শৈশৱৰ সোঁৱৰণীত কুঁহিয়াৰশালখন

লেখক- লখিমী হাজৰিকা

শেহতীয়া আঘোনৰ থিয় নৰাবোৰ শুই পৰিবলৈ লয়,উদঙীয়া গৰুবোৰে হঠাতে পোৱা মুকলি দিনবোৰ বাৰুকৈয়ে উপভোগ কৰিবলৈ যেনিয়ে তেনিয়ে বাট লয়। ঠিক এনেকুৱা দিনবোৰতে শুই থকা নৰানিৰ মাজেৰে লাগ-বান্ধ নোহোৱা কথা, সুৰ-লয় নমনা গীতৰ কলিবোৰ আৰু জনাই নজনাই সুহুৰি দুটামান মুখত লৈ চেঙেলীয়াৰ দলবোৰে ঠিক এনেকুৱা সময়তে বাট বোলে।কোনোবাই কাৰোবাৰ কান্ধত ধৰি আন কোনোবাই এহাতে পটুৱাখন আৰু ঢিলা হৈ পৰা হাফপেন্টটো ধৰি খৰকৈ খোজ দিয়ে।সিহঁতৰ চঞ্চলতাত নৰাবোৰে যেন শুই থকাৰ পৰা এঙামুৰি এটি মাৰে। সিহঁতৰ কথাৰ পৰা গম পোৱা যায় আজি কাৰোবাৰ কুঁহিয়াৰ পেৰিছে। লিকটীয়া গুৰৰ সোৱাদ ল’বলৈ সিঁহতৰ সৰু-সুৰা বেচিজিল সমদলটো আগবাঢ়ে। আপোনালোক বহুতৰে চিনাকি এই ছবিখন বেছ কিছুবছৰ আগৰ,আমাৰ শৈশৱৰ।আমাৰ শৈশৱ, লগতে শেহতীয়াকৈ হোৱা অনুভৱত অসমৰ বিশেষকৈ উজনিৰ দিশে গ্ৰাম্য সমাজ জীৱনৰ এক অভিন্ন অংগ হৈ আছিল কুঁহিয়াৰ খেতি আৰু ইয়াৰ লগত জড়িত আনুষংগিক কথা,কামবোৰ।। কথাতে কয়, সাত পো যাৰ,কুঁহিয়াৰখেতি তাৰ। গতিকে ইয়াৰ যতন, কষ্ট ফকৰাতে প্ৰকাশ পায়।অসমীয়াৰ ঘৰে ঘৰে চাহখেতি হ’বলৈ আৰম্ভ হোৱা ধাৰাটো দকৈ শিপালে।ঘৰত মানুহ কমিল।চাকৰিমুখী অথবা চহৰমুখী মানুহবোৰ বাঢ়ি অহাৰ ফলতেই চাগে কুঁহিয়াৰ খেতি অতীত হ’ল।মোৰ ধাৰণামতে বৰুৱাবামুণগাঁৱৰ চেনিকলটো বন্ধ হোৱাৰ পৰাই চাগে কুঁহিয়াৰখেতিলৈ মানুহৰ বিৰাগ জন্মা আৰম্ভ হৈছিল।সৰু থাকোতে প্ৰথম আৰু শেষবাৰলৈ চেনিকল চাবলৈ যোৱাৰ কথা মনত পৰে।দেউতাৰ কোলাত উঠি আমি সেই চেনিকল চাবলৈ গৈছিলোঁ। ভিন্ন চাইজৰ চেনিবোৰ টিনৰ প্লেটকেইখনেৰে চলি অহা দেখা মনত পৰে। মিচিৰি খাই খুউব ভাল পাইছিলোঁ।গাইডৰ দৰে কথাবোৰ দেখাই বুজাই যোৱা মানুহজনে তাৰে ডাঙৰ টুকুৰা এটা মোক দিছিল। সেইটো চুপি চুপি দেউতাৰ কোলাত চেনিকল চোৱা মনত পৰে। তাৰপিছত সমাজ অধ্যয়নৰ কিতাপৰ বৰুৱাবামুণগাঁৱৰ চেনিকলটো অতীত হৈ গ’ল। বহুকেইজন ঘৰৰে মানুহ বেকাৰ হৈ গ’ল! বাৰু যি কি নহওক,কুঁহিয়াৰ খেতি আৰু শালখনে আমাৰ শৈশৱৰ এছোৱা সময় আগুৰি আছে। কুঁহিয়াৰখেতিৰ আগ পচোৱাৰ পৰা ৰুবলৈ সাজু কৰালৈ বহু কষ্টকৰ কাম কৰিছোঁ। চপৰা ভাঙিছোগৈ কুঁহিয়াৰতলীত।অথচ এতিয়া পাহৰি গৈছোঁ কিছু নাম। বহুকথাই এতিয়া পাহৰি গৈছোঁ যদিও কিছুমান স্মৃতিয়ে কেতিয়াবা বৰকৈ আমনি কৰে।যেতিয়া যিকোনো ফলৰ জাম তৈয়াৰ কৰো, ওপৰলৈ উঠি অহা ফেনখিনি কাটো,আৰু ফুটটো হৈছেনে নাই চাই থাকো,তেতিয়া মনটো গৈ সেই কুঁহিয়াৰশাল আৰু গুৰ পগাই থকা ফেলাই খনৰ কাষ পায়। উভতি নহাৰ বাটেৰে গুচি যোৱা দেউতাই ফেলাই খনত ঘুটি থকা গুৰখিনিৰ ফেলেক ফেলেক শব্দটো শুনা পাওঁ। “অ’ কাইদ’ মোৰো কেইকনামান আছিল, কাইলৈ দুপৰীয়া এপাক মাৰিবচোন।ফুটটো চাই দিবগে” –গাঁৱৰে কোনোবাই দেউতাক কয়। গুৰৰ ফুট ধৰাত দেউতাৰ নাম আছিল। ফেলাইখনৰ পৰা প্ৰথমে ঢেকেলীয়া কলহদুটামানত (ডিঙিটো দীঘল কলহ,বোধহয় ঢেকীয়ালৰ কাৰণে এই নাম নেকি!) ভৰোৱাৰ পিছত গামলা দুটাত থয়। সৰুকৈ টেকেলী কেইটামানতো থয়। তেতিয়া বিয়া দিয়া ছোৱালীজনী বা মিতিৰ কুটুমৰ ঘৰলৈ গুৰৰ টেকেলী এটা দিয়াটোও এটা দায়িত্ব বা মৰমেই আছিল।সৰু-সুৰা সকাম নিকামলৈ লগাকৈ সৰু সৰু টেকেলীতো গুৰ থৈছিল।এটা আমোদজনক দৃশ্য সেই যে গুৰ য’ত পগাইছিল, তাৰ ওচৰতেই লোভৰ পানী পেলাই ৰৈ থকা শেঙুনকা ল’ৰা-ছোৱালী কেইটাৰ দলটো। সেইযে ছবিখন অথবা বতাহত ভাঁহি অহা লিকটীয়া গুৰৰ গোন্ধটো! এতিয়া বিচাৰিলেও নাপাওঁ! কুঁহিয়াৰ পেৰিবলৈ যে ম’হ লগাই টনা শাল এখন আছিল, তিনিটা বা দুটা বীম (সেইকেইটাক কোনোবাই ভীম বুলিও কৈছিল) আছিল।সেইখনো এটা সম্পদ আছিল সেই সময়ৰ মানুহৰ।নিজা শাল থকা মানুহবোৰ একপ্ৰকাৰৰ ধনীয়েই আছিল।শালবোৰ পথাৰত পাতি লোৱা হৈছিল কুঁহিয়াৰ পেৰা দিনত। কেতিয়াবা কাৰোবাৰ শাল চোৰ হৈছিল।খবৰবোৰ বিয়পিছিল বতাহত।দেউতা খুড়াহঁতক হা-হুমুনিয়াহ কঢ়া ইচ ইচ আচ আচ কৰা দেখি বুজিছিলো শালখনৰ গুৰুত্ব কেনে আছিল। কুঁহিয়াৰ পেৰাৰ দিনা বতাহত গুৰৰ লোভনীয় গোন্ধটো বিয়পি আছিল। আমাৰ চুবুৰীত ৰঙাই,বাবু বুলি দুটামান ল’ৰা আছিল।সিহঁতৰ দেউতাকে আমাৰ ঘৰত লাগি-ভাগি দিছিল।সিহঁতৰ পৰা মই শিকিছিলোঁ জিকৰি বনাবলৈ।ডাবৰিবোৰ! ডাবৰি মানে কুঁহিয়াৰৰ বাকলিবোৰ। দুডালমান মিহি মিহিকৈ বান্ধি গুৰত পেলাই দিয়ে।তাতে গুৰ অকণ অকণ লাগি ধৰে, সেয়া ললিপপৰ দৰে খায়।বৰ ভাল লাগে। এইযে ডাবৰি বুলি ক’লো, এইবোৰে ঘৰত একপ্ৰকাৰৰ খৰিৰ কাম কৰিছিল।আইতাৰ জুহালত মিহি ডাবৰিৰ এটা দ’ম আছিল। ধুনীয়াকৈ লিপি থোৱা মাটিৰ মজিয়াৰ পৰা আইতাই একোডাল লৈ জুই জ্বলাইছিল।প্ৰসংগক্ৰমে কওঁ আইতাৰ কেৰাচিন তেলৰ গোন্ধ একেবাৰে সহ্য নহৈছিল বাবে জুই ধৰোতে অকণো নাঢালিছিল। কিন্তু মই তেনেকৈ জুই ধৰিব নোৱাৰো কাৰণে কিমান যে অকাজী বুলি গালি দিছিল ঔ! বাৰু সেইবোৰ থাকক। দেউতাই গুৰ পগাওতে আমাক খৰি সুমুৱাবলৈ দিছিল। এটা প্ৰায় আধা মিটাৰ ব্যাসাৰ্ধৰ প্ৰকাণ্ড জালীগাঁত, তাত তলি নোহোৱা এটা বাল্টিৰে চৌকা বনোৱা হয়। সেইফালেৰে ইংৰাজী y আকৃতিৰ জেং এডালৰ সহায়ত আমি খেৰ, শুকান খৰি, জাবৰ সেইবোৰ জালীগাঁতত ভৰাইছিলোঁ।কেতিয়াবা জুইৰ চোক কমে, গালি খাওঁ। দেউতাই ভেকাহি মাৰি উঠে। কমবয়সীয়া গাল দুখন জুইৰ কাষত বহি বহি ৰঙচুৱা হয়। এটা সময়ত গুৰৰ পাগ উঠে। দেউতাৰ ব্যস্ততা বাঢ়ে।দুইজনে বাঁহ দি ধৰি ফেলাইখন নমাই থয়। টান হৈ নাযাবলৈ ঘুটি থাকে। কলহত গুৰ ভৰাবলৈ বোধহয় ভলুকাবাঁহৰ পাব এটা কাটি লৈ হেঁতাৰ দৰে বনোৱা এখন সঁজুলি থাকে। সেইটোৰে গুৰবোৰ ভাগে ভাগে ভৰায়।অৱশ্যে তাৰ আগতেই তাত আহি গোট খোৱা ‘বাটছাপাৰ্টি’ক খোল কেইটামানত মনৰ জোখাৰে লিকটীয়া গুৰ দি থয়। সকলোকে বাৰে বাৰে সকীয়াই থাকে,”জালীগাঁতৰ ফালে কোনো নাহিবিহঁত দেই।” এটা সীমাৰ পৰা আগুৱাই আহিবলৈ নিদিয়ে। ল’ৰা-ছোৱালীহঁতে বৰ হেঁপাহেৰে গুৰ খাই লৈ ঘৰমুৱা হয়। কেতিয়াবা ঘৰলৈও এখোল লৈ যায়। সমদলটো সুখী হৈ উভটি যায়। এতিয়াও পাকঘৰত যেতিয়া মই ফলমূলৰ যিকোনো জাম/জেলি তৈয়াৰ কৰিবলৈ লওঁ, তেতিয়াই সেই কুঁহিয়াৰ শালখনৰ স্মৃতিবোৰে মোক মেৰিয়াই লয়হি। দেউতাৰ সেই কুঁহিয়াৰৰ ৰসৰ পৰা গেদেৰিখিনি কঢ়াৰ দৃশ্যটো, ফেলেক ফেলেককৈ ফেলাইখনত গুৰ লৰোৱাৰ শব্দবোৰে মন মগজুক ‘নষ্টালজিক’ কৰি তোলে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments