ভগত সিঙৰ ফাঁচীৰ দিনটো

লেখক- নৱযুগল কাশ্য়প

২৩ মাৰ্চ ১৯৩১ চনৰ দিনটোৰ আৰম্ভণি সাধাৰণ দিন এটাৰ দৰেই আছিল। আগৰাতিৰ বৰষুণজাকে পৰিৱেশ ফৰকাল কৰি তুলিছিল। জেইলৰ শৰত সিঙে কয়দীবোৰক আবেলি ৪ বজাতে নিজৰ নিজৰ কুঠৰীৰ ভিতৰত যাবলৈ কোৱাত, কয়দীবোৰ একপ্ৰকাৰ আচৰিত হৈছিল। কয়দীবোৰে ইয়াৰ কাৰণ গম পোৱা নাছিল। জেইলৰে কেৱল চিঞৰি কৈছিল যে, এইটো ওপৰৰ পৰা অহা অৰ্ডাৰ। কিছুসময় পিছত দাৰোগাৰ ফুচফুচনিৰ পৰা গম পালে যে, আজি ৰাতি ভগত সিং, ৰাজগুৰু আৰু সুখদেৱক ফাঁচী দিয়া হব। কয়দীসকলৰ মাজত একপ্ৰকাৰৰ হাঁহাকাৰৰ সৃষ্টি হ’ল। প্ৰতিজন কয়দীয়ে ফাঁচীৰ পিছত ভগত সিঙে ব্যৱহাৰ কৰা কিবা এটা বস্তু নিজে ৰাখি থব বিচাৰিছিল, যাতে ভৱিষ্যতে নাতি-নাতিনীহঁতক কব পাৰিব যে- তেওঁ ভগত সিঙৰ সৈতে একেখন জেইলতে আছিল। ভগত সিঙে ব্যৱহাৰ কৰা কলম আৰু ফনীখন কোনে লব, তাৰ বাবে অৱশেষত লটাৰী পৰ্যন্ত কৰিব লগা হৈছিল। সকলো কয়দীৰে চকু আছিল কুঠৰীৰ সন্মুখেৰে যোৱা ৰাস্তাটোত, যিটোৰে ভগত সিঙক লৈ যোৱা হব।

সেই ৰাস্তাৰে এবাৰ ভগত সিং যাওঁতে পঞ্জাৱ কংগ্ৰেছৰ নেতা ভীম সিং সচ্চৰে এবাৰ সুধিছিল – আপোনালোকে লাহোৰ ষড়যন্ত্ৰৰ গোচৰত নিজৰ সপক্ষে একো কিয় নকলে? কিয় নিজক বচাব চেষ্টা নকৰিলে?

তেতিয়া ভগত সিঙে চিঞৰি উত্তৰ দিছিল- বিপ্লৱীসকল মৰিবই লাগিব, কিয়নো মৰাৰ পিছত তেওঁলোকৰ আন্দোলন আৰু বেছি জোৰদাৰ হয়। কোৰ্টত আপিল কৰিলে আন্দোলন সবল নহয়।

ভগত সিঙৰ কিতাপ পঢ়াৰ প্ৰতি সাংঘাতিক নিচা আছিল। শৰত সিঙে প্ৰায়ে লাহোৰৰ দ্বাৰকা লাইব্ৰেৰীৰ পৰা বিভিন্ন কিতাপ আনি দিছিল। ভগত সিঙৰ ১৪ নং কুঠৰীটোৰ মজিয়া কেঁচা আছিল। তাত ঘাঁহ গজি উঠিছিল। ফাঁচীৰ দুঘন্টা আগত ভগত সিঙৰ উকীল প্ৰাণনাথ মেহতাই তেওঁক দেখা কৰিবলৈ আহিছিল। ভগত সিঙে হাঁহি মাৰি তেওঁক সুধিছিল- আপুনি মোৰ কিতাপ The revolutionary Lenin খন আনিছে নে নাই?

মেহতাই কিতাপখন দিয়াৰ লগে লগে ভগত সিঙে তাতেই পঢ়া আৰম্ভ কৰিলে, যেন অনুভৱ হৈছিল তেওঁৰ ওচৰত আৰু বেছি সময় নাই। মেহতাই সুধিছিল- আপুনি শেষবাৰৰ বাবে দেশবাসীক কিবা কব বিচাৰে নেকি?

ভগত সিঙে কিতাপৰ পৰা মূৰ নোতোলাকৈয়ে কৈছিল- সাম্ৰাজ্যবাদ মুৰ্দাবাদ, ইনক্লাব জিন্দাবাদ।

মেহতা যোৱাৰ কিছুসময় পিছতে জেইলৰে তিনিওজনকে কৈ গ’ল যে, তেওঁলোকক পিছদিনা পুৱা ৬ বজাৰ সলনি সিদিনা সন্ধিয়াতে ফাঁচী দিয়া হব। অৰ্থাৎ আচল সময়ৰ ১২ ঘন্টা আগত।

ভগত সিঙে মেহতাই দি যোৱা কিতাপখন দেখুৱাই কৈছিল- আপুনি কি মোক এই কিতাপখনৰ এটা অধ্যায়ো শেষ কৰিব নিদিব?

কিছুসময় পিছত তিনিওকে কুঠৰীৰ পৰা লৈ যোৱা হ’ল। তিনিও ইজনে সিজনৰ হাতত ধৰি তেওঁলোকৰ প্ৰিয় গানটো গাবলৈ ধৰিলে

কভী ঔ দিন ভী আয়েগা
যব আজাদ হাম হৌংগে
অপনি জমী হৌগী, ঔৰ অপনা আচমা হৌগা

তিনিওৰে ওজন জুখি, শেষবাৰৰ বাবে গা ধুব দিয়া হল। তাৰ পিছত তিনিওকে ক’লা কাপোৰ পিন্ধিব দিয়া হ’ল। শৰত সিঙে, ভগত সিঙৰ কাণত ফুচফুচাই কলে – ৱাহেগুৰুক স্মৰণ কৰা ।

ভগত সিঙে উত্তৰ দিলে – গোটেই জীৱনটোত মই এদিনো ভগৱানক মনত নেপেলালোঁ। আৰু যদি আজি মনত পেলাও তেন্তে ভগৱানে মোক ভয়াতুৰ বুলি ভাবি লব।

কয়দীবোৰে ইতিমধ্যে ইনক্লাব জিন্দাবাদৰ ধ্বনি দিয়া আৰম্ভ কৰিছিল। জল্লাদে ফাঁচিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব ধৰিলে। ভগত সিঙে, মাকক কোৱা ধৰণে ফাঁচীৰ সময়তো ‘ইনক্লাব জিন্দাবাদ’ বুলি চিঞৰি আছিল।

ভগত সিঙে ইমান জোৰে জোৰে চিঞৰিছিল যে, জেইলৰ কাষতে থকা পঞ্জাৱ কংগ্ৰেছৰ নেতা সিন্ধি দাস চোনীৰ ঘৰলৈ চিঞৰ শুনা গৈছিল। তিনিজনৰে হাত ভৰি বান্ধি ডিঙিত ৰছী দিয়া হ’ল। জল্লাদে তিনিওজনকে সুধিলে – প্ৰথমে কোন যাব?

সুখদেৱে প্ৰথমে যোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে। তিনিওজনকে ফাঁচী দিয়া হল। ৰছীৰ পৰা নমাই তিনিওজনকে ডাক্তৰৰ দ্বাৰা পৰীক্ষা কৰা হ’ল।

প্ৰথমে নিৰ্ধাৰণ কৰা হৈছিল যে তিনিওজনৰে শৱদেহ জেইলৰ ভিতৰতে দাহ কৰা হ’ব। কিন্তু ধোঁৱা দেখি জেইলৰ বাহিৰত ৰৈ থকা মানুহে, জেইল আক্ৰমণ কৰিব পাৰে বুলি ভাৱি কৰা নহ’ল। জেইলৰ পিছফালৰ ৱালখন ভাঙি এখন গাড়ী অনা হ’ল। আৰু তিনিওৰে দেহ তিনিটা কোনো পৰিত্যক্ত বস্তুৰ নিচিনাকৈ বান্ধি গাড়ীত লৈ যোৱা হ’ল। তাৰ পিছত ফিৰোজপুৰৰ চুটলেজ নৈৰ পাৰত শৱদেহ লৈ যোৱা হ’ল। এজন পূজাৰী লৈ যোৱা হ’ল। মানুহৰ মাজত খবৰ বিয়পিল, মানুহবোৰ জমা হৈ পৰিল। মানুহ জমা হোৱা দেখি ব্ৰিটিছ চিপাহী তাৰ পৰা পলাল। গোটেই ৰাতি মানুহবোৰে তিনিওটা আধাপোৰা শৱদেহ ৰখি থাকিল। পিছদিনা দুপৰীয়া ডিষ্ট্ৰীক মেজিষ্ট্ৰেট আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিলে। পিছদিনা আবেলি লাহোৰত ৩ কিলোমিটাৰ দীঘল শোক সমদলত মানুহ ঠাহ খাই পৰিল। সকলোৱে ক’লা কাপোৰ লৈ গৈছিল হাতত।

সেই ত্যাগৰ ১৬ বছৰ পিছত ভাৰতে স্বাধীনতা লাভ কৰে। আৰু আজি সেই দিনটোৰ ৯০ বছৰ পূৰ্ণ হ’ল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments