাৰ মাংসৰ খানা, পেট্ৰ’ল আদিও পাব। কাম নিৰ্বাচনী মিটিং, ৰেলী আদিত দলৰ হৈ ভাগ লব লাগে। জিন্দাবাদ জিন্দাবাদ চিঞৰিব লাগে।
প্ৰথমতে দুটামানে অলপ সংকোচ কৰিলে বোলে আজি এইটো দলৰ হৈ জিন্দাবাদ জিন্দাবাদ চিঞৰিম আকৌ কাইলৈ সিটো দলৰ হৈ! ভাল কথা নহয় এইটো। তেতিয়া ৰুবুলে সিহঁতক বাদশ্বাহ খানৰ এই বিখ্যাত ডাইলগটো মনত পেলাই দিলে “আম্মী জান কেহতি থি কই ধান্দা ছ’টা ন্যাহি হ’টা ঔৰ ধান্দা ছে বড়া কয়ী ধৰ্ম ন্যাহি হ’টা।” কৰ্মত সৰু বৰ নাই বাচাহঁত, লাজ কৰিব নাপায়। নেতাবোৰকে দেখা নাই আজি ইটো দল, কাইলৈ সিটো দল। তেওঁলোকে জানো লাজ কৰে! কৰ্ম সেইটো তেওঁলোকৰ। এইবোৰ অন্তৰৰ পৰা নল’বা। ৰুবুলৰ এই অনুপ্ৰেৰণামূলক বাক্যয়ে বহুত কাম দিলে। অসমৰ বিভিন্ন ঠাইলৈ, বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী সভা আৰু ৰেলীৰ বাবে মানুহ পঠাই ৰুবুলে।
আচলতে ৰুবুলে অকল এইটো ধান্দায়েই নকৰে, ৰুবুল বতৰ চাই কঠীয়া পৰা মানুহ। মাজতে যেতিয়া খুব আন্দোলন, অসম বন্ধ হয় তেতিয়া ৰুবুলে দল সংগঠনবোৰক ৰাস্তাত জ্বলাবলৈ টায়াৰ, কাঠ আদি যোগান ধৰে। গোটেই অসমত চাপ্লাই দিয়ে। দল সংগঠনৰ নেতা-পালিনেতাৰ মোবাইলে মোবাইলে ৰুবুলৰ নম্বৰ। “কাইলৈ অমুক ঠাইত ধৰ্ণা আছে, টায়াৰ ১০টা লাগে। ৩০০ টকা দৰত নিৰ্দিষ্ট ঠাইত ৰাতিপুৱাই টায়াৰ পেলাই দিয়ে ৰুবুলে। গাড়ী ভাড়া এক্সট্ৰা। কাম নিয়াৰিকৈ কৰে সেই কাৰণে ৰুবুলক দল সংগঠনৰ নেতা-পালিনেতাবোৰে ভাল পায়।
ইয়াৰোপৰি দিল্লী, গুজৰাটৰ ডাঙৰ নেতা আহিলে ৰুবুললৈ ফোন আহি যায়। ৰুবুলে সোধে কিমান মানুহ লাগিব। সিফালৰ পৰা উত্তৰ দহ হাজাৰ। ৰুবুলে কিমান খৰচ পৰিব একেবাৰে কৈ দিয়ে, বাকী মেনেজমেণ্ট তাৰ। গাঁৱত বিভিন্ন কথা কৈ মানুহ গোটোৱা, বাছ ঠিক কৰা আদি সকলো কৰি গাড়ীয়ে গাড়ীয়ে মানুহ ৰাজনৈতিক মিটিংলৈ পঠাই দিয়ে।
সি বহা দোকানখনৰ সন্মুখত সি ডাঙৰ ৰঙীন বেনাৰ এখনো ওলোমাই দিছে “ৰুবুল- দা মেন পাৱাৰ ডিষ্ট্ৰিবিউটৰ”– ইয়াত ৰাজনৈতিক সভা, বাইক ৰেলী আদিৰ বাবে মানুহ যোগান ধৰা হয়। লগতে ধৰ্ণা-আন্দোলন আদিৰ বাবে টায়াৰ, প্ৰতিমূৰ্তি দাহ কৰিবলৈ খেৰৰ প্ৰতিমূৰ্তি যোগান ধৰা হয়।”
ৰুবুলৰ ব্যৱসায় এতিয়া জাকত-জিলিকা‌, গাঁৱৰ ল’ৰাবোৰে কাম নাপালে ৰুবুলৰ ওচৰলৈকে যায় কাম বিচাৰি। “ৰুবুল দা মিটিং, বাইক ৰেলী আদি থাকিলে আমাকো নিব।” ঘৰত বেকাৰ ল’ৰা থাকিলে বাপেকে আহি ৰুবুলক কৈ যায় “আমাৰ ইয়াকো লৈ যাবি অ’, ঘৰৰ গৰম ভাত খাই এনেই শুই বহি কটায়।” এতিয়া নিৰ্বাচনৰ সময় ৰুবুলক নেতাবোৰে এডভান্স বুকিং কৰিব লাগে যদি মানুহ লাগে। নিৰ্বাচনৰ সময়, ৰুবুল এতিয়া বহুত ব্যস্ত।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!