সাম্প্ৰতিক পৰিস্থিতিত লিখকৰ দায়িত্ব

লেখক-আৰমান হাজৰিকা

অতি প্ৰাচীন কালৰে পৰাই ‘সহনশীলতা’ ভাৰতীয় সংস্কৃতিৰ এক অঙ্গ বুলি স্বীকৃতি পাই আহিছে। বেদ, পুৰাণ, উপনিষদ, মহাভাৰত, ৰামায়ণ আদিৰ পাতে পাতে ভাৰতীয় লোকৰ সহনশীলতাৰ কাহিনী ঠাহ খাই আছে। কবিগুৰুৱেও ভাৰতীয় সভ্যতাৰ দোহাই দি ‘মিলিব লাগে, মিলাব লাগে’ৰ মহামন্ত্ৰকে আকৌ দোহাৰিছিল। সেয়েহে লিখিছিল-

“হেথায় আর্য, হেথা অনার্য, হেথায় দ্রাবিড় চীন—

শক-হুন-দল পাঠান-মোগল এক দেহে হল লীন।”

এই ‘মিলিব লাগে, মিলাব লাগে’ৰ বেলিকা আমাৰ অসমখন এখোজ আগত যেন লাগে। সময়ৰ সোঁতত ৰজাঘৰে যুজ-বাগৰ কৰি তুলাপাত বা কাগজৰ পাতত নিজৰ নিজৰ সীমা আঁকি লয়। কিন্তু ইয়াৰ স্থানীয় বাসিন্দা সকলক চিৰদিনলৈ সেই তুলাপাতত অঁকা সীমাৰ মাজত বান্ধি ৰাখিব নোৱাৰে। হিমালয়, পাটকাইৰ পাদদেশৰ এই সাতভনী সদায়ে এক হৈ আছে। ৰজাঘৰীয়া ৰঙাচকুৱে কাকো চিৰদিনলৈ আঁতৰাই নিব পৰা নাই। তাতে সময়ৰ সোঁতত আলহী হবলৈ অহা মুছলমান, আহোম, চাহ বনুৱা, ন-অসমীয়া.. সকলোৱে আহি অসমতে জিন গৈ সকলোৰে লগত মিলিজুলি ৰঙ-ধেমালিৰে থাকি নিজকে ‘অসমীয়া’ বুলি চিনাকি দি গৰ্বেৰে বাস কৰি থাকে।

গুৰুজনাই ধৰ্মক ধিয়াই, ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থস্থান ভ্ৰমি, বিভিন্ন শাস্ত্ৰ-ভাগৱত পঢ়ি উঠি অসমৰ পাহাৰ-ভৈয়াম আদিৰ সকলো বাসিন্দা, সকলো ৰাইজ, সাধাৰণ চহা বনুৱা সকলোকে এক দেহ, এক প্ৰাণ হৈ থাকিবলৈহে দিহা দিলে। সুদুৰ বাগদাদৰ পৰা অহা শ্বাহমিলানেও অসমত আহি ‘আজান ফকীৰ’ নাম পাই, গৰ্বেৰে ঘোষণা কৰিলে, “মোৰ মনত ভেদভাৱ নাই অ’, আল্লা; মোৰ মনত ভিন-পৰ নাই অ’, আল্লা; হিন্দু কি মুছলমান, একেই আল্লাৰ ফৰমান, মোৰ মনত একেটি ভাৱ!”

“ডিভাইড এণ্ড ৰুল” প্ৰণালীৰে গোটেই বিশ্ব শাসন কৰা ইংৰাজ সকলেও অসম ভূমিত ভেদাভেদৰ ভাব সৃষ্টি কৰিবলৈ সক্ষম নহ’ল। বৰঞ্চ খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰিবলৈ অহা ব্ৰনচন, ব্ৰাউন আদি চাহাবসকলেও অসমৰ লুইতৰ পানীৰ সোৱাদত, সকলো ভেদাভেদ পাহৰি, জাতিটো এক কৰিব পৰাকৈ, অসমীয়া ভাষাটোকহে বিশ্ব দৰবাৰত মুখ উজলাব পৰাকৈ ঠিয়দঙা দিব পৰাহে কৰি থৈ গ’ল। সেই ভাষাটোৱেই এতিয়া আমাৰ ‘অসমীয়া একতা’ৰ এক প্ৰধান শক্তি।

আমাৰেই কিবা দুৰ্ভাগ্য, আজি কিছুদিনৰ পৰা গোটেই ভাৰতবৰ্ষৰ লগতে অসমতো ভেদাভেদৰ কথা বৰ বেছিকৈ প্ৰচাৰ হবলৈ আৰম্ভ কৰিছে। ‘কোনেও যেন কাকো সহ্য নকৰিব’, তেনে এক সামাজিক পৰিবেশৰ সৃষ্টি হৈছে। কাৰোবাৰ কোনো ন্যস্ত স্বাৰ্থৰ কথাত ভোল গৈ অসমীয়াই খুচৰি খুচৰি ভাই ভাইৰ মাজত আসোঁৱাহ উভাৰি, খিয়লা-খিয়লি কৰাত লাগিছে। যিকোনো ঠেৰুছিগা এজনেও হাতত সহজতে পোৱা বৈদ্যুতিক মাধ্যমত নিজকে কোনো গোষ্ঠীৰ ‘স্বয়ম্ভু নায়ক’ বুলি ভাবি যিহকে-তিহকে কবলৈ কুণ্ঠাবোধ নকৰা হৈছে। এসময়ত যি অসমীয়াই কিছুমান কথা উচ্চাৰণ কৰাটো ‘পাপ’ বুলি ভাবিছিল, কিছুমান ব্যক্তিয়ে এতিয়া তেনেবোৰ ‘সাম্প্ৰদায়িক ঘৃণা’ৰ কথাকে মুকলিকৈ বুকু ফিন্দাই কবলৈ কোনো সঙ্কোচবোধ নকৰা হ’ল। শাসন ব্যৱস্থাইও ‘চকুমুদা কুলী’ৰ ভাও ধৰি, তাতে আকৌ মাজে সময়ে এইবোৰ খিয়লা-খিয়লিৰ তুহঁজুইকণত  বা-বতাহহে দিবলৈ চেষ্টা কৰা যেন বোধ হয়। গুৰুদুজনাৰ ওপৰিও বুৰঞ্জীৰ যুগৰে অসমৰ গৌৰবময় সমন্বয়ৰ উদাহৰণবোৰ আজি যেন তেনেই উৱলি গৈছে।

এইখিনি সময়ত অসম আৰু অসমীয়াক ভালপোৱা লিখকসকলৰ হাতত এক গধুৰ দায়িত্ব আহি পৰিছে বুলি মোৰ বোধ হয়। সাৰ্বজনীনভাবে অসমৰ অসমীয়াই এতিয়াও পৰম্পৰাগতভাবে সমাজখনৰ প্ৰতিজন ব্যক্তিৰে সৈতে মিলিজুলি থাকিবলৈহে ভাল পায়। কিন্তু স্বাৰ্থজড়িত মহলে

সংখ্যাত তাকৰ হলেও হুলস্থুলবোৰ ডাঙৰকৈ কৰি দেখুৱাইছে। ছপা প্ৰচাৰ মাধ্যম আৰু টি ভিত বাতৰি পৰিবেশন কৰা চেনেলসমূহৰো সততা নোহোৱা হ’ল। হিটলাৰৰ দিনৰ প্ৰচাৰ মন্ত্ৰী ‘গোৱেলচ’ৰ দৰে মিছা কথাটোকে কৌশলগত ভাবে বাৰম্বাৰ কৈ কৈ সাধাৰণ ৰাইজৰ আত্মবিশ্বাসৰ পতন ঘটাবলৈ সদা তৎপৰ হৈছে।

এই সময়ত সচেতন অসমীয়া লিখকসকলে বৈদ্যুতিক প্ৰচাৰ মাধ্যমৰ শক্তিক যদি যথাযথ ভাবে প্ৰয়োগ কৰিব পাৰে তেন্তে অসমীয়া জাতিৰ এই গৌৰৱময় ইতিহাসৰ ওপৰত বাৰম্বাৰ আঘাত কৰিব বিচৰা এই অপশক্তিসমূহৰ ষড়যন্ত্ৰ বিকল কৰি সাম্প্ৰদায়িক সম্প্ৰীতিক আকৌ যথাযথ স্থানত অক্ষত ৰাখিব পাৰিব বুলি মোৰ বিশ্বাস। অসমীয়া লিখকসকলে এই সময়ত অসমীয়া সমাজৰ প্ৰকৃত চিত্ৰখন যদি নিৰ্ভুলকৈ গল্প, উপন্যাস, কবিতা আৰু বিভিন্ন আলোচনাত উপস্থাপন কৰি যায়, তেনেহলে এই অজীণ-পাতকী সকলে মিছাকথা বা কাল্পনিক ভীতিৰে স্থাপন কৰিব বিছৰা সাম্প্ৰদায়িক অসূয়াৰ ভেটি পৰ্য্যন্ত উৎখাত কৰিব পাৰিব।

এই সংখ্যাটোৰ আঁৰত-

সাক্ষাৎকাৰত বিশেষ সহায়ঃ- অভিজিত দত্ত

বানান শুধৰণিঃ- অভিজিত দত্ত, মৃণালজ্যোতি গোস্বামী, কলছুম বিবি, উৎপলা কৌৰ আৰু তুষাৰ ৰঞ্জন

কাৰিকৰী সহায়ঃ- ড° দীপজ্যোতি বৰা, অংশুমান হাজৰিকা, ড° মনোজ মন কলিতা

বিশেষ কৃতজ্ঞতাঃ- আলোচনীখনৰ আদিৰে পৰা প্ৰকাশলৈকে, সকলোবোৰ কথাকে তদাৰক কৰি থাকি, প্ৰয়োজনত আৱশ্যকীয় দিহা আদি দি সহায় কৰা বাবে ‘অসমীয়া কথা-বতৰা’ গোটৰ জ্যেষ্ঠ সদস্য আৰু প্ৰশাসক মৃদুল কুমাৰ শৰ্মালৈ মোৰ বিশেষ কৃতজ্ঞতা জনালোঁ।

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
মনোজ এম্
20 days ago

সাম্প্ৰতিক সময়ত লিখকৰ নে লেখকৰ দায়িত্ব? লেখকৰ হ’ব লাগে।

Ranjit Kumar Sarma
19 days ago

সম্পাদকীয় পঢ়ি ভাল পালোঁ৷